চীনা ভাৱচিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১৯৩৫ত প্ৰকাশ কৰা প্ৰথম সৰলীকৃত চীনা ভাৱচিত্ৰৰ সূচীত ৩২৪ ভাৱচিত্ৰ আছিল।

চীনা ভাৱচিত্ৰ বা হাঞ্জি (সৰলীকৃত চীনাত: 汉字, পৰম্পৰাগত চীনাত: 漢字, পিন্যিনত: ''hànzì'', "হান আখৰ") চীনা ভাষা আৰু আন কিছুমান ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ভাৱযুক্ত চিত্ৰ বা আখৰ।[1][2] এই ভাৱচিত্ৰ আন আন পূব এছিয়াৰ ভাষা লিখিবলৈয়ো ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, জাপানী ভাষাত বৰ্তমানেও ই লিখনৰ এক মুখ্য পদ্ধতি, যাক কাঞ্জি বোলা হয়। চীনা ভাৱচিত্ৰ বিশ্বৰ ভিতৰত আতাইতকৈ পুৰণি নিৰন্তৰভাৱে ব্যৱহৃত লিখন পদ্ধতি।[3] চীনৰ উপৰিও পূব এছিয়াৰ অন্যান্য দেশ আৰু চীনা প্ৰভাৱ থকা আন দেশতো ব্যৱহাৰ হোৱাৰ বাবে চীনা ভাৱচিত্ৰ বিশ্বৰ ভিতৰতেই সৰ্বাধিক ব্যৱহৃত লিখন পদ্ধতিৰ অন্যতম।

সংখ্যা আৰু ৰূপ[সম্পাদনা কৰক]

অভিধানত দশোসহস্ৰাধিক চীনা ভাৱচিত্ৰ পোৱা যায়। কিন্তু ইয়াৰ প্ৰায় সংখ্যকেই আন ভাৱচিত্ৰৰ বিকৃত ৰূপহে, বা ঐতিহাসিকভাৱে ব্যৱহৃত হ'লেও বৰ্তমানে ব্যৱহৃত নহয়, বা বিশেষ কিছু কাৰণতহে ব্যৱহৃত। মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সাক্ষৰ চীনা মানুহে তিনিৰ পৰা চাৰি হাজাৰ ভাৱচিত্ৰৰ জ্ঞান ৰাখে। কিন্তু অধিক বিশেষীকৃত ক্ষেত্ৰৰ বাবে ততোধিক ভাৱচিত্ৰৰ জ্ঞানৰ প্ৰয়োজন।[4] জাপানত মাধ্যমিক বিদ্যালয়ত ২১৩৬টা ভাৱচিত্ৰাঅৰ শিক্ষা প্ৰদান কৰা হয়, যাক জয় কাঞ্জি বোলা হয়। কিন্তু দৈনন্দিন জীৱনত কেইবাশ অতিৰিক্ত ভাৱচিত্ৰৰ প্ৰয়োজন হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত চীন আৰু জাপান উভয়তেই লিখন পদ্ধতিৰ সৰলীকৰণ কৰা হ'ল। সেয়ে, বৰ্তমানে চীন আৰু জাপানত ব্যৱহৃত ভাৱচিত্ৰৰ মাজৰ ভালেমান পাৰ্থক্য দেখা যায়। দুয়ো খন দেশৰেই ভাৱচিত্ৰ, ৰূপ আৰু উচ্চাৰণৰ জাতীয় মান্য সূচী আছে। কিছু কিছু ভাৱচিত্ৰৰ সৰলীকৃত ৰূপ চীনৰ মূল ভূখণ্ড, ছিংগাপুৰ আৰু মালয়েছিয়াত ব্যৱহৃত। তাৰ বিপৰীতে, টাইৱান, হংকং, মাকাও আৰু কিছু ক্ষেত্ৰত দক্ষিণ কোৰিয়াত পৰম্পৰাগত চীনা ভাৱচিত্ৰ ব্যৱহাৰ কৰা হয়। জাপানত সাধাৰণতে ব্যৱহৃত ভাৱচিত্ৰসমূহ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সৰলীকৃত ৰূপত লিখা হয়, পিচে কম ব্যৱহাৰ হোৱা ভাৱচিত্ৰসমূহ পুৰণি বা পৰম্পৰাগত জাপানী ৰূপত লিখা হয়।

গুণাগুণ[সম্পাদনা কৰক]

