মিনাক্ষী শ্ৰীনিবাসন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিনাক্ষী শ্ৰীনিবাসন
জন্ম ১১ জুন, ১৯৭১
চেন্নাই, তামিলনাডু, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা নৃত্যশিল্পী, স্থপতিবিদ
ৱেবছাইট
www.meenakshisrinivasan.com

মিনাক্ষী শ্ৰীনিবাসন (ইংৰাজী: Meenakshi Srinivasan; জন্ম: ১১ জুন, ১৯৭১) হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ। তেখেত ভাৰতনাট্যমপাণ্ডানাল্লুড় শৈলীৰ এগৰাকী পটিয়সী।[1] তেখেতে আৰ্লামেল ভাল্লীৰ অধীনত নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল। পৰম্পৰাগত শৈলীত নৃত্য-প্ৰদৰ্শন কৰি থকা নতুন প্ৰজন্মৰ একক শিল্পীসকলৰ ভিতৰত তেখেতে হৈছে অন্যতম।[2]

মিনাক্ষী শ্ৰীনিবাসনে মাদ্ৰাছ সংগীত একাডেমীৰ বাৰ্ষিক আন্তৰ্জাতিক নৃত্য মহোৎসৱত নৃত্যানুষ্ঠান পৰিৱেশন কৰিছে। ইয়াৰ লগতে তেখেতে ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ ছিফাছ মহোৎসৱ (ছিংগাপুৰ) আৰু পেৰিছত অনুষ্ঠিত হোৱা মুইছি গাইমেটতো অনুষ্ঠান পৰিৱেশন কৰিছে। ২০১১ চনত সংগীত নাটক একাডেমীৰ পৰা তেখেতে উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ গ্ৰহণ কৰে।

ইয়াৰ লগতে শ্ৰীনিবাসন এগৰাকী স্থপতিবিদ। চেন্নাই আৰু তামিলনাডুত তেখেতে 'Calm Studio' নামৰ এখনি পেছাদাৰী প্ৰতিষ্ঠানৰ গুৰি ধৰিছে।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

মিনাক্ষী শ্ৰীনিবাসনে জন্মলাভ কৰে ১৯৭১ চনৰ ১১ জুনত। জন্মস্থান হৈছে চেন্নাই।[3] শ্ৰীনিবাসনে নৃত্যশিক্ষা আৰম্ভ কৰে কলাক্ষেত্ৰৰ ভেংকটাচালাপাথীৰ অধীনত। তেখেতে ভাৰতনাট্যমৰ প্ৰশিক্ষণ লয়। পৰৱৰ্তী সময়ত আলাৰ্মেল ভাল্লীৰ ওচৰতো তেখেতে নৃত্যশিক্ষা গ্ৰহণ কৰে।[2][4]

কৰ্মজীৱন[সম্পাদনা কৰক]

দক্ষিণ ভাৰতৰ বহুকেইখন গুৰুত্বপূৰ্ণ সভাত (sabhās) মিনাক্ষী শ্ৰীনিবাসনে নৃত্যানুষ্ঠান প্ৰদৰ্শন কৰিছে। তাৰে ভিতৰত মাদ্ৰাছ সংগীত একাডেমী,[2] ব্ৰাহ্ম গণ সভা,[5] আৰু কৃষ্ণ গণ সভা আৰু[6] মাৰগাঝী মহোৎসৱ অন্যতম।[7]

দক্ষিণ ভাৰতৰ বাহিৰতো তেখেতে একাধিক নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰিছে। তাৰে ভিতৰত বাংগালোৰ হাব্বা,[5] আৰু নদম মহোৎসৱ,[3] পৰিক্ৰমা মহোৎসৱ,[8] শিল্পপৰমাণ নৃত্য মহোৎসৱ,[5] কলিকতাৰ ডোৱাৰ লেন সংগীত সন্মিলনী,[5] দেৱদাসী মহোৎসৱ,[3] সূৰ্য মহোৎসৱ,[9] স্বৰলতা মহোৎসৱ,[10] আৰু নিশাগন্ধী মহোৎসৱ অন্যতম।[5]

