সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
একাদশ বৰ্ষ | ফেব্ৰুৱাৰী | ২০২২ | দ্বিতীয় সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁলোকৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
কৃষ্ণা সোণোৱাল

পোনতে সমূহ অগ্ৰজ অসমীয়া ৱিকিমিডিয়ানলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।

যোৱা ২ জানুৱাৰী, ২০২২ তাৰিখে গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ আলোচনা-কক্ষত অনুষ্ঠিত হৈ যোৱা কৰ্মশালাখনৰ পৰা কিমান বেছি উপকৃত, সমৃদ্ধ হ'লোঁ সেয়া ভাষাৰে বুজাবলৈ, শব্দৰে প্ৰকাশ কৰিবলৈ মই অপাৰগ। কৌতূহল আৰু আগ্ৰহবশতঃ ২০২০ চনৰ আগষ্ট মাহত ফেচবুক গোটৰ এজন হিচাপে সোমাই তাতে থকা অভিজ্ঞ বিভিন্নজনৰ আপাহতে একাউণ্ট এটা খুলিছিলোঁ আৰু ২০২১ চনৰ শেষৰফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগে অনুষ্ঠিত কৰা কৰ্মশালাখনিত শ্ৰীমান ভাস্কৰ ভূঞা আৰু শ্ৰীমান নয়ন জ্যোতি নাথক লগ পোৱাৰ সৌভাগ্য হয়। তেওঁলোক দুজনে কৰ্মশালাখনিত সিদিনা সকলো অংশগ্ৰহণকাৰীক দিয়া প্ৰেৰণাই মনত সাৰপানী যোগাইছিল কামটো শিকি বুজি লৈ ভালকৈ মূৰ গুঁজি কৰিম বুলি ভাবিবলৈ। আৰু তাৰ পৰিপ্ৰেক্ষিতত এই প্ৰশিক্ষণৰ অংশীদাৰ হ'ব পাৰিলোঁ। আলোচনা হোৱা সকলোখিনিয়ে নিৰহ-নিপানীকৈ বুজি পোৱা নাই যদিও, তাৰ মাজতে ক'ৰবাত যেন আঁত এটাও বিচাৰি পাইছোঁ, নোৱাৰিলে সুধিব পাৰিম বুলি মনত সাহসকণ পাইছোঁ... বিশেষকৈ কৰ্মশালা খনিৰ চাৰিওজন সমলব্যক্তিৰ বক্তব্যই যথেষ্ট উৎসাহিত কৰিছে।

পুনৰবাৰ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। নিজৰ ভাষাটোৰ বাবে যৎকিঞ্চিৎ পাৰোঁ শিকি যাম আৰু কৰি যাম...

সকলোৱে বাট দেখুৱাই নিব বুলি আশা কৰিলোঁ...!


- কৃষ্ণা সোণোৱাল 15:03, 2 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
কামসূত্ৰ পুথিখনৰ এটা পৃষ্ঠা

কামসূত্ৰ হৈছে এক প্ৰাচীন ভাৰতীয় হিন্দু সংস্কৃত গ্ৰন্থ। ইয়াৰ বিষয়বস্তু হৈছে মানৱ জীৱনৰ যৌনতা, কামোদ্দীপনা আৰু আৱেগিক পৰিপূৰ্ণতা। ইয়াৰ ৰচয়িতা হৈছে বাৎসায়ন। কামসূত্ৰ বিষয়ক আটাইতকৈ প্ৰাচীন গ্ৰন্থখন অভিৰা ৰাজ্যত ৰচনা কৰা হৈছিল। কামসূত্ৰ একচেটিয়াভাৱে কেৱল যৌন ভংগিমা বিষয়ক নিয়মাৱলী নহয়। ইয়াত ভালদৰে জীৱন-যাপন কৰাৰ কলা, প্ৰেমৰ প্ৰকৃতি, জীৱন সংগীৰ সন্ধান, নিজৰ জীৱনৰ প্ৰেমৰ দিশটো বজাই ৰখা আৰু মানৱ জীৱনৰ আনন্দমুখিতা সম্পৰ্কীয় অন্যান্য দিশবোৰো সামৰি লোৱা হৈছে। কামসূত্ৰ হৈছে বিভিন্ন ব্যাখ্যা আৰু ভাষ্যৰ সৈতে সংক্ষিপ্ত পদত নিবন্ধিত আধুনিক যুগতো বৰ্তি থকা এক সূত্ৰ ধাৰাৰ গ্ৰন্থ। গ্ৰন্থখন গদ্য আৰু অনুস্তুভ-অক্ষৰৰ কাব্যিক শ্লোকৰ মিশ্ৰণ। ই হিন্দুধৰ্মৰ পুৰুষাৰ্থৰ ধাৰণাক মান্যতা দিয়াৰ লগতে আকাংক্ষা, যৌনতা আৰু আৱেগিক পৰিপূৰ্ণতাক জীৱনৰ এক সঠিক লক্ষ্য হিচাপে তালিকাভুক্ত কৰিছে। ইয়াৰ অধ্যায়বোৰত প্ৰেমৰ পদ্ধতি, সামাজিক দিশেৰে জড়িত হ’বলৈ কলাৰ প্ৰশিক্ষণ, সঙ্গীৰ সন্ধান, ৰমন্যাস, বিবাহিত জীৱনত ক্ষমতা বজাই ৰখা, ব্যভিচাৰ, যৌন ভংগিমা আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ অধিকাংশই প্ৰেমৰ দৰ্শন আৰু তত্ত্ব। আকাংক্ষাক উদ্দীপিত কৰা আৰু ইয়াক বাহাল ৰখাৰ কাৰকৰ লগতে এইসমূহ কেতিয়া আৰু কেনেকৈ ভাল বা বেয়া হয় এই বিষয়ে বৰ্ণনা কৰা হৈছে। সবিশেষ ইয়াত পঢ়ক...

