ভি. মোহিনী গিৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভি মোহিনী গিৰি

২০০৭ চনৰ ২৩ মাৰ্চত ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ভি মোহিনী গিৰিক পদ্মভূষণ বঁটা প্ৰদান কৰাৰ মুহূৰ্ত্তত
জন্ম ১৯৩৮ (বয়স ৮৫–৮৬)[1]
লক্ষ্ণৌ, উত্তৰ প্ৰদেশ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সমাজকৰ্মী

ভি মোহিনী গিৰি (জন্ম ১৯৩৮) এগৰাকী ভাৰতীয় সমাজ সেৱিকা আৰু কৰ্মী (activist)। তেওঁ নতুন দিল্লীত অৱস্থিত গিল্ড অব চাৰ্ভিছ (Guild of Service) নামৰ সংগঠনটোৰ সভানেত্ৰী। ১৯৭৯ চনত প্ৰতিষ্ঠিত এই সংগঠনটোৱে মহিলা আৰু শিশুৰ শিক্ষা, কৰ্মসংস্থাপন আৰু আৰ্থিক সবলীকৰণৰ হকে কাম কৰি আহিছে।[2][3] ১৯৭২ চনত তেওঁ নতুন দিল্লীত ৱাৰ ৱিড’জ এছ’ছিয়েছ’ন (War Widows Association) নামৰ সংগঠন এটাও প্ৰতিষ্ঠা কৰে। ১৯৯৫ চনৰ পৰা ১৯৯৮ লৈ ভি মোহিনী গিৰিয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগ (National Commission for Women)-ৰ সভানেত্ৰী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰে।[4]

২০০৭ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰে।[5]

শৈশৱ আৰু শিক্ষা[সম্পাদনা কৰক]

ভি মোহিনী গিৰিৰ জন্ম হৈছিল ১৯৩৮ চনত লক্ষ্ণৌত। তেওঁৰ পিতৃ শিক্ষাবিদ ভি এছ ৰাম। ভি মোহিনী গিৰিয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[6] তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাচীন ভাৰতৰ ইতিহাসৰ অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্ত্তীকালত তেওঁ জি বি পণ্ট বিশ্ববিদ্যালয় (G.B. Pant University) ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।[7]

মোহিনী গিৰি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ বোৱাৰী।[1]

কেৰিয়াৰ[সম্পাদনা কৰক]

গিৰিয়ে এগৰাকী শিক্ষাবিদ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ত মহিলা শিক্ষাৰ বিভাগ প্ৰতিষ্ঠা কৰে।[6] ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পিছত তেওঁ ১৯৭২ চনত নতুন দিল্লীত ৱাৰ ৱিড’জ এছ’ছিয়েছ’ন (War Widows Association) নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে।[8] ২০০০ চনত তেওঁ দক্ষিণ এছিয়াৰ ৱ’মেনছ ইনিচিয়েটিভ অব পিচ ( Women’s Initiative for Peace) প্ৰতিষ্ঠাপক সদস্য হয়।[7]

ভি মোহিনী গিৰি নিউ ৱৰ্কত প্ৰতিষ্ঠিত আন্তৰ্জাতিক সংগঠন ’The Hunger Project’ ৰ বৰ্ডৰ সদস্যা।[9]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • জীৱনজোৰা কৃতিত্বৰ বঁটা ২০১১, ৰাষ্ট্ৰসংঘ (Lifetime Achievement Award for building a society for all ages by NGO Committee on Ageing, United Nations, 2011)
  • পদ্মভূষণ বঁটা, ভাৰত চৰকাৰ
  • ৰাজীৱ গান্ধী শিৰোমণি বঁটা (Rajiv Gandhi Shiromani Award)
  • আন্তঃৰাষ্ট্ৰীয় শান্তিৰ বঁটা (International Peace Award)
  • মিট্টাল বঁটা (Sat Paul Mittal Award of Appreciation for Outstanding Service to humanity)

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "V. Mohini Giri Profile". Guild for Service. Archived from the original on 2014-03-12. https://web.archive.org/web/20140312214039/http://guildforservice.org/biodata.php। আহৰণ কৰা হৈছে: 2014-02-11. 
  2. Pisharoty, Sangeeta Barooah (27 August 2013). "Silver years defined". The Hindu. http://www.thehindu.com/features/metroplus/society/silver-years-defined/article5061727.ece। আহৰণ কৰা হৈছে: 2014-02-11. 
  3. "Interview with Dr. Mohini Giri". aarpinternational.org. 1 September 2010. Archived from the original on 2013-10-03. https://web.archive.org/web/20131003014300/http://www.aarpinternational.org/resource-library/resources/interview-with-dr--mohini-giri। আহৰণ কৰা হৈছে: 2014-02-12. 
  4. "Chairpersons of the Commission". NCW Official website. http://ncw.nic.in/frmListChairpersons.aspx। আহৰণ কৰা হৈছে: 2014-02-11. 
  5. "Padma Awards Directory (1954–2009)". Ministry of Home Affairs. Archived from the original on 10 May 2013. https://web.archive.org/web/20130510095705/http://www.mha.nic.in/pdfs/LST-PDAWD.pdf। আহৰণ কৰা হৈছে: 23 March 2013. 
  6. 6.0 6.1 "Illustrious alumni recall glorious days at Lucknow University". The Times of India. 26 November 2013. Archived from the original on 2014-02-12. https://archive.today/20140212173552/http://articles.timesofindia.indiatimes.com/2013-11-26/lucknow/44485747_1_library-cards-khuda-alumni। আহৰণ কৰা হৈছে: 2014-02-12. 
  7. 7.0 7.1 "Dr. V. Mohini Giri profile". The Hunger Project. Archived from the original on 2014-02-18. https://web.archive.org/web/20140218090821/http://www.thp.org/who_we_are/board_of_directors/v_mohini_giri। আহৰণ কৰা হৈছে: 2014-02-11. 
  8. "History". War Widows Association, New Delhi, India. http://www.warwidowsindia.org/history.html। আহৰণ কৰা হৈছে: 2014-02-11. 
  9. "Global Board of Directors and Officers". The Hunger Project. Archived from the original on 22 February 2014. https://web.archive.org/web/20140222174712/http://www.thp.org/who_we_are/board_of_directors। আহৰণ কৰা হৈছে: 11 February 2014.