আধুনিক চীনা ভাষাত, প্ৰায়সংখ্যক শব্দই মিশ্ৰিত যৌগিক: দুই বা ততোধিক ভাৱচিত্ৰৰ সহায়েৰে লিখা।[5] ইংৰাজী, ফৰাচী, গ্ৰীক আদি ভাষাৰ এল্ফাবেটত প্ৰত্যেক আখৰৰ সৈতে এটি ধ্বনিৰ সম্বন্ধ থাকে। অসমীয়া, গুজৰাটী, সংস্কৃত, হিন্দী আদি ভাষাৰ এবুজিডাত প্ৰত্যেক আখৰৰ নাইবা এটি স্বৰধ্বনি, নহ'লে এটি ব্যঞ্জনধ্বনিৰ সৈতে এটি বিশেষ স্বৰধ্বনিৰ (অসমীয়া ভাষাত "অ") সম্পৰ্ক থাকে। কিন্তু আধুনিক চীনা ভাৱচিত্ৰত প্ৰায় প্ৰত্যেক ভাৱচিত্ৰৰ এটি ধ্বনিগোটৰ সৈতে সম্পৰ্ক থাকে। ই সেয়ে চিলেবেৰীৰ দৰে। কিন্তু তদুপৰি ধ্বনিগোট প্ৰায় অৰ্থহীন নহয়, বৰং শব্দাংশহে।[6] সেয়ে ই চিলেবেৰীতকৈ পৃথক। পিচে এই নিয়ম সকলো সময়ত পালিত নহয়।[7]

আধুনিক চীনা ভাষাত একে উচ্চাৰণৰ অনেক শব্দ আছে। সেয়ে একেই ধ্বনিগোট কেইবাটাও ভাৱচিত্ৰৰ উচ্চাৰণৰ সৈতে মিলে। এই কাৰণেই ভাৱচিত্ৰৰ অৰ্থৰ সৈতে সম্পৰ্ক গুৰুত্বপূৰ্ণ হৈ পৰে। কোনটো শব্দত কোনটো ভাৱচিত্ৰ ব্যৱহাৰ কৰা হ'ব সেই কথা নিৰ্ণিত হয় সেই শব্দৰ অৰ্থেৰে। চীনা ভাষাৰ ভিন ভিন ৰূপত একে উৎসৰ শব্দৰ বাবে একেই ভাৱচিত্ৰ প্ৰয়োগ কৰা হয়। জাপানী ভাষাত, আৰু কিছু ক্ষেত্ৰত কোৰিয়ান ভাষাত, ভাৱচিত্ৰৰ প্ৰয়োগ চীনা ভাষাৰ পৰা অহা শব্দ বা থলুৱা শব্দৰ বাবে এনেদৰে কৰা হয় যে ই চীনা ভাষাৰ উচ্চাৰণতকৈ পৃথক। এটি উদাহৰণ হ'ল জাপানী ভাষাৰ কুন-য়'মি। আন শব্দসমূহৰ প্ৰকৃত চীনা ভাষাৰ উচ্চাৰণ বাহাল থাকে। এই শব্দৰ বিদেশী ৰূপক চীনা-সম্বন্ধীয় বা চাইন'-জেনিক উচ্চাৰণ বোলা হয়। ভাষাবিদে এই শব্দসমূহৰ সহায়তেই মধ্যযুগীয় চীনা ভাষাৰ উচ্চাৰণ প্ৰণালীৰ অনুমান কৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. World Health Organization (2007) (en ভাষাত). WHO International Standard Terminologies on Traditional Medicine in the Western Pacific Region. প্ৰকাশক Manila: WHO Regional Office for the Western Pacific. https://apps.who.int/iris/handle/10665/206952। আহৰণ কৰা হৈছে: 29 January 2020. 
  2. Potowski, Kim (2010) (en ভাষাত). Language Diversity in the USA. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 82. ISBN 978-0-521-74533-8. https://archive.org/details/languagediversit00poto. 
  3. CCTV.com (2009-11-18). "History of Chinese Writing Shown in the Museums" (en ভাষাত). Artintern.net. http://en.artintern.net/index.php/news/main/html/1/1101। আহৰণ কৰা হৈছে: 2010-03-20. 
  4. Norman 1988, পৃষ্ঠা. 73.
  5. Wood, Clare Patricia; Connelly, Vincent (2009) (en ভাষাত). Contemporary Perspectives on Reading and Spelling. প্ৰকাশক New York: Routledge. পৃষ্ঠা. 203. ISBN 978-0-415-49716-9. https://books.google.com/books?id=z6d5AgAAQBAJ. "Often, the Chinese character can function as an independent unit in sentences, but sometimes it must be paired with another character or more to form a word. [...] Most words consist of two or more characters, and more than 80 per cent make use of lexical compounding of morphemes (Packard, 2000)." 
  6. "East Asian Languages and Chinese Characters" (en ভাষাত). Pinyin.info. http://www.pinyin.info/readings/texts/east_asian_languages.html। আহৰণ কৰা হৈছে: 2018-02-28. 
  7. Mair, Victor (August 2, 2011). "Polysyllabic Characters in Chinese Writing" (en ভাষাত). Language Log. https://languagelog.ldc.upenn.edu/nll/?p=3330.