ৱিকিপিডিয়া:ৱিকিপত্ৰিকা এপ্ৰিল,২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াৰ অনলাইন মাহেকীয়া দাপোণ

সম্পাদকীয়

ৱিকি-আসক্তি


জলী ৰুমী বৰা

অনলাইন বিশ্বকোষ অসমীয়া ৱিকিপিডিয়াৰ জন্মৰ প্ৰায় দহবছৰলৈকে অন্য বহুতৰে দৰে ময়ো ইয়াৰ অস্তিত্বৰ একো উমঘামেই পোৱা নাছিলো। ইটো সিটো প্ৰয়োজনত ইংৰাজী ৱিকিপিডিয়াত খুঁচৰি চাইছিলো। অসমীয়া ভাষাটো যে এনে এখন ৱিকিপিডিয়া থাকিব পাৰে সেয়া মনলৈকে অহা নাছিল, ইয়াত লিখা বা জড়িত হোৱাৰ ইচ্ছা দূৰৰে কথা। ২০১১ চনৰ শেষৰফালে কোনোবা এটা দিনত বন্ধু এজনৰ মুখত অসমীয়া ৱিকিৰ বিষয়ে শুনিবলৈ পালো । সেইসময়ত ইন্টাৰনেটত অসমীয়া ভাষাত তথ্য-পাতি প্ৰায় নাছিল বুলিলেই হয়। তেনে পৰিস্থিতিত অসমীয়া ৱিকিৰ ভৱিষ্যত গুৰুত্বৰ বিষয়ে বন্ধুৱে আভাস এটা দিলে। গুগলত কিবা এটা অসমীয়াত বিচাৰিলে অসমীয়াতে সেইবিষয়ে তথ্য পাম, এই ভাৱটোৱে মন ৰোমাঞ্চিত কৰি তুলিলে! সিদিনাই ৱিকিত একাউন্ট এটা খুলিলো। ফে'চবুকৰ অসমীয়া ৱিকিপিডিয়া সমাজতো সদস্যভুক্ত হ’লো। অসমীয়া টাইপিঙৰ সমস্যাবোৰো কেইবাজনো অভিজ্ঞ ৱিকিপিডিয়ানৰ সহায়ত নোহোৱা হ’ল।

ৱিকিত সোমায়েই মই প্ৰথম কৰা কামটো আছিল, মোৰ জিলা লখিমপুৰৰ বিষয়ে তথ্য যোগ দিয়া।নিজৰ জিলাখনৰ উল্লেখযোগ্য ঠাই, ব্যক্তি, অনুষ্ঠান আদিৰ বিষয়ে যি পাৰো লিখিলো। সেইখিনি কৰি উঠি ৱিকিৰ সম্পাদনা কৰাৰ ক্ষেত্ৰত মনটো অলপ আত্মবিশ্বাসী হ’ল। এইবাৰ নতুন প্ৰবন্ধ সৃষ্টিত লাগিলো। বহুতৰে দৰে মোৰো ভাৱ হৈছিল, নতুনকৈ কিনো লিখিম! কিছু চিন্তা কৰি মোৰ প্ৰিয় বিষয় কিছুমান বাচি ল’লো – মই ইতিমধ্যে জনা বা জানিব খোঁজা বিষয়বোৰ। ইয়াৰ ভিতৰত অন্যতম আছিল, অসমৰ বন্যপ্ৰাণী আৰু চৰাই-চিৰিকটিৰ বিষয়ে প্ৰবন্ধ সৃষ্টি। এটা নতুন প্ৰবন্ধ লিখি সম্পূৰ্ণ কৰি এক সাংঘাটিক সন্তুষ্টি বা পৰিতৃপ্তি পোৱা হ’লো। ৱিকিত কিবা এটা কৰিলেই ভাব হয়, যেন অন্ততঃ এটা ভাল কাম কৰিলো! লাহে লাহে এনে দিন আহিলগৈ যে দিনটোৰ ভিতৰত ৱিকিত অলপকৈ হ’লেও কিবা এটা নিলিখিলে বা নকৰিলে কিবা এটা আধৰুৱা হৈ ৰৈ যোৱা যেন লগা হ’ল! হয়, মোক বহুতো ৱিকিপিডিয়ানৰ দৰে ৱিকিৰ আসক্তিয়ে পালে আৰু আজিও এই আসক্তি কেতিয়াও এৰাব নোৱাৰাকৈ গভীৰলৈকে শিপাই আছে। পিছে, কেৱল ৱিকিৰ পৰা পোৱা সন্তুষ্টি বা জ্ঞানেই নহয়, ইয়াৰ লগতে অন্য কেইবাটাও কথাই এই আসক্তি গভীৰ কৰাত সাৰ-পানী যোগাই আহিছে।

