হৰনাজ সান্ধু
| হৰনাজ সান্ধু | |
|---|---|
মিছ ইউনিভাৰ্চ ২০২১ খিতাপ বিজয়ৰ পিছত মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা অৱস্থাত সান্ধু | |
| জন্ম | হৰনাজ কৌৰ সান্ধু ০৩ মাৰ্চ, ২০০০ (২৬ বছৰ) গুৰদাসপুৰ, পঞ্জাব, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল |
| উচ্চতা | ১.৭১ মিটাৰ (U=ft}}) |
| পদবী | ফেমিনা মিছ ইণ্ডিয়া পঞ্জাৱ মিছ ডিভা ইউনিভাৰ্চ ২০২১ মিছ ইউনিভাৰ্চ ২০২১ |
হৰনাজ কৌৰ সান্ধু (ইংৰাজী: Harnaaz Sandhu) (জন্ম ৩ মাৰ্চ ২০০০) হৈছে এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যাক মিছ ইউনিভাৰ্ছ ২০২১ ৰ মুকুট পিন্ধোৱা হৈছিল।[1] সান্ধুক অতিৰিক্তভাৱে ২০১৯ চনত ফেমিনা মিছ ইণ্ডিয়া পঞ্জাব হিচাপে মুকুট পিন্ধোৱা হৈছিল, আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১৯ ত ছেমিফাইনেলিষ্ট হিচাপে স্থান দিয়া হৈছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]সান্ধুৰ জন্ম হৈছিল পঞ্জাবৰ গুৰদাসপুৰ জিলাৰ বাটালা চহৰৰ ওচৰৰ কোহালী গাঁৱত। তেওঁৰ পিতৃ-মাতৃৰ নাম প্ৰীতম্পাল সিং সান্ধু আৰু ৰবিন্দৰ কৌৰ সান্ধু। তেওঁৰ দেউতাক এজন ৰিয়েলটৰ আৰু তেওঁৰ মাক এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁৰ ডাঙৰ ভাতৃৰ নাম আছিল হাৰনুৰ ।[2] এটা জাত শিখ পৰিয়ালত সান্ধু ডাঙৰ হৈছিল।[3][4]
২০০৬ চনত পৰিয়ালটো ইংলেণ্ডলৈ গুচি গৈছিল আৰু দুবছৰ পিছত ভাৰতলৈ উভতি আহি সান্ধু ডাঙৰ-দীঘল হোৱা ঠাই চণ্ডিগড়ত থাকিবলৈ লয়।[5][2] তেওঁ চণ্ডিগড়ত থকা শিৱালিক পাব্লিক স্কুল আৰু স্নাতকোত্তৰ চৰকাৰী ছোৱালী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। মিছ ইউনিভাৰ্ছ হোৱাৰ আগতে, সান্ধুৱে ৰাজহুৱা প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। [6] নিজৰ মাতৃভাষা পঞ্জাৱীৰ উপৰিও সান্ধুৱে হিন্দী আৰু ইংৰাজী ভাষাও সাৱলীলভাৱে কʼব জানিছিল।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Indian Express https://indianexpress.com/article/lifestyle/fashion/miss-universe-2021-harnaaz-kaur-sandhu-india-21-years-chandigarh-punjabi-actor-7669806/
- ↑ 2.0 2.1 "Once a small-town girl, Miss Universe Harnaaz Sandhu capturing hearts across globe". Hindustan Times. 14 December 2021. https://www.hindustantimes.com/cities/chandigarh-news/once-a-small-town-girl-miss-universe-harnaaz-sandhu-capturing-hearts-across-globe-101639430170906.html.
- ↑ Rohtaki, Hina (14 December 2021). "‘Harnaaz means everyone’s pride, she proved that today’" (English ভাষাত). The Indian Express. https://indianexpress.com/article/cities/chandigarh/harnaaz-means-everyones-pride-she-proved-that-today-7671604/lite/.
- ↑ "Harnaaz Sandhu is the first Sikh woman to win Miss Universe title". 15 December 2021. https://www.indiablooms.com/news-details/N/77823/harnaaz-sandhu-is-the-first-sikh-woman-to-win-miss-universe-title.html.
- ↑ "मिस यूनिवर्स के लिए ऐसे तैयारी कर रही हैं हरनाज संधू, तीनों ही स्टार्स ने खोले जिंदगी के राज" (Hindi ভাষাত). Times Now. 11 October 2021. https://www.timesnowhindi.com/amp/entertainment/celebrity-news/article/exclusive-miss-diva-2021-winner-harnaaz-sandhu-and-finalist-rititka-khatani-and-sonal-kukreja-reveals-their-preparation/367440.
- ↑ "Who is Harnaaz Sandhu? The Miss Universe 2021 from India". Hindustan Times. 13 December 2021. https://www.hindustantimes.com/lifestyle/fashion/who-is-harnaaz-sandhu-the-miss-universe-2021-from-india-101639366116269.html.
- ↑ "Harnaaz Sandhu, Miss Universe 2021 From Punjab (The Land of Farmers) Makes India Proud". Krishi Jagran. 14 December 2021. https://krishijagran.com/news/harnaaz-sandhu-miss-universe-2021-from-punjab-land-of-farmers-makes-india-proud/?amp=1.