সমললৈ যাওক

মীনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিথুৰ সৈতে মীনা, ধাৰাবাহিকখনৰ আনুষ্ঠানিক ল'গ'

মীনা (ইংৰাজী: Meena) হৈছে দক্ষিণ এছিয়াৰ বিভিন্ন ভাষাত সম্প্ৰচাৰ হোৱা এক জনপ্ৰিয় টিভি কাৰ্টুন ধাৰাবাহিক তথা কমিক্‌ছ। দক্ষিণ এছিয়াৰ দেশসমূহৰ বিভিন্ন সামাজিক বৈষম্যেৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰা তথা শিশুসকলৰ বাবে শিক্ষামূলক এক অনুষ্ঠানৰ অংশ হিচাপে ইউনিছেফৰ দ্বাৰা এই কাৰ্টুন ধাৰাবাহিকটি নিৰ্মাণ কৰা হৈছিল।[1][2] মীনাৰ চৰিত্ৰটি এগৰাকী ৯ বছৰীয়া উচ্ছল, প্ৰাণৱন্ত আৰু সাহসী ছোৱালী ৰূপে উপস্থাপন কৰা হৈছে যি তাইৰ গাঁৱৰ বিভিন্ন পৰিৱৰ্তনৰ বাবে কাম কৰে। যিবোৰ সচেতনতা মীনা কাৰ্টুনেৰ মাধ্যমেৰে সৃষ্টি কৰা হৈছিল তাৰ মাজত আছে, বাল্য বিবাহ নিষিদ্ধ কৰা, স্বাস্থ্যসম্মত পায়খানা নিৰ্মাণ আৰু ব্যৱহাৰ উৎসাহিত কৰা, কন্যা সন্তানক শিক্ষাদান কৰা, কম বয়সীয়া ছোৱালীৰ বিবাহৰ সলনি বিদ্যালয়ৰ শিক্ষাক বেছি গুৰুত্ব প্ৰদান কৰা, যৌতুক প্ৰথা নিষিদ্ধ কৰা, ল'ৰা-ছোৱালীৰ সমান পুষ্টি আৰু সুযোগ-সুবিধা প্ৰদান কৰা, এইচআইভিৰ বিষয়ে সজাগতা প্ৰদান কৰা ইত্যাদি।[3][2][4] ধাৰাবাহিকটি ইংৰাজী, বঙালী, হিন্দী, নেপালী আৰু উৰ্দু ভাষাত সম্প্ৰচাৰ কৰা হৈছে।[5] মীনাৰ কাহিনীৰ আন মূল চৰিত্ৰসমূহ হৈছে মীনাৰ ভায়েক ৰাজু আৰু তাইৰ পোহনীয়া ভাটো চৰাই মিথু।[3] আন গৌণ চৰিত্ৰসমূহ হৈছে মীনাৰ ভনীয়েক ৰাণী, মীনাৰ বৃদ্ধা আইতাক, মীনাৰ মাক-দেউতাক, মীনা পৰিয়ালৰৰ পোহনীয়া গৰু লালী আৰু ছাগলী মুনমুন আদিৰ লগতে গাঁৱৰ আন ব্যক্তিসকল। ধাৰাবাহিকখনৰ সকলো কাহিনীয়েই প্ৰচলিত সামাজিক আৰু সাংস্কৃতিক অনুশীলন তথা সামাজিক মূল্যবোধ পৰিৱৰ্তনৰ পোষকতা কৰে।[3]

