ৱিকিপত্ৰিকা, এপ্ৰিল-২০১৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
অষ্টম বৰ্ষ | এপ্ৰিল | ২০১৯ | চতুৰ্থ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
বিন্দুৰ পৰা সিন্ধু হওঁক

প্ৰতিটো আৰম্ভণি শূণ্যৰ পৰাই হয়। মন্থৰ গতিৰেই হওঁক লাগে, এই যে এটা বিন্দুকে সিন্ধুৰ লক্ষ্যৰে যাত্ৰা আৰম্ভ হ'ল...ইয়াৰ শেষ কাহানিও নহৈ অসমীয়া ৱিকিপিডিয়া এদিন অক্ষয় ভাণ্ডাৰ হ'ব।

ৱিকিপিডিয়াৰ মঞ্চ খনক সকলোৱে সন্মান কৰে, তথ্য সম্বলিত বিষয় একোটাৰ গ্ৰহণ যোগ্যতাৰ দিশটোৰ বাবেই ৱিকিপিডিয়া অধিক নিৰ্ভৰযোগ্য অনলাইন ব্যৱস্থা।আন্তঃজালৰ জগত খনৰ বিষয়ে ভূ-ভা পোৱাৰ বহু পিছলৈ হে ৱিকিপিডিয়াৰ বিষয়ে জ্ঞাত হওঁ, ৱিকিপিডিয়া তথ্য ভঁৰাল হ'লেও এই তথ্য সমূহ অসমীয়া মাধ্যমত বা অসম ভিত্তিক পৰ্যাপ্ত তথ্য উপলব্ধ হোৱা নাই। অসমীয়া ৱিকিপিডিয়াই অসমীয়া মাধ্যমত তথ্য সংৰক্ষণ তথা সংবৰ্ধনৰ যি এক যাত্ৰাত আগবাঢ়িছে সেয়া ইতিমধ্যে জনপ্ৰিয় হৈছে। এই ব্যৱস্থাই জাতীয় ভাষা এটা সংৰক্ষণতো প্ৰচুৰ বৰঙণি আগবঢ়াব। বৰ্তমানৰ প্ৰেক্ষাপটত অসমীয়া ভাষাৰ অস্তিত্বৰ ৰক্ষাৰ লগতে নতুন প্ৰজন্মৰ মাজত ভাষাটোক শিক্ষণৰ প্ৰধান মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব বুলিও ভবাৰ থল আছে।

মোক অসমীয়া ৱিকিপিডিয়াৰ মঞ্চ খনলৈ আগবাঢ়ি অহাত সক্ৰিয় সদস্য, সু-হৃদ অজয় দাসে তেওঁৰ হাত এখন আগবঢ়াই দিছিল।তেওঁৰ ওচৰত সেয়ে কৃতজ্ঞ হৈ ৰ'লো।ৱিকিপিডিয়াই মোক মানসিক সন্তুষ্টি প্ৰদান কৰিছে। সময়ৰ মূল্যবোধ আৰু বহু নজনা কথা জানিবলৈ এখন মঞ্চ প্ৰদান কৰিছে। এই দিশৰ পৰা ৱিকিপিডিয়াৰে জড়িত সময় খিনি সেয়ে সন্তুষ্টিদায়ক বুলি ক'ব পাৰো।

