ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০১৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
অষ্টম বৰ্ষ | মাৰ্চ | ২০১৯ | তৃতীয় সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

ৱিকিপিডিয়ানৰ মনৰ কথা

সমূহ ৱিকিপিডিয়ান আৰু পঢ়ুৱৈলৈ নমস্কাৰ জনাইছোঁ ।

ৱিকিপিডিয়াৰ কথা ওলালেই প্ৰথমে অসমীয়া ৱিকিপিডিয়াৰ বিকাশ আৰু ভৱিষ্যৎসম্পৰ্কীয় চিন্তা মনলৈ আহে । সুখৰ কথা যে, অসমীয়া ৱিকিপিডিয়াৰ ইতিহাসত সাম্প্ৰতিক সময়খিনি তুলনামূলকভাৱে যথেষ্ট দ্ৰুত বিকাশৰ সময় । অৱশ্যে উন্নত ভাষাসমূহৰ তলত আমি এতিয়াও দুখলগাকৈ পিছপৰি আছোঁ । যৎসামান্য অৱদানেৰে হ'লেও এজন অসমীয়া ৱিকিপিডিয়ান হিচাপে এতিয়া দুআষাৰ কথা ক'ম বুলি ভাবিছোঁ, যিখিনি চিন্তা ৱিকিপিডিয়াৰ লগত জড়িত নোহোৱালৈ মনলৈ নাহে ।

প্ৰায়ভাগ অভিজ্ঞ ৱিকিপিডিয়ানেই "ৱিকিআসক্তি"ৰ কথা কয়, যাৰ বাবে তেওঁলোকে ৱিকিপিডিয়াত কিছু অৱদান আগবঢ়োৱাৰ পিছত আত্মসন্তুষ্টি লাভৰ পৰিৱৰ্তে অধিক অৱদান আগবঢ়াবলৈ আগ্ৰহীহে হয় । তেওঁলোকক ইন্টাৰনেটত উপলব্ধ ভাষাটোৰ সীমিত সমলে চিন্তাগ্ৰস্ত কৰি ৰাখে আৰু ফলস্বৰূপে পূৰ্বতকৈও অধিক দায়িত্বশীল কৰি তোলে । আগতে এইবোৰ অনুভৱ মোৰ বাবে অচিনাকি আছিল যদিও এতিয়া নিজে ৱিকিপিডিয়াৰ লগত জড়িত হোৱাৰ পিছত ময়ো সেই সচেতনতা আৰু দায়িত্ববোধ অনুভৱ কৰিছোঁ ।

কিন্তু পৰিতাপৰ বিষয় এয়ে যে অসমীয়া ৱিকিপিডিয়া মাত্ৰ আঙুলিৰ মূৰত লিখিব পৰা কেইজনমান সদস্যৰ অৱদানেৰেহে সামান্য বিকাশ হ'ব ধৰিছে । অসমীয়া শিক্ষিত সমাজখনৰ অধিকাংশই মাতৃভাষাটোত এখন ৱিকিপিডিয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উপলব্ধি কৰা নাই । সেইবাবেই প্ৰায় ১৫ নিযুত লোকে কোৱা এটা ভাষাৰ ৱিকিপিডিয়াৰ সক্ৰিয় অৱদানকাৰী এতিয়াও মাত্ৰ ১৫ জনৰ আশে-পাশে !

এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে - প্ৰথমে ইন্টাৰনেটত উপলব্ধ অসমীয়া তথ্যভাণ্ডাৰৰ বিষয়ে অধিকসংখ্যক লোকৰ সজাগতা আহিব লাগিব । সেই সজাগতাইহে সকলোৰে মাজত অনুভৱ আনিব যে ইন্টাৰনেটত তেওঁলোকৰ ভাষাটোৰ সমল এতিয়াও যথেষ্ট কম হৈ আছে আৰু পাৰিলে নিজেও কিবা এটা কৰিব লাগে । কিন্তু হোৱাটছ্ এপ, ফেচবুকৰ জগততে সীমাৱদ্ধ অধিকাংশ অসমীয়াৰ এতিয়াও সেই চিন্তাটো মনলৈ অহাই নাই । নিজৰ শ্ৰেণীকোঠাতো দেখোঁ যে হাতে হাতে স্মাৰ্টফোন এটা থকা সহপাঠীসকলৰ প্ৰায় কোনো এজনেও এবাৰ অসমীয়া ভাষাত গুগল চাৰ্ছ্ কৰাৰ কথা ভাবি চোৱা নাই । সেইবাবে এইটো সম্ভাৱনাও তেওঁলোকৰ মূৰত খেলোৱা নাই যে এদিন ইন্টাৰনেটত অসমীয়াতে সকলো তথ্য পোৱাৰ সপোন দেখাটো কোনো অলীক কল্পনা নহয় । লাগে মাথো সকলোৰে কিছু সদিচ্ছা আৰু সহায়-সহযোগিতা । প্ৰত্যেকৰেই নিজা নিজা প্ৰিয় ক্ষেত্ৰ, প্ৰিয় বিষয় আছে । কোনোবাই ফুটবল চাই ভাল পায়, তেওঁ কেইজনমান উল্লেখযোগ্য বা নিজৰ প্ৰিয় ফুটবলাৰৰ ওপৰতে নতুন প্ৰৱন্ধ আৰম্ভ কৰিব পাৰে । কোনোবাই ভ্ৰমণ কৰি ভাল পায়, তেওঁ কেইখনমান নিজে দৰ্শন কৰা ঠাইৰ ওপৰতে প্ৰৱন্ধ আৰম্ভ কৰিব পাৰে । এইকেইটা মাত্ৰ সৰু উদাহৰণহে ।

এটা মন কৰিবলগীয়া কথা হ'ল- অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈ পঞ্জীয়নভুক্ত হোৱা মুঠ সদস্য সংখ্যা ২২ হাজাৰৰো অধিক । কিন্তু প্ৰৱন্ধসংখ্যা এতিয়াও পাঁচ হাজাৰৰ ঘৰতে আছে । অৰ্থাৎ যিসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে কিছু পৰিমাণে হ'লেও জানিব পাৰিছে আৰু ইতিমধ্যে সদস্যভুক্ত হৈছেও, তেওঁলোকৰো অধিকাংশই কোনো অৱদান যোগোৱা নাই । কিবা শংকা-সংকোচৰ বাবেই এখেতসকলে সদস্যভুক্ত হৈয়ো লিখিবলৈ আগ নাবাঢ়িলে নে কি, সেইটো নিশ্চিত হ'ব নোৱাৰিলোঁ । যদি তেনে কোনো সদস্যই এইখিনি কথা পঢ়ি আছে, তেওঁলোকক মাত্ৰ এটা কথাই ক'ম যে ৱিকিপিডিয়াত লিখাটো একো টান কাম নহয় । লিখাৰ নীতি-নিৰ্দেশনাসমূহ ৱিকিপিডিয়াত ইতিমধ্যে উল্লেখ থকাৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ টুইটাৰ আৰু ফেচবুকৰ পৃষ্ঠাৰেও নিজৰ সংকোচ, অসুবিধাখিনিৰ কথা জনাব পাৰে । যদি প্ৰতিজন সদস্যই মাত্ৰ পাঁচটাকৈয়ো নতুন প্ৰৱন্ধ আৰম্ভ কৰিলেহেঁতেন, অসমীয়া ৱিকিপিডিয়াৰ প্ৰৱন্ধই আজি লাখৰ ঘৰ চুলেহেঁতেন ! অথচ ছ'চিয়েল মিডিয়াত যোৱা দিনকেইটাতে ভাৰত-পাকিস্তানৰ উত্তেজনা বা যুদ্ধৰ আশংকাক লৈ ৰায়দান দিয়া মানুহৰ অভাৱ নাই । এনেধৰণৰ সাময়িক উত্তেজনাকেন্দ্ৰিক অনৰ্থক বাদানুবাদ কৰি থকাতকৈ ৱিকিপিডিয়াত কিছু অৱদান আগবঢ়োৱাটোহে নিজৰ আৰু ভাষাটোৰ বাবে অধিক মংগলজনক ।

