পাণ্ডু বন্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাণ্ডু বন্দৰ
অৱস্থান
দেশ  ভাৰত
অৱস্থান পাণ্ডু, গুৱাহাটী, অসম
স্থানাংক 26°10′15″N 91°40′42″E / 26.17083°N 91.67833°E / 26.17083; 91.67833স্থানাংক: 26°10′15″N 91°40′42″E / 26.17083°N 91.67833°E / 26.17083; 91.67833
বিৱৰণ
পৰিচালক ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ
গৰাকী ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ
বন্দৰৰ প্ৰকাৰ নদী বন্দৰ
ঘাট
সামগ্ৰীসমূহ কয়লা, মৰাপাট, শিল, ৰাসায়নিক সাৰ
তথ্য
বন্দৰৰ গভীৰতা ২ মিটাৰ (U=ft}})

পাণ্ডু বন্দৰ (ইংৰাজী: Pandu Port) অসম গুৱাহাটীৰ পাণ্ডুত অৱস্থিত নদী বন্দৰ। এই বন্দৰটো ব্ৰহ্মপুত্ৰ নদৰ পাৰত বিকশিত কৰা হৈছে। বন্দৰটো অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সৰ্ববৃহৎ নদী বন্দৰ। ইয়াত বহুতো যাত্ৰীবাহী জাহাজ পৰ্যটকৰ সৈতে অহা যোৱা কৰে। অৱশ্যে ৰাজ্য চৰকাৰে বৰ্তমান ৰাষ্ট্ৰীয় জলপথ উন্নয়ন প্ৰকল্পৰ বাবে বন্দৰৰ আধুনিকীকৰণৰ বাবে পুঁজি আৱণ্টন কৰিছে। জাহাজৰ আগমন আৰু গমনৰ লগতে লংগৰ এটা ৰখাৰ বাবে এটা নৌ টাৰ্মিনেল বা স্থায়ী জেটি গঠন কৰা হৈছে। এই বন্দৰ ভাৰত আৰু বাংলাদেশৰ মাজত চুক্তিভুক্ত বন্দৰত অন্তৰ্ভুক্ত কৰা হৈছে।[1]

ইতিহাস[সম্পাদনা কৰক]

বন্দৰটোৱে দীৰ্ঘদিন ধৰি গুৱাহাটী চহৰক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুখ্য নদী বন্দৰ হিচাপে কাম কৰি আহিছে। ব্ৰিটিছ ভাৰতত মৰাপাট আৰু চাহ পাণ্ডু বন্দৰৰ পৰা কলকাতা বন্দৰ আৰু চিটাগং বন্দৰলৈ পৰিবহণ কৰা হৈছিল। প্ৰয়োজনীয় সামগ্ৰীবোৰ একেটা ট্ৰেকত বন্দৰৰ দ্বাৰা আমদানি কৰা হৈছিল। কিন্তু স্বাধীনতাৰ পিছত এই পথটো ১৯৫৬ চনলৈকে ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ পিছত বন্ধ কৰা হৈছিল।

গুৰুত্ব[সম্পাদনা কৰক]

পাণ্ডু বন্দৰে প্ৰাকৃতিক নদী বন্দৰ হিচাপে কাম কৰে। ই ধুবুৰী-শদিয়া ৰাষ্ট্ৰীয় জলপথ-২-ৰ অন্তৰ্গত আৰু সামগ্ৰী আৰু কাৰ্গোৰ লগতে যাত্ৰী আৰু পৰ্যটন জাহাজৰ বাবে এক গুৰুত্বপূৰ্ণ টাৰ্মিনেল তথা ট্ৰেঞ্জিট পইণ্ট। বৰ্তমান ইয়াৰ স্থিৰ টাৰ্মিনেলৰ নিম্ন-স্তৰ আৰু উচ্চ-স্তৰৰ জেটি নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। ইয়াৰ ফলত ই কণ্টেইনাৰ জাহাজ পৰিচালনা কৰিবলৈ সক্ষম। ইয়াৰ লগতে গুৱাহাটী চহৰখনৰ বাবে ৰাজহ উৎপাদন অধিক বৃদ্ধি কৰিছে।[2][3] বন্দৰটোৱে অসম আৰু উত্তৰ-পূব ভাৰতত সামগ্ৰী পৰিবহণৰ বাবে এটা নতুন পথ মুকলি কৰে। অসম আৰু উত্তৰ-পূব ভাৰত পাণ্ডু বন্দৰৰ দ্বাৰা কলকাতা বন্দৰ আৰু হলদিয়া বন্দৰৰ সৈতে জড়িত।

আন্তঃগাঁথনি[সম্পাদনা কৰক]

বৰ্তমান পাণ্ডু বন্দৰত জাহাজৰ বাৰ্থিংৰ বাবে এটা নিম্ন স্তৰৰ জেটি কাৰ্যক্ষম হৈ আছে। ইয়াত ২০ টন ক্ষমতাৰ দুটা তীৰৰ ক্ৰেইন, ৭৫ টন ক্ষমতাৰ এটা কণ্টেইনাৰ ক্ৰেইন আৰু এটা ফ্লোটিং ক্ৰেইন কাৰ্গো পৰিচালনাৰ বাবে টাৰ্মিনেলত ৰখা হৈছে। এই স্থানত এটা উচ্চ স্তৰৰ জেটি আৰু বি.জি. চাইডিং নিৰ্মাণাধীন অৱস্থাত আছে। ইয়াৰ লগতে কণ্টেইনাৰ পৰিবহণৰ বাবে এটা স্থায়ী টাৰ্মিনেল আৰু সামগ্ৰী প্ৰেৰণ কৰাৰ বাবে নদীৰ উচ্চ আৰু নিম্ন স্তৰৰ জেটি নিৰ্মাণ কৰা হৈছে।

ৰ'ৰ'[সম্পাদনা কৰক]

পাণ্ডু বন্দৰত ২০০ যাত্ৰী, ৪খন গাড়ী আৰু ২খন ট্ৰাকৰ ক্ষমতা থকা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা ৰাষ্ট্ৰীয় জলপথ ২ত পৰিচালিত ১খন জাহাজৰ সৈতে ৰ'ল-অন/ৰ'ল-অফ (ৰ'ৰ') ফেৰী সেৱাৰ ব্যৱস্থা আছে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "নৌ ট্ৰানজিট চুক্তি পাঁচ বছৰ নবায়নেৰ প্ৰস্তাব ভাৰতেৰ". kalerkantho.com. 13 February 2012. http://www.kalerkantho.com/home/printnews/228737/2012-02-13। আহৰণ কৰা হৈছে: 8 October 2017. 
  2. "National Waterway-2". India-WRIS. http://india-wris.nrsc.gov.in/wrpinfo/index.php?title=National_Waterways-2। আহৰণ কৰা হৈছে: 8 October 2017. 
  3. "Pandu-the river port". guwahati.com. 7 November 2015. Archived from the original on 17 November 2015. https://web.archive.org/web/20151117063340/http://www.guwahati.com/content/pandu-river-port। আহৰণ কৰা হৈছে: 8 October 2017.