ৰাণী ৰাসমণি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাণী ৰাসমণি

ৰাণী ৰাসমণিৰ মূৰ্তি, কাৰ্জন পাৰ্ক, কলকাতা
জন্ম ২৮ ছেপ্টেম্বৰ ১৭৯৩
হালিচহৰ, জিলা ২৪ পৰগণা, ব্ৰিটিছ ভাৰত (এতিয়া উত্তৰ ২৪ পৰগণা জিলা, পশ্চিম বংগ, ভাৰত)
মৃত্যু ১৯ ফেব্ৰুৱাৰী ১৮৬১
কালীঘাটৰ ঘৰ (কলকাতা)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত বঙালী
জনা যায় দক্ষিণেশ্বৰ কালীবাৰী নিৰ্মাণ, সমাজ সেৱা, সামাজিক আন্দোলন
ধৰ্ম হিন্দু

ৰাণী ৰাসমণি (ইংৰাজী: Rani Rashmoni, ২৪ ছেপ্টেম্বৰ ১৭৯৩ - ১৯ ফেব্ৰুৱাৰী ১৮৬১) ব্ৰিটিছ ভাৰতৰ এগৰাকী জমিদাৰ আছিল। তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ কলকাতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰৰ প্ৰতিষ্ঠাতা আছিল আৰু তেওঁ মন্দিৰৰ পুৰোহিত হিচাপে নিযুক্ত কৰাৰ পিছত শ্ৰী ৰামকৃষ্ণ পৰমহংস সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল। তেওঁৰ অন্যান্য নিৰ্মাণ কামবোৰৰ ভিতৰত আছে তীৰ্থযাত্ৰীসকলৰ বাবে সুবৰ্ণৰেখা নদীৰ পৰা পুৰীলৈ এখন পথ নিৰ্মাণ, বাবুঘাট (বাবু ৰাজচন্দ্ৰ দাস ঘাট বুলিও জনা যায়), গংগাত দৈনন্দিন স্নান কৰা সকলৰ বাবে আহিৰিটোলা ঘাট আৰু নিমতলা ঘাট। তেওঁ ইম্পেৰিয়েল লাইব্ৰেৰী (বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় লাইব্ৰেৰী), হিন্দু মহাবিদ্যালয় (বৰ্তমান প্ৰেচিডেন্সি বিশ্ববিদ্যালয়) যথেষ্ট দান আগবঢ়াইছিল।[1]

বৰ্তমান লোকমাতা ৰাণী ৰাসমণি মিছন পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ নিমপিথত অৱস্থিত।[2]

জীৱনী[সম্পাদনা কৰক]

১৭৯৩ চনৰ ২৪ ছেপ্টেম্বৰত চাচি শূদ্ৰ পৰিয়ালত ৰাসমণিৰ জন্ম হৈছিল। তেওঁৰ দেউতাক হৰেকৃষ্ণ দাস উত্তৰ ২৪ পৰগণাৰ বৰ্তমানৰ হালিচাহৰৰ কোনা গাঁৱত বাস কৰিছিল। মাত্ৰ সাত বছৰ বয়সত তেওঁৰ মাতৃ ৰামপ্ৰিয়া দেৱীৰ মৃত্যু হৈছিল। অসাধাৰণভাৱে ধুনীয়া ৰাসমণিৰ এঘাৰ বছৰ বয়সত এজন ধনী ৰাজণ্য কায়াস্থ জমিদাৰ পৰিয়ালৰ সদস্য কলকাতাৰ জানবজাৰৰ বাবু ৰাজচন্দ্ৰ দাস (মাৰ্হ)ৰ সৈতে বিয়া হৈছিল। তেওঁলোকৰ চাৰিটা কন্যা সন্তান আছিল। তেওঁলোকৰ নাম পদ্মমণি, কুমাৰী, কৰুণাময়ী আৰু জগদম্বা। পদ্মমণিৰ বিয়া ৰামচন্দ্ৰ আতাৰ সৈতে হৈছিল। কুমাৰীৰ পিয়াৰীমোহন চৌধুৰীৰ সৈতে বিয়া হৈছিল আৰু ১৮৩৭ চনত তেওঁৰ কম বয়সতে মৃত্যুবৰণ কৰিছিল। ৰাণী মা ৰাসমণিয়ে মন্দিৰ নিৰ্মাণৰ পিছত ৬ বছৰ ধৰি বাস কৰিছিল।

