ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
একাদশ বৰ্ষ | জানুৱাৰী | ২০২২ | প্ৰথম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক


২০২১ বৰ্ষত আমাৰ মাজৰ পৰা হেৰাই যোৱা এইসকল ব্যক্তিৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

 ইণ্টাৰনেটত অসমীয়া ভাষা বুলিলে প্ৰথমেই মনলৈ আহে ৱিকিপিডিয়াৰ কথা। বৰ্তমানলৈ প্ৰায় ৯ হেজাৰতকৈ অধিক প্ৰবন্ধ সম্ভাৰেৰে অসমীয়া ৱিকিপিডিয়াই ইণ্টাৰনেট জগতত অসমীয়া ভাষা বিস্তাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০১৪ চনৰ পৰা মই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ আছোঁ। প্ৰথমতে দুই এটা সৰু সুৰা প্ৰবন্ধ লিখিছিলোঁ। কাৰিকৰী কথাবোৰ ভালকৈ জনা নাছিলোঁ যদিও পিছলৈ লাহে লাহে বিভিন্ন সাঁচ, সজ্জাবোৰ সম্পাদনা আৰু সৃষ্টি কৰিবলৈ শিকিলোঁ। এনেদৰেই শিকি শিকি এটা সময়ত জটিল সাঁচ তথা সঁজুলিসমূহ সম্পাদনা কৰিবলৈও শিকিলোঁ আৰু পৰৱৰ্তী সময়ত কেইবাজনো সক্ৰিয় ৱিকিমিডিয়ানৰ সহযোগত অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ বাবে নিজাকৈ কেইটামান সঁজুলি সৃষ্টি কৰিবলৈও সক্ষম হ'লোঁ।

 সক্ৰিয় সদস্যৰ সংখ্যা কম হ’লেও অসমীয়া ৱিকিপিডিয়া দৰ্শন কৰা লোকৰ সংখ্যা কিন্তু কম নহয়, প্ৰতিদিনে প্ৰায় ১৩ হেজাৰ ব্যক্তিয়ে অসমীয়া ৱিকিপিডিয়াৰ প্ৰায় ৩৭ হাজাৰৰো অধিকবাৰ পৃষ্ঠা দৰ্শন কৰে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অসমীয়া ৱিকিপিডিয়াই প্ৰতিদিনে বহুলোকক অলপ হ’লেও উপকৃত কৰি আহিছে। এয়া আমাৰ বাবে এক বৃহৎ সফলতা আৰু এয়া কেৱল এজন বা দুজন ব্যক্তিৰ বাবে হৈ উঠা নাই, এয়া হৈ উঠিছে প্ৰতিজন সক্ৰিয় তথা কম সক্ৰিয় সম্পাদকৰ সন্মিলিত প্ৰচেষ্টাৰ ফলত। অসমীয়া ৱিকিপিডিয়া তথা ৱিকিউৎসৰ মাধ্যমেদি অসমীয়া ভাষা তথা তথ্যৰ জগতখনলৈ যি সামান্য অৱদান আগবঢ়াব পাৰিছোঁ তাক লৈ মই নিজকে গৰ্বিত অনুভৱ কৰোঁ। অসমীয়া ৱিকিপিডিয়াৰ এই গৌৰৱ যাত্ৰা যাতে কোনোদিনে স্থবিৰ হৈ নপৰে তাৰে কামনাৰে ...

“বাজক দবা বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি পথত
জয় আই অসম বোল।”

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
চৰকাৰী ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰী

চৰকাৰী ভাষা আন্দোলন বা চমুকৈ ভাষা আন্দোলন (Official language movement) ১৯৬০-৬১ চনত সমগ্ৰ অসমত সংঘটিত হোৱা এক ভাষাকেন্দ্ৰিক আন্দোলন। স্বাধীনতাৰ পিছৰে পৰা সময়ে-সময়ে অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন হৈ আহিছিল। ১৯৬০ চনত এই দাবীৰ সমৰ্থনত আৰু বিৰোধত সমগ্ৰ অসম অশান্ত হৈ উঠে। এই অশান্তজৰ্জৰ পৰিবেশৰ উপশম ঘটাবলৈ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই বিধান সভাত অসম চৰকাৰী ভাষা বিল দাখিল কৰে আৰু ই আইনত পৰিণত হয়; যাৰ যোগেদি অসমীয়া ভাষাই চৰকাৰী ভাষা হিচাপে স্বীকৃতি পায়। ইফালে এই আইনৰ বিৰোধিতা কৰি বৰাক উপত্যকাত বঙালীভাষীসকলে তুমুল আন্দোলন গঢ়ি তোলে। বঙালী ভাষীসকলৰ দাবী আছিল, অসমীয়াৰ সৈতে বঙালী ভাষাকো চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিব লাগে। অৱশেষত ১৯৬১ চনত চৰকাৰী ভাষা আইন সংশোধন কৰি বঙালী ভাষাক অবিভক্ত কাছাৰ জিলাৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ তুলসী গৌড়াৰ বিষয়ে ইয়াত বিতংকৈ পঢ়ক
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ডিচেম্বৰ-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৩৭

