কে. শিৱান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৈলাশাভাদীভু শিৱান

২০১৮ চনৰ এক প্ৰেছ কনফাৰেন্সত ডঃ শিৱান
অধ্যক্ষ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৫ জানুৱাৰী ২০১৮
পূৰ্বসূৰী এ. এছ. কিৰণ কুমাৰ
ব্যক্তিগত তথ্য
জন্ম ১৪ এপ্ৰিল, ১৯৫৭ (৬৬ বছৰ)
চাৰাক্কালভিলাই , কন্যাকুমাৰী, মাদ্ৰাজ ষ্টেট (বৰ্তমান তামিলনাডু)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান মাদ্ৰাজ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (বি.ই.)
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (এম.ই.)
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বে (পিএইচডি)
প্ৰখ্যাত নিম্নতাপ ৰকেট ইঞ্জিন

কৈলাশাভাদীভু শিৱান (জন্ম ১৪ এপ্ৰিল ১৯৫৭) এজন ভাৰতীয় মহাকাশ বিজ্ঞানী তথা বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাঅধ্যক্ষ[1][2] পূৰ্বতে তেওঁ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ আৰু লিকুইড প্ৰপালচন কেন্দ্ৰৰ সঞ্চালক আছিল।[3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৫৭ চনৰ ১৪ এপ্ৰিল তাৰিখে তামিলনাডুৰ কন্যাকুমাৰীৰ ওচৰৰ চাৰাক্কালভিলাই গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কৈলাশাভাদীভু আৰু মাতৃ চেলাম। সাধাৰণ কৃষকৰ পৰিয়ালত তেওঁ ডাঙৰ দীঘল হৈছিল। ভাৰতৰ মহাকাশ অভিযানত নিম্নতাপ ৰকেট ইঞ্জিনৰ উন্নয়ন সাধন কৰাৰ বাবে তেওঁক "ৰকেট মানৱ" বুলি অভিভিত কৰা হয়।

শিক্ষা[সম্পাদনা কৰক]

শিৱান এজন সাধাৰণ খেতিয়কৰ পুত্ৰ আছিল। তেওঁ চাৰাক্কালভিলাই গাঁৱৰ তামিল মাধ্যমৰ চৰকাৰী বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ কন্যাকুমাৰী জিলাৰ ভল্লনকুমাৰণভিলাইত শিক্ষা গ্ৰহণ কৰে।[4] পিছলৈ ১৯৮০ চনত শিৱান মাদ্ৰাজ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা এৰ'নেটিক্স ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ তেওঁৰ পৰিয়ালৰ প্ৰথম স্নাতক আছিল। ১৯৮২ চনত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুৰ পৰা এৰস্পেচ ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত হৈ পৰে। ২০০৬ চনত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বেৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ইণ্ডিয়ান নেচনেল একাডেমী অফ ইঞ্জিনীয়াৰিং, এৰ'নটিকেল ছচাইটি অফ ইণ্ডিয়া আৰু চিষ্টেম ছচাইটি অফ ইণ্ডিয়াৰ সন্মানীয় সদস্য।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • শ্ৰী শ্ৰী ঔম আশ্ৰম প্ৰেৰিত ডঃ বিক্ৰম সাৰাভাই গৱেষণা বঁটা (১৯৯৯)
  • ইছৰ' মেৰিট এৱাৰ্ড (২০০৭)
  • ডঃ বীৰেন ৰায় মহাকাশ বিজ্ঞান বঁটা (২০১১)
  • সত্যভামা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰ অফ চাইন্স ডিগ্ৰী (২০১৪)[5]
  • দিষ্টিংগুইছদ এলুমনাচ এৱাৰ্ড ফৰ্ম এমআইটি এলুমিনি এছ'চিয়েচন, চেন্নাই
  • দিষ্টিংগুইছদ এলুমনাচ এৱাৰ্ড ফৰ্ম ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্স, বেংগালুৰু (২০১৮)
  • তামিল নাডু চৰকাৰৰ ডঃ এ পি জে আব্দুল কালাম বঁটা (২০১৯)[6]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Renowned scientist Sivan K named new ISRO chairman". The Times of India. 10 January 2018. https://timesofindia.indiatimes.com/india/renowned-scientist-sivan-k-named-new-isro-chairman/articleshow/62446296.cms। আহৰণ কৰা হৈছে: 10 January 2018. 
  2. "Sivan K named new ISRO chairman". The Economic Times. 10 January 2018. https://economictimes.indiatimes.com/news/politics-and-nation/sivan-k-named-new-isro-chairman/articleshow/62446648.cms। আহৰণ কৰা হৈছে: 10 January 2018. 
  3. "Dr. Sivan takes over as LPSC director". The Hindu. July 2, 2014. http://www.thehindu.com/news/national/kerala/dr-sivan-takes-over-as-lpsc-director/article6167037.ece। আহৰণ কৰা হৈছে: 28 May 2016. 
  4. "K Sivan: A humble farmer's son's journey to Indian Space agency top job". The Times of India. 11 January 2018. https://timesofindia.indiatimes.com/india/k-sivan-a-humble-farmers-sons-journey-to-indian-space-agency-top-job/articleshow/62461458.cms। আহৰণ কৰা হৈছে: 11 January 2018. 
  5. "Who is K. Sivan?". Sharan Poovanna. Livemint. 12 January 2018. http://www.livemint.com/Science/iPyhurrfzKQCTru7K871AI/Who-is-K-Sivan.html। আহৰণ কৰা হৈছে: 22 January 2018. 
  6. "ISRO Chairman Sivan gets A.P.J. Abdul Kalam Award". The Hindu. 15 August 2019. https://www.thehindu.com/news/national/tamil-nadu/isro-chairman-sivan-gets-apj-abdul-kalam-award/article29099981.ece। আহৰণ কৰা হৈছে: 15 August 2019. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]