মোৰ এই মনৰ অনুভৱখিনিত কোনো নতুন কথা নাই । ৱিকিপিডিয়াৰ সক্ৰিয় সদস্যখিনিয়ে ইতিমধ্যে দোহাৰি অহা কথাখিনিৰেই পুনৰাবৃত্তি মাথোন । মুঠতে অসমীয়া ৱিকিপিডিয়াত অধিক হাৰত নতুন প্ৰৱন্ধ সৃষ্টি হ'ব লাগে, ইন্টাৰনেটত অসমীয়া সমল বৃদ্ধি পাব লাগে; সেয়াই আটাইৰে কাম্য । শেষত অসমীয়া ৱিকিপিডিয়াৰ নতুন সদস্যসকল আৰু সদস্যভুক্ত হৈয়ো এতিয়ালৈ প্ৰৱন্ধ লিখিবলৈ আৰম্ভ নকৰা সেইসকললৈ মোৰ এটাই অনুৰোধ- নিজৰ পছন্দৰ বিষয় বাছি লৈ আপোনালোকে অন্ততঃ পাঁচটা নতুন প্ৰৱন্ধ আৰম্ভ কৰক । ৱিকিপেডিয়াৰ সক্ৰিয় সদস্যসকলে আপোনাক সহায়-সহযোগ আগবঢ়াবলৈ প্ৰতি মুহূৰ্ততে সাজু । মোৰ বিশ্বাস- ভৱিষ্যতে আপুনিও এই দায়িত্ববোধৰ অংশীদাৰ হ'ব আৰু এদিন মোৰ এই অনুভৱখিনি আপোনাৰো মনৰ কথা হ'ব ।