প্ৰথম অনুঘটকটো হ’ল, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ! এনে এটা হেঁপাহ হয়তো প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে থাকেই। বাহিৰৰ বহু লোকৰে উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কীয় জ্ঞান সীমিত বুলি আমি অভিযোগ কৰোঁ, ইয়াৰ নিৰাময়ৰ বাবে কি কৰিব পাৰি সেই সম্পৰ্কে নানা আলোচনা, বিতৰ্কও চলে। তেনেদৰে ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষা-সংস্কৃতিৰ চালুকীয়া অৱস্থা আদিৰ বিষয়েও বহুতে কয়। উচ্চশিক্ষাৰ বাবে অসম এৰি দূৰৈত থকাৰে পৰা এইবিষয়ে যেন মই বেছি সচেতন হ’বলৈ ল’লো। সাধ্যানুসাৰে কিবা এটা কৰাৰ হেঁপাহটোও হয়তো তীব্ৰ হৈ উঠিল। ইচ্ছা থাকিলেও পঢ়াৰ বা কামৰ ব্যস্ততাৰ বাবে এনে ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হ’ব নোৱাৰা বহুতৰ দৰে মোৰ বাবেও অসমীয়া ৱিকি এক উপযুক্ত মাধ্যম হৈ পৰিল যেন। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে এটা-দুটাকৈ প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ এক বিনামূলীয়া আৰু বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱা এক বিশাল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছে। ৱিকিউৎস নামৰ ভগ্নী প্ৰকল্পত আপুৰুগীয়া অসমীয়াগ্ৰন্থসমূহ ইউনিক’ড ৰূপত পাব পৰা হৈছে। অসম আৰু অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিকোনো ব্যক্তিয়ে সাধ্যানুসৰি অৱদান আগবঢ়াব পৰা ইয়াতকৈ সঠিক আৰু উপযুক্ত মাধ্যম আৰু কি হ’ব পাৰে!

তাৰোপৰি দৈনন্দিন ব্যস্ততাৰ মাজত ৱিকিত মই নিজৰ সুবিধা অনুসৰি যিকোনো সময়ত বা যিকোনো প্ৰকাৰে অৱদান আগবঢ়াব পাৰোঁ। সময়ৰ কোনো বাধ্যবাধকতা নাই- কেতিয়াবা পাঁচ-দহমিনিট, কেতিয়াবা কেইবা ঘন্টালৈকে সুবিধা অনুসৰি কৰোঁ। সুবিধা মতে নতুন প্ৰবন্ধ লিখোঁ, নাইবা ৱিকিত ইতিমধ্যে থকা প্ৰবন্ধত দুই এটা তথ্য যোগ দিওঁ; সেয়াও নহ’লে, নিজে তোলা ফটো আপল’ড কৰোঁ নাইবা ৱিকিউৎসত কোনোবা কিতাপৰ টাইপিঙতে অকণমান লাগি দিওঁ।

তৃতীয় কাৰকটো হ'ল, অন্য ভাষাসমূহৰ তুলনাত অসমীয়া ভাষাৰ সীমিত ডিজিটেল তথ্যভাণ্ডাৰ। অসমীয়াৰ সচেতনতাৰ এক উল্লেখযোগ্য নিদৰ্শনৰূপে মালায়ালম ৱিকিপিডিয়াৰ পিছতে ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া আছিল ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া৷ কিন্তু সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে বৰ্তমানলৈকে এই ৱিকিপিডিয়া চালুকীয়া অৱস্থাতে আছে৷আজিৰ তাৰিখত পৰিসাংখ্যিকভাৱে ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা তিনি কোটি আৰু মালায়ালম ৱিকিপিডিয়াৰ এক লাখ হোৱাৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ কেৱল তিনিহাজাৰটা৷ এই পৰিসংখ্যাটোৱে প্ৰতিযোগিতাৰ বা প্ৰত্যাহ্বানৰ ভাৱ এটা মোৰ মনলৈ আনি দিয়ে। বাংগালোৰত থকাৰ সময়ছোৱাত ৱিকিৰ প্ৰতি আগ্ৰহী সহকৰ্মী কেইজনমানৰ সৈতে সপ্তাহত এবাৰকৈ আমি একেলগ হৈছিলো। প্ৰত্যেকেই নিজৰ মাতৃভাষাৰ বা ইংৰাজী ৱিকিৰ কাম কৰোঁ। সেই সুযোগতে তামিল, ইংৰাজী আদি ৱিকিৰ কাম-কাজৰ প্ৰক্ৰিয়া প্ৰত্যক্ষ ভাৱে দেখিছিলো। তাৰবাবেই কিজানি জ্ঞানৰ মুক্ত বিতৰণ আৰু প্ৰসাৰৰ দৌৰত আমাতকৈ বহুযোজন আগবাঢ়ি যোৱা এই ৱিকিসমূহৰ সমকক্ষ হোৱাৰ সংকল্প এটাই মনত ঠাই ল’লে।