যোৱা মাহৰ ভাল প্ৰবন্ধ চৰকাৰী ভাষা আন্দোলন (অসম)ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়ক।
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জানুৱাৰী-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৭৭

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. মাৰ্কাছ টুলিয়াছ চিচেৰো
  2. বাৰ্টলী পি. গ্ৰিফিথ

অন্যান্য

  1. দ্য ষ্টাৰী নাইট
  2. কল মি বাই ইয়ৰ নেম (চলচ্চিত্ৰ)
  3. চেক গণৰাজ্য
  4. জাৰ্মানী
  5. নিউৰালিংক

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ফাতিমা শ্বেখ
  2. বিৰজু মহাৰাজ
  3. নাগা চৈতন্য

পৌৰাণিক ভাৰতীয় আখ্যান

  1. নহুষ

অন্যান্য

  1. গুণ্টুৰ জলকীয়া
  2. কৰ্কট (মাহ)
  3. কামসূত্ৰ
  4. নাট্য শাস্ত্ৰ
  5. মধ্যাহ্ন ভোজন আঁচনি
  6. পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. অতুল পাচনী
  2. বিজয় শংকৰ
  3. দুৰ্গেশ্বৰ বৰঠাকুৰ
  4. প্ৰশান্ত হাজৰিকা
  5. ‎পৃথ্বীৰাজ ৰাভা
  6. পৰাগ চলিহা
  7. ‎মিৰেল কুদ্দুছ
  8. জীৱ কান্ত গগৈ
  9. জয়ন্ত দাস
  10. বাদল দাস
  11. দেউতি বৰুৱা
  12. গুণ মহন্ত
  13. দিলীপ ৰঞ্জন দত্ত
  14. চৈয়দ ছাদুল্লা
  15. ৰিদিপ দত্ত
  16. লক্ষী বৰঠাকুৰ
  17. মহানন্দ মজিন্দাৰ বৰুৱা
  18. ছবিলাল উপাধ্যায় (সাহিত্যিক)
  19. দুলাল ৰয়
  20. নৰেন্দ্ৰ নাৰায়ণ
  21. ধনীৰাম বৰুৱা (চিকিৎসক)
  22. খগেন গগৈ
  23. হেমপ্ৰভা চুতীয়া (শিপিনী)
  24. ধনেশ্বৰ ইংতি
  25. বিমান বৰুৱা
  26. বিমল মজুমদাৰ

গ্ৰন্থ বিষয়ক

  1. মই আৰু নেফা
  2. শীতৰ বতাহ আৰু বৰষুণ

চলচ্চিত্ৰ বিষয়ক

  1. অগ্নিগড় (চলচ্চিত্ৰ)

অন্যান্য

  1. ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড
  2. ভট্ৰদেৱৰ গদ্যশৈলী
  3. প্ৰাগজ্যোতিষ মহাবিদ্যালয়
  4. পাগলাদিয়া নদী
  5. ছগ্ৰা মিছাৱা
  6. মণিকৰ্ণেশ্বৰ দেৱালয়
  7. ছত্ৰাকাৰ দেৱালয়
  8. মহা মৃত্যুঞ্জয় মন্দিৰ
  9. অসম পৰ্যটন উন্নয়ন নিগম
  10. প্ৰতিৰক্ষা গৱেষণাগাৰ, তেজপুৰ
  11. পাণ্ডু বন্দৰ
  12. ধুবুৰী বন্দৰ
  13. অসম বৈভৱ বঁটা
  14. চোমদেও
  15. এন কে টিভি
  16. তামুলপুৰ জিলা
  17. আজান পীৰ বঁটা
  18. চৰাইদেউ দেওশাল
  19. ৰঙিয়া মহাবিদ্যালয়

