গাৰ্গী
গাৰ্গী বাচকন্বী (ইংৰাজী: Gargi Vachaknavi, প্ৰায় খ্ৰীষ্টপূৰ্ব ৯মৰ পৰা ৭ম শতিকা) এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক আছিল। বৈদিক সাহিত্যত তেওঁক এগৰাকী মহান প্ৰাকৃতিক দাৰ্শনিক হিচাপে সন্মানিত কৰা হয়,[1][2] বেদৰ প্ৰসিদ্ধ ব্যাখ্যাকৰক,[3] আৰু ব্ৰহ্মবিদ্যাৰ জ্ঞান থকা ব্যক্তি হিচাপে ব্ৰহ্মবাদিনী বুলি জনা যায়। [4] বৃহদাৰণ্যক উপনিষদৰ ষষ্ঠ আৰু অষ্টম ব্ৰহ্মণম মতে বিদেহৰ ৰজা জনকৰ দ্বাৰা আয়োজিত এক দাৰ্শনিক তৰ্ক ব্ৰহ্মযজ্ঞত অংশগ্ৰহণ কৰা হিচাপে তেওঁৰ নামৰ বিশিষ্ট উল্লেখ পোৱা যায়। তেওঁ এই ব্ৰহ্মযজ্ঞত আত্মাৰ বিষয়ত জটিল প্ৰশ্নৰে ঋষি যাজ্ঞবল্ক্যক প্ৰত্যাহ্বান জনাইছিল।[1][5] তেওঁ ঋকবেদৰ বহুতো শ্লোক ৰচনা কৰিছিল।[6] তেওঁ জীৱন ব্ৰহ্মচাৰ্য পালন কৰিছিল।[7][8]
গৰ্গৰ ঋষিৰ (খ্ৰীষ্টপূৰ্ব ৮০০-৫০০) বংশৰ বাচকন্ব ঋষিৰ কন্যা গাৰ্গীক তেওঁৰ দেউতাক আৰু ঋষি গৰ্গৰ নামেৰে গাৰ্গী বাচকন্বী হিচাপে নামকৰণ কৰা হৈছিল। সৰুৰে পৰাই তেওঁ বৈদিক শাস্ত্ৰৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু দৰ্শনৰ ক্ষেত্ৰত অতি দক্ষ হৈ পৰিছিল। বৈদিক কালত তেওঁ বেদ আৰু উপানিষদত অত্যন্ত জ্ঞানী হৈ পৰিছিল আৰু আন দাৰ্শনিকসকলৰ সৈতে বৌদ্ধিক বিতৰ্ক কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]গাৰ্গী জীৱনকাল আনুমানিক খ্ৰীষ্টপূৰ্ব নৱমৰ পৰা সপ্তম শতিকা আছিল। তেওঁৰ পিতৃ আছিল বাচকন্ব ঋষি। ঋষি বাচকন্ব গৰ্গ ঋষিৰ বংশধৰ আছিল[2][9] গাৰ্গীৰ নাম দেউতাক আৰু ঋষি গৰ্গৰ নামেৰে গাৰ্গী বাচকন্বী হিচাপে নামকৰণ কৰা হৈছিল। সৰুৰে পৰাই তেওঁ অতি বুদ্ধিমতী আছিল। তেওঁ বেদ আৰু শাস্ত্ৰৰ জ্ঞান অৰ্জন কৰিছিল আৰু দৰ্শনৰ ক্ষেত্ৰত তেওঁৰ দক্ষতাৰ বাবে প্ৰসিদ্ধ হৈছিল। তেওঁ আনকি জ্ঞানত পুৰুষক অতিক্ৰম কৰিছিল[9]
পৰৱৰ্তী জীৱন
[সম্পাদনা কৰক]গাৰ্গী, বেদভা প্ৰতিথৈ আৰু মৈত্ৰেয়ী উপনিষদত উল্লিখিত বিশিষ্ট মহিলাসকলৰ অন্যতম।[10] তেওঁ বৈদিক কালৰ পুৰুষৰ দৰে বেদ আৰু উপানিষদত জ্ঞানী আছিল আৰু বিতৰ্কত পুৰুষ-দাৰ্শনিকসকলক ভালদৰে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল৷[11] অশ্বল্যায়নৰ গৃহ সূত্ৰসমূহত তেওঁৰ উল্লেখ পোৱা যায়।[12] তেওঁ এগৰাকী আগশাৰীৰ পণ্ডিত আছিল যিয়ে শিক্ষা প্ৰচাৰৰ বাবে সমৃদ্ধ অৱদান আগবঢ়াইছিল।[9] গাৰ্গীয়ে গৰ্গ ঋষিৰ ওচৰত দৰ্শনৰ শিক্ষা লাভ কৰিছিল। মিথিলাৰ ৰজা জনকৰ দৰবাৰত গাৰ্গীক নৱৰত্ন) হিচাপে সন্মানিত কৰা হৈছিল।
