সংযুক্ত মুক্তি বাহিনী, অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংযুক্ত মুক্তি বাহিনী, অসম
উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী বিদ্ৰোহত অংশগ্ৰহণকাৰী
আলফাৰ প্ৰতিক চিহ্ন
আলফাৰ প্ৰতিক চিহ্ন
সক্ৰিয়তা ৭ এপ্ৰিল ১৯৭৯ (1979-04-07) - বৰ্তমান
মতাদৰ্শ জাতীয় ৰাষ্ট্ৰীয়তাবাদ
মাৰ্ক্সবাদ
সমাজবাদ
অভিপ্ৰায় সাৰ্বভৌম অসমৰ গঠন
আনুগত্য UNLFW
গোট ৰাজনৈতিক বিভাগ,
সংযুক্ত মুক্তি ফৌজ (সামৰিক বিভাগ)
নেতা পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱা, প্ৰদীপ গগৈ, অনুপ চেতিয়া, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, চিত্ৰবন হাজৰিকা, মিথিংগা দেমাৰী, বলিন দাস, প্ৰণতী ডেকা
মুখ্য কাৰ্যালয় ম্যানমাৰ আৰু চীন, পূৰ্বতে ভূটান
অঞ্চল অসম, ভাৰত
বিভাজিত হয়গৈ আলফা - স্বাধীন,
আলফা - আলোচনাপন্থী
প্ৰতিদ্বন্দী ভাৰত চৰকাৰ
যুদ্ধসমূহ উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী বিদ্ৰোহ
সন্ত্ৰাসবাদী সংগঠন বুলি গণ্য কৰে:
ভাৰত চৰকাৰ

সংযুক্ত মুক্তি বাহিনী অসম (ইংৰাজী: United Liberation Front of Asom), চমুকৈ আলফা (ইংৰাজী: ULFA) অসমৰ সাৰ্বভৌমত্ব দাবী কৰা ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত এটি সংগঠন।[1] ১৯৯০ চনত সংগঠনটোক উগ্ৰপন্থীৰ শাৰীত ৰাখি নিষিদ্ধ ঘোষিত কৰা হয়। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সংগঠনটোক পৰ্য্যায়ক্ৰমে অন্যান্য গোটসমূহৰ শাৰীত ৰখা হৈছে।[2] আলফাই নিজে দাবী কৰা মতে ১৯৭৯ চনৰ ৭ এপ্ৰিলত আহোম ৰাজত্বৰ চিন স্বৰূপ শিৱসাগৰস্থিত বিখ্যাত ৰংঘৰৰ বাকৰিত সংগঠনটোৰ জন্ম হয়।[1] সংগঠনৰ প্ৰাক্তন সদস্য তথা প্ৰচাৰ সচিব সুনীল নাথৰ মতে আলফাই নগালেণ্ডৰ সংগঠন এন.এছ.চি.এনৰ লগত ১৯৮৩ চনত তথা ম্যানমাৰৰ কে.আই.এৰ লগত ১৯৮৭ চনত সম্পৰ্ক স্থাপন কৰে। ১৯৯০ চনৰ আশে পাশে আলফাই সশস্ত্ৰ কাৰ্যকলাপ আৰম্ভ কৰে। ভাৰতীয় সেনাই ১৯৯০ চনত সংগঠনটোৰ বিৰুদ্ধে সেনা অভিযানৰ সূচনা কৰে। বৰ্তমানেও চুৰ্চুৰীয়াকৈ এই অভিযান চলি আছে। যোৱা দুটা দশকত আলফা আৰু ভাৰতীয় সেনাৰ সংঘৰ্ষৰ ফলত আনুমানিক ১৮০০০ জনতকৈও অধিক সংখ্যক ব্যক্তিৰ মৃত্যু হৈছে। কিন্তু যোৱা ২০০৯ চনৰ ডিচেম্বৰৰ ৫ তাৰিখে সভাপতি আৰু সহ অধিনায়ক পদৰ অধিকাৰী দুজনে আত্মসমৰ্পণ কৰে।

