সমললৈ যাওক

মাৰ্ঘেৰিটা মহকুমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্ঘেৰিটা
মহকুমা
ৰাষ্ট্ৰ  ভাৰত
ৰাজ্য অসম
জিলা তিনিচুকীয়া
উচ্চতা
১৬২ মিটাৰ (৫৩১ ফুট)
জনসংখ্যা
 (২০১১)
  মুঠ
২৩,৮৩৬

এই পৃষ্ঠাখন তিনিচুকীয়া জিলাৰ মহকুমাটোৰ বিষয়ে।

মাৰ্ঘেৰিটা (ইংৰাজী: Margherita)ভাৰতবৰ্ষৰ উঃ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰ অসমৰ সীমামূৰীয়া তিনিচুকীয়া জিলাৰ অন্তৰ্গত তিনিওটা মহকুমাৰ ভিতৰত অন্যতম। ব্ৰিটিছ শাসনকালতেই ইয়াত গঢ়ি উঠা কয়লাক্ষেত্ৰসমূহৰ অৱদানৰ বাবে উঃ পূঃৰ কয়লাক্ষেত্ৰৰ ভিতৰত মাৰ্ঘেৰিটাৰ নাম কয়লাৰাণী হিচাপে জনাজাত। ব্ৰহ্মপুত্ৰৰ উপনৈ বুঢ়ীদিহিং, পাটকাই পাহাৰ, বনাঞ্চলসমুহ আৰু চাহ-বাগিচাৰ সৌন্দৰ্যই সমগ্ৰ অঞ্চলটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ঊনৈছ শতিকাৰ ইটালীৰ ৰাণী মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জ্য'ভানা (Margherita of Savoy)ৰ নামেৰে মাৰ্ঘেৰিটাৰ নামাংকিত কৰা হৈছিল। ক'ল ইণ্ডিয়া লিমিটেড আৰু কীটপ্লাই অঞ্চলটোৰ উদ্যোগিক ক্ষেত্ৰখনৰ পুৰণি আৰু প্ৰতিষ্ঠিত উদ্যোগিক প্ৰতিষ্ঠান। ইয়াৰ বাহিৰেও ইয়াত সৰু-সুৰা বহুতো চাহ উদ্যোগ গঢ়ি উঠিছে।

ভৌগোলিক তথ্য

[সম্পাদনা কৰক]

মাৰ্ঘেৰিটা 27°17′N 95°41′E / 27.28°N 95.68°E / 27.28; 95.68.[1] অৱস্থিত। সমুদ্ৰপৃষ্ঠৰপৰা ঠাইটুকুৰাৰ উচ্চতা প্ৰায় ১৬২ মিটাৰ। ৰাংৰি পাহাৰ আৰু পাটকাই পাহাৰৰ ঠাল-ঠেঙুলিয়ে ইয়াৰ ক্ৰমে দক্ষিণ আৰু পূব দিশ আগুৰি আছে। মাৰ্ঘেৰিটাৰ উত্তৰ দিশে আছে তিনিচুকীয়া মহকুমা, পূবে আৰু দক্ষিণে অৱস্থিত অৰুণাচল প্ৰদেশ আৰু পশ্চিম দিশত অৱস্থিত ডিব্ৰুগড় জিলা। বুঢ়ীদিহিং নদী মাৰ্ঘেৰিটাৰ মাজেৰে বৈ গৈছে।

জনগাঁথনি

[সম্পাদনা কৰক]

২০১১ৰ লোকপিয়লৰ মতে (India census),[2] মাৰ্ঘেৰিটাৰ সৰ্বমুঠ জনসংখ্যা হৈছে ২৩৮৩৬ জন। মুঠ জনসংখ্যাৰ ৪৮% আৰু ৫২% ক্ৰমে পুৰুষ আৰু মহিলা। শিক্ষিতৰ হাৰ হ'ল ৭৬%; তাৰে মাজৰ শিক্ষিত পুৰুষৰ হাৰ হ'ল ৮১% আৰু শিক্ষিত মহিলাৰ হাৰ হ'ল শতকৰা ৭১% আৰু মুঠ জনসংখ্যাৰ ১১ শতাংশই ৬বছৰৰ তলৰ শিশু।

