অঞ্জলী গোপালন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অঞ্জলী গোপালন

২০০৯ চনত অঞ্জলী গোপালন
জন্ম ১ ছেপ্টেম্বৰ, ১৯৫৭ (৬৬ বছৰ)
চেন্নাই, ভাৰত[1]
বাসগৃহ নতুন দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
পেচা এলজিবিটি অধিকাৰ কৰ্মী,[2] নাজ ফাউণ্ডেচনৰ কাৰ্যবাহী সঞ্চালক[3]
বঁটা, সন্মান, পুৰস্কাৰ আদি লেজিয়ন ডি'অনৰ (২০১৩)

অঞ্জলী গোপালন (জন্ম ১ ছেপ্টেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় মানৱধিকাৰ আৰু পশু অধিকাৰ কৰ্মী। তেওঁ ঘাইকৈ এলজিবিটি সম্প্ৰদায়ৰ অধিকাৰ হকে কাম কৰে। তেওঁ বেচৰকাৰী সংগঠন নাজ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বৰ্তমান কাৰ্যবাহী সঞ্চালক। নাজ ফাউণ্ডেচননে মহিলা, শিশু, তৃতীয় লিংগ আৰু এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিৰ মাজত এইড্‌ছৰ সজাগতা সৃষ্টি কৰে। ভাৰতত সমকামী, লেছবিয়ান, উভকামী, ৰূপান্তৰিত লিংগ, হিজিৰা, তৃতীয় লিংগ ইত্যাদিৰ অধিকাৰ বাবে তেওঁ বহুতো কাম কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হল ভাৰতীয় দণ্ডবিধি আইনৰ দফা ৩৭৭ বিলুপ্তিৰ বাবে দিল্লী উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত গোচৰ দিয়া। তেওঁৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত ২০১৮ চনত এই দফা উচ্চতম ন্যায়ালয়ে অসংবিধানীক হিচাপে ৰায় দিয়ে। তেওঁ ভাৰতৰ বিভিন্ন ঠাইত এলজিবিটিকিউ সম্প্ৰদায়ৰ গৌৰৱ যাত্ৰাও অনুষ্ঠিত কৰে। তেওঁ ২০১২ চনৰ টাইম আলোচনীৰ বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছিল।[4] ২০১৩ চনত তেওঁ ফ্ৰান্স চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান লেজিয়ন ডি'অনৰ লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৫৭ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ ৰাজধানী চেন্নাইত অঞ্জলী গোপালনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ডাঃ কে.আৰ. গোপালন ভাৰতীয় বায়ু সেনাৰ বিষয়া আৰু পঞ্জাবী সম্প্ৰদায়ৰৰ মাতৃ গৃহিনী। তেওঁ লক্ষ্ণৌৰ লা মাৰ্টিনিয়েৰত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ গ্ৰহণ কৰিছিল।

তেওঁ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ উভয়তে শিক্ষা গ্ৰহণ কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত লেডী শ্ৰী ৰাম কলেজৰ পৰা তেওঁ ৰাজনীতি বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ সাংবাদিকতাৰ পোষ্টগ্ৰেজুৱেট ডিপ্লমা আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

অঞ্জলীয়ে প্ৰায় এটা দশক নিউয়ৰ্ক মহানগৰৰ এক সন্থাত কাম কৰিছিল। এই সন্থায়ে জৰুৰী কাগজ-পত্ৰ নোহোৱাকৈ আমেৰিকালৈ যোৱা দক্ষিণ-পূব এছিয়াৰ মানুহক সহায় কৰে। পিছলৈ তেওঁ ভাৰতলৈ আহে আৰু নাজ ফাউণ্ডেচন গঠন কৰে। নাজ ফাউণ্ডেচনে এইড্‌ছৰ দ্বাৰা পীড়িত বহুতো মহিলা, শিশু আৰু এলজিবিটি সম্প্ৰদায়ৰৰ লোকক নতুন জীৱন সলনি কৰে।[1][5] ১৯৯৪ চনত তেওঁ দিল্লীত প্ৰথমখন এইছআইভি ক্লিনিক স্থাপন কৰে। ২০০০ চনত তেওঁ দেশৰ প্ৰথমখন এইছআইভিৰ দ্বাৰা আক্ৰান্ত শিশু আৰু মহিলাৰ অনাথলয় স্থাপন কৰে।

