দিহিং-পাটকাই অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য
Dihing Patkai Wildlife Sanctuary
দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য
দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ ডিব্ৰুগড়, তিনিচুকীয়া
ক্ষেত্ৰফল ১১৯.৯ বৰ্গ কিলোমিটাৰ
প্ৰতিস্থা ২০০৪
গভাৰ্নিং বডী Department of Environment & Forests, Assam

দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য,অসমডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন বৰ্ষাৰণ্য৷ এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক 'পূবৰ আমাজান ("The Amazon of the east") বুলিও আখ্যা দিয়া হয়[1]৷ এই অঞ্চলটোৰ চহকী জৈৱবৈচিত্ৰ্যৰ উপৰিও ঐতিহাসিকভাৱে তাৎপৰ্য্যপূৰ্ণ স্থান যেনে দ্বিতীয় বিশ্বযুদ্ধৰ চিমেটেৰিসমূহ,ষ্টিলৱেল পথ আৰু এছিয়াৰ আটাইতকৈ পুৰণি ডিগবৈ তৈলশোধনাগাৰ আদিৰ অৱস্থিতিও গুৰুত্বপূৰ্ণ[2]

ইতিহাস[সম্পাদনা কৰক]

২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়৷ এই অভয়াৰণ্য দিহিং পাটকাই হস্তী প্ৰকল্প (Dehing-Patkai Elephant Reserve)ৰ এটা অংশ৷

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য তিনিটা অংশৰে গঠিত হৈছে- জয়পুৰ (Jeypore), দিহিং ণৈ (Dihing River) আৰু ডিৰক বৰ্ষাৰণ্য (Dirok rainforest)৷ এই বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিবসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷ এই বনাঞ্চলৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে- বাকী অংশ ডিব্ৰু-দেওমালি হস্তী প্ৰকল্প (Dibru-Deomali elephants reserve) ৰ অন্তৰ্ভুক্ত৷ এই বনাঞ্চল প্ৰকৃততে অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং (Changlang)জিলা পৰ্যন্ত বিয়পি আছে৷ সমগ্ৰ বানঞ্চল মিলি ই ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য বুলি পৰিগণিত হৈছে৷ [3]

বতৰ[সম্পাদনা কৰক]

এই অভয়াৰণ্যৰ বতৰ প্ৰায়ে ক্ৰান্তীয় সেমেকা৷ গড় বৰষুণৰ পৰিমাণ ৪,০০০ মিমিতকৈ বেছি হয়৷ বছৰৰ বাৰ মাহৰ নমাহেই ইয়াত বৰষুণ হয়৷ গ্ৰীস্মকালত ইয়াত গৰম আৰু আৰ্দ্ৰ হয় আৰু শীতকালত প্ৰায়ে ঠাণ্ডা পৰে৷[উদ্ধৃতিৰ প্ৰয়োজন]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

উদ্ভিদকুল[সম্পাদনা কৰক]

ইয়াত মূলত: চিৰসেউজীয়া বনঞ্চল, নৈ-উপনৈ, জলাহভূমি আদি দেখা যায় ৷ উল্লেখযোগ্য উদ্ভিদ প্ৰজাতিবোৰ হৈছে- হোলোং, মেকাই, ধূণা, উৰিয়াম, নাহৰ, শামকঠাঁল, ভেৰ, শলখ, ঔটেঙা, ডিমৰু ইত্যাদি৷ তাৰোপৰি ইয়াত নানা প্ৰকাৰৰ ঢেঁকীয়াজাতীয় উদ্ভিদ, অৰ্কিড, লতা-জাতীয় উদ্ভিদ আদি দেখা পোৱা যায়৷ ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত Garcinia lanceaefolia, Michelia muni, Baccaureu supida, Bischqfia javanica, Myristica limifolia আদি প্ৰধান প্ৰজাতি৷

অৰ্কিড[সম্পাদনা কৰক]

অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাইৰ বনাঞ্চল অতি প্ৰখ্যাত৷ বৰ্তমানলৈকে ৪৫ গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে ৭৯ বিধ epiphytic, ২১ বিধ স্থলজ আৰু এবিধ saprophyte৷ তাৰোপৰি এই অৰ্কিডসমূহৰ আঠবিধ সংকটাপন্ন (critically endangered), ১৫ বিধ বিপদসংকুল (endangered), ৫ বিধৰ সংকট আসন্ন (near threatened) আৰু ২৮ বিধ vulnerable হিচাপে শ্ৰেণীভক্ত কৰা হৈছে৷ এই অৰ্কিডসমূহৰ ভিতৰত ''Thrixspermum acuminatissimum'' নামৰ প্ৰজাতিটো ভাৰতত প্ৰথমবাৰৰ বাবে পোৱা গৈছে৷ তাৰোপৰি ৯ বিধ অন্য অৰ্কিড যেনে Bulbophylum ebulbum, Chrysoglossum erraticum, C. robinsonii, Eria connate, E. pudica, Hetaeria affinis, Thelasis pygmaea, Taeniophyllum crepidiforme আৰু Zeuxine clandestine অসমত প্ৰথমবাৰৰ বাবে পোৱা গৈছে৷

প্ৰাণীকুল[সম্পাদনা কৰক]

দিহিং পাটকাইৰ প্ৰাণীকুলৰ বৈচিত্ৰ্যও অন্য এক লক্ষণীয়া দিশ৷ ইয়াত বৰ্তমানলৈখে ৪২ বিধ স্তন্যপায়ী প্ৰানী, ৪০ বিধ সৰীসৃপ আৰু ৩০ বিধ পখিলাৰ প্ৰজাতি পোৱা গৈছে৷ ইয়াত সচৰাচৰ দেখিবলৈ পোৱা স্তন্যপায়ী প্ৰাণীবোৰ হ'ল- হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, ঢেঁকীয়াপতিয়া বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, পেংগ'লিন, ভালুক, কেৰ্কেটুৱা, গোধাফুটুকী বাঘ, শৰপহু, সুগৰি পহু, সোণালী মেকুৰী আদি৷[4]

চৰাই-চিৰিকটি[সম্পাদনা কৰক]

দিহিং পাটকাই বৰ্ষাৰণ্যত ২৯৩ বিধ চৰাইৰ প্ৰজাতি সম্পৰ্কে তথ্য পোৱা গৈছে৷ এই চৰাইসমূহ ৫১ বিধ পৰিয়ালৰ ১৭৪ গোত্ৰৰ অন্তৰ্ভুক্ত৷ ইয়াত দেখা পোৱা চৰাইসমূহৰ ৬৩.৭% স্থানীয় চৰাই, ২৩.১% শীতকালৰ পৰিভ্ৰমণকাৰী, ২.৫% গ্ৰীষ্মকালৰ পৰিভ্ৰমণকাৰী৷ ইয়াৰে ১৩ বিধ চৰাইৰ প্ৰজাতি সংকটাপন্ন, যেনে-পাটিশগুণ, দেওহাঁহ, হাড়গিলা, Greater Spotted Eagle, Lesser Adjutant, Beautiful Nuthatch, Marsh Babbler, Tawny-breasted Wren Babbler, White-cheeked Hill Partridge, Great Hornbill, Brown Hornbill, Oriental Darter and Painted Stork আদি৷ অন্যান্য চৰাইবোৰ হৈছে- Kalij Pheasant Grey Peacock Pheasant, Besra, Black Baza, Slender-billed Vulture, Osprey Great, Hornbill Wreathed Hornbill আৰু Common Hill Myna ইত্যাদি৷

পৰ্য্যটকৰ বাবে[সম্পাদনা কৰক]

দিহিং পাটকাই বৰ্ষাৰণ্য উৎসৱে বিশ্বৰ সকলো প্ৰান্তৰ পৰা পৰ্য্যটকক আকৰ্ষণ কৰে৷ এই উৎসৱে জৈৱবৈচিত্ৰ্যৰ উপৰিও সাংস্কৃতিক দিশবোৰক প্ৰতিনিধিত্ব কৰে৷ [5]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]