অসমৰ কুঁহিলা শিল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কুঁহিলা শিল্পৰ সদাগৰী নাও

কুঁহিলা শিল্প অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। কুঁহিলা পথাৰৰ পানী তল যোৱা ঠাইত হোৱা এবিধ গছ।[1] কুঁহিলাৰ গা কোমল, সোপোকা আৰু পাতল। ইয়াৰ দ্বাৰা কঠ, পুতলা, মুখা, মূৰ্তি ইত্যাদি আদি তৈয়াৰ কৰা হয়।[1] অসম আৰু পশ্চিম বংগৰ কিছু অঞ্চলত এই কুঁহিলা ব্যৱহাৰ কৰি অতীজৰে পৰা শিল্প চৰ্চা কৰি অহা হৈছে। এই শিল্প ঘাইকৈ অসমৰ ধুবুৰী,[2] গোৱালপাৰাৰ কিছু অংশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা,[3] নলবাৰী জিলামাখিবাহা আৰু মাজুলীত দেখা যায়।[4] সেইদৰে পশ্চিম বংগৰ বীৰভূমি জিলাত এই শিল্প বিদ্যমান।

উৎপত্তি[সম্পাদনা কৰক]

কুঁহিলা শিল্প ভাৰতৰ পশ্চিম বংগত আৰু অসমত উৎপত্তি হৈছিল। মুখ্যতঃ ভৌগোলিক কাৰণৰ বাবে কুঁহিলা উদ্ভিদ বৃদ্ধিৰ বাবে উপযুক্ত জলাশয়ৰ উপলব্ধতাৰ বাবে এই অঞ্চলত কুঁহিলা শিল্পৰ উদ্গম হৈছে। কুঁহিলাক ধুবুৰী, গোৱালপাৰাৰ স্থানীয় ভাষাত শোলা বোলা হয়। কুঁহিলা মুখ্যতঃ ধৰ্মীয় উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয় বাবে ইয়াৰ সৈতে সম্পৰ্কিত এটা পৌৰাণিক কাহিনী আছে। কিংবদন্তীয়ে অনুসৰি শোলাবাটি নামৰ এজন স্বৰ্গীয় নৃত্যশিল্পী বাণাসুৰৰ প্ৰেমত পৰিছিল। তেজপুৰৰ ৰজা বাণাসুৰ এজন দানৱ আছিল। দেৱৰাজ ইন্দ্ৰয়ে ৰাক্ষসৰ প্ৰতি শোলাবাটিৰ স্নেহ প্ৰদৰ্শনত সুখী নাছিল সেয়েহে তেওঁ শোলাবাটিক শোলা বা কুঁহিলালৈ ৰূপান্তৰিত হবলৈ অভিশাপ দিছিল। শোলাবাটিয়ে ভগৱান ইন্দ্ৰক ক্ষমা খোজে আৰু ইয়াৰ ফলত দয়াৰ ভাৱত ইন্দ্ৰয়ে তেওঁৰ অভিশাপ সলনি কৰি কৈছিল যে কেৱল মালাকাৰ বা মালা নিৰ্মাতাসকলৰ হাততহে তেওঁ শুদ্ধ হ'ব আৰু তেওঁ আনৰ বাবে উপযোগী নহ'ব। এনেদৰে আজিলৈকে মালাকাৰসকলে শোলাপিথ বা কুঁহিলাৰ মালা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰাৰ আগতে তেওঁলোকে কুঁহিলাক এডাল লাঠিৰে পানীত জুবুৰীয়াই ৰাখে আৰু বিশ্বাস কৰে যে তেওঁ এনে কৰিলে শোলাবাটিয়ে বাণাসুৰৰ সৈতে পুনৰ একত্ৰিত হয়।[5]

কুঁহিলা[সম্পাদনা কৰক]

কুঁহিলা গছ

কুঁ‌হিলা দ’ মাটিত হোৱা এবিধ উদ্ভিদ। মাহজাতীয় গোত্ৰৰ অন্তৰ্ভুক্ত কুঁ‌হিলাৰ বৈজ্ঞানিক নাম হ’ল Aeschynomene aspera। ই দুই প্ৰকাৰৰ— বন বা বনৰীয়া কুঁ‌হিলা আৰু জাতি কুঁ‌হিলা বা ঘৰুৱা কুঁ‌হিলা।

