জ্যোতিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্যোতিকা
Jyothika

২০১৫ বৰ্ষৰ ফিল্মফেয়াৰ দাক্ষিণাত্যত জ্যোতিকা
জন্ম জ্যোতিকা ছাদানাহ
১৮ অক্টোবৰ, ১৯৭৭ (৪৬ বছৰ)[1]
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৭–২০০৯
২০১৫–বৰ্তমান
দাম্পত্যসঙ্গী সুৰিয়া
সন্তান

জ্যোতিকা সাৰাৱানন (ইংৰাজী: Jyothika Saravanan); জন্ম ১৮ অক্টোবৰ ১৯৭৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে ৷[2][1] ইয়াৰোপৰি তেখেতে তেলেগু, মালায়ালম, কানাড়া, হিন্দী ছবিত অভিনয় কৰিছে৷ জ্যোতিকাই এতিয়ালৈকে তিনিটা ফিল্মফেয়াৰ-দাক্ষিণাত্য, তিনিটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, চাৰিটা দিনকৰণ বঁটা, আন্তৰ্জাতিক তামিল চলচ্চিত্ৰ বঁটাৰ লগতে একাধিক বঁটা-সন্মান, মনোনয়ন আৰু স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তেখেত কালাইমামনি বঁটাৰো এগৰাকী প্ৰাপক৷ [3] দ্য টাইমছ অৱ ইণ্ডিয়াৰ মতে তেখেত দক্ষিণ ভাৰতৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ অন্যতম৷ [4][5]

১৯৯৭ চনত মুক্তিপ্ৰাপ্ত হিন্দী ভাষাৰ চলচ্চিত্ৰ দোলী ছাজা কে ৰখনাৰ জৰিয়তে জ্যোতিকাই বলিউডত অভিষেক ঘটায় ৷ ছবিখনৰ পৰিচালক আছিল প্ৰিয়দৰ্শন ৷ আনহাতে ১৯৯৯ চনত মুক্তি লাভ কৰা ভাল্লি হৈছে তেখেতে অভিনয় কৰা প্ৰথমখন তামিল ভাষাৰ ছবি৷ ২০০৩ চনত জ্যোতিকাই প্ৰথমখন তেলেগু ভাষাৰ ছবি টাগোৰত অভিনয় কৰে ৷ তেখেতৰ বিপৰীত চৰিত্ৰত অভিনয় কৰিছিল চিৰঞ্জীৱিয়ে ৷ ভাল্লিৰ বাবে ১৯৯৯ চনত জ্যোতিকাই শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ শিতানত প্ৰথমটো ফিল্মফেয়াৰ-দাক্ষিণাত্য বঁটা লাভ কৰে ৷ [6] ২০০০ চনত জ্যোতিকাক কুশী নামৰ চলচ্চিত্ৰত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে শ্ৰেষ্ঠ তামিল অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰে সন্মানীত কৰা হয় ৷ তেখেতৰ আন কেইখনমান সফল আৰু সমাদৃত ছবিৰ নাম হৈছে পেৰাঝগান (২০০৪), চন্দ্ৰমুখী (২০০৫), মোঝী (২০০৭)৷ এইকেইখন ছবিয়ে তামিল ছবিৰ উদ্যোগত তেখেতৰ জনপ্ৰিয়তা বঢ়াই তোলে ৷

২০০৬ চনৰ ১১ ছেপ্টেম্বৰত জ্যোতিকাই তামিল ছবিৰ জনপ্ৰিয় অভিনেতা সুৰিয়াৰ লগত দাম্পত্য জীৱন আৰম্ভ কৰে আৰু ছবি উদ্যোগ সাময়িকভাৱে ত্যাগ কৰে ৷ সেইছোৱা সময়ত তেখেত কেৰিয়াৰৰ উচ্চস্থানত আছিল৷ [7] সুৰিয়াৰ লগত জ্যোতিকাই সাতখন ছবিত অভিনয় কৰিছে ৷ ২০১৫ চনত জ্যোতিকাই ৩৬ ভায়াধিনিলে নামৰ ছবিখনৰ যোগেদি প্ৰত্যাৱৰ্তন কৰে, যিখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰ সমালোচকৰ বঁটা-শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ [8].[9][10] ইয়াৰ পিছত জ্যোতিকাই কেইবাখনো নাৰীকেন্দ্ৰিক ছবি মাগালিৰ মাট্টুম (২০১৭), নাচিয়াৰ (২০১৮), কাট্ৰিন মোঝি (২০১৮), ৰাটচাচি (২০১৯), পোনমগল ভান্ধাল (২০২০) আদি ৷ [11][12]

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

কাটৰিন মোঝি নামৰ ছবিখনৰ মুক্তিৰ সময়ত সুৰিয়া আৰু জ্যোতিকা

জ্যোতিকাৰ পিতৃ এগৰাকী পাঞ্জাবী আৰু মাতৃ এগৰাকী মহাৰাষ্ট্ৰীয়ান৷ [13][14] তেখেতৰ পিতৃ চন্দেৰ ছাদানাহ এগৰাকী ছবি প্ৰযোজক আৰু মাতৃ হৈছে সীমা ছাদানাহ৷ অভিনেত্ৰী নাগমা তেখেতৰ অৰ্ধ-ভগ্নী৷

মুম্বাইৰ লাৰ্ণাছ একাডেমিৰ পৰা জ্যোতিকাই পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত মুম্বাইতে থকা নিথিবাই কলেজৰ পৰা মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে ৷

২০০৬ চনৰ ১১ ছেপ্টেম্বৰত জ্যোতিকাৰ অভিনেতা সুৰিয়াৰ সৈতে বৈবাহিক জীৱন আৰম্ভ হয় ৷ [15] দম্পতীটোৰ দুটি সন্তান আছে ৷ কন্যা সন্তা দিয়া (জন্ম-১০ আগষ্ট, ২০০৭)[16] আৰু পুত্ৰ সন্তান দেৱ (জন্ম ৭ জুন ২০১০) [17]

সমাজসেৱা[সম্পাদনা কৰক]

স্বামী সুৰিয়াৰ আগাৰাম সংস্থাৰ সৈতে সংযুক্ত হৈ জ্যোতিকাই ২০২০ চনৰ আগষ্ট মাহত থাঞ্জাভুৰ চৰকাৰী চিকিৎসালয়লৈ ২৫ লাখ টকাৰ বৰঙণি আগবঢ়ায়৷ [18] ইয়াৰ লগতে জ্যোতিকাই চিকিৎসা-সম্বন্ধীয় সঁজুলি আৰু বিচনাও যোগান ধৰে ৷ চিকিৎসালয়খনৰ অৱস্থা শোচনীয় বুলি মন্তব্য দিয়াৰ পাছত জ্যোতিকা সমালোচিত হৈছিল৷ [19]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Jo Jo Jyothika ... – Jyothika – Suriya – Tamil Movie News. Behindwoods.com (18 October 2012). Retrieved on 12 December 2012.
  2. "Jyothika receives critical acclaim". Screen. 10 February 2006. http://www.screenindia.com/news/Jyothika-receives-critical-acclaim/11953/। আহৰণ কৰা হৈছে: 7 May 2010. 
  3. Kalaimamani Awards for 123 persons announced The Hindu, 15 February 2006.
  4. "Jyothika – Nayanthara to Samantha: Top heroines of Tamil cinema – The Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/photo-features/jyothika/photostory/62837354.cms. 
  5. Dundoo, Sangeetha Devi (7 March 2018). "Superstars Inc: When women rule the roost in Indian cinema". The Hindu. https://www.thehindu.com/entertainment/movies/superstars-inc-anushka-shetty-jyothika-nayanthara-kangana-ranaut-vidya-balan/article22964856.ece. 
  6. "Best Debutants down the years...". filmfare.com. http://www.filmfare.com/features/best-debutants-down-the-years-6681.html. 
  7. "Jyothika Missed National Awards | News – General". Top 10 Cinema. 9 September 2009. http://www.top10cinema.com/news/948/jyothika-missed-national-awards। আহৰণ কৰা হৈছে: 3 December 2011. 
  8. "63rd Filmfare Awards (Tamil): And The Nominees Are...". Filmibeat. 8 June 2016. http://www.filmibeat.com/tamil/news/2016/63-rd-filmfare-awards-tamil-and-the-nominees-are-229322.html. 
  9. "Jo misses National Award by a whisker!". Sify.com. 8 September 2009. http://www.sify.com/movies/jo-misses-national-award-by-a-whisker-news-tamil-kkfr56ehcbh.html। আহৰণ কৰা হৈছে: 3 December 2011. 
  10. Sangeetha Seshagiri (14 August 2014) Jyothika's Comeback: 'Mozhi' Actress to Star in 'How Old Are You' Remake. ibtimes.co.in
  11. Back to (14 September 2017). "Jyothika on why she chose to return with Magalir Mattum: 'For two years, no scripts excited me'- Entertainment News, Firstpost". Firstpost.com. http://www.firstpost.com/entertainment/jyothika-on-why-she-chose-to-return-with-magalir-mattum-for-two-years-no-scripts-excited-me-4041979.html। আহৰণ কৰা হৈছে: 10 February 2018. 
  12. "Jyothika will join the star cast of Mani Ratnam's film". The Indian Express. 8 September 2017. http://indianexpress.com/article/entertainment/tamil/jyothika-will-join-the-star-cast-of-mani-ratnam-film-4834476/। আহৰণ কৰা হৈছে: 10 February 2018. 
  13. ""Suriya Never Stopped Me From Working Post Marriage," Says Jyotika". JFW. 29 March 2016. https://jfwonline.com/article/the-comeback-queen-jyotika/। আহৰণ কৰা হৈছে: 14 November 2018. 
  14. "A realistic touch". The Times of India. 2 September 2010. http://epaper.timesofindia.com/Repository/getFiles.asp?Style=OliveXLib:LowLevelEntityToPrintGifMSIE_PASTISSUES2&Type=text/html&Locale=english-skin-custom&Path=TOICH/2010/09/02&ChunkNum=0&ID=Ar01905. 
  15. "Highlights of Suriya-Jyothika wedding". Behindwoods.com. 11 September 2006. http://www.behindwoods.com/tamil-movie-news/sep-06-02/11-09-06-surya-jo.html। আহৰণ কৰা হৈছে: 22 October 2009. 
  16. Settu Shankar (20 August 2007). "Bright light falls on Surya-Jyothika". One India. Archived from the original on 9 July 2012. https://archive.is/20120709094046/http://entertainment.oneindia.in/tamil/exclusive/surya-jyothika-diya-20807.html। আহৰণ কৰা হৈছে: 22 October 2009. 
  17. Surya-Jyothika Son's name is Dev. chennai365.com (21 July 2010)
  18. Arockiaraj, D. Vincent (8 August 2020). "Jyothika: Actor Suriya's Agaram Foundation donates 25 lakh to Thanjavur hospital | Chennai News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/chennai/actor-suriyas-agaram-foundation-donates-25-lakh-to-thanjavur-hospital/articleshow/77434427.cms। আহৰণ কৰা হৈছে: 9 August 2020. 
  19. "Jyotika donates Rs 25 lakh and medical equipment to Tanjore government hospital" (en ভাষাত). Hindustan Times. 8 August 2020. https://www.hindustantimes.com/regional-movies/jyotika-donates-rs-25-lakh-and-medical-equipment-to-tanjore-government-hospital/story-xik9oEpvtPPetwWKPo3Z4J.html। আহৰণ কৰা হৈছে: 9 August 2020.