সাধাৰণতে ভাল কাম কিছুমান অবিৰাম অবিৰত হৈ থাকিব লাগে। এই ভাল কাম বোৰক এটা গতি দি নৈৰ দৰে বৈ যাবলৈ দিব লাগে। এদিন এই নৈ এখন পাৰাপাৰহীন সাগৰত মিলিব। ৱিকিপিডিয়াত নতুন প্ৰৱন্ধ এটা সৃষ্টি কৰা, অনুবাদ কৰা, পুৰণা তথ্যৰে নতুনক সংযোজন কৰা, ফটো আদি অন্তৰ্ভুক্ত কৰা ইত্যাদি কাম বোৰৰে সকলো জ্ঞাত নহয়। বহু প্ৰতিভাবান আৰু আগ্ৰহী ব্যক্তিয়ে অজ্ঞতাৰ হেতু ৱিকিপিডিয়াত অৱদান আগবঢ়োৱা সেৱাত জড়িত হ'ব পৰা নায়। গতিকে সুবিধা অনুসৰি বিদ্যালয়-মহাবিদ্যালয় ইত্যাদি বোৰত যদি ৱিকিপিডিয়া সম্পাদনা সমিতিৰ দ্বাৰা কৰ্মশালা একোখন আয়োজন কৰি এই যাত্ৰাত আৰু অধিক সদস্যক অন্তৰ্ভুক্ত কৰিব পৰা যায় তেন্তে অধিক লাভবান হ'ব পৰা যাব বুলি ক'ব পাৰি। ন-সম্পাদক হিচাপে ময়ো বৰ্তমানলৈ বহু কাৰিকৰী কৌশল আয়ত্ব কৰিব পৰা নাই, সেয়ে মই নিজেও এজন এনে সুযোগৰ সন্ধানী।

কোৱা হয় উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ। আৰ্হিৰ আগত অসাধ্য বুলি একো থাকিব নোৱাৰে, গতিকে ইতিমধ্যে জড়িত হৈ থকা প্ৰতিজন সদস্যই এই আৰ্হি দেখুৱালে অসমীয়া ৱিকিপিডিয়াই যে নতুন এক মাত্ৰা লাভ কৰিব তাত কোনো সন্দেহ নায়।

শেষত, এপ্ৰিল মাহৰ ৱিকিপত্ৰিকাৰ সংখ্যাটোৰ বাবে সম্পাদকৰ মনৰ ভাৱ লিখিবলৈ দায়িত্ব আগবঢ়োৱাত মই ন-সম্পাদক হিচাপে সম্পাদনা সমিতিলৈ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনাকাংক্ষিত ভুলৰ বাবে মাৰ্জনা বিচাৰিছোঁ।

নয়ন জ্যোতি নাথ (talk) 16:41, 31 March 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
ঝুম্পা লাহিড়ী

নিলাঞ্জনা সুদেষ্ণা "ঝুম্পা" লাহিড়ী (জন্ম ১১ জুলাই, ১৯৬৭) এগৰাকী প্ৰখ্যাত আমেৰিকান সাহিত্যিক। চুটিগল্ল, উপন্যাস আৰু প্ৰবন্ধ লেখাসমূহৰ বাবে সুপৰিচিত লাহিড়ীয়ে শেহতীয়াকৈ ইটালীয় ভাষাতো সাহিত্যচৰ্চা কৰিবলৈ লৈছে।

লাহিড়ীৰ সাহিত্যৰাজিত মূলতঃ আমেৰিকাবাসী প্ৰৱাসী ভাৰতীয়সকলৰ অভিজ্ঞতা প্ৰকাশ পায়। তেওঁৰ প্ৰথমখন চুটি গল্পৰ সংকলন "ইন্টাৰপ্ৰিটাৰ অৱ্ মেলেডিজ" (১৯৯৯) এ কাহিনীৰ শাখাত পুলিৎজাৰ বঁটা পাবলৈ সক্ষম হৈছিল। কিতাপখনে পেন/হেমিংৱে এৱাৰ্ডো পাইছিল। তেওঁৰ প্ৰথম উপন্যাস দ্য নেমচেক (২০০৩) খন একে নামেৰে এখন জনপ্ৰিয় চলচ্চিত্ৰৰ ৰূপ দিয়া হৈছিল। তেওঁৰ দ্বিতীয় চুটিগল্পৰ সংকলন "আনএকাষ্টমড্ আৰ্থ্" (২০০৮) য়ে "ফ্ৰেংক অ'কনৰ ইন্টাৰনেশ্বনেল ছৰ্ট ষ্ট'ৰি এৱাৰ্ড" পাইছিল। ২০১১ চনৰ পৰা লাহিড়ীয়ে ইটালীৰ ৰোম চহৰত থাকিবলৈ লয়। ইয়াৰ পিছত তেওঁৰ দুখনকৈ নিৱন্ধ সংকলন প্ৰকাশ পাইছে আৰু ইটালীয় ভাষাত লিখা এখন উপন্যাসো প্ৰকাশৰ পথত আছে। তেওঁ নিজৰ আৰু আন কেইগৰাকীমান লেখকৰ ইটালীয় ভাষাৰ লেখা ইংৰাজীলৈ অনুবাদ কৰিছে।২০১৪ চনত লাহিড়ীক "নেশ্বনেল হিউমেনিটীজ্ মেডেল" প্ৰদান কৰা হৈছিল। সম্প্ৰতি তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ত এগৰাকী সৃজনীমূলক সাহিত্যচৰ্চাৰ অধ্যাপক।

