পূৰ্ণিমা দেৱী বৰ্মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূৰ্ণিমা দেৱী বৰ্মন

নাৰী শক্তি পুৰস্কাৰ গ্ৰহণ কৰা সময়ত বৰ্মন।
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
পেচা সংৰক্ষণবিদ, প্ৰকৃতিবিদ
জনা যায় হাড়গিলা আৰ্মী
বঁটা, সন্মান, পুৰস্কাৰ আদি গ্ৰীণ অস্কাৰ, ২০১৭
নাৰী শক্তি পুৰস্কাৰ, ২০১৮
চেম্পিয়ন অৱ দ্য আৰ্থ-২০২২

পূৰ্ণিমা দেৱী বৰ্মন ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃঙ্খলাৱদ্ধ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলৰ হাড়গিলা আৰ্মী নামৰ দল গঠন কৰে। হাড়গিলাৰ সংৰক্ষণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ গ্ৰীণ অস্কাৰ[1] বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে৷[2]

ড॰ বৰ্মন বন্যপ্ৰাণী সম্পৰ্কীয় এখন বেচৰকাৰী প্ৰতিষ্ঠান অৰণ্যকৰ লগত জড়িত।

কৰ্মজীৱন[সম্পাদনা কৰক]

(পূৰ্ণিমা দেৱী বৰ্মনে প্ৰকৃতি সংৰক্ষণ সংস্থা আৰণ্যকৰ সহযোগত বহুকেইবছৰ ধৰি কামৰূপ জিলাৰ দদৰা, শিঙিমাৰী আৰু পছৰীয়া নামৰ গাওঁকেইখনত বিপন্নপ্ৰায় হাড়গিলা পদ্ধতিগত সংৰক্ষণৰ হ’কে কাম কৰি আছে। তেখেতৰ আত্মপ্ৰচেষ্টাতে গাঁৱকেইখনৰ লোকসকলে পক্ষীবিধৰ সংৰক্ষণৰ ওপৰত সজাগতা লাভ কৰিছে। ফলত অঞ্চলটোত ‘হাড়গিলা বাইদেউ’ ৰূপে বৰ্মনে খ্যাতি লাভ কৰিছিল। তেওঁ গাঁৱখনৰ মহিলাসকলক প্ৰকৃতি সংৰক্ষণতে আৱদ্ধ কৰি ৰখা নাছিল অৰ্থনৈতিকভাৱে সৱল কৰিবলৈ আত্ম সহায়ক গোট পৰ্যন্ত খুলিদিছিল। য’ত মহিলাসকলে গামোচা, চাদৰ–মেখেলা আদি উৎপাদনেৰে অৰ্থ উপাৰ্জন কৰাৰ সমান্তৰালভাৱে হাড়গিলা সংৰক্ষণ আৰু প্ৰয়োজন সম্পৰ্কতো প্ৰশিক্ষণ লাভ কৰিব পাৰিছিল। মহিলা সকলে উৎপাদন কৰা কাপোৰত হাড়গিলাৰ ছবি অংকন কৰি আন্দোলনটোৰ প্ৰতি এক যোগাত্মক পদক্ষেপ হাতত লৈছে।

হাড়গিলাৰ সংৰক্ষণ কাৰ্যত সেই অঞ্চলৰ লোক সকলে ইমানেই নিষ্ঠাৰে পূৰ্ণিমা দেৱী বৰ্মনক সহায় কৰিছিল যে, গাৱৰ পৰম্পৰাও হাড়গিলাৰ সৈতে খাপ খোৱাই লৈছিল। পূৰ্ণিমা দেৱী বৰ্মনৰ মুখেৰে শুনা মতে - এঘৰ মানুহৰ চোতালত থকা ওখ গছজোপাত হাড়গিলাৰ বাঁহ আছিল। হাড়গিলাৰ বাঁহত পোৱালী ওলোৱাৰ সময়তে মানুহঘৰৰ ছোৱালীজনী তুলনী হ'ল। মানুহঘৰে হাড়গিলাৰ পোৱালীবোৰ ডাঙৰ হোৱাৰ পিছতহে সেই অঞ্চলৰ পৰম্পৰা অনুসৰি তুলনী বিয়াখন পাতিছিল। মানুহৰ সমাগমত হাড়গিলাবোৰে ভয় খাব বুলি তেওঁলোকে সেই আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছিল।

