যুগান্তৰৰ তেজাল পুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যুগান্তৰৰ তেজাল পুৱা
পৰিচালক জনছ মহলীয়া
ৰচনা মুকুট মণি শইকীয়া, জনছ মহলীয়া
চিত্ৰনাট্য মুকুট মণি শইকীয়া, জনছ মহলীয়া
প্ৰযোজক স্বপ্না শইকীয়া
অনুপ খাণ্ডেলিয়া
অভিনয়ত শেখৰ গৌতম
টিনা বাৰ্লা
চিত্ৰগ্ৰহণকাৰী যতীন নাথ
সম্পাদনা মানস অধিকাৰী
সংগীত পৰিচালক দেৱজিত চৌধুৰী
মুক্তি
২০০০
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

যুগান্তৰৰ তেজাল পুৱা (ইংৰাজী: Jugantoror Tejal Puwa) ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ।[1] স্বপ্না ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে জনছ মহলীয়াই আৰু প্ৰযোজনা কৰিছে স্বপ্না শইকীয়া আৰু অনুপ খাণ্ডেলিয়াই। চিত্ৰনাট্য আৰু সংলাপ লিখিছে মুকুট মণি শইকীয়া আৰু জনছ মহলীয়াই। সংগীত দেৱজিত চৌধুৰীৰ।[2] ছবিৰ কাহিনীত তৎকালীন অসমৰ উগ্ৰপন্থী সমস্যাৰ সামান্য প্ৰভাৱ দেখা যায়।

জনচ্ মহলীয়াই পূৰ্বে পৰিচালনা কৰা দূৰণীৰ ৰঙ আৰু বহাগৰ দুপৰীয়াই বক্স অফিচত সফলতা লাভ কৰাৰ বিপৰীতে 'যুগান্তৰৰ তেজাল পুৱা'ই বক্স অফিচত মুখ থেকেচা খায়।[3]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

যুব সাংবাদিক অজয়ৰ হত্যাৰে ছবিৰ আৰম্ভণি হয়। অজয়ৰ হাতত এটা গোপন ফাইল আছিল, য’ত খলনায়ক ধৰণী চৌধুৰীৰ কুকীৰ্তিৰ প্ৰমাণ সঞ্চিত হৈ আছিল। চৌধুৰী যথেষ্ঠ প্ৰভাৱশালী ব্যক্তি। পুলিচ তথা ৰাজনৈতিক নেতাৰ তেওঁৰ সৈতে সু-সম্পৰ্ক। এই ফাইলটোৰ বাবেই তেওঁ অজয়ক হত্যা কৰিলে যদিও ফাইলটো উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। চৌধুৰীৰ ধাৰণা ফাইলটো ক’ত আছে, অজয়ৰ বন্ধু গৌৰৱে জানে।

ফাইলটো উদ্ধাৰ কৰিবলৈ চৌধুৰীয়ে বিভিন্ন কূটকৌশল আৰম্ভ কৰিলে। তেওঁৰ বিৰুদ্ধে নিৰন্তৰ বাতৰি-কাকতত লিখি থকাত কাকতৰ সম্পাদক প্ৰকাশ দত্তক হত্যা কৰা হ’ল। গৌৰবকো হত্যা কৰাৰ পৰিকল্পনা কৰিলে। ধৰণী চৌধুৰীৰ অপকৰ্মৰ বিৰুদ্ধে গৌৰৱ আৰু কিছু বিদ্ৰোহী যুৱকে মাৰ বান্ধি থিয় দিলে। আনকি চৌধুৰীৰ জীয়ৰী ময়ুৰী, যিয়ে গৌৰবক ভাল পায়, তেৱোঁ বাপেকৰ বিৰুদ্ধে অৱস্থান ল’লে। পৰিস্থিতি এনেকুৱা হ’ল যে নিজ পত্নীয়ে অৱশেষত চৌধুৰীক গুলীয়াই মাৰিলে।[2]

অভিনয় শিল্পী[সম্পাদনা কৰক]

সংগীত[সম্পাদনা কৰক]

সংগীত পৰিচালনা কৰিছে দেৱজিত চৌধুৰীয়ে। গীত ৰচনা অপূৰ্বজ্যোতি ভূঞাৰ। কণ্ঠদান কৰিছে শান্তা উজীৰ. দিলীপ চৌধুৰী, দেৱজিত চৌধুৰী, অৰ্পণা চৌধুৰী, ঋতু বিকাশ, চেমিমা বেগম, পুলক বেনাৰ্জী আদিয়ে।[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "যুগৰ ডাৱৰ আঁতৰি ভয়াল সময় বাগৰি (শীৰ্ষগীত)"  অপূৰ্বজ্যোতি ভূঞা   
2. "জিগিৰি জিগিৰি আমাৰে জিগিৰি দোস্ত"  অপূৰ্বজ্যোতি ভূঞা   
3. "দুৰু দুৰু হিয়া কঁপে তোমাৰ চাৱনিতে"  অপূৰ্বজ্যোতি ভূঞা   
4. "কাৰ জানো চিনাকি সুবাসেৰে"  অপূৰ্বজ্যোতি ভূঞা   
5. "আহানা কাষলৈ"  অপূৰ্বজ্যোতি ভূঞা   

তথ্যউৎস[সম্পাদনা কৰক]