আৰু পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মাৰ্চ-২০১৯ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. মীৰা নায়াৰ WLW logo puzzle piece.png
  2. তছলিমা নাছৰিনWLW logo puzzle piece.png
  3. বহুভাষাবাদ
  4. ‎চন্দ্ৰমুখী বসুWLW logo puzzle piece.png
  5. ‎ভৈৰৱকুণ্ড
  6. কাদম্বিনী গাংগুলীWLW logo puzzle piece.png
  7. বেথুন কলেজ
  8. পি. টি. উষাWLW logo puzzle piece.png
  9. শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয়WLW logo puzzle piece.png
  10. হিজামা
  11. গীতা গোপীনাথWLW logo puzzle piece.png
  12. ‎অল্গা লেডিজেংস্কায়াWLW logo puzzle piece.png
  13. আৰতি সাহাWLW logo puzzle piece.png
  14. অঞ্জলী গোপালনWLW logo puzzle piece.png
  15. ‎বিনেশ ফোগাটWLW logo puzzle piece.png
  16. ‎সৌম্যা স্বামীনাথনWLW logo puzzle piece.png
  17. ‎মিৰি জীয়ৰী
  18. ‎ৰীতা ফাৰিয়াWLW logo puzzle piece.png
  19. ‎১০ মাৰ্চ
  20. ১১ মাৰ্চ
  21. সাংখ্য দৰ্শন
  22. নীতা আম্বানীWLW logo puzzle piece.png
  23. ‎ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৯
  24. অনিতা দেশাইWLW logo puzzle piece.png
  25. যোগ দৰ্শন
  26. ঝুম্পা লাহিড়ীWLW logo puzzle piece.png
  27. ১২ মাৰ্চ
  28. বেবে নানকী
  29. ছন্নো দেৱীWLW logo puzzle piece.png
  30. ১৫ মাৰ্চ
  31. অসীমা চেটাৰ্জীWLW logo puzzle piece.png
  32. ‎চিন্নাৰী পেল্লিকুথুৰুWLW logo puzzle piece.png
  33. ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২WLW logo puzzle piece.png
  34. হিন্দু বিধবা পুনৰ্বিবাহ আইন, ১৮৫৬WLW logo puzzle piece.png
  35. মনোহৰ পাৰিকৰ
  36. প্ৰেম বিবাহWLW logo puzzle piece.png
  37. ৰাজিয়া চুলতানাWLW logo puzzle piece.png
  38. ভি. মোহিনী গিৰিWLW logo puzzle piece.png
  39. কাৰেণ উলেনবেকWLW logo puzzle piece.png
  40. শীলা দিক্ষিতWLW logo puzzle piece.png
  41. প্ৰাগজ্যোতিষপুৰ ৰাজ্য
  42. পিনাকী চন্দ্ৰ ঘোষ
  43. বাল্যবিবাহ নিষেধ আইন, ২০০৬WLW logo puzzle piece.png
  44. ইন্দু মলহোত্ৰাWLW logo puzzle piece.png
  45. ৰাজকুমাৰী অমৃত কৌৰWLW logo puzzle piece.png
  46. গান্ধাৰীWLW logo puzzle piece.png
  47. হিড়িম্বাWLW logo puzzle piece.png
  48. শোভা দেWLW logo puzzle piece.png
  49. কমলা সাহানীWLW logo puzzle piece.png
  50. তোলনি বিয়াWLW logo puzzle piece.png
  51. কাৰ্বন ডাই অক্সাইড
