দেৱজিৎ গায়ন
| দেৱজিৎ গায়ন | |
|---|---|
| জন্ম | ৫ ছেপ্তেম্বৰ নগাঁও, অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | শব্দযন্ত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৮ - বৰ্তমানলৈকে |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰজতকমল বঁটা |
দেৱজিৎ গায়ন (ইংৰাজী: Debajit Gayan) এগৰাকী অসমীয়া শব্দযন্ত্ৰী। খাছী চলচ্চিত্ৰ Iewduhত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২১ চনত সৰ্ব্বশ্ৰেষ্ঠ অডিঅ'গ্ৰাফীৰ ২০১৯ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1]২০১৫ চনত অৰং ছবিৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বটাঁ লাভ ৷ হান্দুক চলচ্চিত্ৰত শব্দ ৰূপাঙ্কনৰ বাবে ২০১৮ ত ২য় শৈলধৰ বৰুৱা চলচ্চিত্ৰ (শ্ৰেষ্ঠ কাৰিকৰী শিল্পী)বটাঁ লাভ ৷
সংক্ষিপ্ত জীৱনী
[সম্পাদনা কৰক]নগাঁও জিলাৰ বঢ়মপুৰত দেৱজিৎ গায়নৰ জন্ম হৈছিল।তেওঁৰ পিতৃৰ নাম দধিৰাম গায়ন আৰু মাতৃৰ নাম জিনু গায়ন ৷ গায়নে জ্যোতি চিত্ৰবনৰ পৰা শব্দ গ্ৰহণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ছবি জগতৰ সৈতে জড়িত হৈ পৰিছিল। ইতিমধ্যে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত ছবি হান্দুক, অৰং, দিকচৌ বনত পলাশ, মাজ ৰাতি কেতেকী, কেলেণ্ডাৰ আদিত কাম কৰি নিজৰ প্ৰতিভাৰ জৰিয়তে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুবাৰ সন্মানিত হৈছে । জ্যোতি চিত্ৰবনৰ পৰা আনুষ্ঠানিক শিক্ষা সামৰি প্ৰায় দহ বছৰৰো অধিক সময় তেওঁ ধাৰাবাহিক, চুটি ছবি, ৰিয়েলিটি শ্ব, তথ্যচিত্ৰ ইত্যাদি নিৰ্মাণৰ কাম কৰিছে।[2]
২০১৮ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে গায়নে মেগনা বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷
চিনেমাপঞ্জী
[সম্পাদনা কৰক]- ২০২৬ ৰূপতীৰ্থৰ যাত্ৰী- Sound Design
- ২০২৬ Tasam(Karbi Film)-Sound Design
- ২০২৬ সূৰ্যমুখী- Sound Design and Mixing
- ২০২৬ ভাকুটকুট-Sound Design and Mixing
- ২০২৬ Romantic Affairs - Sync Sound,Sound Design and Mixing
- ২০২৬ মৰমৰ দেউতা-Sound Design and Mixing
- ২০২৬ Murders Too Close – Love Too Far(Indo Israeli Film)- Sync Sound
- ২০২৬ অগ্নিবান-Sound Design and Mixing
- ২০২৫ হোমৱৰ্ক- Sound Design and Mixing
- ২০২৫ গণৰাগ-Sound Design and Mixing
- ২০২৫ Kangbo A Loti(Karbi Film)- Sound Design and Mixing
- ২০২৫ Postcard - Sound Design and Mixing
- ২০২৫ আকুতি- Sound Design and Mixing
- ২০২৫ পিশাচ কথা- Sound Design and Mixing
- ২০২৫ 36-Sound Design and Mixing
- ২০২৫ Keyo- Sound Design
- ২০২৫ প্ৰস্তাৱনা-Sound Design and Mixing
- ২০২৫ নৈ কথা-Sound Design and Mixing
- ২০২৫ কলাজ-Sound Design and Mixing
- ২০২৫ ভাইমনদা-Location Sound
- ২০২৪ A Game of Two Halves(Hindi)Sound Designer:Release date-June 7, 2024 (United Kingdom)
- ২০২৪ Bhoot Jolokiya-Re-recording mixer/sound designer
- ২০২৪ Sunshine Again-Sound Design
- ২০২৪ Goodbye Guruji-Sound Design and Mixing
- ২০২৪ বাঘজান- Sound Design and Mixing
- ২০২৪ তাৰিখ- Sound Design and Mixing
- ২০২৪ Sundarpur Chaos-Sound Design and Mixing
- ২০২৪ সেউজ সন্ধান-Sound Design
- ২০২৪ Iron Girls- Sound Design and Mixing
- ২০২৪ ফেহুঁজালি(তথ্যচিত্ৰ)-Sound Design and Mixing
- ২০২৪ Finding Maini- Sound Mixing
- ২০২৪ 1962(Arunachali Film)- Sound Design
- ২০২৪ এটা নিৰ্জন দুপৰীয়া- Sound Design and Mixing
- ২০২৩ The Colour of Spring -Re Recording Mixer
- ২০২৩ Pai Tang(Tai Phake Film)- Sound Design and Mixing
- ২০২৩ Andro Dreams(মণিপুৰী তথ্যচিত্ৰ)-Sound Design and Mixing
- ২০২৩ Lingpoen(Bhutani Film)-Sound Design and Mixing