গাৰ্গী-যাজ্ঞবল্ক্য সংবাদ
[সম্পাদনা কৰক]বৃহদাৰণ্যক উপনিষদৰ মতে প্ৰাচীন ভাৰতৰ বিদেহ (মিথিলা) ৰাজ্যৰ ৰজা জনক দৰ্শনৰ বৰ গুণগ্ৰাহী আছিল। তেওঁ ৰাজসুয় যজ্ঞ পাতি ওচৰ-পাজৰৰ পণ্ডিতমণ্ডলীক নিমন্ত্ৰণ কৰিছিল আৰু যি তৰ্কযুদ্ধত জিকিব তেওঁক একহাজাৰ গাই গৰু পুৰস্কাৰ দিব বুলি ঘোষনা কৰিছিল আৰু গাইবোৰৰ শিংবোৰ দহতোলা দহতোলা সোণেৰে বন্ধোৱা আছিল। তৰ্ক আৰম্ভ হোৱাৰ আগতেই ঋষি যাজ্ঞবল্ক্যই এজন শিষ্যক সকলো গাই নিজৰ আশ্ৰমলৈ নিবলৈ আদেশ দিলে। এই কথাত অন্যান্য পণ্ডিতসকল ক্ষুণ্ণ হ'ল। যাজ্ঞবল্ক্যই মধুৰ বচনেৰে ক'লে যে গাইখিনি তেওঁৰ প্ৰয়োজন হৈছে। তেতিয়া ৰজাই যাজ্ঞবল্ক্যৰ লগত তৰ্ক কৰিবলৈ আঁঠগৰাকী পণ্ডিত নিজেই নিৰ্বাচিত কৰি দিলে। এই আঠ গৰাকীৰ ভিতৰত মহিলা একমাত্ৰ গাৰ্গীয়েই আছিল আৰু তেওঁৰ ক্ৰমিক নম্বৰ আছিল সাত। এজন এজনকৈ সেইদিনৰ বিখ্যাত পণ্ডিত অশ্বল, অৰ্থভাগ, ভূজ্য, উদ্দালক, উষস্ত সহ সাতজনক যাজ্ঞবল্ক্যই সহজেই পৰাস্ত কৰিলে।[9]
প্ৰথমে ঋষি অশ্বলে প্ৰশ্ন কৰিলে,-"হে ঋষি যাজ্ঞবল্ক্য, সকলো জীৱ মৃত্যুৰ অধীন, তেনেহ'লে মৃত্যুৰ পৰা সাৰিবৰ উপায় কি? যাজ্ঞবল্ক্যই উত্তৰ দিলে,-"অগ্নি আৰু বাক্যৰ দ্বাৰা। কাৰণ বাক্যই যজ্ঞৰ হোতা, বাক্যই অগ্নি, বাক্যই মুক্তিৰ উপায়।[1]
শেষত গাৰ্গীৰ পাল পৰিল। হাঁহি মুখে গাৰ্গীয়ে ঘোষণা কৰিলে যে পৰাজিত হ'লে তেওঁ আনন্দেৰে ঋষি যাজ্ঞবল্ক্যৰ শ্ৰেষ্ঠত্ব মানি লব। যাজ্ঞবল্ক্যক হৰুৱাব পৰা পণ্ডিত লোক ভাৰতত বিৰল সেইকথা গাৰ্গীয়েও ভালকৈ জানিছিল। তাৰপিছত বিখ্যাত গাৰ্গী-যাজ্ঞবল্ক্য সংবাদ আৰম্ভ হৈছিল। এই গোটেই আলোচনাত গাৰ্গীয়ে ঋষিক 'হে ঋষি যাজ্ঞবল্ক্য'আৰু ঋষিয়েও গাৰ্গীক 'ভদ্ৰে বিদুষী গাৰ্গী' বুলি সম্বোধন কৰিছিল।[13][1]
গাৰ্গীয়ে পৃথিৱীৰ সৃষ্টিতত্ত্বৰ ওপৰত প্ৰথমে প্ৰশ্ন কৰিলে।[14]
গাৰ্গী: বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি হৈছে বিভিন্ন উপাদান লগ হৈ। এতিয়া কওকচোন পানীৰ উপাদান কি কি?
