মংগল সূত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
আধুনিক শৈলীৰ মংগল সূত্ৰ

মংগল সূত্ৰ (ইংৰাজী: Mangala sutra) হিন্দু সংস্কৃতিত বিশেষকৈ ভাৰতীয় উপমহাদেশত প্ৰচলিত বিবাহিত মহিলাসকলে ডিঙিত পৰিধান কৰা পৱিত্ৰ অলংকাৰ। হিন্দু ৰীতি-নীতিৰে কৰোৱা বিবাহত দৰায়ে কইনাক মংগল সূত্ৰ পৰিধান কৰায়। বিবাহিত সধৱা তিৰোতায়ে গোটেই জীৱন মংগল সূত্ৰ পৰিধান কৰে। মংগল সূত্ৰ পিন্ধোৱাৰ ৰীতি প্ৰাচীন গ্ৰন্থ মনুস্মৃতিত 'মাংগল্যধাৰণ' হিচাপে বৰ্ণনা কৰা হৈছে। মংগল সূত্ৰ আৰু সেন্দূৰ বিবাহিত হিন্দু মহিলাৰ পৰিচয় বাহক।[1]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

সংস্কৃত ভাষাৰ শব্দ 'মংগল' মানে হৈছে কল্যাণ বা শুভ আৰু 'সূত্ৰ' মানে হৈছে সূতা। মংগল সূত্ৰৰ প্ৰচলন খ্ৰীষ্টীয় ৬ষ্ঠ শতিকা পৰা আৰম্ভ হৈছে বুলি অনুমান কৰা হয়। আন পুৰুষ আৰু অশুভ আত্মাৰ পৰা সুৰক্ষাৰ বাবে কইনাৰ ডিঙিৰ চাৰিওফালে এডাল হালধীয়া সূতা বান্ধি দিয়া হৈছিল।[2]

বৰ্ণনা[সম্পাদনা কৰক]

মংগল সূত্ৰৰ আক্ষৰিক অৰ্থ হৈছে 'এডাল শুভ সূতা'। ইয়াক মহিলা সকলে ডিঙিত পৰিধান কৰে। পাৰম্পৰিক মংগল সূত্ৰ সাধাৰণতে হালধিৰে প্ৰস্তুত কৰা হালধীয়া সূতাৰ পৰা ক'লা মণিৰে সৈতে এডাল হাৰ। কেতিয়াবা আঞ্চলিক তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি মংগল সূত্ৰত সোণ, বগা বা ৰঙা মণি যোগ কৰা হয়। ই মহিলাসকলে পিন্ধা বিবাহৰ প্ৰতীক। মংগল সূত্ৰ মূল দুটা অংশ থাকে মণিৰে সৈতে হাৰ আৰু হাৰৰ মাজত ওলমি থকা এটা দোল। মংগল সূত্ৰৰ ক'লা মণি অপায়-অমংগল, অশুভ শক্তি দূৰ কৰাৰ প্ৰতীক। আনহাতে হালধিৰ বা সোণৰ হালধীয়া ৰং শুভ আৰু আনন্দৰ প্ৰতীক।[3]

ভাৰতৰ ৰাজ্যসমূহত স্থানীয় ভাবে বিভিন্ন প্ৰকাৰৰ মংগল সূত্ৰ দেখা যায় যদিও সাধাৰণতে উত্তৰ-পূৰ্বাঞ্চল আৰু জনজাতীয় অধ্যুষিত অঞ্চলত ইয়াৰ প্ৰচলন কম। ভাৰতৰ লগতে নেপাল আৰু শ্ৰীলংকাত ইয়াৰ প্ৰচলন আছে। প্ৰবাসী ভাৰতীয় সকলে বৰ্তমান ইয়াক বিশ্বৰ বিভিন্ন দেশলৈ প্ৰসাৰিত কৰিছে। আধুনিক শৈলী আৰু ফেশ্বনৰ প্ৰভাৱত ইয়াৰ পাৰম্পৰিক ডিজাইনৰ কিছু পৰিমাণে সাল-সলনি ঘটিছে।[4] দক্ষিণ ভাৰতখ্ৰীষ্টান সকলেও মংগল সূত্ৰ পৰিধান কৰা দেখা যায়।

তাৎপৰ্য[সম্পাদনা কৰক]

মংগল সূত্ৰৰ তাৎপৰ্য আদি শংকৰে তেওঁৰ বিখ্যাত গ্ৰন্থ 'সৌন্দৰ্য লাহৰী'ত বৰ্ণনা কৰিছে। হিন্দু পৰম্পৰা অনুসৰি মংগল সূত্ৰ স্বামীৰ দীৰ্ঘ জীৱনৰ বাবে পিন্ধা হয়। ধৰ্মীয় ৰীতি-নীতি আৰু সামাজিক প্ৰত্যাশাৰ অনুসৰি বিবাহিত মহিলাসকলে গোটেই জীৱন মংগল সূত্ৰ পিন্ধিব লাগে বিশ্বাস কৰা হয় যে এই অনুশীলনে তেওঁৰ স্বামীৰ মংগল বৃদ্ধি কৰে। ই সধৱা তিৰোতাৰ প্ৰতীক। মংগল সূত্ৰৰ লগত ঠাইভেদে বিভিন্ন ৰীতি নীতি জড়িত হৈ আছে।[5]

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]