মীনাৰ জনপ্ৰিয়তা প্ৰধান কাৰণ হৈছে ইয়াৰ চৰিত্ৰসমূহে দক্ষিণ এছিয়াৰ কোনো নিৰ্দিষ্ট এখন দেশ বা সংস্কৃতিক প্ৰতিনিধিত্ব কৰাৰ সলনি অঞ্চলটোৰ সকলো দেশৰে উমৈহতীয়া বৈশিষ্ট্যবোৰক একত্ৰিত কৰি উপস্থাপন কৰিছিল। ১৯৯০-ৰ দশকৰ আৰম্ভণিতে ইউনিছেফৰ যোগাযোগ শাখাৰ মুৰব্বী নিল মেককীৰ নেতৃত্বত এটা দলে মীনাৰ চৰিত্ৰটি সৃষ্টি কৰিছিল।[3] তেওঁ ৰাচেল কাৰ্নেগীক মুখ্য সূত্ৰধাৰ হিচাপে নিয়োগ কৰিছিল আৰু ভাৰতৰ এজন প্ৰখ্যাত কাৰ্টুনিষ্ট ৰাম মোহন, ভাৰতৰ মীৰা আঘিক মুখ্য গৱেষক আৰু বাংলাদেশৰ নুঝাত শ্বাহজাদিক সহ-চিত্ৰনাট্যকাৰ আৰু ৰূপায়ণ সমন্বয়ক হিচাপে নিয়োগ কৰিছিল।[1][6] তেওঁলোকে চৰিত্ৰসমূহ, সেইবোৰৰ নাম, পটভূমি আৰু কাহিনী নিৰ্ধাৰণ কৰিবৰ বাবে ইউনিছেফ বিভিন্ন দল, বেচৰকাৰী সংগঠন আৰু চৰকাৰী লোকসকলৰ সৈতে আলোচনা-বিলোচনা কৰাৰ লগতে অঞ্চলটোত বহুতো ফোকাছ গ্ৰুপ আৰু ব্যক্তিগত সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল।[3][5][6] ১৯৯৩ চনত ঢাকাৰ বাংলাদেশ টেলিভিছনত মীনা প্ৰথমটো খণ্ড সম্প্ৰচাৰ কৰা হয়।[3][5] ধাৰাবাহিকখনৰ মুঠ ৩৭টা খণ্ড সম্প্ৰচাৰ হয়।[7] ইউনিছেফে ২০০৫ চনৰ পৰা বাংলাদেশত গণমাধ্যম (প্ৰিণ্ট, অনলাইন আৰু সম্প্ৰচাৰ মাধ্যম)-ৰ জৰিয়তে শিশুৰ সমস্যাৰ প্ৰচাৰত অসামান্য অৱদান আগঢ়োৱা লোকসকলৰ স্বীকৃতিৰ উদ্দেশ্যে ইউনিছেফ মীনা মিডিয়া বঁটা প্ৰদান কৰি আহিছে।[8][9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Meena Communication Initiative". UNICEF. Archived from the original on 2008-02-20. https://web.archive.org/web/20080220184904/http://www.unicef.org/rosa/media_2479.htm আহৰণ কৰা হৈছে: 2008-02-24.
  2. 1 2 "UNICEF and 'Meena' help Rupa Singh find a purpose in Bihar.". GoodNewsIndia. Archived from the original on 2016-03-11. https://web.archive.org/web/20160311095847/http://www.goodnewsindia.com/Pages/content/transitions/meena.html আহৰণ কৰা হৈছে: 2020-06-23.
  3. 1 2 3 4 5 6 Chesterton, Paul (May 2004). "Evaluation of the Meena Communication Initiative". প্ৰকাশক Kathmandu: UNICEF Regional Office for South Asiaunicef.org. Archived from the original on 2020-02-16. https://web.archive.org/web/20200216162303/https://www.unicef.org/evaldatabase/files/ROSA_2004_800_Meena_Comm_Initiative.pdf.
  4. "Literacy Watch Committee of Nepal - Bulletin No. 12" (PDF). National Resource Center for Non Formal Educationaccu.or.jp. August 1999. পৃষ্ঠা: 7. http://webcache.googleusercontent.com/search?q=cache:m7iNgXyh18IJ:www.accu.or.jp/litdbase/literacy/nrc_nfe/eng_bul/BUL12.pdf আহৰণ কৰা হৈছে: 2020-06-23.
  5. 1 2 3 "Meena and UNICEF" (en ভাষাত). UNICEF Bangladesh. https://www.unicef.org/bangladesh/en/meena-and-unicef আহৰণ কৰা হৈছে: 2020-06-23.
  6. 1 2 McKee, Neill (1 May 1996). "Meena and Sara: Two Characters in Search of a Brighter Future for Women". Animation World Network. https://www.awn.com/animationworld/meena-and-sara-two-characters-search-brighter-future-women.
  7. "Complete list of Meena comic books and films". UNICEF. Archived from the original on 2014-11-03. https://web.archive.org/web/20141103151903/http://www.unicef.org/rosa/media_2511.htm আহৰণ কৰা হৈছে: 2014-11-25.
  8. Abdullah, Mamun (2019-10-27). "45 honoured for reporting on child rights and welfare". Dhaka Tribune. https://www.dhakatribune.com/bangladesh/dhaka/2019/10/27/45-get-meena-media-award-2019/.
  9. "48 journos get Meena Media Award". The Independent. 2016-10-10. http://www.theindependentbd.com/arcprint/details/63370/2016-10-10/.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]