এম. কে. বিনোদিনী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মহাৰাজ কুমাৰী বিনোদিনী দেৱী
জন্ম ৬ ফেব্ৰুৱাৰী, ১৯২২
মণিপুৰ
মৃত্যু ১৭ জানুৱাৰী, ২০১১ (৮৮ বছৰ)[1]
সমাধিস্থল মণিপুৰ
পেছা সাহিত্যিক
নাগৰিকত্ব ভাৰতীয়
উল্লেখযোগ্য বঁটা যামিনী সুন্দৰ গুহা সোণৰ পদক (১৯৬৬)
পদ্মশ্ৰী (১৯৭৬)
সাহিত্য অকাডেমি বঁটা (১৯৭৯)
সন্তান এল. দেৱব্ৰত ৰায়
এল. চমি ৰায়

মহাৰাজ কুমাৰী বিনোদিনী দেৱী চমুকৈ এম. কে. বিনোদিনী দেৱী (ইংৰাজী: M. K. Binodini Devi, ৬ ফেব্ৰুৱাৰী ১৯২২ - ১৭ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ। তেওঁ মণিপুৰ ৰাজপৰিয়ালৰ সদস্য আছিল।[2][1][3][4] তেওঁৰ গ্ৰন্থ সমূহত কেৱল বিনোদিনী দেৱী নাম ব্যৱহাৰ কৰে।[2] ১৯৭৬ চনত তেওঁ মেইতেই ভাষাসাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ১৯৭৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯২২ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে মণিপুৰৰ ৰাজপৰিয়ালত বিনোদিনী দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মণিপুৰৰ ৰজা ছাৰ মহাৰাজ চুড়াচান্দ সিং আৰু মাতৃ মহাৰাণী ধনমঞ্জুৰী।[5] তেওঁক ৰাজকীয় ৰাজপ্ৰাসাদক ৱাংলোলসানা বা চানা ৱাংলোল নামেৰে জনা গৈছিল। তেওঁ মণিপুৰৰ প্ৰথম মহিলা স্নাতক। তেওঁ শিক্ষা সম্পূৰ্ণ কৰাৰ ঠিক পিছতে তেওঁ ড॰ লাইফুংবাম নন্দলাল ৰায়ক বিয়া কৰাইছিল। দম্পতীহালৰ দুজন পুত্ৰ এল. দেৱব্ৰত ৰায় আৰু এল. চমি ৰায়।

সাহিত্য জীৱন[সম্পাদনা কৰক]

১৭ বছৰ বয়সত বিনোদিনী দেৱীয়ে চুটিগল্প 'ইমাটোন'ৰ সাহিত্য জগতত খোজ পেলাইছিল। তেওঁৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ হৈছে 'নুংগাইৰক্ত চন্দ্ৰমুখী'। ১৬টা চুটিগল্পৰ সংকলন এই গ্ৰন্থখন ১৯৬৫ চনত প্ৰকাশিত হৈছিল। তেওঁ এই কিতাপখনৰ বাবে যামিনী সুন্দৰ গুহা স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁ ১৯৭৯ চনত তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ কৃতি 'বোৰো চাহেব ওংবি চানাটম্বী' বাবে সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[6] উপন্যাসখন লেখকৰ মাহী চানাটম্বী আৰু মণিপুৰৰ ৰাজনৈতিক প্ৰতিনিধিৰ বিষয়ে আছিল।

তেওঁ এগৰাকী নাট্যকাৰ হিচাপে কেইবাখনো নাটক ৰচনা কৰিছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য নাট হৈছে এজন চিত্ৰশিল্পী গৌতমৰ কাহিনীৰ ওপৰত আধাৰিত 'আচাংবা নংজাবি'। তেওঁ বাদল চিৰকাৰৰ দ্বাৰা লিখা এখন নাটকক 'আমাচুং ইন্দ্ৰজিৎ' হিচাপে অনুবাদ কৰিছিল। এই নাটকখন পিছলৈ ইম্ফলৰ মণিপুৰ নাট্য সংঘৰ শিল্পীসকলে প্ৰদৰ্শন কৰিছিল। বিনোদিনী দেৱীয়ে মণিপুৰী ছবিৰ বাবে চিত্ৰনাট্যও লিখিছিল। ইয়াৰে ভিতৰত কেইখনমান উল্লেখযোগ্য ছবি হৈছে: 'ওলাংথাগি ৱাংমাদাচু', 'ইমেজি নিংগেম', 'পাওখম আমা', 'ইছানু', 'সানাবি', 'মায়োফিগি মাচা' আৰু 'নাংগানা কাপ্পা পাকচাদে'। তেওঁ 'মণিপুৰৰ আৰ্কিড', 'চাংগাই: মণিপুৰ আৰু লাৰ নৃত্যৰত হৰিণ'ৰ তথ্যচিত্ৰৰ চিত্ৰনাট্য লিখিছিল। তেওঁৰ নাট 'আচাংবা নংজাবি'ৰ আধাৰত পিছলৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল। তেওঁৰ অন্তিম কিতাপখন হৈছে 'মহাৰাজ চুৰাচাণ্ডগী ইমুং'। এইখন উপন্যাস ২০০৮ চনত প্ৰকাশিত হৈছিল।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

জনপ্ৰিয় মাধ্যমত[সম্পাদনা কৰক]

২০০১ চনত 'বিনোদিনী: এ ৰাইটাৰছ লাইফ' নামৰ এখন তথ্যচিত্ৰ অৰিবাম শ্যাম শৰ্মাই তেওঁৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰিছিল।[7]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]