  52. মল্লিকা সাৰাভাইWLW logo puzzle piece.png
  53. ভিখাজী কামাWLW logo puzzle piece.png
  54. শৰ্মিলা ঠাকুৰWLW logo puzzle piece.png
  55. সান্ত্বনা বৰদলৈWLW logo puzzle piece.png
  56. ধূমাৱতীWLW logo puzzle piece.png
  57. কমলাবাঈ গোখলেWLW logo puzzle piece.png
  58. আন্না ৰাজম মলহোত্ৰাWLW logo puzzle piece.png
  59. আশাপূৰ্ণা দেৱীWLW logo puzzle piece.png
  60. সৰোজ খানWLW logo puzzle piece.png
  61. ডায়েনা এডুলজিWLW logo puzzle piece.png
  62. স্মৃতি ইৰানীWLW logo puzzle piece.png
  63. কামিনী ৰায়WLW logo puzzle piece.png
  64. উমা ভাৰতীWLW logo puzzle piece.png
  65. জানকী অম্মলWLW logo puzzle piece.png
  66. তুমি মোৰ মাথোঁ মোৰ
  67. ‎কেৰেলাৰ মুছলমানসকলৰ মাজত বাল্য বিবাহWLW logo puzzle piece.png
  68. ‎ৰামন পৰিমালাWLW logo puzzle piece.png
  69. আগথা চাংমাWLW logo puzzle piece.png
  70. ইউছুফ এষ্টেছ
  71. ‎যমুনা বৰুৱাWLW logo puzzle piece.png
  72. ‎কুঞ্জৰাণী দেৱীWLW logo puzzle piece.png
  73. ফুলেশ্বৰী কুঁৱৰীWLW logo puzzle piece.png
  74. ‎বিউটি শৰ্মা বৰুৱাWLW logo puzzle piece.png
  75. চাইখম মীৰাবাই চানুWLW logo puzzle piece.png
  76. ‎আয়াত
  77. ‎ছাহাবাWLW logo puzzle piece.png
  78. শালুমাৰাদা থিম্মাক্কাWLW logo puzzle piece.png
  79. তীজান বাঈWLW logo puzzle piece.png
  80. বৰষা দত্তWLW logo puzzle piece.png
  81. ‎মামাং দাইWLW logo puzzle piece.png
  82. ‎লক্ষ্মী আগৰৱালWLW logo puzzle piece.png
  83. দেৱদাসীWLW logo puzzle piece.png
  84. ‎কৰ্ণম মালেশ্বৰীWLW logo puzzle piece.png
  85. ‎মনু ভাকৰ
  86. ‎অঞ্জলি গুপ্তাWLW logo puzzle piece.png
  87. ২৫ মাৰ্চ
  88. ‎২৪ মাৰ্চ
  89. বিনালক্ষ্মী নেপ্ৰামWLW logo puzzle piece.png
  90. প্ৰমিলা ৰাণী ব্ৰহ্মWLW logo puzzle piece.png
  91. টেমচুলা আওWLW logo puzzle piece.png
  92. লাইশ্ৰাম চৰিতা দেৱীWLW logo puzzle piece.png
  93. সুস্মিতা সেনWLW logo puzzle piece.png
  94. বেঙ্গল সতী নিয়মাৱলী, ১৮২৯WLW logo puzzle piece.png
  95. ‎ৰাণী লক্ষ্মীবাইWLW logo puzzle piece.png
  96. পত্ৰলেখা পালWLW logo puzzle piece.png
  97. অহল্যাবাঈ হলকাৰWLW logo puzzle piece.png
  98. মালাবাৰ বিবাহ আইন, ১৮৯৬WLW logo puzzle piece.png
  99. সুচিত্ৰা সেনWLW logo puzzle piece.png
  100. নাজিয়া হাচানWLW logo puzzle piece.png