এই আভিজ্ঞতাসমূহৰ বাহিৰেও ৱিকিৰ লগত জড়িত বহুতো প্ৰেৰণাদায়ক অভিজ্ঞতাইও মোক সদায়ে উৎসাহ যোগাই আহিছে। উদাহৰণস্বৰূপে, ২০১৩-ৰ শেষৰফালে বাংগালোৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কনফাৰেঞ্চ এখনৰ এক বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিলো। বিষয় আছিল-স্থানীয় ভাষাত প্ৰকৃতি বা পৰিস্থিতিবিজ্ঞানৰ জ্ঞানৰ প্ৰসাৰৰ গুৰুত্ব আৰু বৰ্তমানলৈকে বিভিন্ন ভাষাত ইয়াৰ অগ্ৰগতিৰ বুজ লোৱা। তাতে কেইবাগৰাকী ব্যক্তিৰ তেলুগু, মাৰাঠী আদি ভাষাত প্ৰকৃতি সম্পৰ্কীয় লিখা-মেলাৰ কথা শুনিলো। ময়ো অন্যান্য মাধ্যমত চৰ্চাৰ উপৰিও অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃতি সম্পৰ্কীয় তথ্য বিস্তাৰৰ বিষয়ে দুআষাৰ ক’লো।সকলোৱে কিছু আশ্চৰ্য্য প্ৰকাশ কৰিলে অসমীয়া ভাষাত এনে অগ্ৰগতিৰ সম্পৰ্কে জানি। বহুতে মন্তব্য কৰিলে, নিজৰ মাতৃভাষাত এনে ধৰণৰ প্ৰকল্প আৰম্ভ কৰিবলৈ উদ্যোগ ল’ব বুলি। আনৰ বাবে অসমীয়া ৱিকিৰ চানেকি দেখুৱাবলৈ পাই গৌৰৱত মোৰ বুকুখন ফুলি উঠিল!

অন্য এটা ভাল লগা অভিজ্ঞতা; সেইবছৰতে নতুনকৈ আৱিস্কৃত স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতি অ'লিংগুইট'ৰ বিষয়ে বাতৰিত পোৱাৰ পিছদিনাই অসমীয়া ৱিকিপিডিয়াত এটা প্ৰবন্ধ যোগ দিছিলো৷নিশাৰ ভাগলৈ ৱিকিৰ মোৰ সদস্যপৃষ্ঠাত এটা বাৰ্ত্তা আহিল৷ লিখিছিল C.R.Selvakumar নামৰ তামিল ৱিকিপিডিয়ান এগৰাকীয়ে৷ তেওঁ লিখিছিল, তেওঁ অসমীয়া ভাষা বুজি নাপায়। কিন্তু তামিল ৱিকিপিডিয়াত সেই একেটা বিষয়ত এটা প্ৰবন্ধ সংযোগ কৰাৰ পিছত তেওঁ জানিব পাৰিলে যে অসমীয়া ৱিকিপিডিয়াত সেই বিষয়ে প্ৰবন্ধ ইতিমধ্যে সৃষ্টি কৰা হৈছে৷ ইমান শেহতীয়া বিষয় এটাত তাৎক্ষণিক ভাৱে এনেকৈ তথ্য সংযোগ কৰাকে লৈ তেওঁ আনন্দ প্ৰকাশ কৰিলে৷ পঢ়ি লৈ অলপ আচৰিত হ’লো যদিও খুউব ভালো লাগিল৷ কিছুপৰৰ পিছতে দেখিলো তেওঁ অসমীয়া ৱিকিপিডিয়াতো এটা একাউন্ট খুলিছে৷ তাত তেওঁৰ বক্তব্য আছিল- “I wish to contribute whatever I can to Assamese Wikipedia, like adding a picture and taking part in matters related to Tamil language and Tamil culture in Assamese Wikipedia. I don't yet know Assamese language, but will be picking up a little at least I hope in due course. I wish Assamese Wikipedia a great success”. অসমীয়া ৱিকিপিডিয়াত অৰিহণা যোগাবলৈ অসমীয়াৰ মাজতে আগ্ৰহৰ অভাৱৰ এক হতাশাজনক পৰিস্থিতিত তামিল ৱিকিপিডিয়ান এজনৰ এনে আগ্ৰহ আৰু আন্তৰিকতা দেখি অভিভূত হৈ পৰিলো৷ কিন্তু, তাতোকৈ বেছি আশ্চৰ্য্য ৰৈ আছিল মোৰ বাবে! তেওঁৰ বিষয়ে অধিক জানিবৰ বাবে তেওঁৰ তামিল ৱিকিৰ সদস্য পৃষ্ঠাটোত চকু ফুৰালো৷দেখিলো, তেওঁ কানাডাৰ ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ জ্যেষ্ঠ অধ্যাপক! তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ মন ভৰি উঠিল৷ বিশ্বৰ শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম, ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ এগৰাকী অধ্যাপকে তেওঁৰ কৰ্মব্যস্ততাৰ মাজত তামিল ৱিকিপিডিয়াৰ নিয়মীয়া অৱদানকাৰী হোৱাকৈ, একেবাৰে নজনা অসমীয়া ভাষা শিকি লৈ অসমীয়া ৱিকিলৈ অৰিহণা যোগোৱাৰ প্ৰস্তাব দিব পৰাকৈ আগ্ৰহ আৰু ঐকান্তিকতা থকা এনে এজন ব্যক্তি সঁচাই অশেষ শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ উৎস৷

