মিছ ইউনিভাৰ্ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মিছ ইউনিভাৰ্ছ (in English: Miss Universe) বা ব্ৰহ্মাণ্ড সুন্দৰী হৈছে এক বাৰ্ষিক আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা যাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছ ইউনিভাৰ্ছ সংগঠনে পৰিচালনা কৰে।[1] ১৯০ তকৈও অধিক অঞ্চলত ৫০০ মিলিয়নতকৈও অধিক আনুমানিক দৰ্শকৰ সৈতে ই বিশ্বৰ আটাইতকৈ বেছিকে উপভোগ কৰা প্ৰতিযোগিতাসমূহৰ ভিতৰত এটা।[2][3] মিছ ৱৰ্ল্ড, মিছ ইণ্টাৰনেচনেল আৰু মিছ আৰ্থৰ সৈতে মিছ ইউনিভাৰ্ছ হৈছে বিগ ফোৰ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম।

মিছ ইউনিভাৰ্ছৰ খিতাপ বিজয়ীসকল[সম্পাদনা কৰক]

• ২০২১: হৰনাজ সান্দ্ধু ( ভাৰত)

•২০২০: আন্দ্ৰেয়া মেইজা (মেক্সিকো)

•২০১৯: য'জিবিনি তুঞ্জী ( দক্ষিণ আফ্ৰিকা)

•২০১৮: কেট্ৰিঅ'ণা গ্ৰেই (ফিলিপাইনস্)

•২০১৭: ডেমি লি নেইল পিটাৰস্ ( দক্ষিণ আফ্ৰিকা)

•২০১৬: আইৰিছ মিটানেইৰ ( ফ্ৰান্স)

•২০১৫: পিয়া ৱাৰ্টচ্ছবাক ( ফিলিপাইনস্)

•২০১৪: পাওলিনা ভেগা ( কলোম্বিয়া)

•২০১৩: গাব্ৰিয়েলা ইজলেৰ ( ভেনিজুয়েলা)

•২০১২: অলিভিয়া ক'ল্প' ( আমেৰিকা যুক্তৰাষ্ট্ৰ)

•২০১১: লেইলা ল'পেচ ( আংগুলা)

• ২০১০: হিমেনা নাভাৰেতে ( মেক্সিকো)

•২০০০: লাৰা দত্ত ( ভাৰত)

•১৯৯৭: ব্ৰুক লী ( আমেৰিকা যুক্তৰাষ্ট্ৰ)

•১৯৯৪: সুস্মিতা সেন ( ভাৰত)

•১৯৫২: আৰ্মি কুঊচেলা ( ফিনলেণ্ড )

[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]