WLW logo puzzle piece.png এই চিহ্নই ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ৰ অংশ হিচাপে সৃষ্টি প্ৰবন্ধসমূহ সূচাইছে।

Camera font awesome.svg
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
Xutuli( Assamese সুতুলি).JPG
অসমব’হাগ বিহুৰ এক বাদ্যযন্ত্ৰ সুতুলি। মাটিৰে তৈয়াৰ কৰা এই সুতুলিৰ অসমীয়া সমাজত এক সুকীয়া আসন আছে।
আলোকচিত্ৰশিল্পী: অভিজিত কলিতা
Trophy font awesome.svg
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
Barnstar mex gold.pngমাৰ্চ (২০১৯) মাহৰ ৱিকিপিডিয়ান
গীতাৰ্থ বৰদলৈ
Allaroundamazingbarnstar.pngঅমূল্য অৱদান পদক
অজয় দাস
Photographer Barnstar.pngফটোগ্ৰাফাৰৰ পদক
দিব্য দত্ত
New editor delivery Hires.pngপ্ৰতিভাবান ন-সম্পাদকৰ পদক
নয়ন জ্যোতি নাথ
Goldenwiki 2.pngFeatured Wikimedian
জলি ৰুমী বৰা
Team Barnstar Hires.pngThe Teamwork Barnstar
চাণক্য কুমাৰ দাস
Team Barnstar Hires.pngThe Teamwork Barnstar
বিদ্যুৎ শৰ্মা
Team Barnstar Hires.pngThe Teamwork Barnstar
অজয় দাস
Team Barnstar Hires.pngThe Teamwork Barnstar
নয়ন জ্যোতি নাথ
Team Barnstar Hires.pngThe Teamwork Barnstar
নৱজ্যোতি লহকৰ
Team Barnstar Hires.pngThe Teamwork Barnstar
প্ৰিয়াংকুশ ডেকা
Wiki Loves Women Logo (as).pngWLWI2019 Special Award
অজয় দাস
Wiki Loves Women Logo (as).pngWLWI2019 Special Award
নয়ন জ্যোতি নাথ
Wiki Loves Women Logo (as).pngWLWI2019 Special Award
প্ৰিয়াংকুশ ডেকা
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৫৩৮৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত গ্ৰন্থৰ সংখ্যা ৯৯ খনলৈ বৃদ্ধি পালে।
  • ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰাৰ অৰ্থে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰিবলৈ ১০ ফেব্ৰুৱাৰী,২০১৯ - ৩১ মাৰ্চ,২০১৯ লৈ আয়োজিত সম্পাদনা মাৰাথন ৱিকি লাভ্‌ছ ৱুমেন- ভাৰত ২০১৯ত মুঠ ১১১ টা প্ৰবন্ধ যোগ দিয়া হয় ৷ এই সম্পাদনা মেলাত অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা আঠগৰাকী সদস্যই অংশগ্ৰহণ কৰে৷ ইয়াৰে অজয় দাসে ৫০+ প্ৰবন্ধ সৃষ্টিৰে বিশেষ বৰঙণি আগবঢ়ায়।
  • ৱিকিউৎসত মাৰ্চ ২০১৯ মাহটোক ৰজনীকান্ত বৰদলৈ মাহ হিচাপে পালন কৰা হয়৷ এইমাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-
    • নিৰ্ম্মল ভকত (১৯১০)- সম্পূৰ্ণ
    • মিৰি-জীয়ৰী (১৮৯৪)- বৈধকৰণ বাকী
    • মনোমতী (১৯০০)- মুদ্ৰণ সংশোধন বাকী
    • ৰঙ্গিলী (১৯২৫)- বৈধকৰণ বাকী
    • ছুটিয়া বুৰঞ্জী (১৯২৫)- মুদ্ৰণ সংশোধন বাকী
    • অসমীয়া ল'ৰাৰ ব্যাকৰণ (১৮৯০)- বৈধকৰণ বাকী


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • Instagram logo 2022.svg ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


Bullhorn font awesome.svg ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য ৱিকিপিডিয়াৰ সম্পাদনা সংখ্যা ৱিকিউৎসৰ সম্পাদনা সংখ্যা ৱিকিকমনছৰ সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
গীতাৰ্থ বৰদলৈ ১৩৫ ৬৪২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ১৪৮ ৬১৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ২২৫ ৫৭ ২৪৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি ৰুমী বৰা ৬৫ ২১২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ১৮২ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নৱজ্যোতি ১৬০ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰিয়াংকুশ ডেকা ১৫৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ ৪৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Mriganka Reading ৪৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ বাবুল বৈশ্য ৩৯ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।