সমললৈ যাওক

কাদেৰ খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাদেৰ খান
স্থানীয় নাম قادر خان
জন্ম ২২ অক্টোবৰ, ১৯৩৭
কাবুল, আফগানিস্তান[1]
মৃত্যু ৩১ ডিচেম্বৰ, ২০১৮ (৮১ বছৰ)
টৰেণ্ট', কানাডা[2]
বংশদ্ভূত মুছলমান
নাগৰিকত্ব কানাডিয়ান
শিক্ষানুষ্ঠান ইছমাইল ইউচুফ কলেজ
পেচা অভিনেতা, চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৭১-২০১৭
দাম্পত্যসঙ্গী আজ্ৰা খান
সন্তান চৰফাৰজ খান
শ্বাহনাৱাজ খান

কাদেৰ খান (ইংৰাজী: Kader Khan; ২২ অক্টোবৰ ১৯৩৭ — ৩১ ডিচেম্বৰ ২০১৮) এজন ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক। অভিনেতা হিচাপে তেওঁ ৩০০ তকৈও বেছি বোলছবিত অভিনয় কৰিছে। তেওঁ ৰাজেশ খান্না অভিনীত ছবি "দাগ"ৰ জৰিয়তে বলিউডত অভিনয়ৰ পাতনি মেলিছিল।[3] ১৯৭০ আৰু ১৯৮০ৰ দশকত তেওঁ নিজকে বলিউডৰ এজন চিত্ৰনাট্যকাৰ হিচাপে প্ৰতিস্থাপিত কৰিছিল। এজন কমেডিয়ান হিচাপে তেওঁ বেছ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ বোম্বে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইছমাইল ইউচুফ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। অভিনয় জগতলৈ অহাৰ আগতে তেওঁ মুম্বাইৰ এম.এইচ. শ্বাব্বো অভিযান্ত্ৰিক মহাবিদ্যালয়ত ব্যৱহাৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৩৭ চনত আফগানিস্তানৰ কাবুলত কাদেৰ খানৰ জন্ম হৈছিল।[4][5] তেওঁৰ পিতৃ আব্দুল ৰহমান খান কান্দাহাৰ আৰু মাতৃ ইকবাল বেগম ব্ৰিটিছ ভাৰতৰ পিশ্বীনৰ (বৰ্তমান পাকিস্তানৰ বেলুচিস্থান) আছিল। কাদেৰ খানৰ শ্মচুৰ ৰহমান, ফজল ৰহমান আৰু হবিবুৰ ৰহমান নামেৰে তিনিজন ভায়েক আছিল।[6] তেওঁ কাকাৰ জনজাতিৰ পাঠান বা পাস্তুন সম্প্ৰদায়ৰ আছিল।[6] পিছলৈ তেওঁৰ পৰিয়াল ভাৰতলৈ আহে আৰু মুম্বাইৰ কামাথিপুৰাত থাকিবলৈ লয়।[7] তেওঁ তাৰে চৰকাৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ ইছমাইল ইউচুফ কলেজত নামভৰ্তি কৰে।[8] তাৰ পিছত তেওঁ ভাৰতীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ব্যৱহাৰিক অভিযান্ত্ৰিক বিষয়ৰ ডিপ্লমা লাভ কৰে। ১৯৭০ চনৰ পৰা ১৯৭৫ চনলৈ তেওঁ এম.এইচ. শ্বাব্বো অভিযান্ত্ৰিক মহাবিদ্যালয়ত ব্যৱহাৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[8][7] অধ্যাপনাৰ সমসাময়িক ভাবে তেওঁ নাটকতো অভিনয় কৰিছিল। তেনে এক নাটকত অভিনয় কৰোঁতে কমেডিয়ান আঘায়ে তেওঁক বিখ্যাত অভিনেতা দিলীপ কুমাৰৰ লগত চিনাকি কৰাই দিছিল। তেওঁৰ অভিনয়ৰ প্ৰতি মুগ্ধ হৈ দিলীপ কুমাৰে তেওঁলৈ দুখন ছবি "ছগিনা" আৰু "বৈৰাগ"ত চুক্তিবদ্ধ কৰে।[8] তেওঁ থিয়েটাৰৰ বাবে নাটক লিখি থাকোতে "জাৱানী দিৱানী" ছবিৰ চিত্ৰনাট্য লিখিবলৈ সুযোগ পায় আৰু তেওঁ নিজকে বলিউডত এজন চিত্ৰনাট্যকাৰ হিচাপে প্ৰতিষ্ঠা কৰে।