সমললৈ যাওক

ভৱকৃষ্ণ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভৱকৃষ্ণ গোস্বামী
জন্ম ১৯২৯চন
লখিমপুৰ, অসম
মৃত্যুৰ তাৰিখ ২৭ ফেব্ৰুৱাৰী, ২০২১
বৰএলেঙী সত্ৰ, নকছাৰি, যোৰহাট
সংগীতৰ ধৰণ সত্ৰীয়া নৃত্য, সত্ৰীয়া গীত, তাণ্ডৱ নৃত্য, অন্যান্য অসমীয়া গীত -নৃত্য
সক্ৰিয়তাৰ বছৰ -২০২১
সদস্য শ্ৰীশ্ৰীবৰএলেঙী সত্ৰসত্ৰাধিকাৰ, অসম সত্ৰ মহাসভাৰ আজীৱন সদস্য

ভৱকৃষ্ণ গোস্বামী অসমৰ সত্ৰীয়া গীত-নৃত্যৰ বিশিষ্ট শিল্পী। শ্ৰীশ্ৰীবৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ গোস্বামীয়ে সৰুৰে পৰা সত্ৰীয়া পৰিৱেশত ডাঙৰ হৈ তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাত জড়িত হৈ আছিল। অসমৰ বিশিষ্ট শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্যিধ্য লাভ কৰা ভৱকৃষ্ণ গোস্বামীয়ে ৰাভাৰ পৰা শিৱৰ তাণ্ডৱ নৃত্যৰ শিক্ষা লৈছিল। তেখেতে নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল।

শৈশৱ আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

ভৱকৃষ্ণ গোস্বামী জন্ম হয় অসমলখিমপুৰ জিলাত। লক্ষীমপুৰত শিক্ষা জীৱন আৰম্ভ কৰি তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। পিছলৈ তেওঁ যোৰহাট জিলামৰিয়নিৰ অন্তৰ্গত নকছাৰিভেলেউগুৰিত শ্ৰীশ্ৰীবৰএলেঙী সত্ৰত মৃত্যু পৰ্যন্ত আছিল।