যাজ্ঞবল্ক্য: পানীৰ উপাদান বতাহ।
গাৰ্গী: মই জানিব বিচাৰো ব্ৰহ্মৰ উপাদান কি?অৰ্থাৎ কি বস্তুৰ পৰা ব্ৰহ্মৰ সৃষ্টি হৈছিল?[15]
গাৰ্গী :বতাহনো কিহেৰে তৈয়াৰী?
যাজ্ঞবল্ক্য: বতাহৰ উপাদান আকাশ।
গাৰ্গী: আকাশৰ এককনো কি?
যাজ্ঞবল্ক্য: আকাশৰ উপাদান আদিত্য বা সূৰ্য।
গাৰ্গী: তেতিয়াহ'লে সূৰ্য্যৰ এককনো কি?
যাজ্ঞবল্ক্য: চন্দ্ৰ
গাৰ্গী: চন্দ্ৰৰ একক কি?
যাজ্ঞবল্ক্য: চন্দ্ৰৰ একক নক্ষত্ৰ।
গাৰ্গী: নক্ষত্ৰৰ উপাদান কি?
যাজ্ঞবল্ক্য: দেৱতাসকল
গাৰ্গী: দেৱতাসকলৰ সৃষ্টি কেনেকৈ হ'ল?
যাজ্ঞবল্ক্য: তেওঁলোকৰ সৃষ্টি হৈছে ইন্দ্ৰৰপৰা।
গাৰ্গী: তেতিয়া হ'লে কওকচোন ইন্দ্ৰৰ সৃষ্টি হৈছিল কেনেকৈ?
যাজ্ঞবল্ক্য: ইন্দ্ৰৰ সৃষ্টি হৈছিল প্ৰজাপতিৰ পৰা।
গাৰ্গী: মই জানিব বিচাৰো প্ৰজাপতিৰ সৃষ্টি কেনেকৈ হৈছিল?
