সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | নৱেম্বৰ | ২০২১ | একাদশ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেখেতৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

২০০৯ ৰ পৰৱৰ্তী কালছোৱাত যেতিয়া মহাবিদ্যালয়ত অধ্যয়নৰত আছিলোঁ, কিবা তথ্য বিচাৰিবলৈ হ’লে এক অন্যতম উৎস হিচাপে ইংৰাজী ৱিকিপিডিয়াৰ সহায় লওঁ‌তে সদায়ে ভাবিছিলোঁ‌, অসমীয়াতো এনে এক ব্যৱস্থা থকাহ’লে ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ বিকাশ হোৱাৰ সমান্তৰালভাৱে ইংৰাজী ভাষাত কমকৈ দখল থকা মোৰ দৰে বহু ছাত্ৰ-ছাত্ৰী উপকৃত হ’লহেঁতেন। পৰৱৰ্তী সময়ত সম্ভৱতঃ ২০১৩ চন মানত অসমীয়া ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য বন্ধুবৰ শ্ৰী চন্দন চিৰিং ফুকনে অসমীয়া ৱিকিপিডিয়াৰ কথা জনাইছিল। লগতে এই মাধ্যমত জীৱকুলৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিব পাৰোঁ বুলি পৰামৰ্শ আগবঢ়ায়। চিৰিং ফুকনৰ কথাত থাউকতে সঁহাৰি জনালোঁ‌ যদিও পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত সেয়া হৈ নুঠিল। অৱশ্যে অসমীয়া ৱিকিপিডিয়াৰ জগতখন দিনক-দিনে সমৃদ্ধ কৰিবলৈ বিভিন্নজনে যৎপৰোনাস্তি চেষ্টা কৰি অহা দেখা পাইছোঁ‌।

বৰ্তমানৰ অসমীয়া ৱিকিপিডিয়াৰ বিকাশ আৰু প্ৰসাৰে এক উৰ্ধ্বমুখী দিশত গতি কৰা দেখি খুবেই সুখী। নিজৰ ফালৰ পৰাও বিভিন্ন সময়ত কলম (ম'বাইল/ লেপটপৰ কী ব'ৰ্ড) হাতত তুলি লৈছোঁ‌ যদিও কৰ্মব্যস্ততাৰ বাবে কেতিয়াবা কোনোবা এটা প্ৰবন্ধ সৃষ্টি কৰি হয়তো আধৰুৱাকৈয়ে সামৰিবলগীয়া অৱস্থা হৈছে। কোনোবা সময়ত ইংৰাজী প্ৰবন্ধ একোটা অনুবাদ কৰিবলৈ লৈ ক'ডৰ অজ্ঞতাৰ বাবেও কলম সামৰিবলগীয়া হৈছে। এইখিনিতে এক অনুভৱ ব্যক্ত কৰিব বিচাৰোঁ‌ যে 'অসমীয়া ৱিকিপিডিয়া'ৰ জ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যসকলে ইয়াত লিখিবলৈ, অনুবাদ কৰিবলৈ বা সম্পাদনা কৰিবলৈ যিকণ ক'ডীয় জ্ঞানৰ প্ৰয়োজন হয়, তেনে সম্পৰ্কীয় একোখন ৱেবিনাৰ বা কৰ্মশালা সময়ে সময়ে অনুস্থিত কৰিলে ইয়াৰ সক্ৰিয় সদস্যৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে প্ৰবন্ধৰ সংখ্যাও বৃদ্ধি হৈ এই মাধ্যমটোক আৰু অধিক মেটমৰা কৰি তুলিব। লগতে জনপ্ৰিয়তা বৃদ্ধি তথা প্ৰসাৰৰ বাবে যিসমূহ প্ৰতিযোগিতা আয়োজন কৰি আহিছে, সেয়া ভৱিষ্যতলৈও অব্যাহত ৰাখিব বুলিও আশা ৰাখিলোঁ‌।

অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ সদায়ে তাগিদা দি অহা ভাতৃপ্ৰতীম শ্ৰী নয়নজ্যোতি নাথলৈ কৃতজ্ঞতাৰে...

-Debuapriyo (বাৰ্তা) 14:13, 2 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
মায়া স্থাপত্যৰ নিদৰ্শন

