বৃষভ (মাহ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৃষভৰ চিহ্ন

বৃষভ বা বৃষ হৈছে হিন্দু সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ।[1][2] এই মাহটো বৃষ ৰাশিৰ সৈতে সম্পৰ্কিত আৰু ই গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে' মাহৰ দ্বিতীয়াৰ্ধ আৰু জুন মাহৰ প্ৰথমাৰ্ধক সামৰি লয়।[1] মাহটোৰ প্ৰথম দিনটোক বৃষভ সংক্ৰান্তি বুলি কোৱা হয় আৰু ই সাধাৰণতে ১৪ বা ১৫ মে' তাৰিখে পৰে।

বৈদিক সাহিত্যসমূহত বৃষভ মাহক মাধৱ বোলা হয়। কিন্তু পৌৰাণিক গ্ৰন্থসমূহত জ্যোতিষবিদ্যাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।[3] বৃষভ মাহটো হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ জ্যেষ্ঠ বা জেঠ মাহৰ সমসাময়িক।[4][5] বৃষভৰ পূৰ্বৱৰ্তী মাহ মেষ আৰু পৰৱৰ্তী মাহ মিথুন[2]

তামিল বৰ্ষপঞ্জীত বৃষভক বৈকাষী বোলা হয়।[1] প্ৰাচীন আৰু মধ্যযুগীয় সংস্কৃত সাহিত্যসমূহত অন্যান্য মাহৰ দৰে বৃষভৰো সময়সীমাৰ ভিন্নতা দেখা যায়। উদাহৰণস্বৰূপে, সূৰ্য সিদ্ধান্তই বৃষভত ৩১ দিন ১০ ঘণ্টা ৫ মিনিট ১৩ ছেকেণ্ড থকা বুলি গণনা কৰিছে।[5] ইয়াৰ বিপৰীতে, আৰ্য সিদ্ধান্তত মাহটোত ৩১ দিন ৯ ঘণ্টা ৩৭ মিনিট ৩৬ ছেকেণ্ড থকা বুলি গণনা কৰা হৈছে।[5]

দক্ষিণ এছিয়াৰ পুৰালেখ সম্পৰ্কীয় অধ্যয়নত ভাৰতীয় সৌৰ মাহসমূহৰ নাম তাৎপৰ্যপূৰ্ণ। উদাহৰণস্বৰূপে, অন্য সৌৰ মাহৰ লগতে বৃষভ মাহৰ নাম মধ্যযুগীয় হিন্দু মন্দিৰত ঋষভ হিচাপে লিখা পোৱা গৈছে।[6]

ভাৰতীয় জ্যোতিষবিদ্যাত বৃষভ বৃষ ৰাশিৰ চিহ্ন।[7]

ডাৰিয়ান বৰ্ষপঞ্জী অনুসৰি মেষ মঙ্গল গ্ৰহৰো দ্বাদশ মাহ। মঙ্গলৰ পৰা চালে এই সময়ছোৱাত সূৰ্যই বৃষ তাৰকামণ্ডলীৰ সোঁ‌মাজেৰে গমন কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z (Vol 1 & 2). The Rosen Publishing Group. পৃষ্ঠা. 729. ISBN 978-0-8239-3179-8. https://archive.org/details/illustratedencyc0000loch/page/729. 
  2. 2.0 2.1 Robert Sewell; Śaṅkara Bālakr̥shṇa Dīkshita (1896). The Indian Calendar. S. Sonnenschein & Company. পৃষ্ঠা. 5–11, 23–29. https://archive.org/details/indiancalendarwi00sewerich. 
  3. Nachum Dershowitz; Edward M. Reingold (2008). Calendrical Calculations. Cambridge University Press. পৃষ্ঠা. 123–128. ISBN 978-0-521-88540-9. 
  4. Christopher John Fuller (2004). The Camphor Flame: Popular Hinduism and Society in India. Princeton University Press. পৃষ্ঠা. 291–293. ISBN 978-0-69112-04-85. https://books.google.com/books?id=To6XSeBUW3oC. 
  5. 5.0 5.1 5.2 Robert Sewell; Śaṅkara Bālakr̥shṇa Dīkshita (1896). The Indian Calendar. S. Sonnenschein & Company. পৃষ্ঠা. 10–11. https://archive.org/details/indiancalendarwi00sewerich. 
  6. E Hultzsch (1906). Epigraphia Indica. Education Society Press. পৃষ্ঠা. 262, 265, 268, 273 with footnotes. https://books.google.com/books?id=MxE9AAAAYAAJ. 
  7. Bangalore V. Raman (2003). Studies in Jaimini Astrology. Motilal Banarsidass. পৃষ্ঠা. 10–19. ISBN 978-81-208-1397-7. https://books.google.com/books?id=gW2DIFHrxfgC.