অনামিকাৰ সপোন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অনামিকাৰ সপোন অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা ৰচিত বৃন্দাবন থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।

অভিনয় শিল্পীসকল[সম্পাদনা কৰক]

যতীন বৰা, প্ৰয়াসী পৰাশৰ, মমী ডেকা, পৰাগ শৰ্মা, অঞ্জনজ্যোতি বেজ,জিতু বৰা, অৰুণ বৰা আদি। [1]

কাহিনী[সম্পাদনা কৰক]

কাণে কাণ মাৰি কোনোমতে চলি থকা তিনিজন ভাতৃৰ সপোন আছিল একমাত্ৰ ভনীয়েক অনামিকাক ইঞ্জিনীয়াৰ কৰাৰ। সেয়েহে অলেখ কষ্ট স্বীকাৰ কৰি গুৱাহাটীলৈ পঢ়িবলৈ পঠাইছিল তিনি ভাতৃয়ে। কিন্তু গুৱাহাটীলৈ আহি ৰঙীন জগতখনৰ চিকমিকনীত নিজকে হেৰুৱাই পেলায়। গুৱাহাটীৰ বিলাসী জীৱনটোৱে ভনীয়েকক এখন নতুন পৃথিৱীৰ সন্ধান দিয়ে আৰু গাঁৱৰ ঘৰৰ পৰাও যেন তাই নিজকে বহু আঁতৰাই লৈ গৈছিল। তাৰপাছত তিনি ভাতৃ আৰু অনামিকাৰ জীৱনক লৈয়ে নাটকখনৰ কাহিনী আগবাঢ়ে। [2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 'বহুমুখ', আমাৰ অসম কাকতৰ বুধবৰীয়া পৰিপূৰিকা, চিত্ৰবাণী পৃষ্ঠা, ২ জুলাই ২০১৪
  2. অনিমেষ কাশ্যপ, বিনোদন বাৰ্তা,নিয়মীয়া বাৰ্তা,শুকুৰবাৰ,৩০ জানুৱাৰী, ২০১৫