নিগাৰ চুলতানা
নিগাৰ চুলতানা | |
---|---|
জন্ম | ২১ জুন, ১৯৩২ হায়দৰাবাদ, হায়দৰাবাদ ষ্টেট, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২১ এপ্ৰিল, ২০০০ (৬৭ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৪৬-১৯৮৬ |
দাম্পত্যসঙ্গী | কে. আচিফ |
সন্তান | ৫ |
নিগাৰ চুলতানা (ইংৰাজী: Nigar Sultana ; ২১ জুন ১৯৩২- ২১ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ হিন্দী ভাষাৰ ‘আগ’ (১৯৪৮), ‘পতঙ্গ’ (১৯৪৯), ‘শীশ মহল’ (১৯৫০), ‘মীৰ্জা গালিব’ (১৯৫৪), ‘ইহুদী’ (১৯৫৮), ‘দো কলিয়া’ (১৯৬৮) আদি ছবিত অভিনয় কৰি গৈছে। কিন্তু তেওঁক বুৰঞ্জীমূলক মহাকাব্যিক ছবি ‘মুগল-ই-আজম’ (১৯৬০) ছবিৰ বাহাৰ বেগমৰ চৰিত্ৰটোৰ বাবে বিশেষভাবে স্মৰণ কৰা হয়। তেওঁ ছবি নিৰ্মাতা কে. আচিফৰ পত্নী আছিল। ২০০০ চনত মুম্বাইত তেওঁৰ মৃত্যু হয়।[1]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]নিগাৰৰ জন্ম ১৯৩২ চনৰ ২১ জুনত ভাৰতৰ হায়দৰাবাদত হৈছিল। তেওঁ ঘৰখনৰ পাঁচজন ল’ৰা-ছোৱালীৰ ভিতৰত আটাইতকৈ সৰুজনী আছিল। তেওঁৰ দুজন ভায়েক আৰু দুজনী ভনীয়েক আছিল। তেওঁৰ শৈশৱ হায়দৰাবাদত কটাইছিল। তাত দেউতাক হায়দৰাবাদৰ নিজামৰ ৰাজকীয় সেনাবাহিনীৰ মেজৰ আছিল। তেওঁ ঘৰতে পঢ়া-শুনা কৰিছিল আৰু অলপ পলমকৈয়ে স্কুললৈ গৈছিল। স্কুলত হোৱা নাটকত তেওঁ অংশ লৈছিল।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]নিগাৰ চুলতানাক প্ৰথম দেখা গৈছিল ‘হম তুম ঔৰ ৱো’ (১৯৩৮) ছবিত। যেতিয়া তেওঁৰ দেউতাকৰ বন্ধু জগদীশ সেঠীয়ে মোহন ভাগৱতৰ সৈতে নিৰ্মাণ কৰিব বিচৰা ছবিখনত মুখ্য চৰিত্ৰ এটাত অভিনয় কৰাৰ প্ৰস্থাৱ দিয়ে, তেতিয়া নিগাৰ শিহৰিত হৈ উঠিছিল আৰু লগেলগে এই প্ৰস্থাৱ স্বীকাৰ কৰি লৈছিল।[1]
১৯৪৬ চনত তেওঁ ‘ৰংভূমি’ত অভিনয় কৰে। ৰাজ কাপুৰৰ ‘আগ’ (১৯৪৮) বলীউডত খোপনি পোতাৰ তেওঁৰ বাবে প্ৰথমটো ডাঙৰ সুযোগ আছিল। তেওঁ নিৰ্মলাৰ চৰিত্ৰত অভিনয় কৰিছিল, যিটো দৰ্শক আৰু সমালোচক- উভয়ৰে দ্বাৰা প্ৰশংসিত হৈছিল। তাৰ পিছৰে পৰা তেওঁ অগণন ছবিত চৰিত্ৰাভিনয় কৰি গ’ল।[2]
তেওঁৰ প্ৰথম ডাঙৰ ছবি, পুণেত নিৰ্মিত ‘শিকায়ত’ (১৯৪৮)। পৰৱৰ্তী ছবি ৰঞ্জিত প্ৰডাকচনৰ ‘বেলা’ (১৯৪৭)। তাৰপিছত তেওঁ বহুতো ছবিত মূল ভূমিকাত অভিনয় কৰিছিল। ‘বাহাৰ’ত তেওঁক ৰাজনৰ্তকীৰ চৰিত্ৰত দেখা গৈছিল, যিয়ে চেলিম (দিলীপ কুমাৰ) আৰু আনাৰকলিৰ (মধুবালা)-ৰ প্ৰেমক ঈৰ্ষা কৰিছিল। ‘তেৰি মেহফিল মেঁ’ আৰু ‘ৰাত এইচি মতৱালী’ এই গীত দুটা নিগাৰৰ ওপৰত চিত্ৰিত কৰা হৈছিল।[2] তেওঁৰ অন্য দুখন ছবি হ'ল- 'দাৰা' (১৯৫৩) আৰু 'খায়বাৰ'।[1]
তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰবোৰৰ ভিতৰত ‘পতঙ্গ’ (১৯৪৯), ‘দিল কী বস্তী’ (১৯৪৯), ‘শীশ মহল’ (১৯৫০), ‘খেল’ (১৯৫০), ‘দমন’ (১৯৫১), ‘আনন্দ ভৱন’ (১৯৫৩), ‘মীৰ্জা গালিৱ’ (১৯৫৪), ‘তনখাহ’ (১৯৫৬), ‘দুৰ্গেশ নন্দিনী’ (১৯৫৬) আৰু ‘ইহুদী’ (১৯৫৮) অন্যতম। ১৯৫০ৰ দশকত তেওঁ অতি সক্ৰিয় হৈ আছিল। পিছলৈ তেওঁৰ ছবিৰ সংখ্যা কমি গৈছিল। ‘জাম্বিশঃ এ মুভমেণ্ট’ ১৯৮৬ চনৰ এই ছবিখনে আছিল তেওঁৰ শেষ ছবি।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৬০ৰ দশকৰ আৰম্ভণিত তেওঁৰ পাকিস্তানী অভিনেতা চৈয়দ ইচৰত আব্বাছৰ (দৰ্পন কুমাৰ) সৈতে এটা সংযোগ ঘটিছিল। ইচৰত আব্বাছো এজন ভাৰতীয় হায়দৰাবাদী আছিল।[3] ১৯৫৯ চনৰ ১৩ জুনত, নিগাৰ চুলতানাই পাকিস্তানী অভিনেতাক বিয়া কৰোৱা সম্পৰ্কীয় প্ৰতিবেদন অস্বীকাৰ কৰিবলৈ বিশেষভাৱে এখন সংবাদমেল অনুষ্ঠিত কৰে।[4]
নিগাৰে ১৯৬০ৰ দশকৰ শেহৰ ফালে ‘মুগল-ই-আজম’ৰ (১৯৬০) পৰিচালক, নিৰ্মাতা কে. আচিফক বিয়া কৰাইছিল। তেওঁলোকৰ পাঁচটা সন্তান জন্মিছিল। কে. আচিফৰ ইতিমধ্যে এগৰাকী পত্নী আছিলেই। পূৰ্বৰ পত্নী আখতাৰ আচিফৰ সৈতে নিগাৰৰ এক শীতল সম্পৰ্ক আছিল। ঘটনাক্ৰমে আখতাৰ আচিফ হিন্দী ছবিৰ তাৰকা দিলীপ কুমাৰৰ ভনীয়েক আছিল।[5]
তথ্য উৎস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- নিগাৰ চুলতানা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।