১৮৫৫ চনত ৰাণী ৰাসমণিৰ দ্বাৰা নিৰ্মিত দক্ষিণেশ্বৰ কালী মন্দিৰ

১৮৩৬ চনত তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত ৰাসমণিয়ে জামিদাৰী আৰু বিত্তৰ দায়িত্ব লৈছিল। সেই সময়ত তেওঁৰ বয়স ৪৩ বছৰ আছিল। তেওঁ সোনকালেই নিজকে এজন সক্ষম প্ৰশাসক হিচাপে প্ৰমাণ কৰিছিল। তেওঁ শৈশৱকালৰ পৰা অতি ধাৰ্মিক আছিল আৰু বঙালী হিন্দু সমাজত এগৰাকী বিধবাৰ সৈতে উপযুক্ত ধৰ্মীয় ৰীতি আৰু কঠোৰ জীৱন যাপন কৰিছিল। ১৮৬১ চনৰ ১৯ ফেব্ৰুৱাৰীত ৰাণী ৰাসমণিৰ মৃত্যু হৈছিল।

কলকাতাৰ এচপ্লাইনেডত অৱস্থিত ৰাণী ৰাসমণিৰ মূৰ্তি

সমাজ সেৱা[সম্পাদনা কৰক]

ৰাণী আৰু ভাৰতত ব্ৰিটিছৰ সৈতে তেওঁৰ সংঘৰ্ষৰ কাহিনী সেই সময়ত মানুহৰ ঘৰে ঘৰে প্ৰচলিত আছিল। গংগাৰ এটা অংশত জাহাজৰ বাণিজ্য অৱৰোধ কৰি তেওঁ ব্ৰিটিছসকলক নদীত মাছ ধৰাৰ ওপৰত আৰোপ কৰা কৰ বাতিল কৰিবলৈ বাধ্য কৰিছিল। ইয়াৰ ফলত দৰিদ্ৰ মাছমৰীয়া সকলৰ জীৱিকাৰ ভাবুকি অন্ত পৰিছিল। তেওঁ সমাজৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে বিধবা মহিলাসকলৰ বাবে যুঁজ কৰিছিল যাতে তেওঁলোকে তেওঁলোকৰ প্ৰথম স্বামীৰ মৃত্যুৰ পিছত পুনৰ বিয়া কৰিব পাৰে। শান্তি বিচলিত কৰাৰ অভিযোগত ব্ৰিটিছসকলে পূজাৰ শোভাযাত্ৰা বন্ধ কৰা আদেশবোৰ ৰাণীয়ে অগ্ৰাহ্য কৰিছিল। ব্ৰিটিছসকলে ৰাজহুৱা বিৰোধিতাৰ সন্মুখীন হৈ আৰু তেওঁৰ সমৰ্থনত আন্দোলনৰ সন্মুখীন হৈ তেওঁৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল।

ৰাণীয়ে বহুতো দাতব্য কাম কৰিছিল আৰু সমাজলৈ অন্যান্য অৱদান আগবঢ়াইছিল। তেওঁ তীৰ্থযাত্ৰীসকলৰ বাবে সুবৰ্ণৰেখা নদীৰ পৰা পুৰীলৈ এটা পথ নিৰ্মাণৰ পৰ্যৱেক্ষণ কৰিছিল। তেওঁ গংগাত দৈনিক স্নান কৰা সকলৰ বাবে তেওঁৰ স্বামীৰ স্মৃতিত বাবুঘাট, আহিৰিটোলা ঘাট আৰু নিমতলা ঘাটৰ দৰে ঘাট নিৰ্মাণৰ বাবে পুঁজি দিছিল। তেওঁ তেতিয়াৰ ইম্পেৰিয়েল লাইব্ৰেৰী (বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় লাইব্ৰেৰী) আৰু হিন্দু মহাবিদ্যালয়লৈ (বৰ্তমান প্ৰেচিডেন্সি বিশ্ববিদ্যালয়) উদাৰতাৰে দান কৰিছিল। ৰাজকুমাৰ দ্বাৰকানাথ ঠাকুৰে তেওঁৰ জমিনদাৰীৰ এটা অংশ এতিয়াৰ দক্ষিণ ২৪ পৰগণা জিলাৰ বৰ্তমানৰ সন্তোষপুৰ আৰু সংলগ্ন অঞ্চলৰ অংশ ৰাণী ৰাসমণিক ইংলেণ্ডলৈ যোৱাৰ বাবে বন্ধক ৰাখিছিল। সেই সময়ত ই সুন্দৰবনৰ এটা অংশ আছিল। জলাশয়ৰে ভৰা এই অঞ্চল প্ৰায় জনহীন আছিল আৰু মানুহবোৰ ঠগ প্ৰৱঞ্চক আছিল। ৰাণীয়ে এই ইয়াৰ পৰিয়ালবোৰক প্ৰেৰিত কৰিছিল আৰু তেওঁলোকক চাৰিওফালৰ জলাশয়ত মৎস্য পালন কৰাত সহায় কৰিছিল যি পিছত বৃহৎ ধনী ভৰিলৈ ৰূপান্তৰিত হৈছিল। তেওঁলোকে লাহে লাহে তেওঁলোকৰ ঠগ বৃত্তি এৰি দিছিল আৰু মাছমৰীয়াসকলৰ সম্প্ৰদায়লৈ ৰূপান্তৰিত হৈছিল।