২০০১ চনত তেওঁৰ সংগঠন নাজ ফাউণ্ডেচনে এলজিবিটি সম্প্ৰদায়ৰ অধিকাৰৰ বাবে ভাৰতীয় দণ্ডবিধি আইনৰ দফা ৩৭৭ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত এক জনহীতৰ গোচৰ দিয়ে। ২০০৯ চনত উচ্চ ন্যায়ালয়ে তেওঁৰ পক্ষত ৰায় দিয়ে আৰু এই দফা অসংবিধানিক বুলি ঘোষণা কৰে।

২০১৩ চনত উচ্চতম ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিপক্ষে ৰায় দিয়ে আৰু ধাৰা ৩৭৭ বাহাল ৰাখে। তেওঁ পুনৰ এই ৰায়ৰ বিবেচনাৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ত আকৌ গোচৰ দিয়ে। তেওঁৰ প্ৰচেষ্টাতে ২০১৮ চনত উচ্চতম ন্যায়ালয়ৰ পাঁচ গৰাকী ন্যায়াধীশৰ সংবিধানিক পীঠে ধাৰা ৩৭৭ সম্পূৰ্ণ অসংবিধানিক হিচাপে ৰায় দিয়ে।

মাদুৰাইত অনুষ্ঠিত এছিয়াৰ প্ৰথম জেণ্ডাৰ কুইয়াৰ গৌৰৱ যাত্ৰাত গোপী শংকৰ মাদুৰাই আৰু অঞ্জলী গোপালন[6][7]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

অঞ্জলী গোপালনে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ২০০১ চনত তেওঁ কমনৱেলথ বঁটা লাভ কৰিছিল। ২০০৩ চনত এইডছৰ লগত যুঁজি থকা ব্যক্তিসকলক সহায় কৰাৰ বাবে চেন্নাইৰ মানৱসেৱা ধৰ্ম সম্বৰ্ধনীয়ে তেওঁক সৎগুৰু জ্ঞাননন্দ বঁটা প্ৰদান কৰে। ২০০৭ চনৰ মাৰ্চ মাহত তেওঁ ভাৰতৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ দ্বাৰা সন্মানিত হৈছিল। ২০১২ চনত তেওঁ এছিয়াৰ প্ৰথম জেণ্ডাৰ কুইয়াৰ গৌৰৱ যাত্ৰা এলান ট্যুৰিং ৰামধেনু উৎসৱ উদ্বোধন কৰিছিল। ইয়াৰ লগতে তেওঁ সৃষ্টি মাদুৰাইৰ মুখ্য উপদেষ্টাৰ অসনো অলংকৃত কৰিছিল।

২০১৩ চনৰ ২৫ অক্টোবৰ তাৰিখে তেওঁ ফ্ৰান্স চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান লেজিয়ন ডি'অনাৰ লাভ কৰে। এই বঁটা লাভ কৰা তেওঁ প্ৰথম তামিল মহিলা। ২০১৪ চনত লিমকা বুক অফ ৰেকৰ্ডে তেওঁক বৰ্ষশ্ৰেষ্ঠ ব্যক্তি হিচাপে সন্মানিত কৰে।

অঞ্জলী গোপালন সৃষ্টি সামাজিক ন্যায় আৰু সংবাদিকতা বঁটা[সম্পাদনা কৰক]

সৃষ্টি মাদুৰাই সংগঠনে তেওঁৰ নামেৰে অঞ্জলী গোপালন সৃষ্টি সামাজিক ন্যায় আৰু সংবাদিকতা বঁটা প্ৰদান কৰে। টাইমছ অফ ইণ্ডিয়াৰ সাংবাদিকদ্বয় ভি. মায়িলভাগণন আৰু ভি. নাৰায়ণস্বামীয়ে লাভ কৰিছিল।[8]

তথ্য উৎস[সম্পাদনা কৰক]