- ২০২৩ Ka Chithi(Khasi Film)- Sound Design and Mixing
- ২০২৩ ৰঙাটাপু ১৯৮২- Sync Sound
- ২০২৩ নেলীৰ কথা- Sound Design and Mixing
- ২০২২ Muktang:The Wisdom Tooth- Sound Designer and Mixer
- ২০২২ Semkhor (ডিমাচা ছবি) -Sync Sound
- ২০২২ অনুৰ(Sync Sound Mixer)
- ২০২২ অকমান (Sound Designer/Re-Recording Mixer)
- ২০২২ বকুল ফুলৰ দৰে(Sound Designer)
- ২০২২ উপসৰ্গ (Sound Design/Mixing)
- ২০২২ মেড ইন নলবাৰী(Sound Designer/Re-Recording Mixer)
- ২০২১ Eikhoigi Yum মণিপুৰী ছবি(Sound Designer)/(Sync sound)
- ২০২১/III নইজ (sound designer) / (sound mixer) (post-production)
- ২০২১ জলছবি (dialogue editor) / (sound designer) / (sound effects editor)
- ২০২১ Ghost of Maikhuli(Sound Designer/Mixer)
- ২০২১ একলব্য (Sound Designer)
- ২০২১ ক্ষণচৰ-Sound Design
- ২০১৯ I'm Good (Short) (sound designer)
- ২০১৯ Jwlwi - The Seed(Bodo Film) (Production Sound Mixer)
- ২০১৯ জোনাকী পৰুৱা (Fireflies) (sound designer)
- ২০১৯ Iewduh-Market(Khasi Film) (Production Sound Mixer)
- ২০১৯ বৰনদী ভটিয়ায় (sound designer)
- ২০১৯ আমিষ (Production Sound mixer) / (sound recordist)
- ২০১৯ ককাইদেউ বিন্দাছ (Sound Designer)
- ২০১৮ সীমা: The Story Untold (Production Sound Mixer) / (sound designer)
- ২০১৮ Singye ভূটানী ছবি (sound designer)
- ২০১৮ Lal Sarkar(Hindi)- Production Sound Mixer
- ২০১৮ ৈশৱতে ধেমালিত Fields (sound mixer)
- ২০১৮/II কেলেণ্ডাৰ (production sound mixer) / (sound) / (sound designer)
- ২০১৭ ঈশ্বু (Production sound mixer)
- ২০১৭ মাজ ৰাতি কেতেকী (Location Sound)
- ২০১৭ The Curiosity Shop- Production Sound Mixer
- ২০১৭ ৰাফ এণ্ড টাফ (sound designer)
- ২০১৬ Pigments: The Immortal Shades (Short) (sound designer)
- ২০১৬ দিকচৌ বনত পলাশ - Sound Design and Mixing
- ২০১৬ হান্দুক: দ্য হিডেন কৰ্ণাৰ (Sound Designer)
- ২০১৬ সোণাৰ বৰণ পাখি (Sound Design and Mixing)
- ২০১৬ The Hidden Corner (sound editor)
- ২০১৬ Onatah: Of the Earth (production sound mixer)
- ২০১৬ মৃগনাভি (মাস্ক) (sound designer)
- ২০১৫ নদী মাথোঁ বই (sound designer)
- ২০১৫ Grief on a Sunday Morning (sound Design and Mixing)
- ২০১৫ অনুৰাধা (sound designer)
- ২০১৪ জীয়া জুৰিৰ সুবাস -Sound Design
- ২০১৪ অদম্য (sound designer)
- ২০১৪/II Cuckoo (Documentary short) (sound designer)
- ২০১৪ অৰং(Sound Designer/Sync Sound)
- ২০১৩ অন্তধান- Sync Sound,Sound Design and Mixing
- ২০১৩ লুইতক ভেটিব কোন (আংশিক স্থলী শব্দগ্ৰহন)
- ২০১৩ Songs of the Blue Hills (Documentary) (sound editor) / (sound mixer)
- ২০১২ সমীৰণ বৰুৱা আহি আছে (আংশিক স্থলী শব্দগ্ৰহন)
- ২০১২ ৰহস্যৰ বিতচকু(তথ্যচিত্ৰ)-Sound Edit and Mixing
- ২০১২ জাংফাই জোনাক-Location Sound
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "National Film Award for Best Audiography explained". Ministry of Information and Broadcasting (India). http://everything.explained.today/National_Film_Award_for_Best_Audiography/। আহৰণ কৰা হৈছে: 26 October 2021.
- ↑ "ৰজতকমল বঁটাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান দেৱজিৎ গায়ন". https://www.etvbharat.com/.+২৫ অক্টোবৰ, ২০২১. https://www.etvbharat.com/assamese/assam/state/nagaon/debajit-gayan-got-rajat-kamal/assam20211025200437896। আহৰণ কৰা হৈছে: ২৬ অক্টোবৰ, ২০২১.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- দেৱজিৎ গায়ন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।