সমললৈ যাওক

ৱিকিপত্ৰিকা, ফেব্ৰুৱাৰী-২০১৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফেব্ৰুৱাৰী, ২০১৯

ৱিকিপিডিয়ানৰ মনৰ কথা

নমস্কাৰ ৱিকিপিডিয়ান সকল! শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ কাম-কাজ ক্ষিপ্ৰতাৰে আগবঢ়া দেখি নথৈ আনন্দিত হৈছোঁ। ইয়াৰ লগতে ফেচবুক, টুইটাৰ আৰু ৱাটছএপতো সক্ৰিয়তা বাঢ়িছে। এই চেগতে উদ্যোক্তা সকললৈ ধন্যবাদ থাকিল। ইণ্টাৰনেটত অসমীয়া সমল পাবলৈ টান। কেতিয়াবা ভাবিলে আচৰিত লাগে যে প্ৰায় ১৩ নিযুত মানুহে দৈনন্দিন কথা বতৰাত ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ অনলাইন সমল ইমান কম কিয়! এই অভাৱ ৱিকিপিডিয়া আৰু ৱিকিউৎসই বহু পৰিমানে পূৰণ কৰিব পাৰিব বুলি বিশ্বাস আছে। কিন্তু সক্ৰিয় স্বেচ্ছাসেৱকৰ অভাৱ এতিয়াও আগৰ দৰেই আছে। সেয়ে শামুকীয়া গতিত আগবঢ়া অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ কাম কাজৰ অগ্ৰগতি দেখিলে ভাল লাগে।

ৱিকিৰ উপযোগিতাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বৰ্তমান ৱিকিপিডিয়া সামগ্ৰিক ভাৱে এক বৃহৎ তথ্যৰ ভঁৰাল। স্থানীয় বিষয় সমূহ বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ৱিকিয়ে বহু পৰিমানে সহায় কৰে। এজন বিদেশীৰ বাবে স্থানীয় তথ্য আটাইতকৈ প্ৰয়োজনীয়। কিন্তু ইয়াৰ সুবিধা অসমীয়া সমাজে সঠিকভাৱে লব পৰা বুলি ভাব হয়। উদাহৰণ স্বৰূপে অসম বিষয়ক ইংৰাজী ৱিকিত প্ৰবন্ধৰ সংখ্যা নিচেই তাকৰ। সেইদৰে অসমীয়াত লিখা প্ৰবন্ধৰ সংখ্যাও কম। ছাত্ৰ সমাজে এই ক্ষেত্ৰত আগ ভাগ লব পাৰে। তেওঁলোকে নিজৰ পাঠ্যক্ৰমৰ বিষয় এটাকে বাছি যদি ইংৰাজীৰ পৰা অসমীয়ালৈ বা অসমীয়াৰ পৰা ইংৰাজীলৈ তৰ্জমা কৰে, বিষয়টোক আয়ত্ত কৰাৰ লগতে দুয়োটা ভাষাত দখল বাঢ়িব। এতিয়া প্ৰশ্ন হয় আমি ছাত্ৰ সমাজক ৱিকিপিডিয়াত অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিম কেনেকৈ? ইয়াৰ বাবে সক্ৰিয় সদস্যয়েই আগ ভাগ লব পাৰে। তেওঁলোকে বিদ্যালয়-মহাবিদ্যালয়ত ৱিকি হবি ক্লাব খুলিব পাৰে। লগতে মাজে সময়ে আন সক্ৰিয় সদস্যৰ সহায়ত আলোচনা চক্ৰ আদিও অনুষ্ঠিত কৰিব পাৰে। এসময়ত শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, তেজপুৰ জিআইএমটি, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আদিত ৱিকি হবি ক্লাৱ আছিল। এতিয়া আছে নে নাই জ্ঞাত নহয়।

স্বেচ্ছাসেৱক সকল হৈছে ৱিকিপিডিয়াৰ চালিকাশক্তি। গতিকে স্বেচ্ছাসেৱকৰ সংখ্যা বঢ়াবলৈ সঠিক কাৰ্যপন্থা হাতত লোৱা প্রয়োজনবোধ কৰোঁ। বৰ্তমান সময়ত অসমত ‘কুৱৰা’ই বেছ জনপ্ৰিয়তা অৰ্জন কৰিছে। তাৰ পৰাও শিক্ষা লোৱা উচিত যে কেনেকৈ নৱপ্ৰজন্মক ৱিকিৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি। সি যি কি নহওঁক, নতুন বছৰৰ আৰম্ভণি ভালেই হৈছে। এতিয়াৰ দৰে যেন এই গতি ধাৰা সদায় অব্যাহত থাকক তাৰে আশা থাকিল। শেষত অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ কামনাৰে… - অজয় দাস (বাৰ্তা), ২৯ জানুৱাৰী, ২০১৯ (ইউ.টি.চি.)

