দেৱজিৎ গায়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱজিৎ গায়ন
জন্ম নগাঁও, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শব্দযন্ত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৩ - বৰ্তমানলৈকে
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰজতকমল বঁটা

দেৱজিৎ গায়ন (ইংৰাজী: Debajit Gayan) এগৰাকী অসমীয়া শব্দযন্ত্ৰী। খাছী চলচ্চিত্ৰ Iewduhত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২১ চনত সৰ্ব্বশ্ৰেষ্ঠ অডিঅ'গ্ৰাফীৰ ২০১৯ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1]২০১৫ চনত অৰং ছবিৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বটাঁ লাভ ৷ হান্দুক চলচ্চিত্ৰত শব্দ ৰূপাঙ্কনৰ বাবে ২০১৮ ত ২য় শৈলধৰ বৰুৱা চলচ্চিত্ৰ (শ্ৰেষ্ঠ কাৰিকৰী শিল্পী)বটাঁ লাভ ৷


সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

নগাঁও জিলাৰ বঢ়মপুৰত দেৱজিৎ গায়নৰ জন্ম হৈছিল।তেওঁৰ পিতৃৰ নাম দধিৰাম গায়ন আৰু মাতৃৰ নাম জিনু গায়ন ৷ গায়নে জ্যোতি চিত্ৰবনৰ পৰা শব্দ গ্ৰহণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ছবি জগতৰ সৈতে জড়িত হৈ পৰিছিল। ইতিমধ্যে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত ছবি হান্দুক, অৰং, দিকচৌ বনত পলাশ, মাজ ৰাতি কেতেকী, কেলেণ্ডাৰ আদিত কাম কৰি নিজৰ প্ৰতিভাৰ জৰিয়তে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুবাৰ সন্মানিত হৈছে । জ্যোতি চিত্ৰবনৰ পৰা আনুষ্ঠানিক শিক্ষা সামৰি প্ৰায় দহ বছৰৰো অধিক সময় তেওঁ ধাৰাবাহিক, চুটি ছবি, ৰিয়েলিটি শ্ব, তথ্যচিত্ৰ ইত্যাদি নিৰ্মাণৰ কাম কৰিছে।[2]

২০১৮ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে গায়নে মেগনা বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷

চিনেমাপঞ্জী[সম্পাদনা কৰক]

  • ২০২১ Eikhoigi Yum মণিপুৰী ছবি(Sound Designer)/(Sync sound)
  • ২০২২ অনুৰ(Sync Sound Mixer)
  • ২০২২ অকমান (Sound Designer/Re-Recording Mixer)
  • ২০২২ বকুল ফুলৰ দৰে(Sound Designer)
  • ২০২২ উপসৰ্গ (Sound Design/Mixing)
  • ২০২২ মেড ইন নলবাৰী(Sound Designer/Re-Recording Mixer)
  • ২০২১/III নইজ (sound designer) / (sound mixer) (post-production)
  • ২০১৫ Grief on a Sunday Morning (sound editor) (completed)
  • ২০২১ জলছবি (dialogue editor) / (sound designer) / (sound effects editor)
  • ২০২১ Ghost of Maikhuli(Sound Designer/Mixer)
  • ২০২১ একলব্য (Sound Designer)
  • ২০১৯ I'm Good (Short) (sound designer)
  • ২০১৯ Jwlwi - The Seed (Production Sound Mixer)
  • ২০১৯ জোনাকী পৰুৱা (Fireflies) (sound designer)
  • ২০১৯ Market (Production Sound Mixer)
  • ২০১৯ বৰনদী ভটিয়ায় (sound designer)
  • ২০১৯ Ravening (Production Sound mixer) / (sound recordist)
  • ২০১৯ ককাইদেউ বিন্দাছ (Sound Designer)
  • ২০১৮ সীমা: The Story Untold (Production Sound Mixer) / (sound designer)
  • ২০১৮ Singye ভূটানী ছবি (sound designer)
  • ২০১৮ Rainbow Fields (sound mixer)
  • ২০১৮/II কেলেণ্ডাৰ (production sound mixer) / (sound) / (sound designer)
  • ২০১৭ ঈশ্বু (Production sound mixer)
  • ২০১৭ মাজ ৰাতি কেতেকী (Location Sound)
  • ২০১৭ ৰাফ এণ্ড টাফ (sound designer)
  • ২০১৬ Pigments: The Immortal Shades (Short) (sound designer)
  • ২০১৬ হান্দুক: দ্য হিডেন কৰ্ণাৰ (Sound Designer)
  • ২০১৬ সোণাৰ বৰণ পাখি (Sound Design and Mixing)
  • ২০১৬ The Hidden Corner (sound editor)
  • ২০১৬ অনাথ: Of the Earth (production sound mixer)
  • ২০১৬ মৃগনাভি (মাস্ক) (sound designer)
  • ২০১৫ নদী মাথোঁ বই (sound designer)
  • ২০১৫ অনুৰাধা (sound designer)
  • ২০১৪ অদম্য (sound designer)
  • ২০১৪/II Cuckoo (Documentary short) (sound designer)
  • ২০১৪ অৰং(Sound Designer/Sync Sound)
  • ২০১৩ Songs of the Blue Hills (Documentary) (sound editor) / (sound mixer)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]