২০১২ চনৰ এপ্ৰিল মাহৰ তথ্য অনুসৰি আলফাৰ সৰহ সংখ্যক সদস্য বাংলাদেশত ধৰা পেলোৱা হয়। বাংলাদেশৰ বদলি হোৱা চৰকাৰে ভাৰতৰ লগত ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্ক বঢ়োৱাৰ উদ্দেশ্য এই পদক্ষেপ আগবঢ়ায়। ভাৰত চৰকাৰেও বাংলাদেশৰ ওচৰত হেঁচা প্ৰয়োগ কৰে যাতে আলফাৰ বৰমূৰীয়াসকলক আত্মসমৰ্পণ কৰাই আলোচনাৰ মেজলৈ আনিব পাৰে।[3] তাৰ উপৰিও ভাৰত চৰকাৰ আন এটা উদ্দেশ্য যে আলফাই সাৰ্বভৌমত্বৰ চৰ্ত ত্যাগ কৰি আলোচনাৰ মেজলৈ আহে। কিন্তু আত্মসমৰ্পণকাৰী আলফা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত এটা ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় তিনি ছেপ্তেম্বৰ ২০১১ চনত। চুক্তিখনত ভাৰত চৰকাৰক গৃহ বিভাগৰ যুটীয়া সঞ্চালক (উত্তৰ-পূৱ), অসমক প্ৰতিনিদ্ধিত্ব কৰে গৃহ বিভাগৰ উপায়ুক্ত জিষ্ণু বৰুৱা[উদ্ধৃতিৰ প্ৰয়োজন] আৰু অসমৰ সহ আৰক্ষী প্ৰধান খগেন শৰ্ম্মাই। আনহাতে আত্মসমৰ্পণকাৰী আলফা গোটক প্ৰতিনিদ্ধিত্ব কৰে শশধৰ চৌধুৰী, চিত্ৰবন হাজৰিকা আৰু ৰাজু বৰুৱাই।

মুখ্য নেতাসকল[সম্পাদনা কৰক]

  1. পৰেশ বৰুৱা (মুখ্য সেনাধক্ষ্য) (বৰ্তমান ম্যানমাৰত, ম্যানমাৰ আৰু চীনলৈ অহা-যোৱা কৰি আছে বুলি জনা যায়)
  2. অৰবিন্দ ৰাজখোৱা (সভাপতি) (অসম চৰকাৰৰ চৰ্ত সাপেক্ষে জানুৱাৰী ১, ২০১১ৰ পৰা মুক্ত অৱস্থাত আছে)
  3. প্ৰদীপ গগৈ (উপ--সভাপতি) (চৰ্ত সাপেক্ষে মুক্ত অৱস্থাত)
  4. অনুপ চেতিয়া (সাধাৰণ সম্পাদক) (বৰ্তমান মুক্ত অৱস্থাত আছে)
  5. ৰাজু বৰুৱা ( উপ মুখ্য সেনাধক্ষ্য) (বেইলত মুক্ত অৱস্থাত আছে)
  6. মিথিংগা দৈমাৰী (প্ৰচাৰ সচিব) (বেইলত মুক্ত অৱস্থাত)
  7. চিত্ৰবণ হাজৰিকা ( অৰ্থ বিভাগৰ সচিব) (বেইলত মুক্ত অৱস্থাত আছে)
  8. প্ৰণতি ডেকা (সাংস্কৄতিক সম্পাদক) (বেইলত মুক্ত অৱস্থাত)
  9. ভীমকান্ত বুঢ়াগোঁহাই (ৰাজনৈতিক উপদেষ্টা) (মৃত্যু হৈছে)[4][5]
  10. শশধৰ চৌধুৰী (বৈদেশিক সচিব) (বেইলত মুক্ত)

ইতিহাস[সম্পাদনা কৰক]

