অৱন বৰপূজাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৱন বৰপূজাৰী

অৱন বৰপূজাৰী
জন্ম অৱন বৰপূজাৰী
১৯৩৯
মাৰ্ঘেৰিটা, অসম, ভাৰত
মৃত্যু ২৮ অক্টোবৰ, ২০২১
গুৱাহাটী,অসম, ভাৰত
বাসগৃহ গান্ধীবস্তি, গুৱাহাটী
পেচা আকাশবাণীৰ ঘোষক, কবি, ঔপন্যাসিক, নিবন্ধকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৬৪-২০০০

অৱন বৰপূজাৰী (ইংৰাজী: Aban Barpujari, ১৯৩৯-২০২১) আছিল আকাশবাণীৰ এগৰাকী ঘোষক, বাতৰি পৰিৱেশক, কবি, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ ৷ ১৯৬৪ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষকৰূপে কৰ্ম জীৱন আৰম্ভ কৰা বৰপূজাৰীয়ে পাছলৈ অনুবাদক (গ্ৰেড-এ)ৰূপে অৱসৰ গ্ৰহণ কৰে৷ কাকত-আলোচনীত কবিতা, প্ৰবন্ধ লিখাৰ লগতে তেখেতে ১৯৫০ চনৰ বৰভূইকঁপৰ পটভূমিত 'গ্ৰহণ' নামৰ এখন উপন্যাসো লিখি উলিয়াইছিল ৷ তেখেতে নাট্য-অভিনেতা হিচাপেও পৰিচিতি লাভ কৰিছিল ৷ [1]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

অৱন বৰপূজাৰীৰ জন্ম মাৰ্ঘেৰিটাত হৈছিল যদিও তেখেত অবিভক্ত শিৱসাগৰ জিলাৰ নকছাৰীতহে শৈশৱ-কৈশোৰ অতিবাহিত কৰিছিল ৷ নকছাৰী হাইস্কুলৰ পৰা তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঊত্তীৰ্ণ হয় ৷ ইয়াৰ পিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই.এ. পাছ কৰে ৷ ১৯৬১ চনত কটন কলেজৰ পৰা তেখেতে ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে ৷ [1]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৬৪ চনত অৱন বৰপূজাৰীয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষকৰূপে কৰ্মজীৱনৰ পাতনি মেলে৷ ১৯৬৬ চনৰ ১ জুন তাৰিখে তেখেতে আকাশবাণী দিল্লীত বাতৰি পৰিৱেশক হিচাপে যোগদান কৰে ৷ আকাশবাণী দিল্লীৰ পৰা তেখেতে 'সংবাদ বিচিত্ৰা' নামৰ অনুষ্ঠান এটা প্ৰযোজনা কৰিছিল৷ ১৯৮৪ চনৰ ২৬ জুনত অৱন বৰপূজাৰী আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ বদলি হৈ আহে ৷ ২০০০ চনত এইটো কেন্দ্ৰৰ পৰাই তেখেতে বাতৰি পৰিৱেশক আৰু এ-গ্ৰেডৰ অনুবাদক হিচাপে অৱসৰ লয় ৷ [1]

অৱন বৰপূজাৰীয়ে নাটকতো অভিনয় কৰিছিল ৷ তেখেতে একাধিক কাকতৰ লগতে তেখেতে 'প্ৰতিধ্বনি', 'নৱযুগ'ত কবিতা লিখিছিল ৷ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিবেদন, বাতৰি আদিৰ বিষয়ে তেখেতে 'অসম বাণী'ত লিখিছিল ৷ কুৰি শতিকাৰ ১৯৫০ চনত অসম কঁপাই যোৱা বৰভূঁইকঁপৰ পটভূমিত অৱন বৰপূজাৰীয়ে 'গ্ৰহণ' নামৰ উপন্যাস এখনো লিখি উলিয়াইছিল ৷ [1]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অৱন বৰপূজাৰীৰ পত্নী বন্তি বৰপূজাৰীও আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত ৷ তেখেত কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৷ দম্পতীটোৰ এটি পুত্ৰ সন্তান আছে ৷ [1]

মৃত্যু[সম্পাদনা কৰক]

২০২১ চনৰ ২৮ অক্টোবৰৰ পুৱা ৫ বাজি দহ মিনিটত অৱন বৰপূজাৰীৰ দেহাৱসান ঘটে ৷ হৃদৰোগত আক্ৰান্ত হৈ তেখেত গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ৯ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল ৷ [1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "আকাশবাণীৰ পৰিচিত কণ্ঠ অৱন বৰপূজাৰীৰ মৃত্যু". দৈনিক অসম. প্ৰকাশক গুৱাহাটি. ২৯ অক্টোবৰ, ২০২১. পৃষ্ঠা ১ আৰু ৬. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/29/dainik-asam/3001?date=2021/10/29&open-detail-page=true। আহৰণ কৰা হৈছে: 31 October 2021.