মিনাক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গুৰুত্বপূৰ্ণ কেইটামান নৃত্যানুষ্ঠান পৰিৱেশন কৰিছে। ছিংগাপুৰত "এছপ্লাণ্ডে-থিয়েটাৰছ অন দ্য বে"ৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ মহোৎসৱ ছিফাছ ইয়াৰে ভিতৰত অন্যতম।[11][12] তাৰপিছত ছিংগাপুৰৰে ছিংগাপুৰ ৰেপেৰটৰি থিয়েটাৰ[13] মালয়েছিয়াৰ ৰামলী ইব্ৰাহীমৰ নৃত্যৰ থিয়েটাৰ,[13] কানাডাৰ ভেংকোভাৰৰ দ্য গেইট টু দ্য স্পিৰিট মহোৎসৱ,[14][15][16] লণ্ডনৰ ইয়ং মাষ্টাৰছ মহোৎসৱ,[16] পেৰিছ, ফ্ৰান্সৰ মুইছি গাইমেটতো তেখেতে নৃত্যানুষ্ঠান কৰে।[17] বেলজিয়াম আৰু হলেণ্ডতো মিনাক্ষীয়ে নৃত্যৰ অনুষ্ঠান আগবঢ়াইছে।[18]

বঁটা-সন্মান[সম্পাদনা কৰক]

মিনাক্ষীয়ে নিজৰ নৃত্য আৰু কৰ্মৰাজিৰ বাবে কেইবাটাও বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। নৃত্ত (বিশুদ্ধ নৃত্য, nritta), নৃত্য (প্ৰকাশিকা নৃত্য, nritya) আৰু নাট্যৰ (নাটক, natya)ৰ দিশত প্ৰদৰ্শন কৰা অভ্যন্তৰীণ শক্তি আৰু "পৰিমিত উৎকৃষ্টতা"ৰ বাবে তেখেতে ইতিবাচক সমালোচনা লাভ কৰিছে।[11] ২০০৭ চনত তেখেতে "নাট্য কলা বিপাঞ্চী"ৰ সন্মান লাভ কৰে। ২০১২ চনত লাভ কৰে "নাট্য কলা দৰ্শিনী" আৰু "নৃত্য অভিনয়া সুন্দৰম" সন্মান।[19]