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

নাওমি অ'ছাকা

ৰ'জামেণ্ড পাইক

ৰুটজাৰ ব্ৰেগমেন

পৌৰাণিক আখ্যান

মকৰ

অন্যান্য

ছংক্ৰান

গো, ডগ। গো! (ধাৰাবাহিক)

জেমছ ৱেব স্পেচ টেলিস্কোপ

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

ধৰ্মপাল

হৰনাজ সান্ধু

মঙ্গল পাণ্ডে

কমলেন্দু দেৱ ক্ৰৰী

বি. বিজয়কুমাৰ

অন্যান্য

ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষ (ট্ৰাই)

পয় পি মাও

দ্য এছিয়াটিক ছ'ছাইটি

বাৱড়ী

সৰোদ

ৰাজাবালা (বিধান সভা)

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়

অইল ইণ্ডিয়া লিমিটেড

মেষ (মাহ)

বৃষভ (মাহ)

পচাম্পলী শাড়ি

মিথুন (মাহ)

অসম বিষয়ক

ব্যক্তি বিষয়ক

সুজিত দাস

চলচ্চিত্ৰ বিষয়ক

বুকুৰ মাজত জ্বলে

প্ৰত্যাৱৰ্তন

দেউতাৰ বিয়া

অন্যান্য

ঙি ঙাও খাম

চৰকাৰী ভাষা আন্দোলন (অসম)

অসম পেট্ৰ’কেমিকেলছ লিমিটেড

সেউতী (আলোচনী)

যোৰহাট ষ্টেডিয়াম

অসম চৰকাৰী ভাষা আইন, ১৯৬০

সানমিহলি

বৃশ্চিক (ৰাশি)

অনাথ

বৃদ্ধাশ্ৰম

নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
মায়ঙৰ মন্ত্ৰ পুথি (আলোকচিত্ৰ শিল্পী: ইন্দ্ৰনীল গায়ন)
শিৱসাগৰৰ পানীবিল পুখুৰীৰ নয়নাভিৰাম দৃশ্য (আলোকচিত্ৰ শিল্পী: মৌচুম বুঢ়াগোহাঁই)
মেজিৰ জুই, কামৰূপ (আলোকচিত্ৰ শিল্পী: বিশ্বজিৎ বৈশ্য)
বিহুৰ বতৰত আখলত তিলপিঠা পোৰাৰ দৃশ্য (আলোকচিত্ৰ শিল্পী: বেবী দেৱী)
উল্লেখনীয় ৱিকিমিডিয়ান
অসমীয়া ৱিকিউৎসৰ কৰ্মশালাত

অজয় দাস: ২০১৫ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। ডিব্ৰুগড়ৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৬,০৬০ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১,০৫৯। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ৮,৯৫৮টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “জীৱনীকাৰ পদক”, "বিশিষ্ট লেখক পদক" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
চাণক্য কুমাৰ দাস
বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২১)
বাবুল বৈশ্য, চন্দন চিৰিং ফুকন
শ্ৰেষ্ঠ নৱাগত পদক (২০২১)
জোনালী বৰুৱা
ৱিকিউৎসৰ ভোটাতৰা পদক
প্ৰণামিকা অধিকাৰী, পল্লবী দত্ত বৰুৱা
অক্লান্ত কৰ্মী পদক
দিব্য দত্ত, চন্দন চিৰিং ফুকন, কুলধৰ ৰাভা
বিশেষ নক্ষত্ৰ পদক
নয়ন জ্যোতি নাথ





উল্লেখনীয় কাম সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অজয় দাস ৫৮ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ৪৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ১১৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস ১৫৪ ৩৭১ - ৩০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জোনালী বৰুৱা ৮৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৩৩১ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ ৩১ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
পল্লৱী দত্ত বৰুৱা - ৭৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণামিকা অধিকাৰী ২০৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ প্ৰাণজ্যোতি নাথ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ বাবুল বৈশ্য ২৪২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ TaDrian58 ৫৫ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: কুলধৰ ৰাভা, জানমনি বৰা, বিষ্ণু শইকীয়া, বুবী বৰা, ভাস্কৰ ভূঞা, মৃদুল সিংহ ফুকন, ৰাজদ্বীপ ৰাজবংশী

ইনকুবেটৰ (Wq/as): অনামিকা বড়া, কুলধৰ ৰাভা, চন্দন চিৰিং ফুকন, চাণক্য কুমাৰ দাস , দিব্য দত্ত, নয়ন জ্যোতি নাথ

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে। '

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।