[8][7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কাদেৰ খান মুম্বাইত বাস কৰিছিল কিন্তু পিছলৈ স্বাস্থ্যজনিত কাৰণত কানাডালৈ নিজৰ পুত্ৰৰ লগত থাকিবলৈ লয়।[9] তেওঁৰ তিনিজন পুতেক চৰফাৰজ খান, শ্বাহনাৱাজ খান আৰু এজন কানাডাৰ কুড্ডুছত থাকে।[8][10] তেওঁৰ পুত্ৰ চৰফাৰজ খান বলিউডৰ কেইবাখনো ছবিত অভিনয় কৰিছে। তেওঁ অভিনেত্ৰী জেৰিণ খানৰ পৰিয়ালৰ লগতো সম্পৰ্কীয়। পিছলৈ কাদেৰ খানে কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰে।[11][12]

কাদেৰ খান চুপাৰনিউক্লিয়াৰ পালচি নামৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল।[9][13] ২০১৮ চনৰ ২৮ ডিচেম্বৰ তাৰিখে শ্বাস-প্ৰশ্বাসজনিত কাৰণত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।[13] ২০১৮ চনৰ ৩১ ডিচেম্বৰ তাৰিখে কানাডিয়ান সময় মতে আবেলি ৬ বজাত তেওঁৰ মৃত্যু হয়।[14][15][16]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ২০১৩: বোলছবি জগতলৈ আগবঢ়োৱা আজীৱন অৱদানৰ বাবে সাহিত্য শিৰোমণি বঁটা[17]
  • আমেৰিকান ফেডাৰেচন অফ মুছলিমৰ ফালৰ পৰা ভাৰতীয় মুছলিম সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে দুবাৰ স্বীকৃতি দিছিল।[18][19]
ফিল্মফেয়াৰ বঁটা
শিতান ছবি বৰ্ষ স্থিতি
শ্ৰেষ্ঠ সংলাপ মেৰি আৱাজ চুন' ১৯৮২[20] বিজয়ী
শ্ৰেষ্ঠ কমেডিয়ান বাপ নম্বৰী বেটা দছ নম্বৰী ১৯৯১[20] বিজয়ী
শ্ৰেষ্ঠ সংলাপ অংগাৰ ১৯৯৩[20] বিজয়ী

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Kader Khan Full Interview 2012 with Pashto - Shamshad Tv". Shamshad TVYouTube. https://www.youtube.com/watch?v=86Cxy1bpSwo&spfreload=10 আহৰণ কৰা হৈছে: 26 November 2014.
  2. "Veteran actor Kader Khan passes away at 81, confirms family". January 1, 2019. https://www.timesnownews.com/entertainment/news/people/article/veteran-actor-kader-khan-passes-away-at-81-confirms-family/339820 আহৰণ কৰা হৈছে: January 1, 2019.
  3. "An interview with Kader Khan in Pune". February 2007. http://www.haham.net/kader_khan_interview.htm আহৰণ কৰা হৈছে: 2014-10-01.
  4. "Kader Khan Full Interview 2012 with Pashto - Shamshad Tv". Shamshad TVYouTube. https://www.youtube.com/watch?v=86Cxy1bpSwo&spfreload=10 আহৰণ কৰা হৈছে: 26 November 2014.
  5. "Kader Khan Full Interview 2012 with Pashto - Shamshad Tv". Shamshad TVYouTube. https://www.youtube.com/watch?v=86Cxy1bpSwo&spfreload=10 আহৰণ কৰা হৈছে: 26 November 2014.
  6. 1 2 "Kader Khan Indian (Afghan) Interview in PASHTO 2012". https://www.youtube.com/watch?v=IeMDSCjLlZg আহৰণ কৰা হৈছে: 27 November 2016.