বিপন্নপ্ৰায় হাড়গিলাৰ পদ্ধতিগত সংৰক্ষণৰ বাবে বন্যপ্ৰাণী গৱেষক তথা সংৰক্ষক পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০১৭ চনৰ গ্ৰীণ অঁস্কাৰ বঁটা আগবঢ়োৱা হয়। বিশ্বৰ বন্যপ্ৰাণী সংৰক্ষণত মুখ্য ভূমিকা লোৱা ব্যক্তিসকলৰ অৱদানক স্বীকৃতি দিবলৈ ডব্লিউ এফ এন নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোই প্ৰতিবছৰে গ্ৰীণ অস্কাৰ বঁটা আগবঢ়াই আহিছে। উল্লেখযোগ্য যে– গ্ৰীণ অস্কাৰ বঁটাৰ মূল্য ৩৫,০০০ পাউণ্ড ( ভাৰতীয় টকাৰ মূল্যৰে ৩৩,৪৩,৩৫৭.৮৫ টকা) । এই বঁটা লাভৰ বাবে বিশ্বৰ ১৬৬খন দেশৰ পৰা ৬৬গৰাকী ব্যক্তি মনোনীত হৈছিল। গৌৰৱৰ বিষয় যে সেই ব্যক্তিসকলৰ ভিতৰত পূৰ্ণিমা দেৱী বৰ্মনে এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ অসমীয়া।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ২০২০ চনৰ মে' মাহত বিশ্বৰ প্ৰখ্যাত গ্ৰন্থ প্ৰকাশন সংস্থা হাৰ্পাৰ কলিন্স পাব্লিছাৰ্ছ-ৰ শৈক্ষিক প্ৰকাশন শাখা 'কলিন্স'-এ ড॰ পূৰ্ণিমা দেৱী বৰ্মনৰ কৰ্মৰাজিক পাঠ্যক্ৰমত স্থান দিছে। দেশ-বিদেশৰ বিভিন্ন ইংৰাজী ভাষাৰ শিক্ষানুষ্ঠানৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ইংলিজ এলাইভ-৭ত তেখেতৰ এই কৰ্মৰাজি সন্নিৱিষ্ট হ'ব।[3]
  • ৰয়েল বেংক অফ ছুইডেনৰ আৰ্থ হিৰ' বঁটা, ২০০৬[4]
  • গ্ৰীণ অস্কাৰ, ২০১৭
  • নাৰী শক্তি পুৰস্কাৰ, ২০১৮
  • য়ামিন হাজৰিকা ৱ’মেন অব ছাবষ্টেন্স বঁটা, ২০১৮[5]
  • শ্ৰী সত্য সাই এৱাৰ্ড ফৰ হিউমেন এক্সচেলেন্স, ২০১৮[6]
  • ৰাষ্ট্ৰসংঘৰ সৰ্ব্বোচ্চ পৰিৱেশ সজাগতা মূলক সন্মান 'চেম্পিয়ন অৱ দ্য আৰ্থ-২০২২'।[7]

তথ্য উৎস[সম্পাদনা কৰক]

  1. https://m.economictimes.com/news/politics-and-nation/environmentalist-purnima-devi-barman-wins-green-oscar/articleshow/58766163.cms
  2. http://www.guwahatiplus.com/daily-news/assam-s-purnima-devi-barman-achieves-nari-shakti-puraskar-from-president
  3. https://epaper.niyomiyabarta.org/10052020/details.php?date=12052020&page=1-12&article=7.gif&cid=7
  4. http://www.northeasttoday.in/assam-woman-wins-earth-heroes-award/
  5. https://nenow.in/north-east-news/assam/noted-wildlife-activist-purnima-devi-barman-selected-for-yamin-hazarika-award.html
  6. https://www.timesofindia.com/india/sri-sathya-sai-award-for-human-excellence-2018-will-be-presented-on-nov-23/amp_articleshow/66758811.cms?espv=1[সংযোগবিহীন উৎস]
  7. "India’s Purnima Devi Barman honoured with U.N.’s highest environmental award". The Hindu. https://www.thehindu.com/news/national/indias-purnima-devi-barman-honoured-with-uns-highest-environmental-award/article66169873.ece। আহৰণ কৰা হৈছে: 22 November 2022.