গুণ মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুণ মহন্ত

গুণ মহন্ত
জন্ম ১৯৪৬
নগাঁও, অসম, ভাৰত
মৃত্যু ২৭ আগষ্ট, ২০১৮
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা

গুণ মহন্ত (ইংৰাজী: Guna Mahanta) অসমৰ এগৰাকী অভিনয় শিল্পী আছিল। তেওঁ ১৯৪৬ চনত নগাঁৱত জন্মগ্ৰহণ কৰে। অগ্নিগড়, ৰঙানদী, উজনিৰ দুজনী গাভৰু, মন, শ্ৰীমন্ত শংকৰদেৱ, বীৰ চিলাৰায়, মাঘত মামণিৰ বিয়া আদি ছবিত তেওঁ অভিনয় কৰে। ২০১৮ চনৰ ২৭ আগষ্টত মহন্তৰ দেহাৱসান ঘটে।[1][2]

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

১৯৪৬ চনত নগাঁও জিলাৰ শেনচোৱাৰ কলাকটা সত্ৰত গুণ মহন্তৰ জন্ম হয়৷ শেনচোৱা প্ৰাথমিক বিদ্যালয়ত তেওঁ শিক্ষা জীৱন আৰম্ভ কৰি পিছত কুঁজীডাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শেষত নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। পিছলৈ তেওঁ নগাঁও চহৰৰ ফৌজাদাৰী পট্টীত বসতি কৰিবলৈ লৈছিল৷[3][1][2]

তেওঁ বহু পলমকৈ চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে৷ তেওঁৰ প্ৰথম কথাছবি ১৯৯৪-ত মুক্তি পোৱা চন্দ্ৰ মুদৈৰ অগ্নিগড়৷ তেওঁ পঞ্চাচখনতকৈও অধিক ছবিত অভিনয় কৰে৷ প্ৰায়ভাগতে তেওঁক দেউতাকৰ ভূমিকাত দেখা যায়৷[1][2] ইয়াৰোপৰি তেওঁ ডেৰশৰো অধিক মঞ্চ নাটক, শতাধিক ভিচিডি,আঠখন তথ্যচিত্ৰ, দহখনৰো অধিক ৰেডিঅ’ নাটত অভিনয় কৰে।[3]

চলচিত্ৰপঞ্জী[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

২০১৮ চনৰ ২৭ আগষ্টত ৭২ বছৰ বয়সত মহন্তৰ মৃত্যু হয়৷ দীৰ্ঘদিন ধৰি তেওঁ, হৃদ আৰু স্নায়বিক ৰোগত ভূগি আছিল৷ ২৭ আগষ্টৰ পুৱা তেওঁৰ শৰীৰৰ অৱস্থা বেয়া হোৱাত ততাতৈয়াকৈ স্থানীয় নাৰ্চিং হোম এখনলৈ লৈ যোৱা হয় যদিও বাটতে তেওঁ শেষ উশাহ লয়৷[1][2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Actor Guna Mahanta dies". The Telegraph Online. https://www.telegraphindia.com/north-east/actor-guna-mahanta-dies/cid/1654640। আহৰণ কৰা হৈছে: 14 January 2022. 
  2. 2.0 2.1 2.2 2.3 "Actor Guna Mahanta is no more". Pratidin Time. https://www.pratidintime.com/guna-mahanta-is-no-more/। আহৰণ কৰা হৈছে: 14 January 2022. 
  3. 3.0 3.1 3.2 মহেন্দ্ৰ কুমাৰ নাথ. "অসমৰ সাংস্কৃতিক জগতৰ অক্লান্ত সৈনিক প্ৰয়াত গুণ মহন্ত". monikut.com. https://monikut.com/2018/10/অসমৰ-সাংস্কৃতিক-জগতৰ-অক্/। আহৰণ কৰা হৈছে: 15 January 2022. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]