যাজ্ঞবল্ক্য: পৰম ব্ৰহ্মৰ পৰা।
এই কথাৰ কোনো উত্তৰ দিব নোৱাৰি যাজ্ঞবল্ক্য খঙত ক'ব নোৱাৰা হৈ পৰিল। গাৰ্গীৰ নিৰ্ভয়তা দেখি যাজ্ঞবল্ক্যই খঙেৰে ক'লে,-"আপুনি মনে মনে থাকক ভদ্ৰমহিলা গাৰ্গী, আৰু প্ৰশ্ন নকৰিব। বেদৰ নিয়ম আপুনি লঙ্ঘন কৰিছে। আৰু জানিব বিচাৰিলে আপোনাৰ মূৰটো খহি পৰিব। আপুনি মানসিক ভাৰসাম্য হেৰুৱাব।" যাজ্ঞবল্ক্যৰ নিচিনা এজন জ্ঞানী ঋষিয়েও গাৰ্গীক নাৰী হিচাবেহে চালে শেষত। নিজৰ সমকক্ষ এজন ঋষিৰ দৃষ্টিৰে নাচালে। যাজ্ঞবল্ক্যৰ কথাত স্তম্ভিত হৈ গাৰ্গীয়ে আৰু একো নকৈ বহি পৰিল। অন্য পণ্ডিতসকলে যাজ্ঞবল্ক্যক প্ৰশ্ন নকৰি আগতেই পৰাজয় স্বীকাৰ কৰি ল'লে৷[14]
তাৰপিছতেই উদ্দালক উঠিল। তেওঁ বহোঁতেই গাৰ্গী আকৌ উঠিল। যাজ্ঞবল্ক্যৰ আগত দ্বিতীয় বাৰ উঠাৰ সাহস কাৰোৱেই নাছিল। কিন্তু গাৰ্গী আছিল অসামান্য বেদজ্ঞানী। ব্ৰাহ্মণ সকলক বন্দনা কৰি তেওঁ ক'লে আপোনালোকে অনুমতি দিলে মই আৰু দুটা প্ৰশ্ন ঋষি যাজ্ঞবল্ক্যক কৰোঁ। তাৰ উত্তৰ দিব পাৰিলেই বুজা যাব যাজ্ঞবল্ক্য আমাৰ মাজত সকলোতকৈ শ্ৰেষ্ঠ।
সভাৰ সকলো পণ্ডিতেই অনুমতি দিলে আৰু গাৰ্গীয়ে যাজ্ঞবল্ক্যক প্ৰশ্ন কৰিলে,[14]
যাজ্ঞবল্ক্য, এই বিশ্বব্ৰহ্মাণ্ডৰ মাজত স্বৰ্গ, মৰ্ত্য,পাতাল,অতীত, বৰ্তমান আৰু ভৱিষ্যত কিহত অধিষ্ঠিত হৈ আছে?
যাজ্ঞবল্ক্য: আকাশত বা অনন্তত প্ৰতিস্থিত।
গাৰ্গীয়ে হাঁহি মুখে ক'লে,-" যাজ্ঞবল্ক্য, আপুনিয়েই সৰ্বশ্ৰেষ্ঠ। আমাৰ মাজত কোনো নাই যি আপোনাক পৰাজয় কৰিব পাৰিব।"[1][15]
গাৰ্গী: উত্তম। পিছে এই আকাশনো ক'ত আছে?
যাজ্ঞবল্ক্য: যিজনক কোনেও নেদেখে, কিন্তু তেওঁ সকলোকে দেখে, যাৰ কথা কোনেও নুশুনে কিন্তু তেওঁ সকলো শুনে, যিজনক কোনেও বুজিব নোৱাৰে কিন্তু তেওঁ সকলো জানে সেই অক্ষয় বা শাশ্বতেই আকাশৰ ভিত্তি। আৰু এই অক্ষয়েই হ'ল পৰমব্ৰহ্ম। যাৰ কোনো বৰ্ণ-গন্ধ-স্বাদ-আকাৰ-অবয়ব নাই। এই চিৰ-শাশ্বত বা অবিনশ্বৰ বা অক্ষয়ৰ নিৰ্দেশত চন্দ্ৰ,সূৰ্য্য, নক্ষত্ৰ, গ্ৰহ, উপগ্ৰহ আদি নিজৰ স্থানত নিজৰ কামত উপবিষ্ট হৈ আছে। দীৰ্ঘ তপস্যাৰ পিচতো যদি সেই পৰমব্ৰহ্মৰ উপলব্ধি কৰিব পৰা নাযায় তেনেহ'লে সেই তপস্যা বৃথা। এইটোৱেই চূড়ান্ত উত্তৰ।
এই জ্ঞানেই প্ৰকৃত অনন্ত। ছান্দোগ্য উপনিষদৰ সপ্তম অধ্যায়ত এইখিনি উল্লিখিত আছে।[13][1]
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]- Ahuja, M.L. (2011). Women in Indian Mythology. Rupa Publications. ISBN 978-81-291-2171-4. https://books.google.com/books?id=day64iGXDFAC&pg=PT34.
