ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২
Emblem of India.svg
১৮৭২ চনৰ ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ভাৰতীয় খ্ৰীষ্টানসকলৰ আইনী বিয়াৰ বাবে ভাৰতৰ সংসদীয় আইন
ভাষ্য ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২
ভৌগোলিক পৰিসীমা জম্মু আৰু কাশ্মীৰ, মণিপুৰ আৰু কোচিনৰ বাদে সমগ্ৰ ভাৰত
গৃহীত কৰে ভাৰতীয় সংসদ
কাৰ্যকৰী হোৱা তাৰিখ ১৮ জুলাই ১৮৭২
আৰম্ভ হয় ১৮ জুলাই ১৮৭২

ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২ ভাৰতীয় সংসদৰ দ্বাৰা গৃহীত এখন আইন। ভাৰতত বসবাস কৰা খ্ৰীষ্টানধৰ্মালম্বী সকলৰ বিবাহক আইনী স্বীকৃতি আৰু নিয়ন্ত্ৰণ কৰে এই আইনৰ মূল উদ্দেশ্য। ১৮৭২ চনৰ ১৮ জুলাই তাৰিখে এই আইন গৃহীত কৰা হৈছিল। জম্মু আৰু কাশ্মীৰ, মণিপুৰ আৰু কোচিনৰ বাদে সমগ্ৰ ভাৰত এই আইন প্ৰযোজ্য হয়।[1]

এই আইন মতে বিবাহৰ বাবে উভয় পক্ষৰ অন্তত এগৰাকী যদি খ্ৰীষ্টান হয় তেন্তে বিবাহ বৈধ হব। এই আইন মতে বিবাহ সম্পন্ন কৰিবলৈ এগৰাকী বিশেষ ব্যক্তিৰ প্ৰয়োজন। তেওঁ ভাৰতৰ যিকোনো গীৰ্জাৰ নিযুক্ত কৰ্মচাৰী বা স্কটলেণ্ডৰ গীৰ্জাৰ এজন পাদুৰী বা বিবাহ পঞ্জীয়ক বা চৰকাৰৰ পৰা বিশেষ অনুমতিপ্ৰাপ্ত ব্যক্তি হব পাৰে। ইয়াৰে ভিতৰত যিকোনো এজন ব্যক্তিয়ে ইচ্ছুক দম্পতিৰ বিবাহ সম্পন্ন কৰিব পাৰে।[2] বিবাহ সম্পন্ন হোৱাৰ পিছত নবদম্পতিক বিবাহৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এই প্ৰমানপত্ৰৰ দ্বাৰা তেওঁলোকে ভাৰত চৰকাৰৰ দ্বাৰা নিযুক্ত বিবাহ পঞ্জীয়কে বিবাহ পঞ্জীয়ন কৰে। অন্য ভাৰতীয় বিবাহ আইনৰ নিচিনা এই আইনতো পাত্ৰৰ ন্যূনতম বয়স ২১ বছৰ আৰু পাত্ৰীৰ বয়স ১৮ বছৰ সম্পূৰ্ণ হোৱাটো বাধ্যতামূলক।[3]

এই বিবাহ পুৱা ৬ বজাৰ পৰা আবেলি ৭ বজাৰ ভিতৰত সম্পন্ন কৰা বাঞ্চনীয় নহলে বিবাহ সম্পন্ন কৰা ব্যক্তিজনে বিশেষ অনুমতি লোৱাৰ প্ৰয়োজন। এই বিয়া সাধাৰণতে কোনো গীৰ্জাত অনুষ্ঠিত হয়। কোনো বিশেষ ক্ষেত্ৰত যদি পাঁচ মাইল দূৰত্বৰ ব্যৱধানত কোনো গীৰ্জা নাথাকিলে এক উপযুক্ত অন্য ঠাই বাচনি কৰিব পাৰে।[1]

বিবাহৰ চৰ্তাৱলী আৰু প্ৰয়োজনীয়তা[সম্পাদনা কৰক]

এই আইন অনুসৰি সম্পন্ন হোৱা বিবাহ কেৱল নিম্নলিখিত চৰ্তাৱলীৰ বাবে বৈধ হবে, সেইকেইটা হ'ল:[3]

