তিৰুপতি মন্দিৰ
| অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
| তিৰুপতি মন্দিৰ | |
|---|---|
Lua error in Module:Location_map at line 526: Unable to find the specified location map definition: "Module:Location map/data/India Andhra Pradesh" does not exist. | |
| ভূ-স্থানাংক | 13°40′59.7″N 79°20′49.9″E / 13.68325°N 79.347194°E |
| নাম | |
| আনুস্থানিক নাম | Sri Venkateswara Swamy vaari temple[1] |
| স্থান | |
| দেশ | India |
| ৰাজ্য | Andhra Pradesh |
| জিলা | Chittoor |
| এলেকা | Tirupati |
| উচ্চতা | 853 মিটাৰ (2,799 ফুট) |
| স্থাপত্য আৰু সংস্কৃতি | |
| প্ৰধান উৎসৱ | Brahmotsavam, Vaikunta Ekadasi, Ratha Saptami |
| স্থাপত্য শৈলী | Dravidian architecture |
| মন্দিৰৰ সংখ্যা | 2 |
| খোদাই | Dravidian languages |
| ইতিহাস | |
| নিৰ্মাণকাল (বৰ্তমান গৃহ) |
Earliest records date to 300 BC (probable) |
| মন্দিৰ ফলক | Tirumala Tirupati Devasthanams |
| ৱেবছাইট | tirumala.org |
তিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত, পালক’ণ্ডা (ইংৰাজী: Palkonda) পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়। তেলেগু ভাষাত ‘তিৰু’ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু ‘পতি’ৰ অৰ্থ স্বামী; অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ’লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। মন্দিৰৰ ভিতৰত আছে প্ৰস্ফুটিত পদুমৰ ওপৰত দণ্ডায়মান দুই মিটাৰ ওখ বিষ্ণুৰ ক’লা শিলৰ বিগ্ৰহ বা মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ দুই হাতত শংখ আৰু চক্ৰ, সন্মুখৰ এহাত অভয় মুদ্ৰাৰ ভংগিত আৰু আনখন হাত কঁকালত অৱস্থান কৰা। নানান মণি-মুকুতা আৰু স্বৰ্ণালংকাৰে ভূষিত এটা মুকুট আছে মূৰ্তিটোৰ শিৰত। ১৯৮৪ চনত ১২ কিলোগ্ৰাম সোণ আৰু ৯০০০ ডোখৰ হীৰাৰে ন-কৈ নিৰ্মিত এই মুকুটটোৰ অৰ্থমূল্য ৫ কোটি টকাৰো অধিক। গোটেই মূৰ্তিটো ফুলৰ মালাৰে ঢকা। কেৱল ভৰিৰ পতা আৰু মুখমণ্ডলহে দৰ্শনাৰ্থীৰ চকুত পৰে। শিলেৰে নিৰ্মিত মূল মন্দিৰটোৰ বেৰৰ কাৰুকাৰ্যও অনন্য আৰু দৃষ্টিনন্দন। এই মন্দিৰৰ চোতাল তথা চৌহদত আছে ১৯৯৫ চনত আঢ়ৈ কোটি টকা ব্যয়ৰে নিৰ্মিত ৭৮০.৭ কিলোগ্ৰাম তামৰ ওপৰত ২৯.৯২২ কিলোগ্ৰাম সোণেৰে মেৰোৱা ২১.৫ ফুট ওখ সোণৰ ৰথ, সোণৰ তালগছ, মূল মন্দিৰৰ গম্বুজৰ ওপৰত সুবিশাল সোণৰ কলচি, সোণৰ সিংহমূৰ্তি, দৃষ্টিনন্দন অগণন দেৱমূৰ্তি আদি। দেশ-বিদেশৰ অসংখ্য তীৰ্থযাত্ৰী প্ৰতি বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। ভৌগোলিকভাৱে তিৰুপতি অন্ধ্ৰপ্ৰদেশৰ (দক্ষিণ প্ৰান্তত) যদিও সমীপবৰ্তী তামিলনাডুৰ চেন্নাইৰ পৰাহে ঘাইকৈ ইয়ালৈ যাতায়তৰ অধিক সুবিধা আছে।
তিৰুপতিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰ-পশ্চিমত, প্ৰায় ৭৫০ মিটাৰ উচ্চতাত হিন্দুসকলৰ পবিত্ৰ পাহাৰ তিৰুমালা অৱস্থিত। এই পাহাৰক ইমান পবিত্ৰ বুলি গণ্য কৰা হৈছিল যে ১৮৭০ চনৰ আগলৈকে তালৈ অহিন্দুসকলক যাবলৈকে দিয়া নহৈছিল। তিৰুমালা পাহাৰৰ শৃংগতে আছে বৈশিষ্টমণ্ডিত দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত ভেংকটেশ্বৰ মন্দিৰ। ভেংকটেশ্বৰ বা ভেংকটেশ্বৰ স্বামী মন্দিৰ আৰু তাৰ বিস্তীৰ্ণ চোতাল দৰ্শনাৰ্থী আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী। এই মন্দিৰটোক কেন্দ্ৰ কৰিয়ে প্ৰায় ৪ বৰ্গকিলোমিটাৰ এলেকাজুৰি গঢ়ি উঠিছে এখন সৰু নগৰ। বৰ্তমান এই মন্দিৰত প্ৰায় ১৩০০০ কৰ্মী কৰ্মৰত হৈ আছে। [2]
তিৰুপতি মন্দিৰৰ জনশ্ৰুতি:
[সম্পাদনা কৰক]পৌৰাণিক আখ্যানমতে ভগৱান ভেংকটেশ্বৰে হেনো বিয়াৰ সময়ত কুবেৰৰপৰা বহু টকা ধাৰ কৰিছিল। সেই ধাৰ আজিও পৰিশোধ নোহোৱাত ভক্তসকলেই প্ৰণামিৰ ৰূপত ধন দিয়ে। অতীতৰ ৰজা-মহাৰজাৰ দান-বৰঙণিৰে তিৰুপতি মন্দিৰ ভাৰতৰ (সম্ভৱতঃ বিশ্বৰে) আটাইতকৈ সম্পদশালী দেৱ মন্দিৰ। মন্দিৰটোৰ বাৰ্ষিক আয় পাঁচ কোটি টকাৰো অধিক। মন্দিৰৰ উপাৰ্জিত ধনেৰে নানান সেৱামূলক আৰু শিক্ষামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়।
তথ্য সংগ্ৰহ:
[সম্পাদনা কৰক]- ↑ "Tirumala Tirupati Devastanamulu". Tirumala.org. Archived from the original on 6 August 2002. https://web.archive.org/web/20020806184716/http://www.tirumala.org/maintemple_main.htm। আহৰণ কৰা হৈছে: 17 June 2013.
- ↑ জ্ঞানাঞ্জন, প্ৰান্তিক, সংখ্যা: ১-১৫ ফেব্ৰুৱাৰী, ২০১৫, পৃষ্ঠা: ২১, লেখক শান্তনু কৌশিক বৰুৱা
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আধিকাৰিক ৱেবছাইট
- Tirupati Balaji Darshan Archived 2015-03-21 at the Wayback Machine
- Tirumala Sri Venkateswara Swamy Temple Archived 2015-02-23 at the Wayback Machine