নীতা সেন
নীতা সেন | |
---|---|
জন্ম | ১৩ নৱেম্বৰ, ১৯৩৫ কলকাতা, ভাৰত |
মৃত্যু | ১ এপ্ৰিল, ২০০৬ (৭০ বছৰ) |
সংগীতৰ প্ৰকাৰ | |
পেচা |
|
সহযোগী | মান্না দে, লতা মংগেশকাৰ, আশা ভোঁচলে, শ্যামল মিত্ৰ, হেমন্ত মুখাৰ্জী, মানবেন্দ্ৰ মুখাৰ্জী |
নীতা সেন (ইংৰাজী: Neeta Sen; ১৩ নৱেম্বৰ ১৯৩৫ – ১ এপ্ৰিল ২০০৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত পৰিচালিকা আৰু গায়িকা।
কৰ্মজীৱন
[সম্পাদনা কৰক]ভাৰতীয় শাস্ত্ৰীয় সংগীতত প্ৰশিক্ষিত নীতা সেন কলকাতাৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ জৰিয়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। নীতা সেনে তেওঁৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ত আধুনিক বঙালী সংগীতৰ ওপৰত মনোনিবেশ কৰিছিল। ১৯৭৭ চনত তেওঁ এ কে চেটাৰ্জীৰ দ্বাৰা পৰিচালিত আৰু বিশ্বজিৎ, সংগীতা ৰয় আৰু সুলোচনাৰ অভিনীত বঙালী ছবি 'বাবা তাৰকনাথ'ৰ জৰিয়তে বাণিজ্যিক সফলতা অৰ্জন কৰে। তেওঁ "কৃষ্ণ ভক্ত সুধামা"ৰ দৰে অধিক বঙালী ছবিত সংগীত পৰিচালনা কৰিছিল।[1] ব্যক্তিগতভাৱে তেওঁ এগৰাকী গভীৰ ভক্ত ব্যক্তি আছিল। কামৰ পৰৱৰ্তী বছৰবোৰত তেওঁ ভক্তিমূলক ছবি, টেলিভিছন ধাৰাবাহিক আৰু সংগীত এলবামৰ প্ৰায় সম্পূৰ্ণ আধিপত্য আছিল।
তেওঁ 'ৰক্ত জবা', 'নন্দন' (১৯৭৯),[2] সীতা (১৯৮০),[2] 'গোলাপ বৌ' (১৯৭৭),[2] 'সোণাৰ বাংলা' (১৯৮২) আৰু 'বাবা লোকনাথ' (১৯৯৪) আদি কেইবাটাও প্ৰদৰ্শিত চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৩৫ চনৰ ১৩ নৱেম্বৰত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃ জগদীশ বৰধন আৰু মাতৃ আভা বৰধন। তেওঁৰ তিনিজন ভনী আৰু এজন ভায়েক আছিল। তেওঁ সুনীল সেনক বিয়া কৰাইছিল লগতে তেওঁলোকৰ এটি কন্যা সন্তান আৰু এটা পুত্ৰ সন্তান আছিল। তেওঁৰ নাতিনী ৰিমঝিম সেন বলিউডত ফেশ্বন ডিজাইনিংৰ সৈতে জড়িত।
অন্তিম ৰোগ আৰু মৃত্যু
[সম্পাদনা কৰক]নীতাই তেওঁৰ পিছৰ বছৰবোৰত মাংস খোৱা এৰি দিছিল। তেওঁ কম বয়সতে কোলিটিছত ভোগে। ২০০৬ চনৰ ৩১ মাৰ্চত তেওঁৰ পেটৰ তীব্ৰ বিষ হোৱা আৰম্ভ হয় আৰু ২০০৬ চনৰ ১ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Krishna Bhakta Sudama | Bollywood Movies | Hindi film songs". Earthmusic.net. http://www.earthmusic.net/hindi-film-songs.php?movie=Krishna+Bhakta+Sudama। আহৰণ কৰা হৈছে: 2015-11-02.
- ↑ 2.0 2.1 2.2 "Film songs of Hemanta Mukherjee". Faculty.ist.unomaha.edu. Archived from the original on 2015-06-03. https://web.archive.org/web/20150603004346/http://faculty.ist.unomaha.edu/pdasgupta/hemanta/discography/filmlist2.html। আহৰণ কৰা হৈছে: 2015-11-02.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- নীতা সেন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।