পদ্মজা নাইডু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
পদ্মজা নাইডু
পদ্মজা নাইডু.jpg
পশ্চিম বংগৰ পঞ্চম ৰাজ্যপাল
কাৰ্যকাল
৩ নৱেম্বৰ ১৯৫৬ – ১ জুন ১৯৬৭
পূৰ্বসূৰী ফণী ভূষণ চক্ৰৱৰ্তী
উত্তৰসূৰী ধৰ্ম ভীৰা
ব্যক্তিগত তথ্য
জন্ম ১৯০০
হায়দৰাবাদ, ব্ৰিটিছ ভাৰত (বৰ্তমান তেলেংগানা, ভাৰত)
মৃত্যু ২ মে ১৯৭৫
ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পুৰস্কাৰ পদ্মবিভূষণ, ১৯৬২

পদ্মজা নাইডু (ইংৰাজী: Padmaja Naidu, ১৯০০ - ২ মে' ১৯৭৫) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ পশ্চিম বংগৰ পঞ্চম ৰাজ্যপাল আছিল। তেওঁ পশ্চিম বংগৰ প্ৰথম মহিলা ৰাজ্যপাল আৰু ভাৰতৰ ৰাজ্যসমূহৰ দ্বিতীয় গৰাকী মহিলা ৰাজ্যপাল। তেওঁৰ মাতৃ সৰোজিনী নাইডু উত্তৰ প্ৰদেশ তথা ভাৰতৰ ৰাজ্যসমূহৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল আছিল। ১৯৬২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯০০ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত হায়দৰাবাদত পদ্মজা নাইডুৰ জন্ম হৈছিল। তেওঁৰ মাতৃ বিখ্যাত কবি আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামী সৰোজিনী নাইডু আৰু দেউতাক মুথয়ালা গোভিন্দ্ৰাজুলু এগৰাকী চিকিৎসক আছিল।[2] বঙালী সম্প্ৰদায়ৰ সৰোজিনীৰ ১৫ বছৰ বয়সতে দক্ষিণ ভাৰতৰ ড॰ গোবিন্দৰাজুলু নাইডু নামৰ এজন তেলেগু চিকিৎসকৰ সৈতে প্ৰেম হয়। কিন্তু তেওঁ ব্ৰাহ্মণ নাছিল। সেই সময়ত জাতিভেদ প্ৰথা প্ৰবল আছিল যদিও পিতৃৰ পূৰ্ণ সমৰ্থনত এইগৰাকী অব্ৰাহ্মণ লোকৰ সৈতে ১৯ বছৰ বয়সত সৰোজনী নাইডুৰ বিয়া হয়। তেওঁলোকৰ হ’ল জয়সূৰ্য, পদ্মজা, ৰণধীৰ, নীলৱাৰ আৰু লীলামণি।[3]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

২১ বছৰ বয়সত তেওঁ নিজাম শাসিত ৰাজকীয় ৰাজ্য হায়দৰাবাদত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সহ-প্ৰতিষ্ঠাপক আছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ভাৰতীয় সংসদলৈ নিৰ্বাচিত হয়। ১৯৫৬ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক পশ্চিম বংগৰ ৰাজ্যপাল নিযুক্ত কৰে।[4] তেওঁ ৰেড ক্ৰছৰ সৈতেও জড়িত আছিল আৰু ১৯৭১ চনৰ পৰা ১৯৭২ লৈ ভাৰতীয় ৰেড ক্ৰছৰ অধ্যক্ষ আছিল।[5]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