এক ঐশ্বৰিক প্ৰকাশে তেওঁক উত্তৰ ২৪ পৰগণাৰ দক্ষিণেশ্বৰত গংগাৰ পাৰত বিখ্যাত মন্দিৰ দক্ষিণেশ্বৰ কালী মন্দিৰটো বিচাৰি পাইছিল। শ্ৰীৰামকৃষ্ণ পৰমহংসক (তেতিয়া গদধৰ বুলি জনা জাত) তেওঁৰ পৃষ্ঠপোষকতাৰ ইয়াৰ মুখ্য পুৰোহিত নিযুক্ত কৰা হৈছিল।

ইমান মহান আধ্যাত্মিক প্ৰকৃতি থকা স্বত্বেও তেওঁ বৈষম্যৰ বলি হৈছিল। চাচি-কৈৱৰ্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা আৰু মধ্যজাতিৰ শূদ্ৰ বংশৰ হোৱাৰ বাবে কোনো ব্ৰাহ্মণ তেওঁৰ মন্দিৰত পুৰোহিত হ'বলৈ সাজু নাছিল।[3]

জানবজাৰত অৱস্থিত ৰাণী ৰাসমণি ঘৰত প্ৰতি শৰতত পৰম্পৰাগত ভাবে দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ লগতে পৰম্পৰাগত যাত্ৰা অনুষ্ঠিত হৈছিল। ১৮৬১ চনত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ জোঁৱাইসকলে নিজ নিজ চৌহদত দুৰ্গা পূজা উদযাপন কৰিবলৈ লৈছিল।

জনপ্ৰিয় মাধ্যমত[সম্পাদনা কৰক]

১৯৯৪ চনৰ ভাৰতৰ ডাক টিকটত ৰাণী ৰাসমণি
দক্ষিণেশ্বৰ কালী মন্দিৰৰ চৌহদত ৰাণী ৰাসমণি উৎসৰ্গিত মন্দিৰ

ৰাণী ৰাসমণিৰ জীৱনৰ ভিত্তিত বঙালী ভাষাৰ এখন জীৱনীমূলক ছবি 'ৰাণী ৰাসমণি' ১৯৫৫ চনত মুক্তি লাভ কৰিছিল। ছবিখন কালিপ্ৰসাদ ঘোষৰ দ্বাৰা পৰিচালিত আৰু বিখ্যাত থিয়েটাৰ ব্যক্তিত্ব আৰু অভিনেত্ৰী মলিনা দেৱীয়ে ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[4]

'জি বাংলা'ত ৰাণীৰ জীৱনৰ ওপৰত ভিত্তি এখন ধাৰাবাহিক সম্প্ৰচাৰ কৰা হৈছিল। 'কৰুণাময়ী ৰাণী ৰাসমণি' নামেৰে এই ধাৰাবাহিকখন ২০১৭ চনৰ ২৪ জুলাই তাৰিখৰ পৰা দৈনিক সম্প্ৰচাৰ কৰা হৈছিল।[5][6]

স্মৃতিসৌধসমূহ[সম্পাদনা কৰক]

  • কলকাতাৰ এচপ্লাইনেডৰ এক অঞ্চল ৰাণী ৰাসমণি এভিনিউ হিচাপে নামকৰণ কৰা হৈছে, ইয়াত তেওঁৰ মূৰ্তিও অৱস্থিত।
  • কলকাতাৰ জানবজাৰত থকা তেওঁৰ পৈতৃক গৃহৰ ওচৰত ৰাণী ৰাসমণি পথ হিচাপে তেওঁৰ নামেৰে এখন ৰাস্তাৰ নামকৰণ কৰা হৈছে।
  • দক্ষিণেশ্বৰত তেওঁৰ নামেৰে এখন ৰাস্তাৰ নামকৰণ কৰা হৈছে[7]
  • ভাৰত চৰকাৰৰ ডাক বিভাগে ১৯৯৩ চনত তেওঁৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে এলানি ডাক টিকট জাৰি কৰিছিল
  • পশ্চিম বংগৰ বেৰাকপুৰ আৰু হুগুলীৰ মাজত ফেৰী সেৱাৰ বাবে ৰাণী ৰাসমণি ঘাট বুলি জনাজাত এখন ফেৰী ঘাট নিৰ্মাণ কৰা হৈছে।
  • ভাৰতীয় উপকূলৰক্ষীৰ ৫টা দ্ৰুত পেট্ৰ'ল জাহাজৰ ভিতৰত এটাৰ নাম ৰাণী ৰাসমণি

ৰখা হৈছে।

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]