সমললৈ যাওক

স্মৃতি ইৰানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্মৃতি ইৰানী
স্মৃতি ইৰানী
ভাৰতৰ বস্ত্ৰমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৭ জুলাই ২০১৬
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
সহকাৰী অজয় টামতা
ৰাজ্যিক মন্ত্ৰী
পূৰ্বসূৰী সন্তোষ গাংৱাৰ (স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী)
ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী
কাৰ্যকাল
১৮ জুলাই ২০১৭  ১৪ মে ২০১৮
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
সহকাৰী ৰাজ্যবৰ্ধন সিং ৰাঠোৰ (ৰাজ্যিক মন্ত্ৰী)
পূৰ্বসূৰী ভেংকাইয়া নাইডু
উত্তৰসূৰী ৰাজ্যবৰ্ধন সিং ৰাঠোৰ (স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী)
মানৱ সম্পদ উন্নয়ন মন্ত্ৰী
কাৰ্যকাল
২৬ মে ২০১৪  ৫ জুলাই ২০১৬
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
সহকাৰী উপেন্দ্ৰ কুছস্বাহা (ৰাজ্যিক মন্ত্ৰী) আৰু ৰাম শংকৰ কাঠেৰীয়া (ৰাজ্যিক মন্ত্ৰী)
পূৰ্বসূৰী এম.এম. পাল্লাম ৰাজু
উত্তৰসূৰী প্ৰকাশ যাৱৰেকৰ
গুজৰাটৰ পৰা ৰাজ্যসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯ আগষ্ট ২০১১
ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯ আগষ্ট ২০১১
ব্যক্তিগত তথ্য
জন্ম
স্মৃতি মলহোত্ৰা

২৩ মাৰ্চ, ১৯৭৬ (৫০ বছৰ)[1]
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী জুবিন ইৰানী (বি. ২০০১)
সন্তান
বাসস্থান মুম্বাই
পেচা ৰাজনৈতিক নেতা, অভিনেত্ৰী

স্মৃতি জুবিন ইৰানী (ইংৰাজী: Smriti Zubin Irani; জন্মৰ নাম: স্মৃতি মলহোত্ৰা; জন্ম ২৩ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা পূৰ্বৰ মডেল, টেলিভিছন অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ গুজৰাট ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ। তেওঁৰ ভাৰত চৰকাৰৰ বৰ্তমান বস্ত্ৰমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে।[2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭৬ চনৰ ২৩ মাৰ্চ তাৰিখে ভাৰতৰ ৰাজধানী নতুন দিল্লীত স্মৃতি মলহোত্ৰাৰ জন্ম হৈছিল। তেওঁৰ মাতৃ শিৱানী বাগছি বঙালী সম্প্ৰদায়ৰ আৰু পিতৃ অজয় কুমাৰ মলহোত্ৰা পঞ্জাবী-মাৰাঠী সম্প্ৰদায়ৰ।[1][3][4] তেওঁ তিনিগৰাকী ভনীয়েকৰ ভিতৰত জ্যেষ্ঠ।[5][6]

তেওঁৰ ককা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আৰু মাতৃ ভাৰতীয় জনসংঘৰ সদস্য আছিল। সেয়ে শৈশৱৰ পৰায়ে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিল।[7] তেওঁ নতুন দিল্লীৰ হলী চাইল্ড অক্সিলাম স্কুলৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয়। পিছলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অফ অপেন লাৰ্নিংত নামভৰ্তি কৰে।[8][9] তাত তেওঁ বি.কম. প্ৰথম ভাগৰলৈকে অধ্যয়ন কৰে। তেওঁ স্নাতক ডিগ্ৰী লাভ নকৰাকৈ পঢ়াশুনা সীমানতে সামৰে।

অভিনয় জীৱন

[সম্পাদনা কৰক]