  • বন কুঁহিলা: ই বনৰীয়াকৈ যিকোনো স্থানত হয়। ইয়াৰ কাণ্ড বেছি টান হয়। মাখিপাতৰ আগ অংশত অৰ্দ্ধবৃত্তাকাৰ নহৈ দীঘলীয়া হয় আৰু ৰঙচুৱা দাগ থাকে বন কুঁহিলাক কামত ব্যৱহাৰ কৰা হয়।
  • জাতি কুঁহিলা: ই পিতনিত হয়। কাণ্ডাংশ সোপোকা আৰু শকত হয়। মাখিপাতৰ আগ্ৰাংশ অৰ্দ্ধবৃত্তাকাৰ আৰু পাত সম্পূৰ্ণ সেউজীয়া হয়। ই শিল্পৰ কামত ব্যৱহাৰৰ উপযোগী।[6][7]

কুঁহিলাৰ ব্যৱহাৰ[সম্পাদনা কৰক]

শুকান কুঁহিলাৰ প্ৰস্থচ্ছেদ

কুঁহিলাৰ শুকান কাষ্ঠাংশ চোকা কটাৰীৰে দীঘলে দীঘলে কাটি মৰাপাটৰ মিহি ৰচিত বৈ বেলেগ বেলেগ জোখৰ ৰং বিৰঙৰ কঠ তৈয়াৰ কৰা হয়। ইয়াৰ বজাৰত বেচ চাহিদা আছে। বাকলি গুচোৱা কাষ্ঠাংশৰ সোপোকা অংশ বিভিন্ন জোখৰ টুকুৰাটুকৰ কৈ কাটি বিশেষ কটাৰীৰ সহায়ত হাতেৰে দীঘলে দীঘলে ঘূৰাই ঘূৰাই চেপেটা, বহল টিছু কাগজৰ দৰে অংশ প্ৰস্তুত কৰা হয়। যিকোনো ধৰণে ভাঁজ দিব পৰা এই অংশবোৰৰ পৰা সুন্দৰ পুতলা লৰচৰ কৰিব পৰা কাছ, বগলী, ৰাজহাঁহ, ফুল, মুখা,[8] মালা, দৰাৰ টুপি আদি তৈয়াৰ কৰা হয়। উল্লেখযোগ্য যে এই কাম কৰোঁতে ব্যৱহাৰ হোৱা ৰাস্তাৰ দাঁতিত হোৱা ঢেকীয়াগছৰ কোমল কোঁহৰ পৰা আঠা তৈয়াৰ কৰা হয়।[7]

পদ্ধতি[সম্পাদনা কৰক]

প্ৰথম স্তৰত ফাগুন মাহত কুঁহিলাৰ বীজ সিঁ‌চা হয়। বীজ বিলাক গজি ওলোৱালৈ সেই ঠাইত পানী লাহে লাহে বাঢ়ি এক কঁকাল পৰ্যন্ত হ’ব লাগে। অৰ্থাৎ গছ বিলাকৰ বৰ্ধণৰ লগে লগে বৰ্ষাৰ পানীৰ পৰিমাণ গুৰুত্বপূৰ্ণ। চ’ত, ব’হাগ, আহাৰ, ভাদ পৰ্যন্ত পানীত থকাৰ পিছত এই উদ্ভিদ সমূহ সম্পূৰ্ণ পুৰঠ আৰু কামৰ উপযোগী হয়। ভাদ মাহত কুঁ‌হিলা কাটি আনি ৰ’দত ১০ ৰ পৰা ১৫ দিন পৰ্যন্ত শুকাই আটি আটি বান্ধি বাঁ‌হৰ চাঙত তুলি থোৱা হয়।[6][7]

দ্বিতীয় পৰ্যায়ত কুঁহিলাৰ ভিতৰৰ কোমল, পাতল, উজ্জ্বল বগা হাতী দাঁতৰ দৰে অংশক কাটি উলিওৱা হয়। শিল্পীসকলৰ প্ৰয়োজনীয়তা অনুসৰি উদ্ভিদৰ কাণ্ডটো ৩ৰ পৰা ৮ ভাগত কটা হয়। তাৰ পিছত এটা তীক্ষ্ণ চুৰীৰে দীঘলীয়া চেপেটা টুকুৰা 'কাপ' আৰু বেছি পাতল চেপেটা টুকুৰা 'পাটুৰী'ক চুৰীটোৰে বৃত্তাকাৰ গতিত কাটি উলিওৱা হয়। এই পাতল টুকুৰা সমূহ অতিৰিক্ত জোৰ দিবলৈ কাগজত লগোৱা কৰা হয়। লগতে এলুমিনিয়ামৰ তাঁৰৰ সহায়ত অতিৰিক্ত সংলগ্নবোৰ মুখ্য শিল্পৰ শৰীৰত লগাই দিয়া হয়। ৰুক্ষতা চেইনিৰে ঘঁহি মসৃণ কৰা হয়।[5]

