সমললৈ যাওক

নাহৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাহৰ
Ceylon ironwood
নাহৰ গছৰ এটা সৰু পুলি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malpighiales
পৰিয়াল: Calophyllaceae
গণ: Mesua
প্ৰজাতি: M. ferrea
বৈজ্ঞানিক নাম
Mesua ferrea
L.
সমাৰ্থক

Mesua coromandelina Wight
Mesua nagassarium (Burm.f.) Kosterm.
Mesua pedunculata Wight
Mesua roxburghii Wight
Mesua sclerophylla Thw.
Mesua speciosa Choisy
Mesua stylosa

নাহৰ (ইংৰাজী: Ceylon ironwood বা Indian rose chestnut বা Cobra's saffron) (Mesua ferrea)[1] হৈছে Calophyllaceae পৰিয়ালৰ অন্তৰ্গত একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। ইয়াক হিন্দী, পঞ্জাবী আৰু সংস্কৃত ভাষাত নাগকেশৰ তথা মাৰাঠী ভাষাত নাগচাফা বোলা হয়। বাংলা ভাষাত নাগেশ্বৰ বুলি কোৱা হয়। নাহৰ হ'ল শ্ৰীলংকাৰ জাতীয় বৃক্ষ। ১৯৮৬ চনত ইয়াক জাতীয় বৃক্ষ হিচাপে ঘোষণা কৰা হয়। শ্ৰীলংকাত নাহৰ গছ 'না' বৃক্ষ নামে পৰিচিত।[2]

এই গছ প্ৰায় ১০০ ফুট ওখ হয়। গছৰ গুৰিৰ পৰিধি প্ৰায় ২ মিটাৰ হ'ব পাৰে। ইয়াৰ ডাল বৰ লাহি। বাকলি ০.৫ ইঞ্চি। ইহঁতৰ কাণ্ডৰপৰা আঠা পোৱা যায়। এই গছৰ কাঠ বৰ টান হয়। কাঠৰ ৰং ৰঙা। ই ধীৰ গতিত ডাঙৰ হয়। নাহৰ শোভা বৰ্ধক গছ। ইয়াৰ পাত আৰু ফুল উভয়ই সুন্দৰ। ফুলৰ সুগন্ধ আছে। ই একপ্ৰকাৰৰ শোভাবৰ্ধক, চিৰসেউজীয়া উদ্ভিদ। পাপৰিৰ ৰঙ বগা, পুংকেশৰবোৰ সোণালী, যি ফুলৰ সৌন্দৰ্য্যত নতুন মাত্ৰা যোগ কৰিছে। সব মিলি এই ফুল বৰ্ণে-গোন্ধে অনন্য। ফুল উভয়লিংগী। সাধাৰণতে নাহৰ ফুল বসন্ত ঋতুত ফুলে। কিন্তু বৰ্ষা ঋতুতো ফুল ফুলা দেখা যায়। পাতবোৰ সৰু আৰু বল্লমাকৃতি। গোটেই বছৰ নতুন নতুন পাত গজা এই গছৰ অন্যতম বৈশিষ্ট্য। পাতৰ বিন্যাস ঘনবদ্ধ। পিৰামিড আকৃতিৰ গঠন, ৰঙীন কুঁহিপাত, শুভ্ৰপুষ্পৰ স্নিগ্ধ শোভা ইত্যাদিৰ কাৰণে পথৰ দাঁতিত নাহৰ ৰোপণ কৰা হয়। গোলকীয় শংকু আকৃতিৰ খোলাৰে আবৃত্ত হৈ এটা অথবা দুটা গুটি ধাৰণ কৰে। গৃহসজ্জা আৰু পূজাৰ উপকৰণত ইয়াৰ ফুল লাগে। অসমীয়া সংস্কৃতিৰ লগত নাহৰ বহুপ্ৰকাৰে জড়িত।[3]

অসমৰ কাজিৰঙাত নাহৰ ফুল।

ব্যৱহাৰ

[সম্পাদনা কৰক]

ইংৰাজী নামটোৱে (Ceylon Ironwood) আভস দিয়াৰ ধৰণেৰেই নাহৰ কাঠ অতি কঠিন আৰু গধুৰ। সাধাৰণ কৰতেৰে ইয়াক ফালিব নোৱাৰি। কাঠৰ ৰং গাঢ় ৰঙা আৰু ঘনত্ব ১৫% আৰ্দ্ৰতাত সাধাৰণতে প্ৰতি ঘনমিটাৰত ৯৪০-১,১৯৫ কিলেগ্ৰাম। ঘৰৰ ঘাঁঠনিত খুঁটা হিচাপে আৰু ৰেলপথৰ শ্লীপাৰ হিচাপে পূৰ্বতে ব্যৱহাৰ হৈছিল। শ্ৰীলংকাৰ কেণ্ডিস্থিত এম্বেঁকা দেৱালয়ৰ খুঁটাসমূহত নাহৰ কাঠ ব্যৱহাৰ হৈছিল। বৃটিছসকলে কেৰাছিন তেলৰ প্ৰচলন কৰাৰ আগতে অসমত নাহৰ গুটি আৰু তেল ঘৰুৱা প্ৰজ্বালক হিচাপে ব্যৱহাৰ কৰিছিল।