স্মৃতি ইৰানীয়ে ১৯৯৮ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।[10][11][12] ১৯৯৮ চনত তেওঁক মিকা সিঙৰ শ্বাৱান মই লগ গেই আগ এলবামৰ বলিয়া গীতত দেখা গৈছিল।[13][14] ২০০০ চনত তেওঁ টিভি ধাৰাবাহিক আতিশ আৰু হম হে কল আজ কলৰ জৰিয়তে টেলিভিছনত প্ৰদাৰ্পণ কৰিছিল। ইয়াৰ লগতে তেওঁ ডিডি মেট্ৰৰ কবিতা ধাৰাবাহিকতো অভিনয় কৰিছিল। ২০০০ চনৰ মধ্যভাগত তেওঁ একতা কাপুৰৰ জনপ্ৰিয় টিভি ধাৰাবাহিক কিউ কি চাচ ভি কভি বহু থিত মুখ্য চৰিত্ৰ তুলসী বিৰানীৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পায়। ইয়াৰ বাবে তেওঁ একেৰাহে পাঁচ বাৰ ভাৰতীয় টেলিভিছন একাডেমীৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু চাৰিটা ভাৰতীয় টেলি এৱাৰ্ড লাভ কৰিছিল।[15]

২০০১ চনত তেওঁ জি টিভিৰ ৰামায়ণত সীতাৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। ২০০৬ চনত তেওঁ থৰি চি জামিন থোৰা চা আছমানৰ সহ-প্ৰযোজক আছিল। তেওঁ চনী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ২০০৭ চনৰ বিৰুদ্ধত মুখ্য চৰিত্ৰ উমাৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। তেওঁ নাইনএক্সত মেৰে চপনেবিনোদ খান্নাৰ লগত অভিনয় কৰিছিল।[16] ২০১২ চনত তেওঁক বঙালী ছবি অমৃতাত দেখা গৈছিল।[17][18]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০০১ চনত স্মৃতিয়ে পাৰ্চী ব্যৱসায়ী জুবিন ইৰানীৰ লগত বিবাহপাশত আবদ্ধ হয়। একেবছৰৰ অক্টোবৰ মাহত তেওঁলোকৰ পুত্ৰ সন্তানৰ জন্ম হৈছিল।[19] ২০০৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ দ্বিতীয় সন্তান এগৰাকী জীয়েকৰ জন্ম হয়। তেওঁলোকৰ দুয়ো সন্তান পাৰ্চী ধৰ্ম মানি চলে।[20]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 "আৰ্কাইভ কপি". Archived from the original on 2018-09-26. https://web.archive.org/web/20180926205543/https://archive.india.gov.in/govt/rajyasabhampbiodata.php?mpcode=2180 আহৰণ কৰা হৈছে: 2019-03-24.
  2. Desk, Internet (5 July 2016). "Javdekar gets HRD, Irani shifted to Textiles". The Hindu. http://www.thehindu.com/news/national/Javdekar-gets-HRD-Irani-shifted-to-Textiles/article14472676.ece আহৰণ কৰা হৈছে: 25 March 2018.
  3. "Change of role, anyone?". Hindustan Times. 6 April 2013. Archived from the original on 5 March 2016. https://web.archive.org/web/20160305230313/http://www.hindustantimes.com/india/change-of-role-anyone/story-09RrquZGnSNd4OoNJHdf9L.html আহৰণ কৰা হৈছে: 31 August 2014.
  4. "Smriti Irani Biography - About family, political life, awards won, history". www.elections.in. http://www.elections.in/political-leaders/smriti-irani.html আহৰণ কৰা হৈছে: 25 March 2018.
  5. "All the PM's Men and Women: 23 Cabinet ministers". The Indian Express. 2014-05-27. http://indianexpress.com/article/india/politics/all-the-pms-men-and-women-23-cabinet-ministers/ আহৰণ কৰা হৈছে: 2016-04-25.
  6. "Rise of Smriti Irani: Journey from bahu of TV to BJP's Vice President". The Economic Times. 1 November 2013. Archived from the original on 2014-03-31. https://web.archive.org/web/20140331083413/http://articles.economictimes.indiatimes.com/2013-11-01/news/43592820_1_smriti-irani-narendra-modi-modi-led-bjp.