বিভিন্ন ভাষাৰ জনগোষ্ঠীয় সম্প্ৰদায়েৰে মাৰ্ঘেৰিটাৰ জনগাঁথনি গঠিত। অঞ্চলটোৰ মুখ্য সম্প্ৰদায়সমুহ হ'ল আহোম জনগোষ্ঠী, মৰাণ, মটক, চিংফৌ, বাংলা, নেপালী, চাহ জনগোষ্ঠী, হাজং, বিহাৰী ইত্যাদি।

বৰ্তমান জনাজাত নামটোৰ আগেয়ে মাৰ্ঘেৰিটাৰ নাম আছিল মা-কুম( মূল:চিংফৌ, অৰ্থ: সকলো জনগোষ্ঠীৰ থকা ঠাই)। ১৮৭৬ চনত লিডু আৰু মাৰ্ঘেৰিটাত কয়লা আৱিষ্কাৰ কৰা হয়। তাৰ পাছতে ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা চৰকাৰী ভাবে মাৰ্ঘেৰিটাৰ কয়লাক্ষেত্ৰৰ শুভ উদ্ধোধন কৰা হয় আৰু কয়লাৰ ৰপ্তানিৰ বাবে ডিব্ৰুগড়ৰপৰা লিডুৰ কয়লাক্ষেত্ৰৰ লৈকে এখন ৰেলৰ চলাচলৰ সেইদিনাই আৰম্ভণি কৰা হয়। সেইদিনাই বুঢ়ীদিহিং নদীৰ ওপৰত প্ৰথমখন কাঠৰ দলং সাজি আৰু বুড়ীদিহিঙৰ দুয়োপাৰে ৰেলৱে' লাইন বহোৱাৰ কাৰ্য সফল কৰোৱাৰ বাবে ইটালীয়ান মুখ্য অভিযন্তা Chevalier Roberto Paganiniক সন্মান যঁচা হয় আৰু ইটালীৰ তেতিয়াৰ ৰাণী মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জ্য'ভানা Margherita of Savoy লৈ জনোৱা সন্মান স্বৰূপে তেওঁৰ নামানুসৰি ঠাইটুকুৰাৰ নাম মা-কুম সলাই মাৰ্ঘেৰিটা ৰখা হয়।

It is a portrait of Margherita Maria Teresa Giovanna. She was the queen consort of the kingdom of Italy during the reign (1878–1900) of her husband, Umberto I. The picture was taken at Coal Heritage Museum, Margherita.

ধৰ্ম আৰু উৎসৱসমুহ

[সম্পাদনা কৰক]

মাৰ্ঘেৰিটাৰ জনসংখ্যাৰ অধিকাংশ লোকেই হিন্দু, মুছলিম নাইবা খৃষ্টান ধৰ্মালম্বী। ইয়াৰে ভিতৰুৱা কিছু এলেকাত বৌদ্ধধৰ্মত দীক্ষিত লোকৰ বসতিও বিদ্যমান হৈ আছে। মহকুমাটোত পালন কৰা প্ৰধান উৎসৱ হৈছে ব'হাগ বিহু (চ'ত-ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়), কাতি বিহু (আহিন-কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়) আৰু মাঘ বিহু(পুহ-মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়); তাৰ বাহিৰেও ঈদ, খ্ৰীষ্টমাছ, হোলি, দীপান্বিতা, চট পূজা, বুদ্ধ পূৰ্ণিমা, মে-ডাম-মে-ফি ইত্যাদি ইয়াত সমানেই উলহ-মালহেৰে পালন কৰা হয়।

যাতায়ত

[সম্পাদনা কৰক]

অসমৰ মুখ্য চহৰসমুহৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ লগত মাৰ্ঘেৰিটাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সন্তোষজনক; ৰেল আৰু বাছ সেৱা উন্নত। জিলাৰ সদৰ তিনিচুকীয়াত অৱস্থিত একমাত্ৰ জংচনটোলৈ সংযোজিত হোৱাকৈ ৰেলপথ আৰু বাছৰ যোগাযোগ আছে। ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলটোৰ মাজেৰে পাৰ হৈ গৈছে । আটাইতকৈ সমীপৱৰ্তী বিমানকোঠটো হৈছে ডিব্ৰুগড় জিলাৰ মোহনবাৰী।