এইসমূহৰ উপৰিও মোৰ ৱিকিৰ আসক্তি স্থায়ী কৰাৰ অন্যতম কাৰণ হ’ল অসমীয়া ৱিকিপিডিয়া সমাজখন। অসম আৰু বাহিৰৰো বহু ঠাইত কাম কৰি থকা বা পঢ়ি থকা এই সকল লোকে কোনো ব্যক্তিগত লাভ নিবিচৰাকৈ অসমীয়া ভাষাৰ কাৰণে যেনেকৈ কাম কৰি আছে সেয়া মোৰ কাৰণে এটা ডাঙৰ প্ৰেৰণা৷ দুই এজনৰ বাহিৰে আমি প্ৰায়ভাগেই মুখামুখিকৈ কেতিয়াও লগ পোৱা নাই । কিন্তু আজি ইমানবছৰ ধৰি আমি একেলগে ৱিকিৰ কাম কৰি আহিছোঁ। আমাৰ ভাষাৰ বা জাতিটোৰ কাৰণে কিবা কৰাৰ কথা প্ৰায় সকলোৱে কয়, কিন্তু আবেগ বাদ দি সঁচা অৰ্থত হাতে কামে লগা লোকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি। এইক্ষেত্ৰত মই সদায়ে অসমীয়া ৱিকিপিডিয়ান সকলক লৈ গৌৰৱ কৰোঁ৷ প্ৰতিদিনে অলপ অলপকৈ তথ্য যোগ দি আজি বছৰ বছৰ ধৰি এইখিনি মানুহে নিস্বাৰ্থভাৱে নিজৰ ভাষাৰ হকে কাম কৰি আহিছে।ৱিকিৰ জৰিয়তে এইখিনি মানুহক লগ পাই আৰু এই বৌদ্বিক আন্দোলনৰ অংশীদাৰ হ’ব পাৰি মই নিজকে বহুত ভাগ্যবান বুলি গণ্য কৰোঁ৷

শেষত কওঁ, বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শেহতীয়াকৈ ৱিকিপিডিয়াত অসমীয়া ভাষাত তথ্য বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন চাৰ্ছ ইঞ্জিনসমূ্হত অসমীয়া ভাষাত তথ্য পাব পৰা হৈছে৷ গতিকে অধিক অৱদানেৰে নিসন্দেহে ই অসমীয়া ভাষাটোক ডিজিটেল জগতত আৰু এঢাপ আগুৱাই নিব পাৰে৷ কিন্তু ইয়াৰ বাবে অধিক লোকে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ প্ৰয়োজন৷ গতিকে আহক, অসমীয়া ভাষা আৰু সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এইপ্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ৷ আহক, সকলোৱে অসমীয়া ৱিকিপিডিয়াত লিখোঁ!

