পুতনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কেৰালাত উদ্ধাৰ হোৱা সপ্তদশ শতিকাত নিৰ্মিত কৃষ্ণৰে সৈতে পুতনাৰ এক কাঠৰ মূৰ্ত্তি।

হিন্দু ধৰ্ম অনুসৰি পুতনা হৈছে শিশু কৃষ্ণই বধ কৰা এক ৰাক্ষসী। পুতনাই এগৰাকী সুন্দৰী নাৰীৰ বেশ ধৰি বিষযুক্ত স্তনপান কৰোৱাই কৃষ্ণক হত্যা কৰাৰ চেষ্টা কৰে যদিও স্তনপানৰ জৰিয়তে কৃষ্ণই পুতনাৰ প্ৰাণ শুহি লয়। স্তনদান দিয়াৰ বাবে পুতনাক কৃষ্ণৰ তোলনীয়া মাতৃ হিচাপেও জনা যায়। শঠ মনোবৃত্তিৰে কৰা স্বত্বেও স্তনদানৰ যোগেদি পুতনাই এগৰাকী মাতৃৰ সৰ্বোচ্চ উৎসৰ্গাৰ কাৰ্য সম্পাদন কৰিছিল। [1] এই কাহিনীটো হিন্দু ধৰ্মৰ বিভিন্ন গ্ৰন্থ আদিত অনেকবাৰ বৰ্ণনা কৰা হৈছে। ইয়াৰে প্ৰায়ভাগতে পুতনাক এক ৰাক্ষসী হিচাপে চিত্ৰিত কৰা হৈছে যি প্ৰথমে অসৎ উদ্দ্যেশ্যৰে আগবাঢ়িলেও শেষলৈ কৃষ্ণৰ হাতত আত্মসমৰ্পণ কৰিছে। ​ পুতনাক সততে শিশুসকলৰ প্ৰতি এক বিপদ অথবা কামনাৰ ৰূপত যথাক্ৰমে একপ্ৰকাৰ শিশুৰোগ বা পক্ষী হিচাপে ব্যাখ্যা কৰা হয়। কোনো সময়ত তেওঁক এগৰাকী অনুপযুক্ত বা কু-মাতৃ হিচাপেও চিহ্নিত কৰা হয়। তেওঁক হিন্দু আখ্যানসমূহৰ কুদৃষ্টিকাৰী মাতৃকাসকলৰ লগতে যোগিনী আৰু গ্ৰহিণীসকলৰ সৈতে অন্তৰ্ভুক্ত কৰা হয়। পৌৰাণিক ভাৰতীয় চিকিৎসা বিষয়ক লিপিসমূহত শিশুসকলক ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ পুতনাৰ উপাসনা কৰিবলৈ পৰামৰ্শ দিয়া হয়। এনে পোৰাণিক ভাৰতীয় লিপিসমূহত একাধিক পুতনাৰ উল্লেখ পোৱা যায়। ​

নামৰ উৎপত্তি[সম্পাদনা কৰক]

'পুতনা' শব্দটো 'পুত্' অৰ্থাৎ নৈতিকতা আৰু 'না' অৰ্থাৎ নঞৰ্থক বা 'নোহোৱা' শব্দ দুটা যোগ হৈ গঠিত হৈছে। এই শব্দৰ আন এক ব্যাখ্যাও পোৱা যায় যাৰ মতে 'পুত' অৰ্থাৎ পবিত্ৰকৰণৰ পৰা পুতনাৰ উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে 'যি পবিত্ৰ কৰে'। কোনো কোনো পণ্ডিতৰ মতে হিন্দু আখ্যানসমূহৰ পিতৃ-মাতৃ আৰু সন্তানৰ সৈতে সম্পৰ্কিত 'পুত' নামৰ নৰকৰ পৰা পুতনা শব্দটো আহিছে।[2] এই ব্যাখ্যাটোৰ মতে পুতনা মাতৃকাসকল বা মাতৃত্বৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।[3] কিছুসংখ্যক পণ্ডিতে মত পোষণ কৰে যে পুতনাৰ অৰ্থ দুৰ্গন্ধযুক্ত আৰু ই ফোঁহাৰ পৰা হোৱা ঘাঁ‌ৰ (সৰুআইৰ ফোঁহা) সৈতে জড়িত। বৰআইৰ সৈতে জড়িত শীতলা দেৱীৰ এক ৰূপ বা তেওঁৰ অস্ত্ৰ হিচাপেও পুতনা পৰিচিত। [4]

আখ্যান[সম্পাদনা কৰক]

ওপৰত: পুতনা বধ। তলত: ব্ৰজবাসীসকলে পুতনাৰ শৰীৰ দাহ কৰাৰ দৃশ্য।

​ ভাগৱত পুৰাণ, হৰিবংশ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, বিষ্ণু পুৰাণ, গৰ্গ সংহিতা, প্ৰেম সাগৰ আদি হিন্দু ধৰ্মগ্ৰন্থত পুতনা আৰু কৃষ্ণৰ আখ্যান বণিত হৈছে।[5]

কৃষ্ণৰ মোমায়েক কংসই পুতনাক কৃষ্ণক বধ কৰিবৰ বাবে প্ৰেৰণ কৰিছিল। পুতনাই এক সুন্দৰী নাৰীৰ বেশ ধৰি গোকুললৈ যায়। তেওঁৰ ৰূপ দেখি গোপ-গোপীসকলে পুতনাক সাক্ষাৎ দেৱী লক্ষ্মী বুলি ভুল কৰে আৰু যশোদাই তেওঁক শিশু কৃষ্ণক স্তনপান কৰাবলৈ দিয়ে। পুতনাই স্তনত মণ্ডন নামৰ এবিধ বিষ সানি কৃষ্ণক বধিবলৈ পাঙ পাতে যদিও কৃষ্ণই দুগ্ধৰ লগতে পুতনাৰ প্ৰাণ শুহিবলৈ ধৰে। বেদনাত পুতনাই নিজৰূপ ধৰি এৰি দিবৰ বাবে কৃষ্ণক কাকূতি কৰে। কিন্তু কৃষ্ণই এৰি নিদিয়াত বাহিৰলৈ লৰ ধৰে যদিও অৱশেষত প্ৰাণবায়ু এৰে।[6][7] ব্ৰজবাসীসকলে পুতনাৰ শৰীৰটো কাটি দাহ কৰে। পুতনাৰ চিতাজুইৰ পৰা সুগন্ধি নিৰ্গত হয় আৰু কৃষ্ণক স্তনপান কৰোৱাৰ বাবেই সকলো পাপৰ পৰা মুক্ত হৈ পুতনাই যশোদাই পিছলৈ প্ৰাপ্ত কৰা একে স্বৰ্গতে স্থানলাভ লাভ কৰে।[6] স্তনদান দিয়াৰ বাবেই পুতনাক কৃষ্ণৰ তোলনীয়া মাতৃ বুলিও কোৱা হয়।[8] ​ কোনো কোনো আখ্যানৰ মতে পুতনাই তেওঁৰ দুগ্ধত বিষ মিহলোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে পুতনাই দুগ্ধই আছিল বিষাক্ত।[3] আনহাতে কোনো ঠাইত নিশা সকলো শুই থকা অৱস্থাত পুতনাই কৃষ্ণক হৰণ কৰি নিয়া বুলিও উল্লেখ পোৱা যায়।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. O'Flaherty p.250
  2. Herbert in Shashi p.844
  3. 3.0 3.1 Herbert in Shashi p.846
  4. White p. 51
  5. Herbert in Shashi p.842
  6. 6.0 6.1 Herbert in Shashi pp.842-4
  7. Olson pp.240-2
  8. Agrawal in Shashi p.822
  9. Dimmitt pp. 111-112