সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | ডিচেম্বৰ | ২০২১| দ্বাদশ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াৰ সৈতে মোৰ এটা দশকজোৰা সম্পৰ্ক। আজিৰ পৰা দহবছৰ আগতে ২০১১ চনত প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰিছিলোঁ এটা নতুন প্ৰবন্ধ, শৈশৱৰ একাল পাৰ কৰি অহা ঢকুৱাখনাৰ বিষয়ে। পৃথিৱীৰ যিকোনো কোণৰ পৰা কোনোবা অসমীয়াই ঢকুৱাখনাৰ বিষয়ে ইণ্টাৰনেটত খুঁচৰিলে অসমীয়াতে এই প্ৰবন্ধই ধৰা দিবহি; লিখি উঠি সেই অনুভৱে মন ৰোমাঞ্চিত কৰি তুলিলে। সেই প্ৰথম অৱদানৰ অপূৰ্ব অনুভূতি, অসমীয়া ভাষাটোৰ বাবে কিবা এটা কৰাৰ সেই সন্তুষ্টিয়েই মোৰ বাবে মুকলি কৰি দিলে এটা নতুন বাট। অসমীয়া ৱিকিপিডিয়াৰ সৈতে এটা নজহা নপমা আন্তৰিক সম্পৰ্কৰ বাট!

বিগত দশকটোত জীৱনৰ বহু দিশৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ সৈতে এই সম্পৰ্কই নতুন ৰূপ ল’লে। সময়ৰ লগে লগে মোৰ ৱিকি আসক্তি কেৱল ৱিকিপিডিয়াতে সীমাবদ্ধ নাথাকি ৱিকিপিডিয়াৰ সহযোগী প্ৰকল্প যেনে- ৱিকিকমনছ, মুক্ত অনলাইন পুথিভঁৰাল ৱিকিউৎস আদিলৈকো বিয়পিল। এই সময়ছোৱাত ৱিকিমিডিয়াৰ এই প্ৰকল্পসমূহৰ বিভিন্ন কামত জড়িত হ’লোঁ, কেইবাখনো কৰ্মশালা, এডিটাথন আদিতো অংশ লোৱাৰ সুযোগ পালোঁ। লগতে চিনাকি হ’লোঁ অসমীয়া ভাষাৰ বাবে নিস্বাৰ্থভাৱে অক্লান্ত অৱদান আগবঢ়াই অহা অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে। দৈনন্দিন ব্যস্ততাৰ মাজতো ভিন্ন ঠাইৰ, ভিন্ন বয়সৰ এই সকলো অসমীয়াই ৱিকিপিডিয়াৰ পৃষ্ঠাত প্ৰতিদিনে যোগ দিয়েহি এটি দুটিকৈ শব্দ আৰু তথ্যৰ; প্ৰতিদিনে কীবৰ্ডত আঙুলি বুলাই সাধনা কৰেহি অসমীয়া ভাষাক ডিজিটেল পৃথিৱীত প্ৰতিষ্ঠা কৰাৰ। ৱিকিপিডিয়াৰ জৰিয়তে ময়ো কম সময়তে এই অপূৰ্ব যাত্ৰাত সেইসকলৰ সহযাত্ৰী হৈ পৰিলোঁ।

