কমল ৰণদিৱে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কমল জয়সিংহ ৰণদিৱে
জন্ম কমল সামৰ্থ
৮ নৱেম্বৰ, ১৯১৭
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু ১১ এপ্ৰিল, ২০০১ (৮৩ বছৰ)
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ কোষ জীৱবিজ্ঞান
কৰ্মস্থান কৰ্কট ৰোগ গৱেষণা কেন্দ্ৰ আৰু টাটা মেমৰীয়েল হস্পিটেল
জনা যায় কৰ্কট ৰোগৰ ওপৰত গৱেষণা
উল্লেখনীয় বঁটা পদ্মভূষণ
দাম্পত্যসঙ্গী জয়সিংহ ত্ৰিম্বক ৰণদিৱে

কমল ৰণদিৱে (ইংৰাজী: Kamal Ranadive, ৮ নৱেম্বৰ ১৯১৭ – ১১ এপ্ৰিল ২০০১) এগৰাকী ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ। তেওঁ বিশেষকৈ কৰ্কট ৰোগ আৰু ভাইৰাছৰ মাজৰ সম্পৰ্কৰ বিষয়ে গৱেষণাৰ বাবে জনাজাত। তেওঁ ভাৰতীয় মহিলা বিজ্ঞানী সন্থাৰ এজন প্ৰতিষ্ঠাপক সদস্য আছিল।[1][2][3] ১৯৬০ৰ দশকত তেওঁ মুম্বাইৰ ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰত ভাৰতৰ প্ৰথম টিছু কালচাৰ বা দেহকলা উৎপাদন গৱেষণাগাৰ স্থাপন কৰিছিল।[4][5]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯১৭ চনৰ ৮ নৱেম্বৰ তাৰিখে মহাৰাষ্ট্ৰপুনেত কমল ৰণদিৱেৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দিনকৰ দাট্টাত্ৰেয় সামৰ্থ আৰু মাতৃ শান্তাবাঈ দিনকৰ সামৰ্থ। তেওঁৰ দেউতাক এজন জীৱবিজ্ঞানী আছিল আৰু পুনেৰ ফেৰ্গুছচন কলেজত অধ্যাপনা কৰিছিল।[1] কমল এগৰাকী উজ্জ্বল শিক্ষাৰ্থী আছিল। তেওঁ হুজুৰপাগাৰ এইচ.এইচ.চি.পি. উচ্চ বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।[2] তেওঁৰ দেউতাকে কমলক ঔষধ অধ্যয়ন কৰিবলৈ আৰু এজন চিকিৎসকক বিয়া কৰাটো বিচাৰিছিল। কিন্তু ইয়াৰ বিপৰীতে তেওঁ মুখ্য বিষয় হিচাপে উদ্ভিদবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ সৈতে ফেৰ্গুছচন কলেজত কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল। তেওঁ ১৯৩৪ চনত ডিষ্টিংচনৰ সৈতে বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।[5] তাৰ পিছত তেওঁ পুনেৰ কৃষি মহাবিদ্যালয়লৈ গৈছিল আৰু ১৯৪৩ চনত বিশেষ বিষয় হিচাপে কোষ বংশগতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰোহণ কৰিছিল। তাৰ পিছত তেওঁ ১৯৩৯ চনৰ ১৩ মে' তাৰিখে গণিতজ্ঞ জয়সিংহ ত্ৰিম্বক ৰণদিৱেক বিয়া কৰায় আৰু বোম্বাইলৈ স্থানান্তৰিত হৈছিল। তেওঁলোকৰ এজন পুত্ৰ অনিল জয়সিংহ আছে।[1]

বোম্বাইত (বৰ্তমান মুম্বাই) তেওঁ টাটা মেমৰিয়েল হস্পিটেলত কাম কৰিছিল। তেওঁৰ স্বামী ৰণদিৱে কোষ জীৱবিজ্ঞানৰ স্নাতকোত্তৰ অধ্যয়নত যথেষ্ট সহায় কৰিছিল। এই বিষয় তেওঁৰ দেউতাকে বাছনি কৰিছিল।[5] তেওঁ বোম্বে বিশ্ববিদ্যালয়ত তেওঁৰ ডক্টৰেট ডিগ্ৰী বাবেও গৱেষণা কৰিছিল। ৰোগবিশেষজ্ঞ আৰু ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰৰৰ প্ৰতিষ্ঠাতা ড॰ ভি. আৰ. খানলকাৰ তেওঁৰ গাইড আছিল।[4][6] ১৯৪৯ চনত বোম্বে বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি লাভ কৰাৰ পিছত তেওঁক খানলকাৰে আমেৰিকান বিশ্ববিদ্যালয়ত ফেলোশ্বিপ বিচাৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাল্টিমুৰেত অৱস্থিত জনছ হপকিনছন বিশ্ববিদ্যালয়ত জৰ্জ গেৰ সৈতে তেওঁৰ গৱেষণাগাৰত টিছু কাল্চাৰৰ কৌশলৰ ওপৰত গৱেষণা কৰিবলৈ পোষ্টডক্টৰেটৰ গৱেষণা ফেলোশ্বিপ লাভ কৰিছিল।[4]

পেছাদাৰী জীৱন[সম্পাদনা কৰক]