অসমত চলি থকা বিদেশী খেদা আন্দোলনৰ সময়তে আলফাৰ জন্ম হৈছিল। ৭ এপ্ৰিল ১৯৭৯ চনত জন্ম হোৱা আলফাৰ প্ৰতিষ্ঠাপক সকল আছিল পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, প্ৰদীপ গগৈ, ভদ্ৰেশ্বৰ গোহাঁই আৰু বুদ্ধেশ্বৰ গগৈ। এখন সামাজিক, ভৌগোলিক আৰু অৰ্থনৈতিকভাৱে স্বাধীন অসম গঢ়াৰ সপোন লৈ আহোম ৰাজত্বৰ এক অন্যতম কীৰ্তিস্তম্ভ শিৱসাগৰস্থিত ৰংঘৰৰ তলৰ মহলাত আলফাৰ জন্ম হৈছিল।

সামৰিক সদস্যৰ অন্তৰ্ভুক্তি হৈছিল আলফাত ১৯৮৩ লৈকে। ১৯৮৪ চনত তেওঁলোকে সদস্যভুক্তি বন্ধ কৰি দিয়ে। তাৰ পাছতেই তেওঁলোকে কাচিন ইণ্ডিপেণ্ডেছ আৰ্মী (কে.আই.এ) আৰু এন.এছ,চি এনৰ লগলাগি কাচিনত প্ৰশিক্ষণ আৰু ভাতৃ সংগঠনসমূহৰ পৰা অস্ত্ৰ সৰবৰাহৰ কাম আৰম্ভ কৰে। ১৯৮৬ চনত তেওঁলোকে ভাৰতত অৰ্থ সংগ্ৰহৰ কাৰণে ধন দাবী আৰম্ভ কৰে। তাৰ পাছত তেওঁলোকে সদস্যসকলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াত। কিন্তু ভাৰত চৰকাৰৰ তৎপৰতাত সেই বছৰৰে নৱেম্বৰৰ ৭ তাৰিখে সংগঠন আৰু সংগঠনটোৰ শিবিৰবোৰক বেআইনী কাৰ্য্যকলাপ (আগতীয়া সাৱধানতা) আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰা হয়।

জন্মৰ এটা দশকৰ ভিতৰতে আলফাই এটা শক্তিশালী সংগঠনৰ ৰূপত দক্ষিণ-পূৱ এছিয়াত আত্মপ্ৰকাশ কৰে। সেইসময়ত আলফাৰ প্ৰতি অসমৰ জনসাধাৰণৰ সঁহাৰি আছিল। যাৰ ফলত আলফা অৰ্থনৈতিকভাৱে সৱল হৈ সামৰিক কৰ্মকাণ্ডবোৰ কৰাত সফল হৈ উঠিছিল। ১৯৯০ চনৰ আগভাগত আলফাই সামৰিক কৰ্মকাণ্ডবোৰ প্ৰতিৰক্ষা বাহিনীৰ আৰু ৰাজনৈতিক বিৰোধীক হত্যা, ৰেল বগৰোৱা আদিবোৰেৰে বঢ়াই তোলে। ১৯৯০ চনৰ পৰাই আলফাই পূৰ্ণ শক্তিৰে নিজৰ উগ্ৰপন্থী কাৰ্য্যকলাপবোৰ কৰা আৰম্ভ কৰে।

আলফা, নিজ ভাষ্যমতে[সম্পাদনা কৰক]

আলফা এটা "বিপ্লৱী ৰাজনৈতিক সংগঠন" যি সংগঠিত হৈছে ভাৰত চৰকাৰে অসমত চলোৱা ৰাজ্যিক সন্ত্ৰাসবাদ আৰু অৰ্থনৈতিক সংকট দূৰ কৰি এখন "সাৰ্বভৌম" আৰু "স্বাধীন অসম"ৰ গঢ়াৰ "মুক্তি সংগ্ৰাম"ত। ই নিজকে বিচ্ছিন্নতাবাদী সংগঠন বুলি মানি ল’ব নোখোজে, কাৰণ তেওঁলোকে দাবী কৰে যে অসম কেতিয়াও ভাৰতৰ অংগ নাছিল আৰু এইটো মাত্ৰ ১৮২৬ চনত ইংৰাজ চৰকাৰৰ জেনেৰেল ছাৰ আৰ্কিবল্ড কেম্পবেল আৰু বাৰ্মাৰ লিগেইংৰ ৰাজ্যপাল মহা মিন হ্লা ক্যাও টিনৰ মাজত হোৱা "ইয়াণ্ডাবু সন্ধি"ৰ ফলাফল। সন্ধি মতে ইংৰাজ থাকি গ’ল ইয়াণ্ডাবু গাঁৱত, ৰাজধানী আভাৰ পৰা মাত্ৰ ৫০ কিঃমিঃ দূৰৈত। আৰু সন্ধিৰ আন এটা চুক্তি মতে বাৰ্মা সকলে কোনো আলোচনা নকৰাকৈয়েই এই সীমাৰেখা মানিবলৈ বাধ্য হৈছিল।

