উত্তৰ ত্ৰিপুৰা জিলা
উত্তৰ ত্ৰিপুৰা | |
---|---|
— জিলা — | |
Tripura_(50).JPGRiver scene in North Tripura | |
Tripura's eight districts | |
Country | India |
State | Tripura |
আসন | ধৰ্মনগৰ |
মাটিকালি | |
- মুঠ | ১,৪২২.১৯ কি.মি.২ (৫৪৯.১ বৰ্গ মাইল) |
উচ্চতা | ২৯ মিটাৰ (৯৫.১৪ ফুট) |
জনসংখ্যা | |
- মুঠ | ৪,৪৪,৫৭৯ population_as_of = ২,০১১ জন |
- জনঘনত্ব | এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "population" প্ৰতি বৰ্গ কি.মি. (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) |
আই এচ অ’ ৩১৬৬ কোড | IN-TR |
ৱেবছাইট | http://northtripura.nic.in/ |
উত্তৰ ত্ৰিপুৰা জিলা উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এখন অন্যতম জিলা। জিলাখন ১৯৭০ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হয়। এই জিলাৰ সদৰঠাই ধৰ্মনগৰ। জিলাখনৰ মুঠ মাটিকালি ১৪২২.১৯ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৪৪৪৫৭৯ জন।
ইতিহাস[সম্পাদনা কৰক]
পূৰ্বতে উত্তৰ ত্ৰিপুৰাৰ বৰ্তমানৰ ভূখণ্ড ত্ৰিপুৰা প্ৰিন্সলী ষ্টেটৰ অন্তৰ্ভুক্ত আছিল। ১৯৪৯ চনৰ ৯ ছেপ্টেম্বৰত এই ৰাজ্যখন ভাৰতৰ সৈতে লগ লাগে। ১৯৭০ চনৰ ১ ছেপ্টেম্বৰত উত্তৰ ত্ৰিপুৰা জিলা সৃষ্টি কৰা হয়। ১৯৯৫ চনৰ ১৪ এপ্ৰিলত এই জিলাৰ একাংশ পৃথক কৰি ধলাই জিলা গঠন কৰা হয়। ২০১২ চনৰ ২১ জানুৱাৰীত কৰা বিভাজনৰ পিছত ত্ৰিপুৰাত মুঠতে আঠখন জিলা হয়গৈ।
প্ৰশাসনিক বিভাগ[সম্পাদনা কৰক]
উত্তৰ ত্ৰিপুৰা জিলাৰ তিনিটা মহকুমা আছে আৰু মহকুমাকেইটা আঠটা ব্লকত বিভক্ত।
নাম | সদৰ ঠাই | ব্লক | ভৌগোলিক অৱস্থান |
ধৰ্মনগৰ | ধৰ্মনগৰ | পানীসাগৰ, কদমতলা | |
কৈলাচাহাৰ | কৈলাচাহাৰ (Kailashahar) | গড় নগৰা, কুমাৰঘাট | |
কাঞ্চনপুৰ | কাঞ্চনপুৰ | দাচদা (Dasda),
পিচাৰথল (Pecharthal) দমচেৰা (Damcherra) জমপুই হিল (Jampui Hill) |
সমষ্টি[সম্পাদনা কৰক]
উত্তৰ ত্ৰিপুৰা জিলাত মুঠতে এঘাৰটা বিধানসভাৰ সমষ্টি আছে- পবিয়াচৰা ( Pabiachhara), ফটিকৰয় (Fatikroy), চণ্ডীপুৰ (Chandipur), কৈলাচহৰ (Kailasahar), কদমতলা-কুৰ্ত্তী (Kadamtala-Kurti), বাগবাছা (Bagbassa), ধৰ্মনগৰ (Dharmanagar), যুৱৰাজনগৰ (Jubarajnagar), পানীসাগৰ (Panisagar),পেঞ্চাৰথল (Pencharthal) আৰু কাঞ্চনপুৰ (Kanchanpur)
উত্তৰ ত্ৰিপুৰা জিলা পূব ত্ৰিপুৰা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
জনসংখ্যা[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ ত্ৰিপুৰা জিলাৰ মুঠ জনসংখ্যা ৪৪৪৫৭৯ জন। এই জিলাৰ সাক্ষৰতাৰ হাৰ ৯৭.২২% য’ত পুৰুষৰ হাৰ ৯৭.৩৪% আৰু মহিলাৰ ৯৬.৭৯%। এই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬৭ গৰাকী।
জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]
১৯৮৮ চনত উত্তৰ ত্ৰিপুৰা জিলাৰ ০.৮৫ বৰ্গ কিলোমিটাৰ লৈ ৰ’ৱা বন্যপ্ৰাণী অভয়াৰণ্য (Rowa Wildlife Sanctuary) সৃষ্টি কৰা হয়।[1]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Indian Ministry of Forests and Environment. "Protected areas: Tripura". http://oldwww.wii.gov.in/envis/envis_pa_network/page_tripura.htm। আহৰণ কৰা হৈছে: 25 September 2011.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
বাংলাদেশ | কৰিমগঞ্জ জিলা, অসম | ![]() | |
ধলাই জিলা | ![]() |
|||
![]() ![]() | ||||
![]() | ||||
বাংলাদেশ | মামিত জিলা, মিজোৰাম |