বিস্তাৰ

[সম্পাদনা কৰক]

নাহৰৰ আদি নিবাস শ্ৰীলংকা। সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ইয়াক প্ৰচুৰ দেখা যায়। সাগৰপৃষ্ঠৰ ১০০০ৰপৰা ১৫০০ মিটাৰ উচ্চতালৈ ই জন্মিব পাৰে।[4] বৰ্তমান নাহৰ গছ বহুতো প্ৰজাতিত উপলব্ধ হৈছে।

ঔষধি গুণ

[সম্পাদনা কৰক]

সাপে খুঁটিলে নাহৰ পাত আৰু ফুল খাব লাগে আৰু পিহি খোটা ঠাইত লগাব লাগে বুলি বিশ্বাস আছে। ভাৰত, মালয়েছিয়া ইত্যাদি দেশত জৈৱিক ঔষধি ৰূপত ইয়াক ব্যৱহাৰ কৰাৰ উপৰি সুগন্ধি ধূপকাঠি হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। নাহৰ গছৰ ছালৰ ৰস গ্ৰহণ কৰিলে কেচুমুৰিয়া ৰোগৰপৰা পৰিত্ৰাণ পাব পাৰি।

লোক বিশ্বাস

[সম্পাদনা কৰক]
মন্ত্ৰ লিখা নাহৰৰ পাত।

অসমীয়া লোকবিশ্বাস অনুসৰি, গৰু বিহুৰ (চ’তৰ সংক্ৰান্তি) দিনা নাহৰ পাতত বিশেষ মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত বা চালত গুঁজি থোৱা হয়। এই পৰম্পৰাৰ মূল উদ্দেশ্য হ’ল ধুমুহা, বা-মাৰলি, বজ্ৰপাত আৰু প্ৰাকৃতিক দুৰ্যোগৰপৰা ঘৰখনক ৰক্ষা কৰা। এই প্ৰথা ভগৱান শিৱক সন্তুষ্ট কৰি ঘৰখন সুৰক্ষিত ৰখাৰ এক প্ৰতীকী বিশ্বাস।[5]

সাধাৰণতে নাহৰ পাতৰ বিপৰীত অংশত ব্ৰাহ্মণ বা বয়স্ক লোকৰ হতুৱাই এই মন্ত্ৰটি লিখা হয়:

"দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জঁটাধৰ। বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে॥"

অন্যান্য ভাষাত নাম

[সম্পাদনা কৰক]

নাহৰক বিভিন্ন ভাষাত বিভিন্ন নামেৰে জনা যায়-[6][7]

চিত্ৰবিথিকা

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Nag Kesar". Flowers of India. http://www.flowersofindia.net/catalog/slides/Nag%20Kesar.html.
  2. "State Symbols of Tripura | Tripura Tourism Development Corporation Ltd.". tripuratourism.gov.in. http://tripuratourism.gov.in/symbol আহৰণ কৰা হৈছে: 2017-04-28.
  3. Dubey, M. C.; Mohanta, D.; Sikarwar, B. S. (2025). "Distinct partial and complete droplet bouncing states on (super)hydrophobic leaf surfaces with ultra-low-to high-adhesion textural features". Journal of Applied Physics খণ্ড 138 (5): 054703. doi:10.1063/5.0272845.
  4. AgroForestryTree Database, entry: “Mesua ferrea” Archived 2014-03-09 at the Wayback Machine. “biotik.org Database, entry “Mesua ferrea L. – Clusiaceae” Archived 2016-03-04 at the Wayback Machine. A.J.G.H. Kostermans “Clusiaceae (Guttiferae)’’ in M. D. Dassanayaka and F. R. Fosberg, eds., A revised handbook to the flora of Ceylon, Volume I, New Delhi 1980, pp. 107–110. Ashton M, Gunatilleke S, de Zoysa N, Dassanayake MD, Gunatilleke N, Wijesundera S. A Field Guide to the Common Trees and Shrubs of Sri Lanka. Colombo 1997 p. 140.
  5. জুৰি কটকী (১১ এপ্ৰিল, ২০১০ চন). "বিহু আৰু লোকবিশ্বাস". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: ১১ পৃ্ষ্ঠা.
  6. Warrier, P. K. (1995). Indian Medicinal Plants: A Compendium of 500 Species. 4. Orient Longman. পৃষ্ঠা. 253–254. ISBN 978-8173717055.
  7. Nadkarni, K. M. (2002). Indian Materia Medica. 1. Popular Prakashan. পৃষ্ঠা. 798–799. ISBN 978-8171548194.

বহ্যিক সংযোগ

[সম্পাদনা কৰক]