চুক্তিমতে, বাৰ্মীজসকল মান্তি হ’ল (১) অসমকে আদি কৰি মণিপুৰ , ৰাখিনে(আৰাকান) আৰু তানিনথাই(টেনচ্ছেৰিম, চালৱীন নদীৰ দক্ষিণ উপকূল) (২) কাছাৰ আৰু জয়ন্তীয়াত সকলোধৰণৰ কাৰ্য্যকলাপ বন্ধ কৰা (৩) চাৰিটা কিস্তিত ইংৰাজক দহ লাখ পাউণ্ড শোধাব লাগিব (৪)ৰাজধানী আভা আৰু কলকাতাৰ মাজত প্ৰশিক্ষিত প্ৰতিনিধিৰ বিনিময় (৫) আৰু এটা বাণ্যিজিক চুক্তি।

আলফাই আৰু দাবী কৰে যে অসমৰ জনসাধাৰণে বহুত সমস্যাৰ সন্মুখীন হৈ আছে কিন্তু ৰাষ্ট্ৰীয় পৰিচয়ৰ সমস্যাটো প্ৰধান আৰু সেইবাবে আলফাই জাতি ধৰ্ম বৰ্ণ নামানি প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰে "স্বাধীন মনৰ সংগ্ৰামী অসমীয়া জনতা"ক।

আলফা, ভাৰত চৰকাৰৰ ভাষ্যমতে[সম্পাদনা কৰক]

ভাৰত চৰকাৰে আলফাক এটা উগ্ৰপন্থী সংগঠন বুলি শ্ৰেণীভুক্ত কৰি ১৯৯০ চনত বেআইনী কাৰ্য্যকলাপ (সাৱধানতা) আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰিছে। তাৰ সমসাময়িকভাৱে ভাৰত চৰকাৰে আলফাৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে। প্ৰথম ১৯৯০ চনত অপাৰেচন বজৰঙ, ১৯৯১ চনত অপাৰেচন ৰাইন' আৰু ২০০৩ চনত অপাৰেচন অল ক্লিয়াৰ আৰু অপাৰেচন ৰাইন’ (দ্বিতীয়)। ইউনিফাইড কমাণ্ডৰ অধীনত এতিয়াও আলফাৰ ওপৰত দমনমূলক অভিযান চলি আছে।

ভাৰত চৰকাৰে আলফাৰ ওপৰত পাকিস্তানৰ আই.এছ.আই আৰু বাংলাদেশৰ ডি.জি.এফ.আইৰ লগত সম্পৰ্কৰ, আৰু ভাৰতৰ বিৰূদ্ধে এখন কূটনৈতিক শীতল যুদ্ধৰ আৰম্ভ কৰা অভিযোগ কৰিছে।

চীনৰ সৈতে সম্পৰ্ক[সম্পাদনা কৰক]

এই আইনৰ বাহিৰৰ গোট বিলাকে চীনক আশ্ৰয় হিচাবে ব্যৱহাৰ কৰি বাৰ্মা আৰু বাংলাদেশৰ যোগেদি ভাৰতক হেঁচা প্ৰদান কৰিছে, তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতেও হেঁচা প্ৰদান কৰে। সংগঠনটোৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱা চীন-বাৰ্মা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ওচৰতে থাকি অন্য এটা আশ্ৰয় স্থানৰ সন্ধান কৰি আছে। প্ৰায় ৫০ জন আলফাৰ সদস্যৰে সৈতে লেফেটেণেণ্ট পাৰ্থ জ্যোতি গগৈ চীনৰ য়ুনান প্ৰদেশৰ কোনো ঠাইত আশ্ৰয় লৈ আছে।