মায়া সভ্যতা (ইংৰাজী: Maya civilization) মায়া লোকসকলৰ দ্বাৰা বিকশিত এক প্ৰাচীন মেছো-আমেৰিকান সভ্যতা। এই সভ্যতা প্ৰাক-কলম্বিয়ান আমেৰিকাৰ আটাইতকৈ অত্যাধুনিক আৰু উচ্চ বিকশিত লিখন প্ৰণালী চিত্ৰশাব্দিক লিপিৰ লগতে ইয়াৰ কলা, স্থাপত্য, গণিত, দিনপঞ্জী তথা জ্যোতিৰ্বৈজ্ঞানিক প্ৰণালীৰ বাবে প্ৰখ্যাত। মায়া সভ্যতা বৰ্তমানৰ দক্ষিণ-পূব মেক্সিকো, সমগ্ৰ গুৱাটেমালা তথা বেলিজ, হণ্ডুৰাছ আৰু এল চালভাডৰৰ পশ্চিম প্ৰান্তত বিকশিত হৈছিল। য়ুকাটান উপদ্বীপৰ উত্তৰ নিম্নভূমি আৰু চিয়েৰা মাদ্ৰেৰ উচ্চভূমি, মেক্সিকান ৰাজ্য চিয়াপাচ, দক্ষিণ গুৱাটেমালা, এল চালভাডৰ আৰু প্ৰশান্ত মহাসাগৰীয় উপকূলীয় সমভূমিৰ দক্ষিণ নিম্নভূমিও এই সভ্যতাৰ অন্তৰ্ভুক্ত আছিল। মায়া হৈছে এক আধুনিক শব্দ আৰু এই শব্দটো এই অঞ্চলত বসবাস কৰা বিভিন্ন লোকক সামূহিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই সভ্যতাৰ আবাসীসকলে নিজকে "মায়া" বুলি পৰিচয় দিয়া নাছিল আৰু ই তেওঁলোকৰ সাধাৰণ বা ৰাজনৈতিক ঐক্যৰো পৰিচয় নাছিল। বৰ্তমান সময়ত তেওঁলোকৰ উত্তৰ পুৰুষসকলক সামূহিকভাৱে মায়া বুলি জনা যায় আৰু তেওঁলোকৰ সংখ্যা ৬০ লাখতকৈও অধিক। তেওঁলোকে বৰ্তমান বৰ্তি থকা ২৮টাতকৈও অধিক মায়া ভাষা কয় আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ দৰে প্ৰায় একে ঠাইতে বাস কৰে। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ নাৰীৰ বিষয়ে ইয়াত পঢ়ক
সৃষ্টি কৰা প্ৰবন্ধসমূহ
অক্টোবৰ-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১০৩

বিশেষ শিতান

[সম্পাদনা কৰক]

মহাত্মা গান্ধী এডিটাথন ২০২১ (২ আৰু ৩ অক্টোবৰ) -ৰ অন্তৰ্গত

[সম্পাদনা কৰক]
  1. অনুপম মিশ্ৰ
  2. ইণ্ডিয়ান এম্বুলেঞ্চ ক'ৰ্পছ
  3. ইলা মিত্ৰ
  4. একলা চলো ৰে
  5. কদম কদম বঢ়ায়ে যা
  6. কল্যাণী দাস
  7. কৃষ্ণনাথ শৰ্মা
  8. কেসৰী (বাতৰিকাকত)
  9. খেড়া সত্যাগ্ৰহ
  10. গান্ধী ব্ৰিগেড
  11. গান্ধী মেণ্ডেলা পুৰস্কাৰ
  12. গান্ধী সংস্থা
  13. গান্ধী হিল, বিজয়বাড়া
  14. গান্ধীবাদ
  15. চম্পাৰণ সত্যাগ্ৰহ
  16. চাৰ অধ্যায়
  17. টেভাগা আন্দোলন
  18. তাৰা সিং
  19. তীস জানুৱাৰী ৰ'ড
  20. ধন সিং গুৰ্জাৰ
  21. নেহৰু ব্ৰিগেড
  22. পদযাত্ৰা
  23. বাৰদোলী সত্যাগ্ৰহ
  24. বীণা দাস (জাতীয়তাবাদী)
  25. বুনিয়াদ
  26. বেণী মাধব দাস
  27. ব্ৰাহ্ম সমাজ
  28. ভূপেন্দ্ৰ নাথ বসু
  29. ভেল্লোৰ বিদ্ৰোহ
  30. মণ্টাগ'-ছেমচফৰ্ড সংস্কাৰ
  31. মহাত্মা
  32. মহাত্মা ফুলে মিউজিয়াম
  33. মহিলা আত্মৰক্ষা সমিতি
  34. মিডনাইটছ চিলড্ৰেন
  35. মৃদুলা সাৰাভাই
  36. লক্ষ্ণৌ চুক্তি
  37. শামলদাস গান্ধী
  38. শ্বেৰ-এ-হিন্দ
  39. হিন্দুস্তান জিন্দাবাদ
  40. ৰাজনাৰায়ণ মিশ্ৰ
  41. ৰামৰাও কৃষ্ণৰাও পাটিল
  42. ৰেণুকা ৰয়

ন'বেল বঁটা

[সম্পাদনা কৰক]
  1. আৰ্ডেম পাটাপুটিয়ান
  2. ডেভিদ জুলিয়াছ
  3. জৰ্জিঅ' পাৰিচি
  4. ‎চিউকুৰো মানাবে
  5. ‎ক্লাউছ হেচেলমান
  6. বেঞ্জামিন লিষ্ট
  7. ডেভিদ মেকমিলান
  8. আব্দুলৰাজাক গুৰ্নাহ
  9. ‎মাৰিয়া ৰেচ্ছা
  10. ডিমিট্ৰি মুৰাটভ
  11. ‎ডেভিদ কাৰ্ড
  12. ‎জছুৱা এংৰিষ্ট
  13. ‎গুইডো ইমবেন্স