যোৱা দশকটোতে প্ৰথমে উচ্চশিক্ষাৰ বাবে অসম এৰি আহিলোঁ। তাৰপিছত কৰ্মসূত্ৰে সাত সাগৰ তেৰ নদীৰ সিপাৰে বিভিন্ন ঠিকনা আদৰিব লগাত পৰিলোঁ। কিন্তু যিমানে অসমৰ পৰা ভৌগোলিক দূৰত্ব বাঢ়িল, মোৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ তাৎপৰ্য্য যেন সিমানে বেছি গভীৰ হৈ পৰিল। বৰ্তমান কানাডাৰ পশ্চিম প্ৰান্তৰ এই ভেনকুভাৰ মহানগৰীত অসমীয়া কথা এষাৰ নুশুনাকৈ-নোকোৱাকৈ কেতিয়াবা বহুদিন বাগৰি যায়। সেই অভাৱখিনি পূৰাবলৈকে হয়তো প্ৰতিদিনে ব্যস্ততাৰ মাজতো ক্ষন্তেক সময় উলিয়াই চেষ্টা কৰোঁ এটা হ’লেও পৃষ্ঠা অসমীয়াত পঢ়িবলৈ, দহমিনিটৰ বাবে হ’লেও অসমীয়া ৱিকিপিডিয়াত কিবা এটা কাম কৰিবলৈ। গতিকে সময়ৰ লগে লগে অসমীয়া ভাষাৰ সৈতে মোৰ সম্পৰ্ক জীপাল কৰি ৰখাৰ, সাৰ্মথ্য অনুসৰি মাতৃভাষাটোৰ প্ৰতি কিছু অৱদান আগবঢ়োৱাৰ মূল মাধ্যম হৈ পৰিছে অসমীয়া ৱিকিপিডিয়া।

জীৱন আৰু জীৱিকাৰ প্ৰয়োজনে মানুহক অৰঙে দৰঙে লৈ যায়, জীৱন পটত ৰং বোলাবলৈ নতুন তূলিকা আৰু নতুন অভিজ্ঞতা আনি দিয়ে। যোৱা দশকটোত এনেবোৰ প্ৰয়োজনেই মোকো লৈ গৈছে বহু ঠাইলৈ, বাধ্য কৰিছে ভিন্ন ভাষা আৰু সংস্কৃতিৰে পূৰ্ণ এক গোলকীয় সম্প্ৰদায়ৰ অংশ হৈ পৰিবলৈ। কিন্তু নিজৰ শিপা এৰি সেই মিছলত বিলীন হৈ পৰাৰ সলনি দিনক দিনে মোৰ মাজত যেন দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ আহিছে স্বাভিমানী অসমীয়া হৈ মূৰ দাঙি জীয়াই থকাৰ হেঁপাহ। যেন এটা জেদ, এটা প্ৰত্যাহ্বান- অসমীয়া ভাষা আৰু সংস্কৃতিৰ ভৱিষ্যতক লৈ ক্ষণে ক্ষণে উঠা আশংকাবোৰ দেই দি যোৱাৰ, নিজা ভাষা-সংস্কৃতিক জীয়াই ৰখাৰ বাবে দেশে দেশে খিলঞ্জীয়া জাতিবোৰে কৰা নিৰলস প্ৰচেষ্টাত গৌৰৱেৰে যোগ দিয়াৰ। অসমীয়া ৱিকিপিডিয়া মোৰ সেই প্ৰতিবাদী সত্তাৰ সমৰক্ষেত্ৰ, আকাশত উৰাৰ হেঁপাহ লৈও নিজৰ শিপাডাল নেহেৰুৱাৰ বাবে এক আলম৷

মই বিশ্বাস কৰোঁ, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে আছে। জন্মলগ্নৰ পৰা বহু বাধা নেওচিও অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসই লাভ কৰা ক্ৰমাগত বিকাশ আৰু প্ৰসাৰে এই কথাকে প্ৰতিপন্ন কৰিছে। ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা কেনে গুৰুত্বপূৰ্ণ সেয়া অনুধাৱন কৰি হাতে-কামে লাগি পৰিছে বহুতো এনে অসমীয়াই। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ অসমীয়া ভাষাৰ এক বিশাল ডিজিটেল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বহুতৰ অজানিতে আৰম্ভ হৈছে এক বৌদ্ধিক আন্দোলন, নিৰলস এক প্ৰচেষ্টা চলিছে অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ- যাৰ নাম অসমীয়া ৱিকিপিডিয়া। এই আন্দোলনৰ এটা দশকজোৰা সাক্ষী হ’বলৈ পাই, অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে একেলগে এই প্ৰয়াসত হাত উজান দিবলৈ পাই মই গৌৰৱান্বিত।

অসমীয়া ৱিকিপিডিয়াৰ এই যাত্ৰা চিৰযুগমীয়া হওক। -Joli Rumi (বাৰ্তা) 06:05, 30 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰি থকা সময়ত পৰিৱেশ কৰ্মী তুলসী গৌড়া