মুখ্য গতিবিধিবোৰ[সম্পাদনা কৰক]

হত্যাকাণ্ডবোৰ[সম্পাদনা কৰক]

আলফাৰ কিছুমান মুখ্য হত্যাকাণ্ডবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল ১৯৯০ চনৰ মে’ মাহত কৰা সুৰেন্দ্ৰ পালৰ হত্যাকাণ্ড। সুৰেন্দ্ৰ পাল ব্যৱসায়ী লৰ্ড স্বৰাজ পালৰ ভায়েক আছিল। এই কাণ্ডটোৱেই তেতিয়াৰ প্ৰফুল্ল কুমাৰ মহন্তৰ অসম চৰকাৰক জোঁকাৰি গৈছিল। এই হত্যাকাণ্ড‍ৰ পাছতেই আলফাৰ বিৰূদ্ধে অপাৰেচন বজৰঙ আৰম্ভ হৈছিল।

আলফাৰ সামৰিক দিৱস, ১৬ মাৰ্চ ২০০৩ চনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত এখন বাছত ঘটোৱা এটা আই.ই.ডিৰ বিস্ফোৰণত ছয়জন সাধাৰণ জনতা নিহত আৰু আৰু ৫৫ জন আহত হয়।

১৯৯১ চনত এজন ৰাচিয়ান অভিযন্তা আৰু এজন ছোভিয়েট ইউনিয়নৰ ব্যক্তিক অপহৰণ কৰি হত্যা কৰে। ১৯৯৭ চনত সঞ্জয় ঘোষক হত্যা কৰা হয়। আটাইতকৈ ডাঙৰ চৰকাৰী মানুহ হিচাবে আলফাই হত্যা কৰে অসম গণ পৰিষদৰ মন্ত্ৰী নগেন শৰ্মাক ২০০০ চনত। ১৯৯৭ চনত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত আলফাই এটা অসফল হত্যাকাণ্ডৰ চেষ্টা চলায়। আলফাৰ লক্ষ্মীপথাৰত থকা জঙ্ঘলৰ মাজৰ এটা পৰিত্যক্ত কেম্পত এটা গণ কবৰ উদ্ধাৰ হয়। ইয়াৰ বাহিৰেও আলফাই চেগা-চোৰোগাকৈ চৰকাৰী প্ৰতিৰক্ষা বাহিনীৰ বিৰুদ্ধে আক্ৰমণ চলাই আহিছে।

২০০৩ চনত আলফাক অভিযুক্ত কৰা হয় অসমত থকা বিহাৰৰ শ্ৰমিক হত্যাৰ বাবে, যিটো বিহাৰৰ মাজেদি যোৱা এগৰাকী মণিপুৰী যুৱতীৰ ওপৰত কৰা উৎপীড়নৰ প্ৰতিবাদ স্বৰূপে আৰম্ভ হৈছিল। এই ঘটনাই অসমত এটা বিহাৰী বিৰোধী আবেগৰ জন্ম দিয়ে, আৰু সেই সময়তে আলফাই কেইবাটাও প্ৰজন্ম ধৰি বসবাস কৰা বিহাৰী সম্প্ৰদায়ৰ লোককেইজনমানক হত্যা কৰে, যিটোৱে সমগ্ৰ অসমতে বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

বিহাৰী বিৰোধী হত্যাকাণ্ডৰ বিষয়ে অধিক তথ্য[সম্পাদনা কৰক]

২০০৩ চনৰ ৰেলৱে মকৰল পৰিষদৰ ডি গোটৰ কিছুমান পদবীৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰেলৱে বিভাগে আয়োজন কৰা সাক্ষাৎকাৰত ভাগ ল’বলৈ অহা কেইজনমান বিহাৰী অংশগ্ৰহণকাৰীক বেত্ৰাঘাত কৰা হয় আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত কিছু সংখ্যক লোকে বাধা প্ৰদান কৰে। তাৰ প্ৰতিবাদ স্বৰূপে বিহাৰৰ কিছু কিছু ষ্টেচনত উত্তৰ পূবৰ যাত্ৰীক অশালীন ব্যৱহাৰ আৰু মাৰপিট কৰা হয়। এই সময়খিনিতে আলফাই কিছুমান হিন্দীভাষীলোকক হত্যা কৰে।