বিশ্বৰ প্ৰেক্ষাপট

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. ৰবাৰ্ট বিলট
  2. ভাৰ্জিল


অন্যান্য

[সম্পাদনা কৰক]
  1. মায়া সভ্যতা
  2. আত-তৌবাহ
  3. ইউনুছ (ছূৰা)
  4. হুদ (ছূৰা)
  5. ইউছুফ (ছূৰা)
  6. আৰ-ৰ'দ
  7. ইব্ৰাহিম (ছূৰা)
  8. মক্কান ছূৰা
  9. ‎মদিয়ান ছূৰা
  10. ‎আল-হিজৰ
  11. ‎আন-নাহল
  12. ‎আল-ইছৰা
  13. ‎আন-কাহ্ফ
  14. মৰিয়ম (ছূৰা)
  15. তাহা
  16. মেইতেই ৱিকিপিডিয়া
  17. চীনৰ মহাপ্ৰাচীৰ
  18. উ জেতিয়ান
  19. আল-আম্বিয়া

ভাৰতীয় পটভূমি

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. জ্যোতিকা টাংগ্ৰী
  2. অৰবিন্দ ত্ৰিবেদী
  3. গৌৰ গোপাল দাস

পৌৰাণিক ভাৰতীয় আখ্যান

[সম্পাদনা কৰক]
  1. দ্যৌষ্পিতৃ

অন্যান্য

[সম্পাদনা কৰক]
  1. ৰামেশ্বৰম
  2. সনামহী ধৰ্ম
  3. ‎পান্থোইবী

অসম বিষয়ক

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. চক্ৰেশ্বৰ শইকীয়া
  2. ৰকিবুল হুছেইন
  3. যুগললোচন দাস
  4. ‎নমিতা ভট্টাচাৰ্য
  5. ‎দেৱজিৎ গায়ন
  6. ‎সৌমিত্ৰ যোগী
  7. ৰবীন দেৱচৌধুৰী
  8. অৱন বৰপূজাৰী


চলচ্চিত্ৰ বিষয়ক

[সম্পাদনা কৰক]
  1. ‎প্ৰেম আৰু প্ৰেম
  2. লাইফ ইন এ পাপেট
  3. ‎মৰম নদীৰ গাভৰু ঘাট
  4. ৰণুৱা
  5. ‎ভাগ্য (চলচ্চিত্ৰ)
  6. দেৱী (চলচ্চিত্ৰ)

অন্যান্য

[সম্পাদনা কৰক]
  1. জুডিমা (পানীয়)
  2. ‎লখিমপুৰ চিকিৎসা মহাবিদ্যালয়
  3. তেজীমলা

সানমিহলি

[সম্পাদনা কৰক]
  1. তোটয়
  2. সপ্ত বৈকুণ্ঠ
  3. একে লিংগৰ বিবাহ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
পকা ধানৰ ডাঙৰীৰ মেটমৰা বোজা বান্ধি চাইকেলেৰে ঘৰলৈ ওভতাৰ পথত এজন কৃষক
আলোকচিত্ৰ শিল্পী: ঈশান জ্যোতি বৰা
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
ঈশান জ্যোতি বৰা
শততম প্ৰবন্ধ পদক
হানিফ আলী







বিশেষ অভিলেখ
অক্টোবৰ-২০২১ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

অক্টোবৰ মাহত অসমীয়া ৱিকি পৰিয়ালৰ সক্ৰিয় সদস্য হানিফ আলীয়ে অসমীয়া ৱিকিপিডিয়াত ব্যক্তিগতভাৱে ১০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯,৭৩৪ টালৈ বৃদ্ধি পালে।



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অজয় দাস৬৮--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা বড়া৫৬--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা১৫৪--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা১০৯-১০১৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন১৫৭- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য দাস৩১২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জোনালী বৰুৱা৬২--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত৪৮-১০- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ১৩৪--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০প্ৰণামিকা অধিকাৰী-৬৮-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১প্ৰাণজ্যোতি নাথ ৬১--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২বাবুল বৈশ্য৩৫০--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩মৃদুল সিংহ ফুকন২৪১--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ৰুমী বৰা- ৯৯-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫হানিফ আলী-১৬৬০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: খিলঞ্জীত, দিলীপ কুমাৰ ৰাভা, প্ৰণৱ জ্যোতি ভূঞা

ইনকুবেটৰ (Wq/as): অনামিকা বড়া , কুলধৰ ৰাভা , চন্দন চিৰিং ফুকন, চাণক্য কুমাৰ দাস , দিব্য দত্ত , নাং মধুস্মিতা

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।