কমলে ভাৰতলৈ উভতি অহাৰ পিছত ভাৰতীয় কৰ্কট ৰোগ গৱেষণা কেন্দ্ৰত পুনৰ যোগদান কৰিছিল আৰু এজন জ্যেষ্ঠ গৱেষণা বিষয়া হিচাপে তেওঁৰ পেছাদাৰী জীৱন আৰম্ভ কৰিছিল। বোম্বাইত পৰীক্ষামূলক জীৱবিজ্ঞান গৱেষণাগাৰ আৰু টিছু কালচাৰ পৰীক্ষাগাৰ স্থাপনত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।[7] ১৯৬৬ চনৰ পৰা ১৯৭০ লৈ তেওঁ ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক আছিল।[8] ১৯৬০ দশকৰ আৰম্ভণিতে তেওঁ তেওঁৰ সহায়কসকলৰ সৈতে জীৱবিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত টিছু কাল্চাৰ মাধ্যম আৰু সম্পৰ্কিত প্ৰতিকাৰকসমূহ বিকশিত কৰিছিল। কাৰ্চিনোজেনেচিছ, কোষ জীৱবিজ্ঞান আৰু ৰোগ প্ৰতিৰোধ বিজ্ঞানৰ নতুন গৱেষণা গোট স্থাপন কৰাৰ বাবেও তেওঁ দায়বদ্ধ আছিল। তেওঁৰ গৱেষণাৰ সাফল্যৰ ভিতৰত আছে জন্তুৰ মাধ্যমৰ জৰিয়তে কৰ্কট ৰোগৰ ৰোগশৰীৰবিজ্ঞানৰ ওপৰত গৱেষণা যাৰ ফলত লিউকেমিয়া, স্তনৰ কৰ্কট ৰোগ আৰু খাদ্যনলীৰ কৰ্কট ৰোগৰ দৰে ৰোগৰ কাৰণবোৰ অধিক বোধগম্য হৈছিল। আন এক উল্লেখযোগ্য সাফল্য হল কৰ্কট ৰোগ আৰু হৰমন আৰু টিউমাৰ ভাইৰাছসম্পৰ্কৰ সংবেদনশীলতাৰ সৈতে এক সংযোগ স্থাপন কৰা। কুষ্ঠ ৰোগৰ টীকা বিকাশত কুষ্ঠ ৰোগৰ সৈতে সম্পৰ্কিত বেক্টেৰিয়াৰ ওপৰত তেওঁৰ মৌলিক গৱেষণায়ে সহায় কৰিছিল।[2] বিশেষকৈ মহিলা আৰু শিশুৰ মাজত কৰ্কট ৰোগৰ ওপৰত গৱেষণা কৰিবলৈ তেওঁ ভাৰতীয় মহিলা বিজ্ঞানীসকলক মহান অনুপ্ৰেৰণা যোগাইছিল।[7]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ১৯৮২ চনত চিকিৎসা শিতানত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[9] ১৯৬৪ চনত তেওঁক ভাৰতৰ চিকিৎসা পৰিষদৰ প্ৰথম ৰূপালী জয়ন্তী গৱেষণা বঁটা প্ৰদান কৰা হৈছিল।[10] এই বঁটাত সোণৰ পদক আৰু ১৫,০০০ টকাৰ নগদ পুৰস্কাৰ অন্তৰ্ভুক্ত আছিল।[11] তেওঁক মাইক্ৰ'জীৱবিজ্ঞানত ১৯৬৪ চনৰ বাবে জি. জে. ৱাটামুল ফাউণ্ডেচন পুৰস্কাৰ প্ৰদান কৰা হৈছিল।[12]

তেওঁ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এগৰাকী এমিৰিটাছ চিকিৎসা বিজ্ঞানী আছিল।[13]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Debus 1968, পৃষ্ঠা. 1393.
  2. 2.0 2.1 2.2 Bhisey 2008, পৃষ্ঠা. 24–26.
  3. "Founder Members". Indian Women Scientists' Association. http://www.iwsa.net/FounderMembers.html। আহৰণ কৰা হৈছে: 24 February 2015. 
  4. 4.0 4.1 4.2 Bhisey 2008, পৃষ্ঠা. 24-26.
  5. 5.0 5.1 5.2 Varde 1997, পৃষ্ঠা. 39.
  6. Bhisey, R. "Obsessed with excellence". Indian Academy of Sciences. http://www.ias.ac.in/womeninscience/LD_essays/24-26.pdf। আহৰণ কৰা হৈছে: 24 February 2015. 
  7. 7.0 7.1 Shearer & Shearer 1997, পৃষ্ঠা. 3213–13.
  8. Shearer & Shearer 1997, পৃষ্ঠা. 3213.
  9. "Padma Bhushan Awardees". Archives of Government of India. http://archive.india.gov.in/myindia/padmabhushan_awards_list1.php?start=620। আহৰণ কৰা হৈছে: 24 February 2015. 
  10. Roy 1970, পৃষ্ঠা. 31.
  11. Link. United India Periodicals. 1964. https://books.google.com/books?id=CzRWAAAAYAAJ. 
  12. IMDA Journal. All India Instrument Manufacturers & Dealers Association. 1965. https://books.google.com/books?id=tfdQAAAAYAAJ. 
  13. Year book. 1978. https://books.google.com/books?id=CcksAQAAIAAJ. 

গ্ৰন্থৰাজি[সম্পাদনা কৰক]