২০০৪ চনৰ ১৫ আগষ্টত এটা বিস্ফোৰণত প্ৰায় ১৫ জন মানুহ নিহত হয় য’ত কিছু সংখ্যক শিশুও আছিল। বিস্ফোৰণৰ দায়িত্ব আওপকীয়াকৈ স্বীকাৰ কৰে আলফায়। এয়া প্ৰত্যক্ষ জনতাৰ ওপৰত চলোৱা আলফাৰ প্ৰথম কূটাঘাট আছিল।

আকৌ ২০০৭ চনৰ জানুৱাৰীত প্ৰায় ৬২ জন বিহাৰী শ্ৰমিকক আলফাই হত্যা কৰে। ইয়াৰোপৰি আলফাৰ বোমা বিস্ফোৰণত অসমীয়া লোকৰো মৃত্যু হয়। কেন্দ্ৰ চৰকাৰে এই কাণ্ডবোৰৰ বাবে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ২৮ নং বেটেলিয়নক একপক্ষীয় যুদ্ধ বিৰতিৰ বাবে বাধ্য কৰায়।

২০০৭ চনৰ মাৰ্চৰ ১৫ তাৰিখে আলফাই নিজৰ সামৰিক দিৱসত গুৱাহাটীত এটা বিস্ফোৰণ সংঘটিত কৰে, য’ত ৬ জন আহত হয়।

অৰ্থনৈতিক[সম্পাদনা কৰক]

আলফাই দেশৰ বৃহৎ অৰ্থনৈতিক সম্বলবোৰ যেনে খাৰুৱা তেল পৰিবাহী নলী, মালবাহী ৰেল আৰু চৰকাৰী অট্টালিকা আদিৰ দৰে ঠাইত হোৱা বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে। ইয়াৰ ভিতৰত ৭ আগষ্ট ২০০৫ৰ কাণ্ডও অন্তৰ্ভুক্ত।

আলফাৰ উল্লেখযোগ্য আক্ৰমণবোৰৰ ভিতৰত ডিগবৈৰ তেল ভাণ্ডাৰৰ বিস্ফোৰণৰ কথা কব পাৰি। তাৰ ফলত তেল কোম্পানীটো কোটিটকীয়া লোকচানৰ সন্মুখীন হয়। সেই দিনাই সংগঠনটোৱে এডাল গেছ পৰিবাহী পাইপ ধ্বংস কৰে।

মকৰল[সম্পাদনা কৰক]

আৰম্ভণিৰ সময়ত আলফাত গ্ৰাম্য অঞ্চলৰ পৰা সদস্যভুক্তি কৰা হৈছিল। লগতে উজনি অসম আৰু মধ্য অসমৰ নগৰ অঞ্চলৰ পৰাও কৰা হৈছিল। আলফাৰ নেতা স্বৰ্গীয় হীৰক জ্যোতি মহন্ত ৰাজধানী গুৱাহাটীৰ পৰা মাত্ৰ কেই কিঃমিঃ দূৰৈৰ বাসিন্দা আছিল। চোৰাংচোৱা বিভাগৰ তথ্য অনুসৰি পৰেশ বৰুৱা পন্থী গোটে অবিৰাম গতিত আলোচনাৰ প্ৰতি আগ্ৰহী অৰবিন্দ ৰাজখোৱা গোটৰ বিপক্ষে কাম কৰি আছে। তাৰ বাবে এটা বিশাল সদস্য মকৰলৰ কাৰ্য্যসূচী ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, লক্ষীমপুৰ আৰু নলবাৰীৰ গ্ৰাম্য অঞ্চলত অনুষ্ঠিত কৰা কামত ব্ৰতী হৈছে বুলি জনা যায়।

ৰাজনৈতিক গতিবিধি[সম্পাদনা কৰক]

১৯৮৫ চনৰ পাছত আৰু ১৯৯০ চনৰ আগত আলফাই ৰাজনৈতিক গতিবিধিৰ বাবে সংবাদ পত্ৰত স্থান লাভ কৰিছিল।