  • পাত্ৰৰ ন্যূনতম বয়স অন্তত ২১ বছৰ হব লাগিব
  • পাত্ৰীৰ ন্যূনতম বয়স অন্তত ১৮ বছৰ হব লাগিব
  • দুয়ো পক্ষৰ মাজৰ এই চুক্তি মুক্ত আৰু ইচ্ছামূলক হব লাগিব আৰু কোনো বাধ্যবাধকতা, প্ৰভাৱ অথবা ভয়ৰ দ্বাৰা প্ৰৰোচিত হব নোৱাৰিব
  • বিবাহৰ সাক্ষী হিচাপে দুগৰাকী নিৰ্ভৰযোগ্য প্ৰত্যক্ষদৰ্শী সাক্ষী আৰু এজন বিশেষ অনুমতিপ্ৰাপ্ত বিবাহ সঞ্চালক ব্যক্তি উপস্থিত থকাটো বাঞ্চনীয়

বিবাহ বিচ্ছেদ[সম্পাদনা কৰক]

ভাৰতত খ্ৰীষ্টান বিবাহ বিচ্ছেদ, ১৮৬৯ চনৰ ভাৰতীয় বিবাহবিচ্ছেদ আইন (বিভাগ ১০ৰ অধীনত) অনুসৰি, নিম্নলখিত তিনটা চৰ্তমতে হ'ব পাৰে;[4]

  • বিভাগ ১০এৰ অনুসৰি (২০০১ চনৰ সংশোধনৰ মতে) উভয় পক্ষৰ পাৰস্পৰিক সন্মতিৰ দ্বাৰা বিবাহবিচ্ছেৰ বাবে আবেদন জনাব পাৰে
  • ধাৰা ১০ (১) অনুসৰি, যি কোনো পক্ষয়ে বিবাহ বিচ্ছেদ বিচাৰিব পাৰিব, যদিহে কোনো পক্ষৰ মানসিক অসুস্থতা থাকে। ইয়াৰো দুটি চৰ্ত আছে:
    • চিকিৎসা বিজ্ঞানৰ মতে প্ৰমাণ কৰিব লাগিব যে এই অসুস্থতা কেতিয়াও ভাল নহয়
    • প্ৰাসংগিক অসুস্থতাৰ লক্ষণসমূহ বিবাহ বিচ্ছেদৰ আবেদনৰ কমেও দুবছৰ আগৰ পৰা দেখা দিব লাগিব। যদি কোনো সময়ত অসুস্থতাৰ চিকিৎসা কৰোৱা হয়, কিন্তু শেষ পৰ্যন্ত অসুখটোক চিকিৎসাৰ আওঁতাৰ বাহিৰত গুচি যায়, তেতিয়া এই দুই বছৰৰ ম্যাদ অসুস্থতাক দুৰাৰোগ্য ঘোষণা কৰা তাৰিখৰ পৰা গণনা কৰা হয়
  • মহিলাসকলে তিনিটা বিশেষ ভিত্তিত ধাৰা ১০ (২) ৰ অধীনত বিবাহবিচ্ছেদৰ বাবে আবেদন জনাব পাৰে, সেইকেইটা হল: ধৰ্ষণ, পায়ুকাম আৰু পশুকামিতা

ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৯৭২ৰ অধীনত বিবাহিত মহিলায়ে ভাৰতীয় বিবাহবিচ্ছেদ আইন, ১৯৬৯ৰ মতে বিবাহ বিচ্ছেদ কৰিব পাৰে।[5]

অপৰাধ[সম্পাদনা কৰক]

এই বিবাহ সঞ্চালন কৰা ব্যক্তি গৰাকী যদি উপযুক্ত কৃৰ্তপক্ষৰ দ্বাৰা বিশেষ অনুমতিপ্ৰাপ্ত নহয় বা কোনো গীৰ্জাৰ দ্বাৰা স্বীকৃত নহয় তেন্তে তেওঁক সাত বছৰৰ পৰা দহ বছৰলৈ কাৰাদণ্ডৰ বিধান আছে।[1] ইয়াৰ লগতে দুয়ো পক্ষৰ বিবাহৰ প্ৰয়োজনীয় অৰ্হতা খিনিৰ ভুল তথ্য যোগান ধৰিলেও আইন মতে দণ্ডনীয়।

পুনৰ্বিবাহ[সম্পাদনা কৰক]

বিশেষ বিবাহ আইন, ১৯৫৪ অনুসৰি যিকোনো ধৰ্মৰ মহিলায়ে কোনো ধৰ্মীয় অনুষ্ঠানৰ অবিহনে বিবাহ বা পুনৰ বিবাহ কৰিব পাৰে।[6]

তথ্য উৎস[সম্পাদনা কৰক]