- Priyankush Deka (বাৰ্তা), ২ মাৰ্চ, ২০১৯ (ইউ.টি.চি.)
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
লিডু ৰোড আৰু বাৰ্মা ৰোড
ষ্টিলৱেল ৰোড নামৰ বুৰঞ্জীপ্ৰসিদ্ধ পথটো আগতে জনা গৈছিল লিডু ৰোড নামেৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহাৰ্য্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে এই পথটিৰ নিৰ্মাণ কৰা হৈছিল, কিয়নো বাৰ্মা ৰোড জাপানী সৈন্যই ১৯৪২ চনত দখল কৰি লৈছিল। ছিয়াং কাই শ্বেকৰ পৰামৰ্শমতে ১৯৪৫ চনৰ আগভাগত আমেৰিকান সৈন্যবাহিনীৰ জেনেৰেল ভিনেগাৰ জো ষ্টিলৱেলৰ প্ৰতি সন্মান জনাই এই পথটিৰ নামাকৰণ কৰা হয় "ষ্টিলৱেল ৰোড" নামেৰে। ভাৰতঅসম ৰাজ্যৰ লিডু নামৰ ঠাইত আৰম্ভ হোৱা এই পথ ম্যানমাৰৰ কাচিন প্ৰদেশৰ শ্বিংব্ৱিয়াং, ম্যিট্‌ক্যিনা আৰু ভামো হৈ চীন দেশৰ য়ুনান প্ৰদেশৰ কুনমিঙত শেষ হৈছে। (সবিশেষ পঢ়ক...)
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ফেব্ৰুৱাৰী-২০১৯ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. অলিম্পাছ মনছ
  2. আইমী বৰুৱা
  3. মংগলসিং হাজোৱাৰী
  4. বড়ো ৰোমান লিপি আন্দোলন
  5. ৪ ফেব্ৰুৱাৰী
  6. ৫ ফেব্ৰুৱাৰী
  7. আই এম ডি টি আইন, ১৯৮৩
  8. সুষমা স্বৰাজ WLW logo puzzle piece.png
  9. কমলানন্দ ভট্টাচাৰ্য্য
  10. কেন্দ্ৰীয় অনুসন্ধান সংস্থা
  11. ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা
  12. কৰ্মচাৰী চয়ন আয়োগ
  13. ইলন মাস্ক্
  14. ৭ ফেব্ৰুৱাৰী
  15. ৬ ফেব্ৰুৱাৰী
  16. ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ
  17. কোকৰাঝাৰ সংঘৰ্ষ ২০১২
  18. দেবেন্দ্ৰ নাথ আচাৰ্য
  19. আন্না মণি WLW logo puzzle piece.png
  20. বিশ্বকোষ
  21. লোক সভা টিভি
  22. কাৰ্বি ডিমাছা সংঘৰ্ষ ২০০৫
  23. অৰুন্ধতী ৰায় WLW logo puzzle piece.png
  24. চিতাৰা দেৱী WLW logo puzzle piece.png
  25. টেছি থমাছ WLW logo puzzle piece.png
  26. অম্বিকা সোনী WLW logo puzzle piece.png
  27. ১১ ফেব্ৰুৱাৰী
  28. অৰুণিমা সিনহা WLW logo puzzle piece.png
  29. ভাৰতত বাল্য বিবাহ WLW logo puzzle piece.png
  30. নিৰ্মলা সীতাৰমন WLW logo puzzle piece.png
  31. আন্না চান্দী WLW logo puzzle piece.png
  32. ছোনিয়া গান্ধী WLW logo puzzle piece.png
  33. হিন্দু বিবাহ আইন, ১৯৫৫ WLW logo puzzle piece.png
  34. ৰমণী গাভৰু WLW logo puzzle piece.png
  35. মীনা আগৰৱালা WLW logo puzzle piece.png
  36. ফাটিমা বিবি WLW logo puzzle piece.png
  37. ৰুক্মিণী WLW logo puzzle piece.png
  38. মধুবালা WLW logo puzzle piece.png
  39. প্ৰতিভা পাটিল WLW logo puzzle piece.png
  40. গীতাঞ্জলি থাপা WLW logo puzzle piece.png
  41. নাৰ্গিছ WLW logo puzzle piece.png
  42. পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ, ২০১৯
  43. অৰুন্ধতী ভট্টাচাৰ্য্য WLW logo puzzle piece.png
  44. ১৬ ফেব্ৰুৱাৰী
  45. বিশেষ বিবাহ আইন, ১৯৫৪ WLW logo puzzle piece.png
  46. লখিমী বৰুৱা WLW logo puzzle piece.png
  47. অপাৰেচন বজৰঙ
  48. চিত্ৰাংগদা WLW logo puzzle piece.png
  49. ভানু আথাইয়া WLW logo puzzle piece.png
  50. কুন্তী WLW logo puzzle piece.png
  51. ১৮ ফেব্ৰুৱাৰী
  52. সতী প্ৰথা WLW logo puzzle piece.png
  53. মিতালী ৰাজ WLW logo puzzle piece.png
  54. অমৃতা শ্বেৰগিল WLW logo puzzle piece.png
  55. মীৰা কুমাৰ WLW logo puzzle piece.png
  56. পঞ্চামৃত
  57. বিলাতৰ চিঠি
  58. গুড়
  59. বিজয়া চক্ৰৱৰ্তী WLW logo puzzle piece.png
  60. ২২ ফেব্ৰুৱাৰী

WLW logo puzzle piece.png এই চিহ্নই ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ৰ অংশ হিচাপে সৃষ্টি প্ৰবন্ধসমূহ সূচাইছে।

Camera font awesome.svg
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
{{}}
Trophy font awesome.svg
পদক সম্পাদনা কৰক
{{}}
উল্লেখনীয় কাম সম্পাদনা কৰক
{{}}


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • Instagram logo 2022.svg ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


Bullhorn font awesome.svg ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।