স্থানীয় সংবাদ পত্ৰৰ যোগেদি ৰাইজৰ মাজত প্ৰচাৰ চলাই গৈছিল আলফাই , সততে চলিত ৰাজনৈতিক ঘটনাত আলফাৰ নিজৰ স্থিতি ৰাষ্ট্ৰীয়তা সম্বন্ধে কেন্দ্ৰীভূত কৰিছিল। লগতে জনতাৰ বাৰ্তালাপত সাধাৰণ জনতাৰ স’তে অংশগ্ৰহণ কৰিছিল। শেষৰ দুটা নিৰ্বাচন আলফাই বৰ্জন কৰাৰ আহ্বান কৰে। যদিও ই সফল নহ’ল।

ধনদাবী[সম্পাদনা কৰক]

আলফাই আৰম্ভণীতে কেইটামান বেঙ্ক ডকাইতিৰ যোগেদি ধন আহৰণ কৰিছিল। কিন্তু পিছলৈ আলফাই ব্যৱসায়ীসকলৰ পৰা ধনদাবী কৰা আৰম্ভ কৰে। লগতে ৰাজনীতিক সকলকো। ১৯৯৭ চনত অসমৰ মুখ্যমন্ত্ৰীয়ে "টাটা টি"ক আলফাৰ সাংস্কৃতিক সম্পাদক প্ৰণতি ডেকাক চিকিৎসা কৰা মুম্বাইৰ এখন চিকিৎসালয়ৰ বিল পৰিশোধ কৰাৰ অপৰাধত অভিযুক্ত কৰে।

অন্য গতিবিধিবোৰ[সম্পাদনা কৰক]

আলফাই বাংলাদেশত কেইবাটাও কেম্প চলোৱা বুলি তথ্যসমূহৰ পৰা জনা যায়। ইয়াত সদস্যসকলক প্ৰশিক্ষণ আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰা লুকুৱাই আশ্ৰয় দিয়া হৈছিল। ৰয়েল ভূটান আৰ্মী আৰু বিশেষ সীমান্ত বাহিনীৰ সহযোগত ২০০৩ চনৰ অপাৰেছনৰ আগলৈকে ভূটানত আলফাই কেম্প চলাইছিল বুলি জনা যায়। ভূটানৰ এই কেম্পবোৰত পৰিয়াল কৰি থকা আৰু পৰিয়াল কৰি নথকা আলফা সদস্যসকল আছিল।

আলফাই এন.এছ.চি.এন (খাপলাং), এন.ডি.এফ.বি আৰু কে.এল.অ’ৰ লগত ওচৰ সম্পৰ্ক বজাই ৰাখে। ভাৰতীয় সেনাৰ সূত্ৰ মতে "আলফাই আই.এছ.আইৰ সহযোগত জেহাদী যুদ্ধ কৰি আছে। এটা কথাত কোনো সন্দেহ নাই যে আলফাৰ নেতাসকল দেশৰ বাহিৰত থাকে আৰু আই.এছ.আইৰ নিৰ্দেশত কাম কৰে। "

লগতে চাওক[সম্পাদনা কৰক]

১৯৯০ চনৰ আৰম্ভণিতে ভাৰত চৰকাৰে আলফাৰ পৰা সদস্যসকলক আঁতৰোৱাৰ বাবে পদক্ষেপ লয়। আলফাৰ সহ অধিনায়ক হীৰক জ্যোতি মহন্তৰ ১৯৯১ চনত মৄত্যুৰ পাছত। হীৰক জ্যোতি মহন্ত‍ই খুব শক্তিশালীভাৱে যিকোনো ধৰণৰ আত্মসমৰ্পণৰ বিপক্ষে শক্তিশালীভাৱে ঠিয় দিছিল। কিন্তু তেখেতৰ মৄত্যুৰ পাছত আত্মসমৰ্পণৰ বিপক্ষে ঠিয় দিবলৈ কোনো শক্তিশালী মানুহ আগবাঢ়ি নাহিল। ১৯৯২ চনত আলফাৰ বহুতো নেতা আৰু সদস্য‌ই আত্মসমৰ্পণ কৰে। সেই আত্মসমৰ্পণকাৰী আলফাসকলক লগত অস্ত্ৰ ৰাখিবলৈ অনুমতি দিয়া হ’ল যাতে পুৰণি কোনো সতীৰ্থৰ আক্ৰোশমূলক আক্ৰমণৰ পৰা বাচি থাকিব পাৰে। তেওঁলোকক বেংকৰ ৠণো কোনো দায়বদ্ধতা নোহোৱাকৈ স্বাৱলম্বীতাৰ বাবে আগবঢ়োৱা হ’ল। এই আত্মসমৰ্পণকাৰী আলফাসকলকে কোৱা হ’ল "ছালফা"।[উদ্ধৃতিৰ প্ৰয়োজন]

