সমললৈ যাওক

বীণা দাস (জাতীয়তাবাদী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীণা দাস
স্থানীয় নাম বীণা দাস
জন্ম ২৮ আগষ্ট, ১৯১১
কৃষ্ণনগৰ, বেংগল প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত
মৃত্যু ২৬ ডিচেম্বৰ, ১৯৮৬
হৃষীকেশ, উত্তৰাখণ্ড, ভাৰত
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী

বীণা দাস (ইংৰাজী: Bina Das) (২৮ আগষ্ট, ১৯১১—২৬ ডিচেম্বৰ, ১৯৮৬) এগৰাকী ভাৰতীয় বিপ্লৱী আৰু পশ্চিম বংগৰ জাতীয়তাবাদী।

জীৱনী[সম্পাদনা কৰক]

পৰিয়াল[সম্পাদনা কৰক]

বীণা দাস হৈছে ব্ৰাহ্ম সমাজৰ পৰিচিত শিক্ষক বেণী মাধব দাস আৰু সমাজ-কৰ্মী সৰলা দেৱীৰ ছোৱালী। তেওঁৰ বায়েক কল্যাণী দাসো এগৰাকী স্বাধীনতা যুঁজাৰু আছিল।

শিক্ষা[সম্পাদনা কৰক]

বীণা দাসে ছেইণ্ট জনছ ডিঅ'চিজান হায়াৰ চেকেণ্ডেৰী স্কুল আৰু কলকাতাৰ বেথুন কলেজত শিক্ষা গ্ৰহণ কৰিছিল।

ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ[সম্পাদনা কৰক]

বীণা দাস ছাত্ৰী সংঘৰ এগৰাকী সদস্য আছিল। এইটো হৈছে কলকাতাৰ নাৰীৰ বাবে এটা অৰ্ধ-বিপ্লৱী সংগঠন। ১৯৩২ চনৰ ৬ ফেব্ৰুৱাৰীত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন গৃহত বংগৰ গভৰ্ণৰ ষ্টেনলী জেকচনক হত্যা কৰাৰ চেষ্টা কৰে। ৰিভলভাৰটো আন এগৰাকী স্বাধীনতা যুঁজাৰু কমলা দাস গুপ্তাই আনি দিছিল।[1] তেওঁ পাঁচবাৰ গুলীয়াইছিল যদিও লক্ষ্যভ্ৰষ্ট হয়[2] আৰু তেওঁৰ ন বছৰৰ বাবে কাৰাদণ্ড হয়।[3][4]

১৯৩৯ চনত তেওঁৰ আগতীয়া মুকলিৰ পিছত বীণা দাসে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰি তেওঁ পুনৰ ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈকে কাৰাবাস খাটে। ১৯৪৬ চনৰ পৰা ১৯৪৭ চনলৈকে তেওঁ বেংগল প্ৰভিন্সিয়েল লেজিচলেটিভ এচেম্বলিৰ আৰু ১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈকে পশ্চিমবংগ লেজিচলেটিভ এচেম্বলিৰ সদস্য হয়। যুগান্তৰ দলৰ এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামীযতীশ চন্দ্ৰ ভৌমিকৰ সৈতে বীণা দাসৰ ১৯৪৭ চনত বিবাহ হয়।[5]

বীণা দাসৰ ভগ্নী কল্যাণী দাসৰ সম্পাদিত বেংগল স্পিকছ গ্ৰন্থখন ১৯৪৪ চনত প্ৰকাশ হৈছিল আৰু কল্যাণীয়ে গ্ৰন্থখন বীণালৈ উচৰ্গিত কৰিছিল।[6]

তেওঁ স্বাধীনতা সংগ্ৰামী সুহানী গাংগুলিৰ বন্ধু আছিল।[7]

বঁটা[সম্পাদনা কৰক]

সামাজিক কৰ্মৰাজিৰ বাবে ১৯৬০ চনত বীণা দাসক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল।[8]

