মেষ (মাহ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেষৰ চিহ্ন

মেষ (হিন্দী: मेष) হৈছে ভাৰতীয় সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ।[1][2] এই মাহটো মেষ ৰাশিৰ চিহ্নৰ সৈতে সাদৃশ্য থকা আৰু ই এপ্ৰিলৰ প্ৰায় দ্বিতীয়াৰ্ধ আৰু গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে' মাহৰ প্ৰথমাৰ্ধত পৰে।[1] সাধাৰণতে মেষ মাহ এপ্ৰিলৰ ১৩ বা ১৪ তাৰিখে আৰম্ভ হয় আৰু ই মেষ সংক্ৰান্তি নামেৰে জনাজাত।

বৈদিক গ্ৰন্থত মেষ মাহক মধু বোলা হয় যদিও এই প্ৰাচীন গ্ৰন্থসমূহত ইয়াৰ কোনো ৰাশিৰ সৈতে সম্পৰ্ক নাই।[3] মেষ হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ মাহ বৈশাখ বা ব'হাগৰ সৈতে সমসাময়িক।[4][5] মেষৰ পূৰ্বৱৰ্তী সৌৰ মাহ হৈছে মীন আৰু পৰৱৰ্তী সৌৰ মাহ বৃষভ[2]

তামিল বৰ্ষপঞ্জীত মেষ মাহক চিট্টিৰাই বোলা হয় আৰু ই হৈছে প্ৰথমটো মাহ।[1] ভাৰতৰ প্ৰাচীন আৰু মধ্যযুগীয় সংস্কৃত সাহিত্যত মেষৰ সময়সীমাৰ গণনাৰ ভিন্নতা দেখা যায়। উদাহৰণস্বৰূপে, সূৰ্য সিদ্ধান্তত মেষ মাহত ৩০ দিন ২২ ঘণ্টা ২৬ মিনিট ৪৮ ছেকেণ্ড থকা বুলি কোৱা হৈছে।[5] ইয়াৰ বিপৰীতে আৰ্য সিদ্ধান্তই মেষ মাহত ৩০ দিন ২২ ঘণ্টা ১২ মিনিট থকা বুলি গণনা কৰিছে।[5]

মেষ ভাৰতীয় জ্যোতিষবিদ্যাৰো এক চিহ্ন।[6]

ডাৰিয়ান বৰ্ষপঞ্জী অনুসৰি মেষ মঙ্গল গ্ৰহৰো দশম মাহ। মঙ্গলৰ পৰা চালে এই সময়ছোৱাত সূৰ্যই মেষ তাৰকামণ্ডলীৰ সোঁ‌মাজেৰে গমন কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. পৃষ্ঠা. 151. ISBN 978-0-8239-3179-8. https://archive.org/details/illustratedencyc0000loch. 
  2. 2.0 2.1 Robert Sewell; Śaṅkara Bālakr̥shṇa Dīkshita (1896). The Indian Calendar. S. Sonnenschein & Company. পৃষ্ঠা. 5–11. https://archive.org/details/indiancalendarwi00sewerich. 
  3. Nachum Dershowitz; Edward M. Reingold (2008). Calendrical Calculations. Cambridge University Press. পৃষ্ঠা. 123–128. ISBN 978-0-521-88540-9. 
  4. Christopher John Fuller (2004). The Camphor Flame: Popular Hinduism and Society in India. Princeton University Press. পৃষ্ঠা. 291–293. ISBN 978-0-69112-04-85. https://books.google.com/books?id=To6XSeBUW3oC. 
  5. 5.0 5.1 5.2 Robert Sewell; Śaṅkara Bālakr̥shṇa Dīkshita (1896). The Indian Calendar. S. Sonnenschein & Company. পৃষ্ঠা. 10–11. https://archive.org/details/indiancalendarwi00sewerich. 
  6. Bangalore V. Raman (2003). Studies in Jaimini Astrology. Motilal Banarsidass. পৃষ্ঠা. 10–19. ISBN 978-81-208-1397-7. https://books.google.com/books?id=gW2DIFHrxfgC.