জানুৱাৰী ২০১৯ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. পাছিঘাট
  2. কাদেৰ খান
  3. সুন্দৰপুৰ গেষ্ট হাউচ (ধাৰাবাহিক)
  4. শ্বাহৰুখ খান
  5. উত্তৰ ত্ৰিপুৰা জিলা
  6. উপগ্ৰহ উৎক্ষেপণ যান
  7. কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান
  8. পিন ক'ড H0H 0H0
  9. দক্ষিণ ত্ৰিপুৰা জিলা
  10. গোৱালপাৰা
  11. বুলবুল কেন চিং
  12. ৰমন মেগছেছে বঁটা
  13. ঈশ্বু
  14. উৎপল বৰপূজাৰী
  15. বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ
  16. বকুল কায়স্থ
  17. অৰূপ কুমাৰ দত্ত
  18. লিট্ লাই পেঞ কা কা
  19. জয়শ্ৰী গোস্বামী মহন্ত
  20. প্ৰফুল্ল গোবিন্দ বৰুৱা
  21. অমৰজ্যোতি চৌধুৰী
  22. গ্লুমি ছানডে
  23. জুৰীয়া
  24. মিহিৰ কান্তি চৌধুৰী
  25. ঈষিকা বৰা
  26. ভূপেন্দ্ৰ নাথ গোস্বামী
  27. বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান
  28. শংকৰদেৱ শিশু বিদ্যা নিকেতন, ভূৰাগাঁও
  29. হিতেশ্বৰ বৰবৰুৱা
  30. প্ৰশান্ত গোস্বামী
  31. নৰ্থইষ্টাৰ্ণ ৱাৰিৱছ
  32. বিভুতি লহকৰ
  33. ইনামুল হক
  34. কৰবী ডেকা হাজৰিকা
  35. পূৰ্ণিমা দেৱী বৰ্মন
  36. নাৰী শক্তি পুৰস্কাৰ
  37. ৰাষ্ট্ৰীয় যুৱ দিৱস
  38. ঐনিতম
  39. মাণিক চৰকাৰ
  40. কে. শিৱান
  41. লাভলীনা বৰগোঁহাই
  42. ভেংকটৰমণ ৰামাকৃষ্ণণ
  43. বোকা চাউল
  44. পঞ্চী বৰা
  45. জহৰুল হক
  46. ডিমছ (উপগ্ৰহ)
  47. জীৱেশ্বৰ বৰুৱা
  48. বিশ্ব স্বাস্থ্য সংস্থা
  49. তয়াবুন নিছা
  50. ফ'বছ (উপগ্ৰহ)
  51. চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়
  52. মান ভাষা
  53. পুষ্পা ভূঞা
  54. দেৱযানী ভূঞা
  55. ওলন্দাজ ভাষা
  56. এণ্টনিও গুটেৰেছ
  57. কল্পনা চাওলা
  58. খাদ্য আৰু কৃষি সংস্থা
  59. লেটিন ভাষা
  60. বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ
  61. অসমৰ স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদসমূহৰ তালিকা
  62. তিৰহুতা লিপি
  63. ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ
  64. মিচিং স্বায়ত্বশাসিত পৰিষদ
  65. দেউৰী স্বায়ত্বশাসিত পৰিষদ
  66. ভাৰতীয় ষ্টেট বেংক
  67. গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ
  68. ১৪ এপ্ৰিল
  69. অশোক চক্ৰ (পদক)
  70. লে'ভ লাণ্ডাউ
  71. উমাচল শিলালিপি
  72. উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয়
  73. ষ্টেট বেংক অফ ছিক্কিম
  74. জয়ন্ত মাধৱ বৰা
  75. কোৰীয় ভাষা
  76. দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
  77. প্ৰক্ষেপ্য গতি
  78. অল চিকি লিপি
  79. নানাজী দেশমুখ
  80. দেওধাই লিপি
  81. পাৰ্বতী কুমাৰ গোস্বামী
  82. অক্সফ'ৰ্ড বিশ্ববিদ্যালয়
  83. ৰিপাব্লিক টিভি
  84. হিন্দ স্বৰাজ
  85. ৰজা আৰ্থাৰ
  86. য়িন আৰু য়াং
  87. স্পিৰিচুৱেল (সংগীত)
  88. হ' চি মিন
  89. বব মাৰ্লি
  90. কালাম ছেট
  91. আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত ভাষা
  92. লোহিত নদী
  93. নাম্বি নাৰায়ণন
  94. নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬
  95. সতীশ ধৱন
  96. জি. মাধৱন নায়াৰ
  97. জৰ্জ ফাৰ্নাণ্ডেজ
  98. কেলামাছ ফ্লেগেল্লাম
  99. কেলামাছ ৰোটাং
  100. কেলামাছ টেনুইছ
  101. কেলামাছ ফ্লৰিবাণ্ডুছ
  102. কেলামাছ ইৰেক্টাছ
  103. ইলিয়াছ আলি
  104. ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
  105. আচিন