কুঁহিলাৰে তৈয়াৰ কৰা পাৰম্পৰিক দুৰ্গা পূজাৰ প্ৰতিমাৰ অলংকাৰ

কুঁ‌হিলা সমূহৰো বিভিন্ন কৰ্ম অনুযায়ী শিল্পীজনে ভাগ কৰে। তেনে ভাগ সমূহক তলত দিয়াৰ দৰে ভাগ কৰা হয়—-

  1. কাপুহাঃ- বহল পাট উঠাব পাৰি।
  2. ভবলাঃ- কাপুহাৰ দৰেই, কিন্তু গা-গছত সৰু হয়।
  3. বাতাঃ- পাট উঠাব পাৰি, কিন্তু ইয়াক ফুলত ব্যৱহাৰ কৰা হয়।
  4. মাঞ্জাঃ-বাতাৰ দৰেই। ইয়াক বেছিভাগ ফুল তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।[6]

পুতলা, জন্তু আৰু মানুহৰ ৰূপৰ বাবে এক নিৰ্দিষ্ট আকৃতি দিবলৈ বিভিন্ন সাঁচ ব্যৱহাৰ কৰা হয়। প্ৰস্তুতিৰ বাবে কুঁহিলা শিল্পীয়ে কলাকৃতিৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ চুৰী, বিভিন্ন ৰঙৰ ৰিবন, সোণ আৰু ৰূপৰ সূতা, আৰু ৰং ব্যৱহাৰ কৰে। এই পদ্ধতিবোৰৰ দ্বাৰা সৃষ্টি কৰা কিছুমান সামগ্ৰীৰ উদাহৰণ হৈছে: টোপাৰ (কইনা আৰু কইনাৰ পৰম্পৰাগত বঙালী মুকুট), দুৰ্গা মূৰ্তি, সদাগৰী নাও। এই শিল্পকলাবোৰৰ উপযোগিতাৰ গুৰুত্বৰ লগতে নান্দনিক আবেদনও আছে।[5]

পৰম্পৰাগত বঙালী বিবাহত দৰায়ে পিন্ধা কুঁহিলাৰ টোপৰ

অসমত কুঁহিলা শিল্পৰ গুৰুত্ব[সম্পাদনা কৰক]

ধুবুৰী জিলাগৌৰীপুৰ, বিলাসীপাৰা, গোলকগঞ্জৰ কিছু ভূঁইমালি আৰু মালাকাৰ সম্প্ৰদায়ৰ মাজত কুঁহিলা শিল্পৰ প্ৰচলন আছে।[9] ঘাইকৈ খেৰবাৰী, ঘাচপুচাবাৰী আৰু শেৰনগৰ গাওঁ পঞ্চায়তৰ কিছু অংশৰ পৰিয়াল ইয়াৰ সৈতে জড়িত। সেইদৰে নলবাৰী জিলামাখিবাহা, নগাঁও জিলাৰ বটদ্ৰৱা,[3] পূব গোৱালপাৰা আৰু মাজুলীত কুঁহিলা শিল্প বিদ্যমান। পশ্চিম বংগৰ দৰে অসমতো কুহিলা শিল্পকৰ্মৰ পৰম্পৰা কিছুমান নিৰ্দিষ্ট পৰিয়ালৰ দ্বাৰা পুৰণি সময়ৰ পৰা অনুশীলন কৰা হয় আৰু ইয়াৰ দ্বাৰা ই এক বংশগত বৃত্তি হৈ পৰিছে। এই শিল্পকলা কেৱল ধৰ্মীয় উদ্দেশ্যৰ বাবে নহয়। বিবাহ আৰু উৎসৱৰ দৰে বিভিন্ন অনুষ্ঠানৰ সময়ত ঘৰ আৰু মন্দিৰৰ ভিতৰৰ বাবে সাজসজ্জা হিচাপেও ব্যৱহাৰ কৰা হয়। স্থানীয় উৎসৱ যেনে মনসা পূজা, বাশ বা বাঁহ পূজা, চৰক পূজা আদিত দেৱতা কুঁহিলা নিৰ্মিত। দেৱতাসকলৰ মূৰ্তি কুঁহিলাৰ দ্বাৰা জটিল ডিজাইনেৰে অলংকৃত কৰা হয়। লগতে ইয়াৰ পৰা তৈয়াৰ কৰা বিভিন্ন হিন্দু চৰিত্ৰক প্ৰতিনিধিত্ব কৰা ৰং কৰা মুখা তৈয়াৰ কৰা হয়। অসমৰ মুখা শিল্পৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান হৈছে কুঁহিলা। এই মুখা সমূহ যাত্ৰা, ভাওনা আদিত ব্যৱহাৰ কৰা হয়।[4]

কুঁহিলাৰ দুৰ্গা প্ৰতিমা

কুঁহিলাৰে নিৰ্মিত অলংকাৰবোৰ নৃত্যশিল্পীসকলে কুশান গান, হুদুম নৃত্য, কালী নৃত্য, সোণাৰাই নৃত্য, চণ্ডী নৃত্য, গোৱালিনী নৃত্য আৰু বহুতো লোক নৃত্য প্ৰদৰ্শন কৰোঁতে ব্যৱহাৰ কৰে। টোপাৰ নামৰ পাৰম্পৰিক মুকুট বঙালী আৰু ৰাজবংশী পৰিয়ালৰ দৰা আৰু কইনাৰ বাবেও কুঁহিলাৰ পৰা তৈয়াৰ কৰা হয়।[5][6]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "কুঁহিলা". xobdo.org. http://xobdo.org/dic/কুঁহিলা। আহৰণ কৰা হৈছে: 7 February 2021. 
  2. "Kuhila Silpa". india9.com. 19 October 2014. https://www.india9.com/i9show/Kuhila-Silpa-68192.htm। আহৰণ কৰা হৈছে: 7 February 2021. 
  3. 3.0 3.1 "এটি প্ৰাচীন কলাৰ সৈতে জড়িত বটদ্ৰৱাৰ এটি পৰিয়াল…". asomiyapratidin.in. 3 June 2020. https://www.asomiyapratidin.in/batadowa-one-family-news/। আহৰণ কৰা হৈছে: 7 February 2021. 
  4. 4.0 4.1 Akhyai Jyoti Mahanta (27 August 2019). "The Mask-Making Tradition of Assam". sahapedia.org. https://www.sahapedia.org/mask-making-tradition-assam-0। আহৰণ কৰা হৈছে: 7 February 2021. 
  5. 5.0 5.1 5.2 5.3 Pooja Sonowal. "The Tradition of Solapith Craftwork". Abhijna e-Museum. http://www.abhijna-emuseum.com/weekly/tradition-solapith-craftwork/amp/। আহৰণ কৰা হৈছে: 7 February 2021. 
  6. 6.0 6.1 6.2 6.3 দিবাকৰ ৰেণু, জ্যোতিৰূপম দত্ত (20 April 2019). "ধুবুৰীৰ কুঁহিলা শিল্প আৰু ইয়াৰ সৈতে জড়িত সাংস্কৃতিক পৰম্পৰা". xahitya.org. https://www.xahitya.org/2019/04/20/ধুবুৰীৰ-কুঁহিলা-শিল্প-আৰ/। আহৰণ কৰা হৈছে: 7 February 2021. 
  7. 7.0 7.1 7.2 পঙ্কজ শইকীয়া. "অসমত লুপ্তপ্ৰায় আৰু অৱহেলিত কুঁহিলাৰ খেতি". vikaspedia.in. https://as.vikaspedia.in/agriculture/AsomarKhetisamuh/9859b89ae9a4-9b29c19aa9cd9a49aa9cd9f09be-9869f09c1-9859f19b99c79b29bf9a4-9959c19819b99bf9b29be9f0-9969c79a49bf। আহৰণ কৰা হৈছে: 7 February 2021. 
  8. Supriya Dutta. "Mukha Shilpa Assam". dsource.in. http://www.dsource.in/resource/mukha-shilpa-assam/tools-and-raw-materials। আহৰণ কৰা হৈছে: 7 February 2021. 
  9. "Dhubri District At a Glance". dhubri.gov.in. https://dhubri.gov.in/portlets/district-profile। আহৰণ কৰা হৈছে: 7 February 2021.