৮,৭১৮ জনে ১৯৯১ চনৰ পৰা ১৯৯৮ চনৰ ভিতৰত আত্মসমৰ্পণ কৰে। ৩,৪৩৫ জনে ১৯৯৮ৰ পৰা ২০০৫ৰ ভিতৰত। ২০১২ চনৰ ২৪ জানুৱাৰীত বৄহৎ আত্মসমৰ্পণটো ঘটে। য’ত ৬৭৬ জনে গুৱাহাটীত অস্ত্ৰ সমৰ্পন কৰি অসমৰ মন্ত্ৰীৰ পৰা গোলাপ ফুল উপহাৰ লয়।

আলোচনা[সম্পাদনা কৰক]

আলফাই আলোচনাৰ বাবে ভাৰত চৰকাৰৰ আগত তিনিটা চৰ্ত বান্ধি দিছে। কিন্তু ভাৰত চৰকাৰে কেউটা চৰ্তই প্ৰত্যাখান কৰিছে। চৰ্ত তিনিটা :

  • ভাৰত চৰকাৰ আৰু আলফাৰ মাজত আলোচনা হ’লেও সেয়া তৃতীয় এখন ৰাষ্ট্ৰত অনুষ্ঠিত হ’ব লাগিব।
  • আলোচনাসমূহ ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত হ’ব লাগিব।
  • আলোচনাৰ বিষয়সূচীত অসমৰ সাৰ্বভৌমত্ব বিষয়টো অন্তৰ্ভুক্ত থাকিব লাগিব।

২০০৪ চনত আলফাই প্ৰথম চৰ্ত দুটা ত্যাগ কৰি ভাৰত চৰকাৰক আলোচনাৰ বাবে আমন্ত্ৰণ কৰে। কিন্তু ভাৰত চৰকাৰে "সাৰ্বভৌমত্ব"ক আলোচনাৰ বিষয় হিচাপে ল’বলৈ অস্বীকাৰ কৰে। তথাপিও আলোচনাৰ সপক্ষে কিছুমান প্ৰদক্ষেপ ল’বৰ বাবে আলফাই "পিপ’লছ কনছালটিভ গ্ৰুপ (পিচিজি)" নামৰ এটা গোট ২০০৫ চনত গঠন কৰি দিয়ে। পিচিজিক ভাৰত চৰকাৰে আদৰণি জনায়। ২০০৫ চনত প্ৰথম লানি আলোচনা আৰম্ভ হয়। 'ইণ্ডিয়া টাইমছ’ৰ উদ্ধৃতি মতে প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হোৱা তিনিখলপীয়া আলোচনাত ১১জনীয়া দ’লটোক নেতৃত্ব দিয়ে অসমৰ বিখ্যাত লেখিকা মামণি ৰয়চম গোস্বামীয়ে। আগবাঢ়ি যোৱা আলোচনাৰ প্ৰক্ৰিয়াটো প্ৰায় ২০০৬ চনৰ আগষ্টলৈকে সন্তুলিত হৈ আছিল। কিন্তু সেই আলোচনাৰ প্ৰক্ৰিয়াটোক ২৩ চেপ্তেম্বৰত আলফাই নিজে ভাঙি আকৌ উগ্ৰবাদী কাৰ্যকলাপ আৰম্ভ কৰে।

টোকা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]