পদ্মজা ৰুটি পেটিটৰ ঘনিষ্ঠ বন্ধু আছিল যিয়ে পিছত পাকিস্তানৰ প্ৰতিষ্ঠাতা মহম্মদ আলী জিন্নাহক বিয়া কৰিছিল।[6] জৱাহৰলাল নেহৰু আৰু তেওঁৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতকে ধৰি নেহৰু পৰিয়ালৰ সৈতে পদ্মজা নাইডুৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।[7] পৰৱৰ্তী সময়ত বিজয়লক্ষ্মী পণ্ডিতে ইন্দিৰা গান্ধীৰ বন্ধু আৰু জীৱনীকাৰ পুপুল জয়কাৰক কৈছিল যে পদ্মজা নাইডু আৰু নেহৰু বহু বছৰ ধৰি একেলগে বাস কৰিছিল। নেহৰুৱে পদ্মজাক বিয়া কৰা নাছিল কাৰণ তেওঁ তেওঁৰ ছোৱালী ইন্দিৰাক আঘাত কৰিব নিবিচাৰিছিল।[8][9]অৱশ্যে নেহৰুৱে এদিন তেওঁক প্ৰস্তাৱ আগবঢ়াব বুলি আশা কৰি পদ্মজাই কেতিয়াও বিয়া কৰা নাছিল।[10][6] অৱসৰ লোৱাৰ পিছত পদ্মজায়ে তিন মূৰ্তি ভৱনত যি এসময়ত প্ৰধানমন্ত্ৰী নেহৰুৰ চৰকাৰী বাসগৃহ আৰু পিছত তেওঁৰ স্মৃতিৰ বাবে উৎসৰ্গিত এখন সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰা হৈছিল মৃত্যুলৈকে বাস কৰিছিল।[3]

১৯৭৫ চনৰ ২ মে' তাৰিখে পদ্মজা নাইডুৰ মৃত্যু হয়।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

পদ্মজা নাইডু হিমালয়ান জু'লজিকেল পাৰ্কৰ প্ৰৱেশদ্বাৰ

১৯৬২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে। পশ্চিম বংগদাৰ্জিলিং অৱস্থিত পদ্মজা নাইডু হিমালয়ান জু'লজিকেল পাৰ্ক তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Padma Awards Directory (1954-2007)". Ministry of Home Affairs. 2007-05-30. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf. 
  2. "Biography". http://www.in.com/padmaja-naidu/biography-354750.html. 
  3. 3.0 3.1 Makarand R. Paranjape (3 September 2012). Making India: Colonialism, National Culture, and the Afterlife of Indian English Authority. Springer Science & Business Media. পৃষ্ঠা. 164–167. ISBN 978-94-007-4661-9. https://books.google.com/books?id=-UjZlNCh-qwC&pg=PA164. 
  4. "Padmaja Naidu Dies at 75; ExWest Bengal Governor". New York Times (May 3). 1975. https://www.nytimes.com/1975/05/03/archives/padmaja-naidu-dies-at-75-exwest-bengal-governor.html. 
  5. Gandhi, Sonia (2004). Two Alone, Two Together. পৃষ্ঠা. 18. ISBN 0-14-303245-3. https://books.google.com/books?id=cwB7ebB8TK8C&pg=PA18. 
  6. 6.0 6.1 Nisid Hajari (2015). Midnight's Furies: The Deadly Legacy of India's Partition. Houghton Mifflin Harcourt. পৃষ্ঠা. 32–34. ISBN 978-0-547-66921-2. https://books.google.com/books?id=bO5zCQAAQBAJ&pg=PP1. 
  7. Chandralekha Mehta (25 August 2008). Freedom's Child: Growing Up During Satyagraha. Penguin Books Limited. ISBN 978-81-8475-966-2. https://books.google.com/books?id=Gm9tAwAAQBAJ&pg=PT7. 
  8. Jayakar, Pupul (1995). Indira Gandhi, a biography (Rev. সম্পাদনা). প্ৰকাশক New Delhi, India: Penguin. পৃষ্ঠা. 90–92. ISBN 978-0140114621. https://books.google.com/books?id=gm5JGkb2rhkC&q=padmaja&pg=PR9. 
  9. Bose, Mihir (2004). Raj, secrets, revolution : a life of Subhas Chandra Bose. প্ৰকাশক Norwich: Grice Chapman. পৃষ্ঠা. 137, 160. ISBN 9780954572648. https://books.google.com/books?id=4Rh7DAdsK0gC&q=naidu&pg=PA137. 
  10. Alex Von Tunzelmann (7 August 2007). Indian Summer: The Secret History of the End of an Empire. Henry Holt and Company. পৃষ্ঠা. 95, 109, 308. ISBN 978-0-8050-8073-5. https://archive.org/details/indiansummersecr00vont.