নাগেশ্বৰ মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নাগেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰ, জামনগৰ, গুজৰাট

নাগেশ্বৰ মন্দিৰ ভাৰতগুজৰাট ৰাজ্যত অৱস্থিত হিন্দুসকলৰ এক অন্যতম ধৰ্মীয় পীঠস্থান। গুজৰাটৰ জামনগৰত অৱস্থিত এই মন্দিৰৰ শিৱলিংগক সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম বুলি বিবেচনা কৰা হয়। বিভিন্ন পৌৰাণিক আখ্যানেৰে এই মন্দিৰ ঐতিহাসিক কালৰে পৰা ভক্তসকলৰ বাবে আকৰ্ষণৰ থলী হৈ আহিছে। শিৱ উপাসক সকলে নাগেশ্বৰ মন্দিৰৰ জ্যোতিৰ্লিংগ দৰ্শন পৰম পবিত্ৰ বুলি গণ্য কৰে।

পুৰাণ বৰ্ণিত আখ্যান[সম্পাদনা কৰক]

উত্তৰাঞ্চলৰ আলমোৰত অৱস্থিত যোগেশ্বৰ মন্দিৰ। মন্দিৰৰ কাষত অৱস্থিত পবিত্ৰ দেৱদাৰু গছৰ বননি

শিৱ পুৰাণ অনুসৰি এই অঞ্চলত পুৰণি কালত দাৰুক নামেৰে এটি ৰাক্ষসে ৰাজত্ব কৰিছিল। দাৰুকৰ উৎপাতত নৰ-মনিচ সকলোৱে ত্ৰাহি মধুসূদন সুঁৱৰিব লগাত পৰিছিল। দাৰুকৰ পত্নী আছিল দাৰুকী। দাৰুকী দেৱী পাৰ্বতীৰ আৰাধিকা আছিল। পাৰ্বতীয়ে দাৰুকীৰ প্ৰতি সন্ত্তষ্ট হৈ তেওঁলোকে ৰাজত্ব কৰা অৰণ্য খনৰ নাম দাৰুকবন আখ্যা দিয়ে। লগতে এই আশীৰ্বাদ প্ৰদান কৰে যে দাৰুকীয়ে যলৈকে যাব দাৰুকবনো সেই স্থানলৈ গমন কৰিব। পৰৱৰ্তী সময়ত দেৱতাসকলে দাৰুকৰ ৰাজ্যত আক্ৰমণ কৰাত দাৰুকে নিজ পত্নীক পাৰ্বতীৰ বৰদান সুপ্ৰয়োগ কৰিবলৈ আদেশ দিয়ে। সেই হিচাপে দাৰুকী সাগৰতীৰলৈ পলায়ন কৰে আৰু দাৰুকবনো সেইঠাইলৈ গতি কৰে। নিৰাপদ ঠাইৰ পৰা দাৰুকে পুনৰ সকলোৰে ওপৰত অত্যাচাৰ আৰম্ভ কৰিবলৈ ধৰে। এবাৰ দাৰুকে সুপ্ৰিয় নামেৰে এজন লোক আৰু তেওঁৰ সহচৰসকলক অপহৰণ কৰি বন্দী কৰি ৰাখে। সুপ্ৰিয় আছিল মহাদেৱৰ পৰম আৰাধক। সুপ্ৰিয়ই বন্দীগৃহত অলপো বিচলিত নহৈ শিৱলিংগ স্থাপন কৰি মহাদেৱৰ স্ত্ততি আৰম্ভ কৰে। সুপ্ৰিয়ৰ প্ৰাৰ্থনাত সন্ত্তষ্ট হৈ মহাদেৱে দৰ্শন দিয়ে আৰু দাৰুকক বধ কৰিবলৈ সুপ্ৰিয়ক অস্ত্ৰ প্ৰদান কৰে। মহাদেৱৰ বৰদানেৰে ধন্য হৈ সুপ্ৰিয়ই দাৰুকক বধ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত সুপ্ৰিয়ই মহাদেৱক সেই স্থানতে বিৰাজমান হৈ থাকিবলৈ অনুৰোধ কৰাত মহাদেৱে নিজ জ্যোতিৰে জ্যোতিৰ্লিংগ স্থাপন কৰি নিজ ভক্তৰ মনোকামনা পূৰণ কৰে।[1] এই মন্দিৰত মহাদেৱক নাগেশ্বৰ অৰ্থাৎ নাগ (সাপ)ৰ ঈশ্বৰ ৰূপত পূজা কৰা হয়। দেৱী পাৰ্বতী এই স্থানত নাগেশ্বৰী ৰূপেৰে বিৰাজি আছে বুলি ভক্ত সকলে বিশ্বাস কৰে।

অৱস্থিতি সম্পৰ্কে মতবিৰোধ[সম্পাদনা কৰক]

নাগেশ্বৰ জ্যোতিৰ্লিংগৰ প্ৰকৃত অৱস্থিতিক লৈ ভক্তসকলৰ মাজত যথেষ্ট মতবিৰোধ থকা দেখা যায়। পৌৰাণিক আখ্যান বৰ্ণিত সেই দাৰুকবনৰ প্ৰকৃততে কোন স্থানত আছিল সেয়া সঠিক ভাবে জনাৰ উপায় নাই। একাংশই নাগেশ্বৰ মন্দিৰৰ বৰ্তমান স্থান গুজৰাটৰ বিৰোধ কৰি কব খোজে যে মহাকাব্যত বৰ্ণিত দ্বাৰকাবণকে একাংশই দাৰুকবণ আখ্যাদি নাগেশ্বৰ মন্দিৰৰ স্থান গুজৰাট বুলি বিভ্ৰান্ত কৰিছে। পৌৰাণিক আখ্যান সমূহত দ্বাৰকাধিপতি শ্ৰীকৃষ্ণসোমনাথ মন্দিৰৰ উপাসনা কৰাৰ কথা জনা যায় যদিও নাগেশ্বৰ মন্দিৰৰ দ্বাৰকা (বা গুজৰাটত) অৱস্থিতি সম্পৰ্কে কোনো বৰ্ণিত আখ্যান নাই। তেওঁলোকে ক’ব খোজে যে দাৰুকবণ শব্দটো প্ৰকৃততে দাৰু-বণ (বা দেৱদাৰু গছৰে পৰিপূৰ্ণ বননি) শব্দৰ পৰাহে আহিছে। সেই হিচাপে গুজৰাটত দাৰুকবন আছিল বুলি কোনোপধ্যে কল্পনা কৰিব নোৱাৰি। কাৰণ দেৱদাৰু গছৰ আধিক্য গুজৰাট অঞ্চলত দেখা পোৱা নাযায়। দেৱদাৰু গছৰে পৰিপূৰ্ণ দাৰুকবনৰ ভিত্তিত তেওঁলোকে নাগেশ্বৰ জ্যোতিৰ্লিংগৰ প্ৰকৃত অৱস্থান হিমালয়ৰ পাদদেশৰ উত্তৰাঞ্চলত বুলিহে মতপোষণ কৰে। উত্তৰাঞ্চলত অৱস্থিত যোগেশ্বৰ মন্দিৰহে প্ৰকৃত নাগেশ্বৰ জ্যোতিৰ্লিংগ বুলি একাংশই দাবী উত্থাপন কৰি আহিছে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Chaturvedi, B. K. (2006), Shiv Purana (First ed.), New Delhi: Diamond Pocket Books (P) Ltd, ISBN 81-7182-721-7
  2. Lochtefeld, James G. (2002), The Illustrated Encyclopedia of Hinduism: A-M, Rosen Publishing Group, p. 122, ISBN 0-8239-3179-X

বাহ্যিক সংযোগ[সম্পাদনা কৰক]