অৰ্থনীতি

[সম্পাদনা কৰক]

উঃ পূঃ কয়লাক্ষেত্ৰNorth Eastern Coalfields ই মহকুমাটোৰ অৰ্থনীতিক সবল কৰিছে। অৰ্থনৈতিক ক্ষেত্ৰখনত উল্লেখযোগ্য অইন উদ্যোগমুহ হ'ল চাহ আৰু প্লাইউড উদ্যোগ। ইয়াৰ উপৰিও ধান খেতিৰ ওপৰত একাংশ পৰিয়াল নিৰ্ভৰশীল।

উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান

[সম্পাদনা কৰক]
  • ডিগবৈ মহাবিদ্যালয়
  • ডিগবৈ মহিলা মহাবিদ্যালয়
  • মাৰ্ঘেৰিটা মহাবিদ্যালয়
  • লিডু মহাবিদ্যালয় আদি।

উল্লেখযোগ্য ঠাইসমুহ

[সম্পাদনা কৰক]

মূখ্যতঃ কয়লা খনিসমূহ, প্লাইউড উদ্যোগ আৰু চাহ বাগিছাৰ বাবে মাৰ্ঘেৰিটা বিখ্যাত। মাৰ্ঘেৰিটাৰ নামদাং আৰু ডিগবৈৰ ওচৰৰ পাৱৈৰ গ'ল্ফ ফিল্ড পৰ্যটকৰ বাবে আন এক আকৰ্ষণ। তলত মাৰ্ঘেৰিটাৰ অন্তৰ্গত কেইখনমান চাবলগীয়া ঠাইৰ নাম উল্লেখ কৰা হ'ল।

This is a model kept in Coal Heritage Museum situated in Margherita, India, depicting a worker busy in mining coal in an underground coal mine.
The photo was captured inside Coal Heritage Museum, Margherita.

দিহিং-পাটকাই অভয়াৰণ্য

[সম্পাদনা কৰক]

অসমৰ এখন সেমেকা চিৰসেউজ অৰণ্য। জিলাখনৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত এই অৰণ্যৰ বিস্তৃতি প্ৰায় ৩০০ বৰ্গকিলোমিটাৰ। ইয়াত হলৌ বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, বাঘ, হাতী আদি প্ৰাণী পোৱা যায়। লগতে পখিলাৰ বিভিন্ন প্ৰজাতিৰো ই ৰম্যভূমি।

A signboard showing the directions in Dihing Patkai Wildlife Sanctuary.

এশবছৰৰো পুৰণি তৈলখাদ আৰু বিশ্বৰ অন্যতম পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰৰ বাবে ডিগবৈ জনাজাত। তাৰোপৰি ইয়াত ১৮ হ'ল গ'ল্ফ ক'ৰ্ছ আৰু দেশৰ ভিতৰতে প্ৰথমটো তৈল সংগ্ৰহালয় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। নগৰখনৰ ওচৰতে দ্বিতীয় বিশ্বযুদ্ধৰ এক সমাধিও অৱস্থিত।[3] ইয়াৰ উপৰিও ডিগবৈৰ সংৰক্ষিত বণাঞ্চল পাকৈঢোঁৰাৰ প্ৰজাতিৰ বাবে জনাজাত।

A front view of War Cemetery Digboi

ষ্টিলৱেল পথ

[সম্পাদনা কৰক]

ষ্টিলৱেল পথৰ পুৰণি নাম লিডু ৰোড। ২য় নহাসমৰৰ সময়ত সহায়ক হোৱাকৈ ৰাস্তা স্বৰূপে এই পথটিৰ নিৰ্মাণ কৰা হৈছিল আৰু জেনেৰেল জোচেফ ষ্টীলৱেল (Joseph Stilwell)ৰ নামানুসাৰি পথটোৰ নাম ৰখা হয়। লিডুত আৰম্ভ হোৱা এই পথ ম্যানমাৰকাচিন প্ৰদেশৰ শ্বিংব্ৱিয়াং, ম্যিট্‌ক্যিনা আৰু ভামো হৈ চীনদেশৰ য়ুন্নান প্ৰদেশৰ কুনমিঙত শেষ হৈছে।[4]

Ledo Burma Roads Assam-Burma-China