★ ☆ ✮ ✯ ☼ ✯ ✮ ☆ ★

উল্লেখনীয় কাম

শ্ৰদ্ধাঞ্জলি

২০১৫ চনৰ ২৫ মাৰ্চ তাৰিখে অসমৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা ইন্দ্ৰ বণিয়াৰ মৃত্যু হয়। তেখেতৰ জন্ম ১৯৪২ চনৰ ২৪ ডিচেম্বৰত লখিমপুৰ জিলাধলপুৰত হৈছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰদ্বাৰা প্ৰচাৰিত নাটক 'গোবৰ্ধন চৰিত' আৰু 'মইনাৰ সংবাদ'ত অভিনয়েৰে ৰাইজৰ চিনাকী হৈ পৰা বণিয়াই ১৯৭৫ চনত 'খোজ' চলচ্চিত্ৰৰ যোগেদি বোলছবিত অভিনয়ৰ পাতনি মেলিছিল। ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱাৰ 'হালধীয়া চৰায়ে বাওধান খায়' চলচ্চিত্ৰত এজন দুৰ্দশাগ্ৰস্ত খেতিয়কৰ চৰিত্ৰ ৰূপায়ণ কৰি তেখেতে লোকাৰ্ণ' চলচ্চিত্ৰ মহোৎসৱত 'শ্ৰেষ্ঠ অভিনেতা'ৰ বঁটা লাভ কৰিছিল। জীৱনকালত তেখেতে ২৫ খনৰো অধিক চলচ্চিত্ৰৰ ভিন্ন চৰিত্ৰত অভিনয় কৰি সমাদৰ লাভ কৰে।

বিতংকৈ পঢ়ক...

ভাল প্ৰবন্ধ

সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম। ভাৰতীয় আধ্যাত্মিক গুৰু মেহেৰ বাবাৰ মতে তেওঁ এজন তান্ত্ৰিক আৰু তেওঁ চমৎকাৰৰ বাবে তন্ত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁ বিভূতি (পবিত্ৰ ভস্ম) আৰু অন্য সৰু বস্তু যেনে আঙঠি, হাৰ, ঘড়ী আদি প্ৰকট কৰিছিল যিয়ে চমৎকাৰী ৰূপত চিকিৎসা কৰা, পুনৰ জীৱন প্ৰদান কৰা আদিৰ কথা অনেকে কয়। ই যশ আৰু সমালোচনা দুয়োকে আমন্ত্ৰিত কৰিলে। তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰু নকলৰো অভিযোগ উত্থাপিত হৈছিল, কিন্তু তেওঁ তেনে অভিযোগক ষড়যন্ত্ৰ বুলি কৈ, অভিযোগ অস্বীকাৰ কৰিলে। তেওঁ সদস্যসকলে মানৱ সেৱাৰ দ্বাৰা আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা সত্য সাই সংস্থাৰ ১২৬খন দেশত ১২০০তকৈ অধিক শাখা আছে। এই সংস্থাৰ মাধ্যমেৰে সত্য সাই বাবাই বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়, ক্লিনিক, খোৱা পানীৰ প্ৰকল্প আদি পৰিচালনা কৰিছিল। আৰু পঢ়ক....

নিৰ্বাচিত চিত্ৰ

পদক তালিকা

পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিপিডিয়ান
দিব্য দত্ত
শততম প্ৰবন্ধ পদক
ঈশান কাশ্যপ হাজৰিকা
প্ৰতিভাবান ন-সম্পাদকৰ পদক
ৰাম কিংকৰ মহন্ত
প্ৰাঞ্জল দাস

মাৰ্চ ২০১৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহৰ তালিকা

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
দিব্য দত্ত ৭৯৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মঞ্জিল কোঁৱৰ ৩৯৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দীপাংকৰ চেতিয়া ১৫৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশাণ কাশ্যপ হাজৰিকা ১০৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বিষ্ণু শইকীয়া (কাৰিকৰী সহায়ক) ১০৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক) ১০১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাঞ্জল দাস ৮৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰাম কিংকৰ মহন্ত ৭৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনিমেষ বৰা ৫২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ হীৰক নয়ন ভূঞা ৪০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ ইন্দুভূষণ নাথ ৩৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ প্ৰভাকৰ শৰ্মা নেওগ (কাৰিকৰী সহায়ক) ৩৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ যুগল চন্দ্ৰ বড়া ২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ সুজাতা হাতীবৰুৱা ১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )