জাপানী বৌদ্ধ ধৰ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জাপানী বৌদ্ধ ধৰ্ম বা নিহন বুক্ক্য হৈছে জাপানত প্ৰচলিত বৌদ্ধ বিশ্বাস। জাপান দেশত প্ৰায় ষষ্ঠ শতিকাৰ পৰাই বৌদ্ধ ধৰ্মৰ প্ৰচলন হৈ আহিছে।[1][2][3] নিহন বুক্ক্যৰ পৰা অনেক বৌদ্ধ পৰম্পৰাৰ সৃষ্টি হৈছে। এই বৌদ্ধ পৰম্পৰাৰ কেইবাটায়ো নিজৰ উৎস চীনা বৌদ্ধ ধৰ্ম বুলি গণ্য কৰে। ঐতিহাসিকভাৱে জাপানী বৌদ্ধ ধৰ্মৰ জাপানী সমাজ-জীৱন আৰু সংস্কৃতিৰ ওপৰত ভালেমান প্ৰভাৱ দেখা যায়। বৰ্তমানেও এই প্ৰভাৱ স্পষ্টকৈ মন কৰিব পাৰি।[4]

বিশ্বাসী লোকৰ অনুমান[সম্পাদনা কৰক]

জাপান চৰকাৰৰ সাংস্কৃতিক বিষয়ক সংস্থাৰ অনুমান অনুযায়ী, ২০১৮ চনৰ শেষৰ ফালে জাপানত প্ৰায় ৮৪ নিযুত বৌদ্ধ ধৰ্মৰ বিশ্বাসী লোক আছে। ই জাপানৰ জনসংখ্যাৰ ৬৭%। এই সংখ্যা অনুযায়ী, বৌদ্ধ ধৰ্ম জাপানত দ্বিতীয় আতাইতকৈ জনপ্ৰিয় ধৰ্ম। প্ৰথম স্থানত আছে শ্বিণ্ট' ধৰ্ম। ৬৭% লোকে বিশ্বাস কৰা স্বত্বেও দ্বিতীয় স্থানত থকাৰ কাৰণ হ'ল: জাপানী মানুহে সাধাৰণতে একাধিক ধৰ্মত বিশ্বাস কৰে।[5] বিশেষকৈ, শ শ বছৰৰ পৰা জাপানত শ্বিণ্ট' ধৰ্ম আৰু বৌদ্ধ ধৰ্ম একেলগেই মানি থকা হৈছে। এসময়ত এটাক নমনাকৈ আনটোক মনা অসম্ভৱেই হৈ পৰিছিল।[6] শ্বিণ্ট' কামিসকলক বৌদ্ধ সৃষ্টিতত্ত্বৰ অংশ গণ্য কৰা হৈছিল। মেইজি কালতহে জাপানী জাতীয়তাবাদীয়ে শ্বিণ্ট' ধৰ্ম আৰু জাপানী বৌদ্ধ ধৰ্মক পৃথক কৰিলে।[7]

আন আন সমীক্ষাত পিচে সংখ্যাটোৰ ভালেমান তাৰতম্য দেখা যায়। পিউ ৰিচাৰ্চ চেণ্টাৰৰ সমীক্ষা অনুযায়ী, ২০১০ চনত ৩৬.২% জাপানী লোকহে বৌদ্ধ ধৰ্মাৱলম্বী আছিল।[8] জাপানী সাধাৰণ সামাজিক সমীক্ষা অনুযায়ী এই অনুমান কেৱল ২০%হে আছিল, ২০১৭ চনত। ২০১৩ চনৰ জাপানী জাতীয় চৰিত্ৰ সমীক্ষা অনুযায়ী ৭০% লোকে কোনো ধৰ্মকেই স্বীকাৰ নকৰিছিল।[9] আন এক সমীক্ষা অনুযায়ী, প্ৰায় ৬০% জাপানী মানুহৰ ঘৰত এটি বুৎচুডান বা বৌদ্ধ মঠ আছে।[10]

২০১২ চনৰ পিউ ৰিচাৰ্চ চেণ্টাৰৰ সমীক্ষা অনুযায়ী, জাপানী বৌদ্ধ সম্প্ৰদায় বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ, চীন আৰু থাইলেণ্ডৰ পাছতেই।[11]

জাপানী বৌদ্ধ সম্প্ৰদায়[সম্পাদনা কৰক]

জাপানী বৌদ্ধ ধৰ্ম বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰা এই ধৰ্মৰ অনেক সম্প্ৰদায় আছে। জাপানী বৌদ্ধ সম্প্ৰদায়সমূহক পুৰণি আৰু নতুন শ্ৰেণীত ভাগ কৰিব পৰা যায়।

পুৰণি সম্প্ৰদায়[সম্পাদনা কৰক]

পুৰণি জাপানী বৌদ্ধ সম্প্ৰদায়সমূহক আকৌ নাৰা আৰু ৰহস্যমূলক শ্ৰেণিত ভাগ কৰিব পৰা যায়। নাৰা সম্প্ৰদায়সমূহৰ সম্বন্ধ জাপানৰ পুৰণি ৰাজধানী নাৰাৰ সৈতে আছে। এই সম্প্ৰদায়সমূহে নাৰাত বিখ্যাত "দক্ষিণৰ ৰাজধানীৰ ৭ মহান মন্দিৰ"ৰ স্থাপনা কৰিছিল। এই মন্দিৰসমূহক জাপানী ভাষাত নাণ্ট' শ্বিচি ডাইজি (南都七大寺) বোলা হয়। ৬ নাৰা সম্প্ৰদায় হ'ল:[12]

  • আসংগ আৰু বাসুনন্ধুৰ হ'চ্চ সম্প্ৰদায়
  • বাসুবন্ধুৰ ক'চ সম্প্ৰদায়
  • নাগাৰ্জুন আৰু আৰ্যদেৱৰ চান্ৰণ সম্প্ৰদায়
  • একৱানৰ জজিৎচু সম্প্ৰদায়
  • বোধিসেনে জাপানত চিনাকি কৰোৱা ডুশ্বুনৰ কেগন সম্প্ৰদায়
  • জিয়ানঝেনে জাপানত চিনাকি কৰোৱা ডাঅ'শ্বুৱানৰ ৰিচ্‌শ্বু সম্প্ৰদায়

নাৰা সম্প্ৰদায়সমূহৰ উপৰিও পুৰণি সম্প্ৰদায় আছে। সেই সম্প্ৰদায়সমূহক ৰহস্যমূলক সম্প্ৰদায় বোলা হয়। সেইকেইটা হ'ল:[13]

  • চাইচৰ টেণ্ডাই সম্প্ৰদায়
  • কুকাইৰ শ্বিঙন বৌদ্ধ ধৰ্ম
  • এন ন' গ্যজাৰ শ্বুগেণ্ড সম্প্ৰদায়

নতুন সম্প্ৰদায়[সম্পাদনা কৰক]

কামাকুৰা কালত অনেক শ্বিন বুক্ক্য' বা নতুন সম্প্ৰদায়ৰ সৃষ্টি হ'ল। মুখ্য এনে সম্প্ৰদায়:[14]

  • জডু শ্বু
  • য়ুজু নেম্বুৎচু
  • জড' শ্বিঞ্চু
  • ৰিঞ্জাই
  • চট
  • নিচিৰেণ
  • জি শ্বু
  • ফুকে শ্বু
  • শ্বিঙন ৰিচ্‌শ্বু

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Bowring, Richard John (2005). The religious traditions of Japan, 500–1600. প্ৰকাশক Cambridge, UK: Cambridge University Press. পৃষ্ঠা. 15–17. ISBN 0-521-85119-X. 
  2. Dykstra, Yoshiko Kurata; De Bary, William Theodore (2001). Sources of Japanese tradition. প্ৰকাশক New York: Columbia University Press. পৃষ্ঠা. 100. ISBN 0-231-12138-5. https://archive.org/details/sourcesofjapanes00colu/page/100. 
  3. Bowring, Richard John (2005). The religious traditions of Japan, 500–1600. প্ৰকাশক Cambridge, UK: Cambridge University Press. পৃষ্ঠা. 16–17. ISBN 0-521-85119-X. 
  4. Asia Society Buddhism in Japan, accessed July 2012
  5. Science.Jrank. Syncretism. https://science.jrank.org/pages/11387/Syncretism-Syncretism-in-Japanese-Shinto.html
  6. Japan Times. Japan's Shinto-Buddhist religious medley. https://www.japantimes.co.jp/news/2007/09/04/reference/japans-shinto-buddhist-religious-medley/
  7. University of Pittsburg. State Shinto. https://www.japanpitt.pitt.edu/glossary/state-shinto
  8. "Global Religious Landscape: Buddhists". Pew Research Center. December 18, 2012. https://www.pewforum.org/2012/12/18/global-religious-landscape-buddhist/. 
  9. Iwai, Noriko (11 October 2017). Measuring religion in Japan: ISM, NHK and JGSS (Report). JGSS Research Center. https://www.pewresearch.org/wp-content/uploads/sites/7/2017/11/Religion20171117.pdf#page=15. 
  10. Japanese Saints: Mormons in the Land of the Rising Sun, John Patrick Hoffmann, Lexington Books, 2007 p. 37
  11. "The Global Religious Landscape". Pew Research Center. December 2012. http://www.pewforum.org/2012/12/18/global-religious-landscape-exec/। আহৰণ কৰা হৈছে: 5 November 2018. 
  12. Deal & Ruppert (2015) pp. 56-57
  13. Garner David. Tantric Buddhism in Japan: Shingon, Tendai, and the Esotericization of Japanese Buddhisms. https://oxfordre.com/religion/view/10.1093/acrefore/9780199340378.001.0001/acrefore-9780199340378-e-619
  14. On Mark Productions. SECTS & SCHOOLS OF JAPANESE BUDDHISM & SHINTOISM. https://www.onmarkproductions.com/html/sects-schools-religion-japan.html