সমললৈ যাওক

মামিত জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মামিত জিলা
মিজোৰামত মামিত জিলাৰ অৱস্থান
মিজোৰামত মামিত জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মিজোৰাম
চহৰ মামিত
চৰকাৰ
  লোকসভা কেন্দ্ৰ মিজোৰাম লোকসভা কেন্দ্ৰ
কালি
  মুঠ
৩,০২৫ বৰ্গকিমি (১,১৬৮ বৰ্গমাইল)
জনসংখ্যা
 (২০১১)
  মুঠ
৮৬,৩৬৪
  ঘনত্ব ২৯/বৰ্গকিমি (৭৪/বৰ্গমাইল)

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত মামিত জিলা অন্যতম। মামিত জিলা মিজোৰামৰ পশ্চিম প্ৰান্তত অৱস্থিত। ইয়াৰ আন্তৰ্জাতিক সীমা বাংলাদেশৰ সৈতে সংযুক্ত, আৰু ই সাজেক নদীৰ দ্বাৰা বিভক্ত। সীমান্ত জিলা হোৱা বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত মামিত জিলাৰ অতি তাৎপৰ্য আছে।

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

এই জিলাখনৰ উত্তৰে অসম ৰাজ্যৰ হাইলাকান্দি জিলা; পশ্চিমে ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ ত্ৰিপুৰা জিলা আৰু বাংলাদেশ; দক্ষিণে লুংলেই জিলা আৰু পূবে কোলাছিব আৰু আইজল জিলা অৱস্থিত। এই জিলাখনৰ আয়তন হৈছে ৩০২৫.৭৫ কিলোমিটাৰ। মামিত চহৰ জিলাখনৰ প্ৰশাসনিক সদৰ।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 30 September 2011.