  7. "RSS is like a home to me, says Smriti Irani". Jagran Post. 18 Apr 2014. Archived from the original on 27 March 2019. https://web.archive.org/web/20190327090303/http://post.jagran.com/rss-is-like-a-home-to-me-says-smriti-irani-1397818300 আহৰণ কৰা হৈছে: 29 August 2014.
  8. "'Class 12 pass' and education minister?". First Post. http://www.firstpost.com/politics/class-12-pass-and-education-minister-no-madhu-kishwar-tells-smriti-irani-1545245.html আহৰণ কৰা হৈছে: 27 May 2014.
  9. "Smriti goes back to School". TOI. http://timesofindia.indiatimes.com/entertainment/hindi/tv/news-interviews/Smriti-goes-back-to-school/articleshow/7204688.cms.
  10. "Smriti Irani: From model to TV's favourite bahu to Cabinet minister". Firstpost. 26 May 2014. http://www.firstpost.com/politics/smriti-irani-from-miss-india-finalist-to-tulsi-to-cabinet-minister-1542563.html.
  11. "The Smriti of yesterday". India Today. 29 May 2014. http://indiatoday.intoday.in/story/smriti-irani-picture-in-shorts-goes-viral-on-internet/1/364270.html আহৰণ কৰা হৈছে: 31 July 2014.
  12. "A little too fat". Daily News & Analysis. 7 May 2009. http://www.dnaindia.com/health/report-a-little-too-fat-1253901 আহৰণ কৰা হৈছে: 1 August 2014.
  13. "Smriti Irani's transition from an aspiring model to a successful politician". 2014-05-28. Archived from the original on 2020-08-07. https://web.archive.org/web/20200807083358/http://www.deccanchronicle.com/140527/entertainment-tvmusic/gallery/smriti-irani-model-minister আহৰণ কৰা হৈছে: 2019-03-25.
  14. "Viral music video: BJP's Amethi candidate Smriti Irani dancing with singer Mika Singh". Daily Bhaskar. 7 April 2014. Archived from the original on 5 June 2014. https://web.archive.org/web/20140605120351/http://daily.bhaskar.com/article/NAT-TOP-music-video-goes-viral-bjp-amethi-candidate-smriti-irani-dancing-with-singer-mik-4572256-NOR.html আহৰণ কৰা হৈছে: 25 March 2019.
  15. "Smriti Irani: I don't watch Kyunki". http://www.rediff.com/movies/2005/aug/29smriti.htm.
  16. "Playing Tulsi and Sita with elan". The Tribune. 10 March 2002. http://www.tribuneindia.com/2002/20020310/spectrum/main8.htm আহৰণ কৰা হৈছে: 12 April 2014.
  17. "Smriti Irani to debut in Bengali film industry". Hindustan Times. 23 February 2010. Archived from the original on 13 March 2014. https://web.archive.org/web/20140313025026/http://www.hindustantimes.com/news-feed/archives/smriti-irani-to-enter-cinema/article1-511987.aspx.
  18. "Soppy sentimental Bengali debut of Smriti Irani". The Indian Express. 19 April 2012. http://archive.indianexpress.com/news/soppy-sentimental-bengali-debut-of-smriti-irani/938299/.
  19. "Playing Tulsi and Sita with elan". The Tribune. 10 March 2002. http://www.tribuneindia.com/2002/20020310/spectrum/main8.htm.
  20. "Women have a right to pray, not desecrate: Smriti Irani". https://timesofindia.indiatimes.com/india/women-have-a-right-to-pray-not-desecrate-smriti-irani/articleshow/66340089.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]