  7. 1 2 3 Joshi, Namrata (1 January 2019). "Veteran actor-writer Kader Khan passes away at 81". The Hindu. https://www.thehindu.com/entertainment/movies/veteran-actor-writer-kader-khan-passes-away-at-81/article25878158.ece.
  8. 1 2 3 4 5 "The Kader Khan interview you must read". Rediff. https://www.rediff.com/movies/special/the-kader-khan-interview-you-must-read/20190101.htm.
  9. 1 2 "Knee surgery gone wrong: Veteran actor Kader Khan rushed to Canada for treatment". dnaindia.com. https://www.dnaindia.com/entertainment/report-knee-surgery-gone-wrong-veteran-actor-kader-khan-rushed-to-canada-for-treatment-2337701 আহৰণ কৰা হৈছে: 1 January 2019.
  10. Interview (3 August 2012). ""Amitabh has always been a well wisher of mine" - Kader Khan: Part 2" (en ভাষাত). Bollywood Hungama. http://www.bollywoodhungama.com/news/features/amitabh-has-always-been-a-well-wisher-of-mine-kader-khan-part-2/.
  11. Indu Mirani (26 February 2012). "Kader Khan turns educationist". Times of India. Archived from the original on 1 March 2012. https://www.webcitation.org/67sSdbyJt?url=http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Kader-Khan-turns-educationist/articleshow/12041490.cms আহৰণ কৰা হৈছে: 30 December 2018.
  12. Wahab, Siraj (30 September 2014). "Kader Khan in Makkah for Haj". Arab News. http://www.arabnews.com/news/637731 আহৰণ কৰা হৈছে: 3 October 2014.
  13. 1 2 "Bollywood veteran actor Kader Khan hospitalized, put on BiPAP ventilator". Dunyanews. https://dunyanews.tv/en/Entertainment/471976-Bollywood-veteran-actor-Kader-Khan-hospitalized-put-on-BiPAP-ventilator আহৰণ কৰা হৈছে: 30 December 2018.
  14. "Actor Kader Khan passes away". January 1, 2019. https://indianexpress.com/article/entertainment/bollywood/kader-khan-dead-5513822/ আহৰণ কৰা হৈছে: January 1, 2019.
  15. "Veteran actor Kader Khan passes away at 81, confirms family". January 1, 2019. https://www.timesnownews.com/entertainment/news/people/article/veteran-actor-kader-khan-passes-away-at-81-confirms-family/339820 আহৰণ কৰা হৈছে: January 1, 2019.
  16. "Veteran actor-writer Kader Khan passes away at 81". January 1, 2019. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/veteran-actor-writer-kader-khan-dies-at-81/articleshow/67332658.cms আহৰণ কৰা হৈছে: January 1, 2019.
  17. "Kader Khan awarded the ‘Sahitya Shiromani Award'" (en ভাষাত). Bollywood Hungama. http://www.bollywoodhungama.com/news/parties-and-events/kader-khan-awarded-the-sahitya-shiromani-award/kader-khan-awarded-the-sahitya-shiromani-award-5/.
  18. "Has veteran actor Kader Khan lost his memory?". ARY News. 2017-11-06. Archived from the original on 2019-01-02. https://web.archive.org/web/20190102002606/https://arynews.tv/en/veteran-actor-kader-khan-lost-memory/.
  19. ""Amitabh has always been a well wisher of mine" - Kader Khan: Part 2". Bollywood Hungama. 2012-08-03. http://www.bollywoodhungama.com/news/features/amitabh-has-always-been-a-well-wisher-of-mine-kader-khan-part-2/.
  20. 1 2 3 "Film Veteran Kader Khan, Who Engineered Some Of The Biggest Hits Of 80s And 90s". NDTV. 1 January 2019. https://www.ndtv.com/entertainment/film-veteran-kader-khan-who-engineered-some-of-the-biggest-hits-of-80s-and-90s-1970974 আহৰণ কৰা হৈছে: 1 January 2019.
  21. "Film Veteran Kader Khan, Who Engineered Some Of The Biggest Hits Of 80s And 90s". NDTV. 1 January 2019. https://www.ndtv.com/entertainment/film-veteran-kader-khan-who-engineered-some-of-the-biggest-hits-of-80s-and-90s-1970974 আহৰণ কৰা হৈছে: 1 January 2019.