তুলসী গৌড়া (Tulsi Gowda) হৈছে কৰ্ণাটক ৰাজ্যৰ অন্তৰ্গত উত্তৰ কানাড়া জিলাৰ হোন্নালী গাঁৱৰ এগৰাকী ভাৰতীয় পৰিৱেশকৰ্মী৷ তেখেতে ১০,০০০ জোপাতকৈও অধিক বৃক্ষপুলি ৰোপণৰ লগতে বন বিভাগৰ নাৰ্ছাৰীসমূহ প্ৰতিপালনৰ দায়িত্বও পালন কৰিছে ৷ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ তুলসী গৌড়াই পৰিৱেশৰ সুৰক্ষালৈ অনবদ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে৷ ভাৰত চৰকাৰৰ উপৰি অন্যান্য সংস্থাই তেখেতৰ এই কৰ্মক সন্মান জনাই বিভিন্ন সময়ত স্বীকৃতি প্ৰদান কৰিছে৷

২০২১ বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰে তেখেতক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে৷ পৰিৱেশবিদসকলে তুলসী গৌড়াক "বনানিৰ বিশ্বকোষ" (encyclopedia of the forest) বুলি অভিহিত কৰিছে ৷ আনহাতে জনজাতীয় লোকৰ মাজত তুলসী "বৃক্ষ দেৱী" হিচাপে পৰিচিত ৷ বনাঞ্চল আৰু বনাঞ্চলত বিকশিত হোৱা বৃক্ষ সম্বন্ধে তুলসীৰ বিস্তৃত জ্ঞান আছে ৷ তাৰবাবেই তেখেতক এই দুয়োটা নাম দিয়া হৈছে৷ ইয়াত বিতংকৈ পঢ়ক

যোৱা মাহৰ ভাল প্ৰবন্ধ মায়া সভ্যতাৰ বিষয়ে ইয়াত পঢ়ক
সৃষ্টি কৰা প্ৰবন্ধসমূহ
নৱেম্বৰ-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৮৯

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ছিলভিয়া প্লাথ
  2. মায়া এঞ্জেলো
  3. নাৰুহিট'
  4. জিম্মু
  5. বং জোন-হো
  6. জেকী চান
  7. দেৱী খড়কা
  8. কৃষ্ণচন্দ্ৰ নেপালী পোখৰেল
  9. লোটে শ্বেৰিং
  10. আনিছুল হক (ৰাজনীতিবিদ)
  11. ব্ৰুছ লী
  12. হেনৰিক ইবছেন
  13. মওদুদ আহমেদ
  14. আবু তাহেৰ
  15. অৰহান পামুক
  16. মো য়েন
  17. মিগিশ্বি ছেটছুকো
  18. গাও চ্যিংজিয়ান
  19. জাং জি
  20. আব্দুল লতিফ মণ্ডল
  21. য়্যুং চ্যেং
  22. দ্ৰুকপা কুনলী

পৌৰাণিক আখ্যান

  1. ফুক্সি
  2. চীনা ড্ৰেগন

অন্যান্য

  1. সৰ্প সুৰা
  2. থাই ৰন্ধনপ্ৰণালী
  3. নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ
  4. হিলিয়াৰ হ্ৰদ
  5. খাও চে
  6. কেন খাও ৱান
  7. লাও জনগোষ্ঠী
  8. জাপানৰ ৰাজপৰিয়াল
  9. জাপানৰ সম্ৰাট
  10. জাপানৰ সংবিধান
  11. কম্বোডিয়াৰ ৰন্ধনপ্ৰণালী
  12. কিমিগায়'
  13. শ্বিণ্ট'
  14. কামি
  15. জাপানী বৌদ্ধ ধৰ্ম
  16. আফগানিস্তানত বৌদ্ধ ধৰ্ম
  17. চীনা ভাৱচিত্ৰ
  18. জাপানত ইছলাম ধৰ্ম
  19. লাও ৰন্ধনপ্ৰণালী
  20. জাপানত হিন্দু ধৰ্ম
  21. চীনা বৌদ্ধ ধৰ্ম
  22. নিহন শ্ব'কি
  23. ব্ৰাহ্মণবাৰিয়া
  24. ভিয়েটনামী সুৰা
  25. এছিয়াৰ শংকু আকৃতিৰ শিৰোধান
  26. ছিল্ক ৰোড
  27. জাপানী চাহ অনুষ্ঠান
  28. ২০০৬ চনৰ নেপালী বিপ্লৱ
  29. শ্ৰী মহা মাৰিয়াম্মান মন্দিৰ, বেংকক
  30. ভূটানৰ ফেলাছ চিত্ৰ