মৰণোত্তৰভাৱে প্ৰাপ্ত ডিগ্ৰী[সম্পাদনা কৰক]

২০১২ চনত বীণা দাস আৰু প্ৰীতিলতা ৱাদেদাৰক কলকাতা বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ দিয়ে। প্ৰায় ৮০ বছৰ পূৰ্বে ব্ৰিটিছ চৰকাৰে তেওঁলোকক ৱিথেল(withhel) কৰি থৈছিল।[9]

মৃত্যু[সম্পাদনা কৰক]

স্বামীৰ মৃত্যুৰ পিছত, দাসে হৃষীকেশত অকলশৰীয়া জীৱন যাপন কৰিছিল আৰু সকলোৰে অজ্ঞাতে মৃত্যুবৰণ কৰিছিল। ১৯৮৬ চনৰ ২৬ ডিচেম্বৰত আংশিকভাৱে পচি যোৱা অৱস্থাত তেওঁৰ মৃতদেহ পথৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছিল। অহা-যোৱা কৰা জনতাই এইটো দেখিছিল। আৰক্ষীক অৱগত কৰা হৈছিল আৰু মৃতদেহৰ পৰিচয় নিৰ্ধাৰণ কৰিবলৈ তেওঁলোকক এমাহ সময় লাগিছিল।[5][10]

সাহিত্যৰাজি[সম্পাদনা কৰক]

বীণা দাসে বাংলা ভাষাত দুখন আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰি গৈছে। শৃংখল ঝংকাৰ আৰু পিতৃধন[5]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Kumar, Radha (1997) (en ভাষাত). The History of Doing: An Illustrated Account of Movements for Women's Rights and Feminism in India 1800-1990. Zubaan. ISBN 9788185107769. https://books.google.com/books?id=68xTBT1-H4IC&q=Kamala+Das+Gupta&pg=PA87. 
  2. Five shots fired at governor Glasgow Herald, 8 February 1932, p. 11
  3. Girl, would-be assassin, gets nine years in India at Reading Eagle, 15 February 1932
  4. "Bina Das, Forgotten female freedom fighters". dnaindia.com. 15 April 2017. http://www.dnaindia.com/analysis/column-forgotten-female-freedom-fighters-2402311। আহৰণ কৰা হৈছে: 30 June 2017. 
  5. 5.0 5.1 5.2 Sengupta, Subodh Chandra and Anjali Basu (ed.) (1988) Sansad Bangali Charitabhidhan (in Bengali), Kolkata: Sahitya Sansad, p.663
  6. Sengupta, Subodh; Basu, Anjali (2016). Sansad Bangali Charitavidhan (Bengali). 1. প্ৰকাশক Kolkata: Sahitya Sansad. ISBN 978-81-7955-135-6. 
  7. Chatterjee, India (1988). "The Bengali Bhadramahila —Forms of Organisation in the Early Twentieth Century". Manushi: 33–34. Archived from the original on 1 December 2017. https://web.archive.org/web/20171201035318/http://www.manushi-india.org/pdfs_issues/PDF%20files%2045/26.%20The%20Bengali%20Bhadramahila.pdf। আহৰণ কৰা হৈছে: 21 December 2017. 
  8. "Padma Awards Directory (1954–2014)". Ministry of Home Affairs (India). 21 May 2014. পৃষ্ঠাসমূহ: 11–37. http://www.mha.nic.in/sites/upload_files/mha/files/YearWiseListOfRecipientsBharatRatnaPadmaAwards-1954-2014.pdf। আহৰণ কৰা হৈছে: 22 March 2016. 
  9. "After 80 yrs, posthumous degrees for revolutionaries - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/kolkata/After-80-yrs-posthumous-degrees-for-revolutionaries/articleshow/12364819.cms. 
  10. Pinaki Biswas (2021). Rabindranath Hatya Shorojantra (Bengali). প্ৰকাশক Kolkata: Lalmati Prakashan. পৃষ্ঠা. 22. ISBN 978-81-953129-3-1. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]