২০১১ চনত মিনাক্ষী শ্ৰীনিবাসনে সংগীত নাটক একাডেমীৰ "উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ" লাভ কৰে। ভাৰতনাট্যমৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙনিৰ বাবে তেখেতলৈ উক্ত সন্মান আগবঢ়োৱা হয়।[20][3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Menon, Anasuya (21 July 2013). "Seamless Grace". The Hindu. https://www.thehindu.com/features/friday-review/dance/seamless-grace/article4935238.ece। আহৰণ কৰা হৈছে: 24 July 2019. 
  2. 2.0 2.1 2.2 Sai, Veejay (8 January 2017). "Meet the next gen Indian artistes keeping Bharatnatyam alive and flourishing". The News Minute. https://www.thenewsminute.com/article/meet-next-gen-indian-artistes-keeping-bharatnatyam-alive-and-flourishing-55415। আহৰণ কৰা হৈছে: 24 July 2019. 
  3. 3.0 3.1 3.2 3.3 "Meenakshi Srinivasan". Sangeet Natak Akademi. https://sangeetnatak.gov.in/sna/citation_popup.php?id=1476&at=5। আহৰণ কৰা হৈছে: 21 February 2019. 
  4. Seshan, A. (29 October 2009). "Meenakshi's magnificent Margam". Narthaki: Your gateway to the world of Indian Dance. http://www.narthaki.com/info/rev09/rev804.html। আহৰণ কৰা হৈছে: 21 February 2019. 
  5. 5.0 5.1 5.2 5.3 5.4 "Performances - 2000-2012". Meenakshi Srinivasan. https://www.meenakshisrinivasan.com/performances। আহৰণ কৰা হৈছে: 24 July 2019. 
  6. "Upcoming Performances". Meenakshi Srinivasan. https://www.meenakshisrinivasan.com/agenda। আহৰণ কৰা হৈছে: 24 July 2019. 
  7. Saranyan, Vidya (1 January 2015). "Focus on the Feminine". The Hindu. https://www.thehindu.com/chennai-margazhi-season/meenakshi-srinivasan-focus-on-the-feminine/article6745015.ece। আহৰণ কৰা হৈছে: 24 July 2019. 
  8. Kantawala, Zainab (27 Oct 2017). "A celebration of dance". The Times of India. https://timesofindia.indiatimes.com/city/pune/a-celebration-of-dance/articleshow/61267076.cms। আহৰণ কৰা হৈছে: 24 July 2019. 
  9. "111-day Surya festival begins today". The Times of India. 20 September 2017. https://timesofindia.indiatimes.com/city/thiruvananthapuram/111-day-surya-festival-begins-today/articleshow/60770870.cms। আহৰণ কৰা হৈছে: 24 July 2019. 
  10. Ajayan, T. R. (1 October 2013). "Swaralaya Festival of Music and Dance; Kerala". KutcheriBuzz. http://www.kutcheribuzz.com/news/general/1409-swaralaya-festival। আহৰণ কৰা হৈছে: 24 July 2019. 
  11. 11.0 11.1 Alurkar-Sriram, Sarita (25 March 2016). "Brilliant all the way". Tabla: পৃষ্ঠা 17. Archived from the original on 24 July 2019. https://web.archive.org/web/20190724021625/https://www.tabla.com.sg/jrsrc/250316full/epage017/TA20160325-TAB-017-00.html। আহৰণ কৰা হৈছে: 24 July 2019. 
  12. "A fine-arts showcase, Indian style". Today. 23 March 2016. https://www.todayonline.com/entertainment/arts/nac-advertorial/fine-arts-showcase-indian-style। আহৰণ কৰা হৈছে: 24 July 2019. 
  13. 13.0 13.1 "Meenakshi Srinivasan". Shruti: India's Premier Magazine for the Performing Arts. https://sruti.com/index.php?route=archives/artist_details&artId=143। আহৰণ কৰা হৈছে: 21 February 2019. 
  14. Smith, Janet (29 October 2014). "Gait to the Spirit festival brings in the best of bharata natyam". Straight. https://www.straight.com/arts/760231/gait-spirit-festival-brings-best-bharata-natyam। আহৰণ কৰা হৈছে: 24 July 2019. 
  15. 16.0 16.1 THE 11th Dance Festival MUSIC ACADEMY MADRAS. প্ৰকাশক Chennai: MUSIC ACADEMY MADRAS. 2017. পৃষ্ঠা. 46. https://musicacademymadras.in/wp-content/uploads/2019/02/dance-festival-souvenir-2017.pdf। আহৰণ কৰা হৈছে: 24 July 2019. 
  16. "Meenakshi Srinivasan à Guimet". Inde à Paris. 14 October 2014. https://indeaparis.com/meenakshi-srinivasan-a-guimet। আহৰণ কৰা হৈছে: 24 July 2019. 
  17. "Bharata Natyam dancer Meenakshi Srinivasan on tour in The Netherlands and Belgium". Tonal Ties. 1 February 2012. http://www.tonalties.nl/wordpress/?tag=meenakshi-srinivasan। আহৰণ কৰা হৈছে: 24 July 2019. 
  18. "Meenakshi Srinivasan". THARANG UTSAV. https://tharangutsav.org/tharang-utsav-archive/tharang-utsav-2016/meenakshi-srinivasan/। আহৰণ কৰা হৈছে: 24 July 2019. 
  19. Sinha, Meenakshi (4 October 2013). "Meenakshi Srinivasan: The values that come with learning a classical art are precious". The Times of India. http://timesofindia.indiatimes.com/articleshow/23473328.cms। আহৰণ কৰা হৈছে: 24 July 2019.