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. সুৰিয়া
  2. জ্যোতিকা
  3. নাগমা
  4. হৰেকলা হাজাব্বা
  5. তুলসী গৌড়া
  6. শ্বেতা চেট্টী

পৌৰাণিক ভাৰতীয় আখ্যান

  1. পৰ্জন্য

অন্যান্য

  1. গীত গোবিন্দ
  2. ভাৰতীয় ধৰ্মসমূহ
  3. মাৰাঠা সাম্ৰাজ্য

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. জংকী বৰঠাকুৰ
  2. মোজাম্মিল হক
  3. ভাস্কৰ জ্যোতি নাথ
  4. বসন্ত কুমাৰ শৰ্মা
  5. মুকুল বৰুৱা
  6. উৎপল দত্ত (অভিনেতা)

গ্ৰন্থ বিষয়ক

  1. প্লেণ্টাৰ ৰাজৰপৰা স্বৰাজলৈ (গ্ৰন্থ)

চলচ্চিত্ৰ বিষয়ক

  1. বিধাতা (চলচ্চিত্ৰ)
  2. প্ৰেম জনমে জনমে
  3. জীৱন সুৰভি
  4. যুগান্তৰৰ তেজাল পুৱা

অন্যান্য

  1. মাধ্যম আন্দোলন (অসম)
  2. সদৌ অসম আইন ছাত্ৰ সন্থা
  3. আজাৰা
  4. বাল্য নিকেতন
  5. বৰগাং
  6. কড়াইগুড়ি

সানমিহলি

  1. নৰৱেজীয় (নিনৰ্স্ক) ৱিকিপিডিয়া
  2. আল-হজ্জ
  3. এড'ব পেজমেকাৰ
  4. চাকি
  5. একে লিংগৰ সম্পৰ্ক
  6. সমকামিতা আৰু মনোবিজ্ঞান
  7. আল-মুমিনুন
  8. গে' স্বীকাৰাত্মক মনোচিকিৎসা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
আঘোণৰ পথাৰৰ সোণগুটি চপাই অসমীয়া কৃষকে পৰম্পৰাগত পদ্ধতিৰে মৰণা মৰাৰ দৃশ্য।
আলোকচিত্ৰ শিল্পী: জুপিতা দেৱী
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
বাবুল বৈশ্য
অক্লান্ত কৰ্মী পদক
কুলধৰ ৰাভা, দিব্য দত্ত, চাণক্য কুমাৰ দাস







উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯,৯৫২ টালৈ বৃদ্ধি পালে।



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
ঈশান কাশ্যপ হাজৰিকা৬০--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা৮২--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা২৪২০-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন৩৪৩-১১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস১১৭১০-১৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত১৬৭--৮৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ৯৪-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
পল্লৱী দত্ত বৰুৱা৬৩-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণামিকা অধিকাৰী-১৫৪-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০প্ৰাণজ্যোতি নাথ৭৭--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১বাবুল বৈশ্য৩৭৫--১১৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২মো. সাদমান ছাকিব৩৬২১৫- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ৰুমী বৰা-৪০-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: অনামিকা বড়া, কন্দৰ্পজিৎ কল্লোল, খিলঞ্জীত, জলী ৰুমী বৰা, দিলীপ কুমাৰ ৰাভা, ভাস্কৰ ভূঞা, হানিফ আলী, ৰাজদ্বীপ ৰাজবংশী,

ইনকুবেটৰ (Wq/as): কুলধৰ ৰাভা , চন্দন চিৰিং ফুকন, চাণক্য কুমাৰ দাস , দিব্য দত্ত

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।