সানমিহলি

  1. ২০২২
  2. এৰ'ৰ অসম্ভৱতা উপপাদ্য
  3. সৰ্পগন্ধা
  4. ডিমৰু
  5. ফাৰ্মিং চিমুলেটৰ
  6. ইণ্টাৰলিংগুই
  7. কন্যা (ৰাশি)
  8. সিংহ (ৰাশি)
  9. মাইকেলচন-ম'ৰ্লি পৰীক্ষা
  10. যাদু (হেৰী পটাৰ)
  11. জলমণ্ডল
  12. বাৰ্বাডোচ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
Center
বৰদিনৰ সময়ত সজাই তোলা গুৱাহাটীস্থিত চিটি চেণ্টাৰ মলৰ ভিতৰচোৱা।
আলোকচিত্ৰ শিল্পী:বিক্ৰমজিৎ কাকতি
উল্লেখনীয় ৱিকিমিডিয়ান
নয়নজ্যোতি শৰ্মা

নয়নজ্যোতি শৰ্মা: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। এখেতে ২০২০ চনৰ পৰা অন্য এটা একাউণ্টেৰে ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই আহিছে। পেছাত এগৰাকী চিকিৎসক এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পত কৰা মুঠ সম্পাদনাৰ সংখ্যা ৮৫৭। সংখ্যাত তাকৰ যদিও তেওঁৰ অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “ৱিকিউদ্যোগীৰ পদক”, "বিশিষ্ট লেখক পদক" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
দিব্য দত্ত
সম্পাদকৰ পদক
অজয় দাস
ঈশান জ্যোতি বৰা
দীপকজ্যোতি মহন্ত
প্ৰণামিকা অধিকাৰী
প্ৰিয়াংকুশ ডেকা
বাবুল বৈশ্য
কাৰিকৰী পাৰদৰ্শিতা পদক
চাণক্য কুমাৰ দাস
ৱিকিউৎসৰ তাৰকা পদক
ৰুমী বৰা
অক্লান্ত কৰ্মী পদক
জলী ৰুমী বৰা, প্ৰণামিকা অধিকাৰী, পল্লৱী দত্ত বৰুৱা






বিশেষ অভিলেখ
জানুৱাৰী-২০২২ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

জানুৱাৰী মাহত অসমীয়া ৱিকি পৰিয়ালৰ সক্ৰিয় সদস্য চন্দন চিৰিং ফুকনে অসমীয়া ৱিকিপিডিয়াত ব্যক্তিগতভাৱে ত্ৰিশতক প্ৰবন্ধৰ সীমা অতিক্ৰম কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯,৯২৮ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩৪৮ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
সূতিকা পটল (লেখক: গোবিন্দৰাম চৌধুৰী, ১৯০৮)
  • অনলাইন আলোচনা আৰু প্ৰশিক্ষণ: অসমীয়া ৱিকিমিডিয়ানসকলৰ এখন প্ৰীতিমেল আৰু কৰ্মশালা ২/১/২০২২ তাৰিখে কামৰূপ (মহানগৰ)ৰ ভৰলুমুখস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৩ গৰাকী প্ৰবীণ-নবীন সদস্য আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে।
ৱিকিমিডিয়ানৰ প্ৰীতিমেল আৰু কৰ্মশালাত উপস্থিত ন-পুৰণি ৱিকিমিডিয়ানসকল


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অজয় দাস১৩২-২১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
আমিনুৰ৬৬--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা৩৮৫৫- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা১৪৪-১৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন২৮৪৩৮৮৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস৩০৭৩৮-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলী ৰুমী বৰা-৭৩-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত১৩৮২২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ১৭৫- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০পল্লৱী দত্ত বৰুৱা-৭৭-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১প্ৰণামিকা অধিকাৰী৭৪- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২বাবুল বৈশ্য১৫৫-৩০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩মো. সাদমান ছাকিব৬৪--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ৰুমী বৰা-১৬১-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


ইনকুবেটৰ (Wq/as): অজয় দাস, অনামিকা বড়া, ঈশান জ্যোতি বৰা, কুলধৰ ৰাভা , চন্দন চিৰিং ফুকন, চাণক্য কুমাৰ দাস, দিব্য দত্ত, নয়ন জ্যোতি নাথ, প্ৰণামিকা অধিকাৰী, প্ৰিয়াংকুশ ডেকা, দীপকজ্যোতি মহন্ত, বাবুল বৈশ্য

মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: অনামিকা বড়া, ঈশান কাশ্যপ হাজৰিকা, কন্দৰ্পজিৎ কল্লোল, গীতাৰ্থ বৰদলৈ, দীপকজ্যোতি মহন্ত, নাং মধুস্মিতা, পৰিস্মিতা ফুকন, বিকাশ দিহিঙ্গীয়া, ভাৰ্গৱ বুঢ়াগোহাঞি, মৃদুল কুমাৰ শৰ্মা, মৃদুল সিংহ ফুকন, ৰণুজ বৰুৱা, ৰাজদ্বীপ ৰাজবংশী, ৰূপক নেওগ, TaDrian58

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।