- Banerji, Sures Chandra (1 January 1989). A Companion to Sanskrit Literature: Spanning a Period of Over Three Thousand Years, Containing Brief Accounts of Authors, Works, Characters, Technical Terms, Geographical Names, Myths, Legends, and Several Appendices. Motilal Banarsidass. ISBN 978-81-208-0063-2. https://books.google.com/books?id=JkOAEdIsdUsC&pg=PA614.
- Carmody, Denise; Brink, T. (1 January 2013). Cengage Advantage Books: Ways to the Center: An Introduction to World Religions. Cengage Learning. ISBN 978-1-285-41529-1. https://books.google.com/books?id=3UkWAAAAQBAJ&pg=PA95.
- Gadkari, Jayant (1 January 1996). Society and Religion: From Rugveda to Puranas. Popular Prakashan. ISBN 978-81-7154-743-2. https://books.google.com/books?id=Zst_7qaatp8C&pg=PA86.
- Glucklich, Ariel (11 April 2008). The Strides of Vishnu : Hindu Culture in Historical Perspective: Hindu Culture in Historical Perspective. Oxford University Press. ISBN 978-0-19-971825-2. https://books.google.com/books?id=KtLScrjrWiAC&pg=PA64.
- Great Women of India. Know India. PrabhatPrakashan. 2005. ISBN 978-81-87100-34-8. https://books.google.com/books?id=x74ag_GMkTcC&pg=PA15.
- Kapur-Fic, Alexandra R. (1 January 1998). Thailand: Buddhism, Society, and Women. Abhinav Publications. ISBN 978-81-7017-360-1. https://books.google.com/books?id=kaBW8Ao-18oC&pg=PA323.
- Kumar, Raj (1 January 2004). Essays on Social Reform Movements. Discovery Publishing House. ISBN 978-81-7141-792-6. https://books.google.com/books?id=C7SQW69LLSIC&pg=PA158.
- Mody, Rekha (1999). A Quest for Roots: Stree Shakti. Stree Shakti. https://books.google.com/books?id=dWgaAAAAYAAJ.
- Mookerji, Radha Kumud (1 January 1998). Ancient Indian Education: Brahmanical and Buddhist. Motilal Banarsidass. ISBN 978-81-208-0423-4. https://books.google.com/books?id=mjFfqpq7HhkC&pg=PA171.
- O'Malley, Charles Donald (1970). The History of Medical Education: An International Symposium Held February 5-9, 1968. University of California Press. ISBN 978-0-520-01578-4. https://books.google.com/books?id=afYzWG1FLroC&pg=PA331.
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 Ahuja 2011, পৃষ্ঠা. 34.
- ↑ 2.0 2.1 "Gargi". University of Alabama Astronomy. http://www.astr.ua.edu/4000WS/GARGI.html.
- ↑ Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 348– 9. ISBN 0-8426-0822-2. https://archive.org/stream/puranicencyclopa00maniuoft/puranicencyclopa00maniuoft_djvu.txt.
- ↑ Banerji 1989, পৃষ্ঠা. 614.
- ↑ Swami Sivananda. "The Virgin Philosopher". sivanandaonline.org. http://www.sivanandaonline.org/graphics/spritual_life/ideal_for_women/the_culmination_selfhood.html?9d5ab6c0.[সংযোগবিহীন উৎস]
- ↑ Mody 1999, পৃষ্ঠা. 125.
- ↑ Kapur-Fic 1998, পৃষ্ঠা. 323.
- ↑ Kumar 2004, পৃষ্ঠা. 158.
- ↑ 9.0 9.1 9.2 9.3 Great Women of India. Know India. Prabhat Prakashan. 2005. পৃষ্ঠা. 15. ISBN 978-81-87100-34-8.
- ↑ Mookerji 1998, পৃষ্ঠা. 171.
- ↑ O'Malley 1970, পৃষ্ঠা. 331.
- ↑ Gadkari 1996, পৃষ্ঠা. 86.
- ↑ 13.0 13.1 Mookerji 1998, পৃষ্ঠা. 129.
- ↑ 14.0 14.1 14.2 Carmody & Brink 2013, পৃষ্ঠা. 95.
- ↑ 15.0 15.1 Glucklich 2008, পৃষ্ঠা. 64– 65.