নিৰ্বাচিত চিত্ৰ

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ দ্বাৰা ২৬ মে', ২০১৭ ত অসমৰ লোহিত নদীৰ ওপৰত উদ্বোধিত ভূপেন হাজৰিকা সেতুৰ এক বিহংগম দৃশ্য।
আলোকচিত্ৰশিল্পী: প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়, ভাৰত চৰকাৰৰ তথ্য বিভাগ

ভাল প্ৰবন্ধ

ভাৰতীয় ৰেল ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰেলপথ আৰু ৭,৫০০টা ষ্টেচনৰে বিশ্বৰ অন্যতম বৃহৎ ৰেল জালিকা। ভাৰতীয় ৰেলে বছৰি ৭৫০ কোটি অথবা দিনে ২ কোটিতকৈয়ো অধিক যাত্ৰী (ইয়াৰ আধাতকৈ বেছি উপনগৰীয় ৰেলৰ যাত্ৰী) আৰু দিনে ২৮ লাখ টন সামগ্ৰী কঢ়িয়ায়। ২০১১-১২ চনত ভাৰতীয় ৰেলে যাত্ৰীৰ পৰা ২৮,৬৪৫.৫২ কোটি আৰু সামগ্ৰীৰ পৰা ৬৯,৬৭৫.৯৭ কোটি টকা উপাৰ্জন কৰিছিল। ১৮৫৩ চনত ভাৰতত প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হৈছিল ব'ম্বে আৰু থানেৰ মাজত। ১৯৫১ চনত ভাৰতত চলি থকা সকলো ৰেল কোম্পানীক একগোট কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াক "ভাৰতীয় ৰেল" নামকৰণ কৰা হয়। ভাৰতীয় ৰেলে দেশখনৰ ২২খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চল ৰেল জালিকাৰে সামৰি লৈছে তথা নেপাল, বাংলাদেশ আৰু পাকিস্তানলৈয়ো সীমিত আন্তঃৰাষ্ট্ৰীয় সেৱা আগবঢ়াইছে। (সবিশেষ পঢ়ক…)

পদক

পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিপিডিয়ান
অম্লান বসুমতাৰী
প্ৰশাসক পদক
গীতাৰ্থ বৰদলৈ
অক্লান্ত কৰ্মী পদক
অজয় দাস
জলি বৰা







উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৫,২০০ টালৈ বৃদ্ধি পালে।

অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১,৩৪৮ টালৈ বৃদ্ধি পালে।

যোৱা মাহত ৱিকিউৎসত ৫ খন কিতাপ সম্পূৰ্ণৰূপে ডিজিটাইজ কৰা হয় আৰু অন্য ১৩ খন কিতাপৰ মুদ্ৰণ সংশোধন কৰা হয়।

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
১দিব্য দত্ত৮১১১১২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২অম্লান বসুমতাৰী (কাৰিকৰী সহায়ক)৬১০৩৩৭০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৩জলি বৰা১১৬৬৯৪০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৪গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক)৫১১০৩১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৫অজয় দাস১১০০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৬নিতিশা বৰদলৈ৭৮০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৭সৌৰভ সাহা৩৩০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৮প্ৰিয়াংকুশ ডেকা২১০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৯অংশুমান দত্ত২১০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০Tai Ahom Revival Fraternity২১০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১Liuxinyu97০226১৯০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২নৱজ্যোতি লহকৰ১৯০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )